ফটাঢোল

সম্পাদকীয়-ৰীতা লীনা সোণোৱাল

হেমন্তকালীন অভিবাদন জনালোঁ। শৰত ঋতুৰ পাছতেই সংগোপনে অহা হেমন্ত ঋতুৱে কেতিয়াবা সকলোৰে মনত ৰেখাপাত কৰে নে? আহো নাহোকৈ অহা শীতে মনত আনন্দৰ বতৰা দিয়ে নে? ফুটাই তুলে নে ওঠত এটি সোণসেৰীয়া হাঁহি। সীমাহীন নীলা আকাশৰ তলত হালিজালি থকা সোণালী ধাননি পথাৰখনে এপাকলৈ ৰিঙিয়াই মাতেনে? ৰবাব টেঙাৰে ফুটবল খেলা ভৰি দুখন কেতিয়াবা উলাহতে জপিয়াই পৰে নে? এতিয়া যে শীতৰ বতৰ আৰম্ভ হ’বৰ হ’ল! দুপৰীয়া ৰ’দত বহি কমলাটেঙাৰ বাকলি গুচাবৰ হ’ল। গধূলি বজাৰৰ চকত পকৰি, ঘূগুণি, ধনীয়া পাতেৰে মলমলাই থকা দোকানখন দেখিলে ভৰি দুটা আপোনা আপুনি সেইফালে ঘূৰিবৰ হ’ল! এইবোৰ আছিল আমাৰ দিনৰ অনাবিল আনন্দৰ বস্তু। কোনো কৃত্ৰিমতায়ে আমাৰ উলাহক বাধা দিব পৰা নাছিল।

কিন্তু বৰ্তমানত বেছিভাগেই আমি এতিয়া একোখন যান্ত্ৰিক পৃথিৱীৰ বাসিন্দা। হাঁহিবোৰ ওঠৰ কাষ চাপিও যেন ক’ৰবাত থমকি ৰয়। তথাপিও আমি হাঁহিবলৈ চেষ্টা কৰোঁ। কাৰণ হাঁহিয়েই যে আমাৰ যান্ত্ৰিক জীৱনৰ প্ৰাণ। যাৰবাবে আমাক প্ৰয়োজন হয় লাফিং থেৰাপীৰ দৰে এক থেৰাপীৰ। কেতিয়াবা ভাবোঁ কথাষাৰ যেন কিছু বেদনাদায়ক। হাঁহিবলৈও আমাক থেৰাপী লাগে! আমি বাৰু ৰবটিক যুগৰ প্ৰথম বাটকটীয়া নেকি? আমাক হাঁহিবলৈও সহায় লাগে। থৰক বৰক খোজেৰে পাৰ্কত গৈ লাফিং থেৰাপীত  ভাগ লোৱা ককা বা আইতাজনীৰ আকাশলৈ মেলি দিয়া হাতদুখনলৈ চাই ভাবোঁ- ক’ত কাকূতি, ক’ত প্ৰাৰ্থনা ছাগে সোমাই আছে সেই হাতদুখনত! 

১৯৯৬ চনত নিৰ্মান হোৱা চ’ল’ বুলি এখন চিনেমা চাইছিলো। য’ত প্ৰধান নায়কজন আছিল এক ৰবট। আচলতে চ’ল’ নামৰ ৰবটটোৱেই আছিল চিনেমাখনৰ প্ৰধান নায়ক। যাক এক ভয়ঙ্কৰ ৱিপন হিচাপে সৃষ্টি কৰা হৈছিল। অথচ চ’ল’ৰ স্ৰষ্টায়ে কৈছিল- চ’ল’য়ে ইনচেণ্ট মানুহক মাৰিব বেয়া পায়। চ’ল’ যন্ত্ৰ হৈও নিৰীহক হত্যা কৰিবলৈ অমান্তি হৈছিল। অথচ বৰ্তমান মানুহৰ পৃথিৱীত যুদ্ধৰ শেষ নাই। হত্যা, ষড়যন্ত্ৰৰ শেষ নাই। মানুহ কিয় অমানুহ হৈছে? কিয় হাঁহিৰ পৃথিৱীৰ বিপৰীতে মানুহে এখন ৰক্তৰে ৰঞ্জিত পৃথিৱীৰ প্ৰতি আগ্ৰহী হৈছে? বাতৰি কাকত, চচিয়েল মিডিয়া, টিভিৰ পৰ্দাত ভাহি অহা সকলো যুদ্ধৰ খবৰেই অন্তৰত এক ক্ষোভৰ সৃষ্টি কৰে, মনত সৃষ্টি কৰে শংকা আৰু দুখ। যুদ্ধ মানেই নিৰীহ মানুহৰ হত্যা, যুদ্ধ মানেই আপোনজনক হেৰুৱাৰ হিয়াভগা কান্দোন, যুদ্ধ মানেই তেজৰ ফাকুখেল, যুদ্ধ মানেই কাৰোবাৰ বিধবা হোৱা পত্নী, পিতৃ মাতৃ হেৰুৱা অনাথ শিশু আৰু গৃহহীন এজাক শৰণাৰ্থী। কেতিয়াবা ভাবোঁ হাঁহি কিহৰ বাবে কঠিন আমাৰ বাবে। এবাৰ চ’ল’ৱে অৰণ্যত বহি হাঁহিবলৈ চেষ্টা কৰিছিল-  হা-হা-হা ! তাৰ কাষৰ পাজৰত থকা সকলোবোৰ চৰাই ধপ ধপাই উৰি গৈছিল। সি আচৰিত হৈছিল। মানুহেতো এনেকৈয়ে হাঁহে! অথচ তাৰ হাঁহিত কিয় চৰাইবোৰ ভয় খায় উৰি গ’ল! সি চিন্তাত পৰিছিল। তাৰ স্ৰষ্টায়ে তাক অনুভূতি দিওঁ যেন ক’ৰবাত থমকি ৰৈছিল। আমিও আজিকালি আমাৰ অনুভূতি প্ৰকাশ কৰিবলৈ লৈ থমকি ৰও। প্ৰাণখোলা হাঁহি এটা মাৰিবলৈ লৈও সচকচিত হও কিজানিবা কাষৰজন বিৰক্ত হয়! আমি যেন সকলো ক্ষেত্ৰতে অধিক সজাগ। কাৰণ কিছু বেমেজালি কৰিলেই আমি এই যুগৰ পৰা সৰি পৰিম, আমি গাঁৱলীয়া অনাখৰী মানুহ হৈ পৰিম।

অথচ আমি হাঁহিবও লাগিব। কাৰণ হাঁহিয়েই যে আমাৰ এশটা বেমাৰৰ মহৌষধ। বেদনাত ভাৰাক্ৰান্ত হৃদয় এখন দামী ঔষধে নহয় এক নিৰ্ভেজাল হাঁহিয়েহে সুস্থ কৰি তুলিব পাৰে। হাঁহিবৰ বাবে আমি শিশুও হ’ব লাগিব, হাঁহিবৰ বাবে আমি কেতিয়াবা কঠোৰতাৰ আচ্ছাদনো আঁতৰাব লাগিব। এটি নিষ্পাপ হাঁহিয়ে আমাক জীপাল কৰি ৰাখিব পাৰে এটি সেউজ পৰ্বতৰ দৰে। মানুহ পৰ্বতৰ দৰে হ’ব লাগে। নিজৰ জেগাত সদায় স্থিৰ অথচ কিমান অৰ্থবহ। পৰ্বতক আমি তাৰ স্থানৰ পৰা কেতিয়াও আঁতৰাব নোৱাৰোঁ। যুগ যুগ ধৰি পৰ্বত ক’ত সভ্যতা সংস্কৃতি, যুদ্ধ বিগ্ৰহৰ সাক্ষী হৈ ৰৈ আছে। কিন্তু নিজৰ জেগাৰ পৰা জানো স্থানান্তৰিত হৈছে? আকাশ ধিয়াই সদায় সেউজময় সম্ভাৱনা কিছুমান আমালৈ আগবঢ়াই গৈছে। আমিও সদায় সেই সেউজময় সম্ভাৱনাৰে ভৰা পৰ্বত এখন বুকুত কঢ়িয়াই লৈ ফুৰিব লাগে। তেতিয়াহে হয়তো আমি কৃত্ৰিমতাৰ পৰিধি ভাঙি সহজভাৱে জীয়াই থাকিবলৈ শিকিম। যিয়ে নেকি আমাৰ মনত উপলব্ধ কৰাব পাৰে অকৃত্ৰিম আনন্দ।

সম্পাদক, ফটাঢোল ই-আলোচনী,
ষষ্ঠ বৰ্ষ, চতুৰ্থ সংখ্যা

☆ ★ ☆ ★ ☆

8 Comments

  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়, ভাল লাগিল

    Reply
  • আদিত্য

    ভাল লাগিল, ৰীতা বাইদেউ ।

    Reply
  • Apurba Borah

    Bhal lagil porhi

    Reply
  • আদিত্য

    ভাল লাগিল, ৰীতা বাইদেউ

    Reply
  • কমলা দাস

    সম্পাদকীয় পঢ়ি ভাল লাগিল

    Reply
  • HEMANTA KUMAR KAKATI

    ভাল লাগিল সম্পাদকীয়টো পঢ়ি৷ বহুত অভিনন্দন থাকিল৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    সম্পাদকীয়টো ভাল হৈছে৷

    Reply
  • Bhaskar Jyoti Sarma

    সুন্দৰ সম্পাদকীয় ৰীতা বাইদেউ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *