ফটাঢোল

অতএব……মন্দিৰ – জীমণি গগৈ

 আচলতে জীৱনত বহুকথা নোকোৱাকৈ থাকি যায় বা কোৱা নাযায়। নোকোৱাকৈ থাকি যোৱাৰ আন বহু আনুষংগিক কাৰণৰ লগতে লাজ-মান বুলিও বস্তু এটা থাকে। পিছে লাজ-মান কাতি কৰিও কেতিয়াবা কিছুমান কথা ক’বলৈ মন যায়। মোৰ ক’ব খোজা কথাটোও লাজ-মান কাতি কৰি ক’বলৈ মন যোৱা তেনেকুৱা কথা এটা।
 হোষ্টেলত নতুনকৈ সোমাইছোঁ । হোষ্টেলৰ চিনিয়ৰ বিলাকৰ সৈতে বাদেই আমি নিউ কামাৰ বিলাকৰ মাজতো ভালকৈ আচল হোষ্টেলীয়া বন্ধুত্ব গঢ় লৈ উঠা নাই। মাত্ৰ চুচুক্-চামাককৈ বাথৰুমলৈ যাওঁতে চকুৱে চকুৱে পৰিলে মিচিকিয়াই হঁহা, ডাইনিং হললৈ যাওঁতে নূন্যতম দুই এটা বাক্য বিনিময় কৰা, সামান্য অন্তৰংগতা গঢ়ি উঠা লগৰ কোনোবাজনীৰ ৰুমত গৈ চিনিয়ৰ কোনোবা গৰাকীৰ হিটলাৰী শাসন সম্পৰ্কে অনুচ্চ স্বৰত দুই এষাৰ কথা পাতি মুখত সোপা দি হঁহা সিমানলৈকে আমাৰ সম্পৰ্কবোৰ আগবাঢ়িছিহে। তেনেকুৱাতে এদিন প্ৰে হলৰ পৰা ৰুমলৈ আহি থাকোঁতে মোৰ ৱালমেট জুৰিয়ে ক’লে-
” কালিলৈ টাউন যাওঁ ব’লা। মোৰ কিতাপ কিনিবলৈ আছে। তোমাৰো আছে বুলি কৈছিলা নহয়? যাবা?”
হওঁতে মোৰো কিতাপৰ লগতে খোৱা বস্তু দুটামানো আনিব লগা হৈ আছিল। হোষ্টেলৰ “সুস্বাদু ভোজন”ৰ সৈতে মোৰ ৰাহিযোৰা একদম নাহিছিল। অগত্যা জীৱন নিৰ্বাহৰ বাবে বিস্কুট-তিস্কুট কিবাকিবিৰ  বাহিৰে অন্ততঃ কিছুদিনলৈ মোৰ গত্যন্তৰ নাছিল। গতিকে ঠিক হ’ল পিছদিনা দুয়োজনী টাউনলৈ যাম।
সুদূৰ অতীজৰ পৰা হোষ্টেলত বাহাল থকা নিয়ম অনুসৰি  চিনিয়ৰৰ পাৰ্মিচন লৈ জুৰি আৰু মই দুয়োজনী ইউনিভাৰ্চিটিৰ গেট পালোঁহি। মই হ’লো (অন্ততঃ তেতিয়া) মোৰ ক্ষুদ্ৰ গৃহ চহৰখনৰে চাৰিচুক সম্পৰ্কে সম্যক জ্ঞান নথকা মানুহ। গতিকে ডিব্ৰুগড় টাউনত বজাৰ কৰিবলৈ ওলাওঁতে  মোৰ একমাত্ৰ ভৰসা আছিল জুৰি। উল্লেখযোগ্য কথাটো হৈছে যে মোৰ ভৰসাৰ থল গৰাকীৰ অৱস্থা যে মোতকৈও তথৈবছ তেতিয়ালৈকে মই জনা নাছিলো। কাৰণ দেখাই-শুনাই কথাই-বতৰাই জুৰি আছিল বেছ্ স্মাৰ্ট।  ইউনিভাৰ্চিটি গেটৰ পৰা যে টাউনলৈ বিক্ৰমত যাব পাৰি সেইকথা মই তেতিয়ালৈ জনা হৈছিলোঁগৈ। কিন্তু জুৰিয়ে কি ভাবি জানো ক’লে যে ৰিক্সাত যাম। কথামতেই কাম। আমাৰ যিহেতু মুখ্য উদ্দেশ্য আছিল কিতাপ কিনা গতিকে ৰিক্সাত উঠি ৰিক্সাৱালাক নিৰ্দেশনা দিলোঁ যে “বাণী মন্দিৰ” যাম। তেতিয়ালৈকে মই ভাবি আছিলোঁ যে “বাণী মন্দিৰ” ক’ত আছে, কেনেকৈ যাব লাগিব সেই সম্পৰ্কীয় দৰকাৰী  তথ্যখিনি জুৰিয়ে জানে। তাই ভাবি থাকিল যে তাই যিহেতু বোকাখাটৰ ছোৱালী আৰু মই হ’লো ডিব্ৰুগড় টাউনৰ পৰা মাত্ৰ ষাঠি কিল’মিটাৰ দূৰত্বৰ ডিমৌৰ ছোৱালী গতিকে মই নিশ্চয় ডিব্ৰুগড় টাউন চিনি পাওঁ। বিশ মিনিটমান যোৱাৰ পাছত ৰাস্তাৰ একাষে ৰিক্সাখন ৰ’ল। নিজৰ আসনত বহি থকা ভাগতে ৰিক্সাৱালাজনে আমালৈ নোচোৱাকৈ ৰাস্তাৰ পৰা কেইফাৰ্লংমান দূৰত থকা শিৱ মন্দিৰটোলৈ আঙুলিয়াই ক’লে-”  উৱ ৰাহা মন্দিৰ ..।”  আমি ইজনীয়ে সিজনীলৈ চালোঁ। কি কয় ই! সি আঙুলিয়াই দিয়া দিশলৈ দুয়োজনীয়ে একেলগে চাই পঠিয়ালোঁ। হে হৰি! ভক্তৰ সমাগমেৰে মুখৰিত সেইটো দেখোন শিৱ মন্দিৰ!  তেতিয়াহে মনলৈ আহিল আমি “বাণী মন্দিৰ”লৈ যাম বুলোতে  ৰিক্সাৱালাই চাগে কেৱল “মন্দিৰ”  শব্দটোত ধ্যান দি ভাবিলে আজি যিহেতু মহাশিৱৰাত্রি  গতিকে আমি নিশ্চয় শিৱ পূজাৰ বাবে মন্দিৰলৈ আহিছোঁ। আমি দুয়োজনীয়ে প্ৰায় একেলগে কৈ উঠিলোঁ–“হেঃ, এইটো মন্দিৰৰ কথা কোৱা নাছিলোঁ হে। শিৱ মন্দিৰ নহয় বাণী মন্দিৰ যাম আমি।”
 ৰিক্সাৱালাই কি বুজিলে নাজানো। নিজৰ ঠাইত বহি থকা ভাগতে মূৰটো ঘূৰাই আমালৈ এবাৰ চোৱাৰ দৰে কৰি পুনৰ পেডেল মৰাত লাগিল। এক কিল’মিটাৰমান যোৱাৰ পাছত মূল পথৰ পৰা ফাটি যোৱা উপপথ এটাৰে ৰিক্সাখন ঘূৰিল। সেই পথেৰে অলপ দূৰ গৈ আকৌ এইবাৰো এটা মন্দিৰৰ সমুখত ৰ’লগৈ। এইবাৰহে মোৰ গা বাজিল। ই আচলতে কি বুজিছে! আমি কিবা ক’বলৈ পোৱাৰ আগতে সি ৰিক্সাৰ পৰা নামিল আৰু মূৰৰ পৰা নীলা-বগা চেক দিয়া গামোচাৰ নিচিনা কাপোৰখনৰ পাগুৰিটো গুচাই মুখখন মচি লৈ নিৰ্বিকাৰ হৈ ক’লে-” য়াহা য়ে এক হী চনি মন্দিৰ হ্যেয়।”  এইবাৰ মই একেজাপে ৰিক্সাৰ পৰা নামিলোঁ। জুৰিলৈ চাই একপ্ৰকাৰ অভিযোগৰ সুৰত চিঞৰি উঠিলোঁ। বোলো গম পাইছানে নাই এওঁ বাণী মন্দিৰ মানে “শনি মন্দিৰ” বুলি বুজিলে।  ফাকফাককৈ মৰা স্বভাৱজাত হাঁহিটোত জুৰি যেন ফাটি পৰিল। কোনোমতে ৰিক্সাৰ পৰা নামি আহি সোঁহাতেৰে মোৰ বাওঁ বাউসীত ধৰি হাঁহি হাঁহি হাউলি নোযোৱাকৈ থিয় হৈ ৰৈ হাঁহিত উটি থকা মাতেৰে ৰিক্সাৱালাটোক ক’লে-
” শনি মন্দিৰ নহয়  ভাইয়া,  বাণী মন্দিৰ। বাণী মন্দিৰ চিনি নোপোৱা? কিতাপৰ দোকান যে? ইউনিভাৰ্চিটিৰ ল’ৰা ছোৱালীবোৰ যে যায়…..”
“ৱ কাঁহা পে হ্যায়?” ৰিক্সাৱালাই বিমূঢ় ভঙ্গীমাৰে সুধিলে।
এইবাৰ জুৰিয়ে মোলৈ চালে। চাৱনিৰ অৰ্থটো হ’ল–“তুমিতো জানা  বাণী মন্দিৰ ক’ত, কোৱা।”  মই বোলো মই নাজানো।  মইতো তুমি জানা বুলিহে ভাবি আহিছিলোঁ। তুমিও নাজানা নেকি?
“আৰে! মই কেনেকৈ জানিম বোকাখাতৰ ছোৱালীজনী হৈ ডিব্ৰুগড়ত ক’ত কি আছে। মইতো ভাবিছিলোঁ তুমি চিনি পোৱা। আৰু তুমি চিনি নাপালেও ৰিক্সাৱালাই চিনি পাব বুলি ভাবিহে বিক্ৰমত নাহি ৰিক্সাত আহিছিলোঁ।” জুৰিয়ে মোক জব্দ কৰিলে। কথা বিষম দেখি দুয়োজনীয়ে ৰিক্সাৱালাৰ শৰণাপন্ন হোৱাৰ  বাহিৰে গত্যন্তৰ নাই বুলি তেখেতকে বুজাই বঢ়াই চাওঁ বুলি লওঁতেই মই দেখিলোঁ যে মন্দিৰৰ সোঁফালৰ গলিটোৰ পৰা আমাৰ চিনিয়ৰ মানসদা আহি আছে। প্ৰথম কেইদিনমান ক্লাছলৈ গৈয়েই নামে মানুহে মানসদাক মনত ৰৈছিল। তাৰ বিশেষ কাৰণটো হ’ল চিনাকি পৰ্বৰ মাজতে কোনোবা এজনে কৈছিল মানসদা সেই বেটছৰ একমাত্ৰ লোকেল ষ্টুডেন্ট্। হঠাৎ তেওঁক তেনেকৈ দেখা পাই ভাল লাগিল নে বেয়া লাগিল এক মুহূৰ্তৰ বাবে ঠিক ধৰিব নোৱাৰিলোঁ। কাৰণ বাণী মন্দিৰ বিচাৰি  শনি মন্দিৰ পালোঁহি বুলি গম পালে মানসদাৰ আগত কম লাজ পামনে! একেসময়তে কিন্তু আমাৰ এই দিক্-বিদিক্ হেৰুৱাই নিথৰুৱা অৱস্থাত মানসদাক স্বয়ং শনি দেৱতাই পঠাই দিয়া ত্ৰাণকৰ্তা দেৱদূত যেনো লাগিল।
“তোমালোক ইয়াত যে!  কি হে ,খুব মন্দিৰে মন্দিৰে ঘূৰিছা যেন পাওঁ।”  আমি কিবা কোৱাৰ আগতে গোঁফৰ তলেদি মৰা হাঁহিটোৰে মানসদাই দূৰৰ পৰাই চিঞৰিলে। আমি দুইজনীয়ে কি কৰোঁ কি কওঁ কৰি বেঙীৰ দৰে হাঁহিলো। মানসদা ওচৰ চাপি অহাত চূড়ান্ত ইতস্ততঃ অৱস্থাৰে মই  “হেৰি মানে মানসদা আমি আহিছিলোঁ আচলতে……” বুলি আদ্যোপান্ত বিৱৰি ক’লো। শুনি মানসদাৰ গোঁফৰ তলৰ হাঁহিটো হো-হোৱাই মুখেদি ওলাই আহিল। ক’বলৈ গ’লে মানসদাৰ হাঁহিৰ ঢৌত আমাৰ দুজনীৰ ইতস্ততঃবোধ সামান্য হ’লেও উটি গ’ল। জুৰিয়ে অত্যুৎসাহী হৈ স্বভাৱজাত সপ্ৰতিভতাৰে কৈ উঠিল-
“মই ৰিক্সাৱালাক কৈছোতো যে ইউনিভাৰ্চিটিৰ ল’ৰা-ছোৱালীবোৰ যে যায় বাণী মন্দিৰ …।”  পিছে মানসদাই পুনৰ গোঁফৰ তলৰ চুম্বকীয় হাঁহিটো মাৰি কৈ উঠিল–
“তোমাৰ বৰ্ণনা শুনি সি বুজি পোৱাতকৈ অধিক পাজ্যলহে হ’লহেঁতেন বুইছা। কাৰণ উনিভাৰ্চিটিৰ ল’ৰা- ছোৱালী ৰিক্সাত উঠি বাণী মন্দিৰলৈ নাযায়। ৰাধা-কৃষ্ণ মন্দিৰকৈহে যায় ডেটিং মাৰিবলৈ।”  মানসদাৰ কথা শুনি আমাৰ দুজনীৰ আকৌ এবাৰ লাজতে পমি পানী  হৈ কোনেও নেদেখা ক’ৰবালৈ বৈ যাওঁ যেন লাগিল।
যি কি নহওঁক মানসদাই কিবাকৈ অৱশেষত আমাক “চিব্ মন্দিৰ” অহ্ কিবা বোলেনে “বাণী মন্দিৰ” গৈ পোৱাৰ ব্যৱস্থা কৰি দিলে। কোৱা হয় যে ভগৱানে সঠিক পথৰ সন্ধান দিয়ে। কিন্তু সেইদিনা বুজিলোঁ  যে অচিনাকি ঠাইত ৰিক্সাৱালাক গন্তব্যস্থান কওঁতে সাৱধান নহ’লে মন্দিৰে মন্দিৰে ঘূৰি ফুৰিলেও ভগৱানেও সঠিক পথৰ নিৰ্দেশনা দিব নোৱাৰে।
☆★☆★☆

9 Comments

  • Anjan Sadhanidar

    ধুনীয়া লাগিল পঢ়ি লো ।

    Reply
  • তৃষ্ণা সো.

    হাঁহিলো দেই মন্দিৰৰ কাহিনী পঢ়ি।

    Reply
  • SOMESWAR BORAH

    বঢ়িয়া লাগিল মন্দিৰ দৰ্শন।লগতে গোকাট মিছা কথা ধৰা পৰিল ভাৰচিটিৰ পৰা ৰাধাকৃষ্ণ মন্দিৰলৈ ৰিক্সাত কোনো নেযায়, বিক্ৰমতে যাব।

    Reply
  • ধৰিত্ৰী শৰণীয়া

    থিকচে হাঁহিলো বা।মোকো এবাৰ ৰিক্সাৱালাই অাৰ জি বৰুৱা কলেজ কওতে অাৰ্য কলেজলৈ লৈ গৈছিল।

    Reply
  • মানসী

    কি যে ৰসাল বৰ্ণনা।ভাল লাগিল

    Reply
  • গজেন দাস।

    সুন্দৰ, সৰস বৰ্ণনা ..

    Reply
  • Papari Barman

    হাঃ হাঃ ৷বঢ়িয়া লাগিল বৰ্ণনাটো ৷

    Reply
  • ছয়নিকা বৈশ্য

    ধুনীয়া লাগিল 😆😆😆

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *