ফটাঢোল

অতিথি হৈছে দেৱতাৰ দৰে – সৌমিত্ৰ যোগী

বহুদিন কাকো ঘৰলৈ খোৱা-বোৱাকৈ মতা নাই। সন্মুখত গৰমৰ বন্ধটো দেখিয়েই আমাৰ এওঁৰ প্ৰথম সেইটো কথাই মনলৈ আহিল। মই ক’লোঁ – “সদ্যহতে নালাগে ৰ’বা”। মই কিয় নালাগে বুলি ক’লোঁ এওঁ সুধিলে, মই মুখেৰে একো নামাতিলোঁ। মই নীৰৱতা আৰম্ভ কৰাই গোটেই ঘৰখনৰ কোনো জীৱৰে মুখৰ মাত নাইকিয়া হ’ল। ভাগ্যে প্ৰেছাৰ কুকাৰৰ হুইচেল, বাচন-বৰ্তনৰ টুং-টাং শব্দকেইটা জীয়াই আছিল।
ভাবিলোঁ এই কথাই কথা নহয়, আলহী মাতিব লাগিল।
মই বোলোঁ হেৰা, তুমি নাভাবিবা যে মই পইচা খৰচ হোৱাৰ ভয়তে মানুহ মাতিবলৈ বেয়া পাইছোঁ। আচলতে কি জানা, আলহী-অতিথি হৈছে দেৱতাৰ দৰে। তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰিলে মাতি লাভ নাই।
এওঁ মোলৈ কেৰাহিকৈ চালে, মোৰ এনে লাগিল যেন তেওঁ সুধিছে – তুমিনো কেনেকৈ জানিলা আলহী সন্তুষ্ট নহ’ব?
অলপ সময় মনে মনে থাকিলোঁ। আচলতে ক’বলৈ মন আছিল, “তোমাৰ হাতৰ এসাঁজ খাবলৈ পালে সহজে সন্তুষ্ট নোহোৱা ব্ৰহ্মাও সন্তুষ্ট হ’লহেঁতেন, সহজে কৃতজ্ঞ নোহোৱা দেৱৰাজ ইন্দ্ৰও কৃতজ্ঞতাৰে গদগদ হৈ গ’লহেঁতেন”। কিন্তু নক’লোঁ। তাৰ পৰিৱৰ্তে তেওঁৰ ভাল লগাকৈ ক’লোঁ – “তুমি যিমানে ভাল ৰান্ধি নুখুওৱা কিয়, আজিকালি আলহীয়ে ডাঙৰ হোটেল বা ৰেস্তোৰাঁত পাৰ্টি নিদিলে শলাগেই নলয়”। মই এওঁৰ মুখলৈ চালোঁ, দেখিলোঁ মুখৰ পৰা আগতকৈ অলপ বেছিকৈ পোহৰ নিৰ্গত হৈছে। “মই সেইকাৰণেহে তাৰাতাৰি সিদ্ধান্ত এটা লোৱা নাই। কিন্তু এতিয়া ঠিক কৰিছোঁ, হোটেল বা ৰেস্তোৰাঁত নহয়, অতিথি ঘৰলৈকে মাতিম। তুমিও বনাবা, ময়ো বনাম। বিধে বিধে বনাম। দেৱতাৰ চৰণত মন-প্ৰাণ সঁপি দিলে কিজানিবা সন্তুষ্ট হয়েই”। মুখৰ পৰা মাত এষাৰ সৰি পৰা নাই যদিও মোৰ কথাখিনি কাণত পৰাৰ লগে লগে এওঁৰ মুখমণ্ডলত থকা অন্তিম এন্ধাৰৰ ভাবখিনি আঁতৰি গ’ল।
মই ঘোষণা কৰিলোঁ – “অহা দেওবাৰে খানা”।
এওঁ লাহেকৈ সুধিলে – “কাক কাক মাতিম”?
মই ক’লোঁ – “তেত্ৰিছ কোটি দেৱতাকতো আৰু একেলগে খুৱাব নোৱাৰোঁ, গতিকে অলপ প্ৰতিনিধিত্বমূলকভাৱে মাতোঁ”।
এওঁ মোলৈ চালে, চাৱনিত কি আছিল মন কৰিবলৈকে সাহস নহ’ল মোৰ।
আগতে আমাৰ ঘৰত মাজে মাজে গৰখীয়া ল’ৰা সোধা গৈছিল। ভকত মাতি চাউল সিজোৱা এমুঠিও যচা হৈছিল। তেনেকুৱা হ’লে হয় নজন, নহয় সাতজন। তাকে নোৱাৰিলে পাঁচ বা তিনিজন। এতিয়া সেই পৰম্পৰা নোহোৱা হ’ল। আগৰ ৰামো নাই, অযোধ্যাও নাই। এতিয়া ৰাম-অযোধ্যা গোটেই বিবদমান। আগৰ ভকতসকলো এতিয়া নাই। এতিয়া আহিল ভক্ত। আগৰ গৰখীয়া ল’ৰাবোৰো নাই। গৰু জন্তুটি পৰম্পৰা আৰু সংস্কৃতিৰ পৰা গৈ পলিটিকেল আৰু ধৰ্মীয় হৈ যোৱাৰ লগে লগে আগৰ গৰখীয়াবোৰো নাইকিয়া হৈ গ’ল। তেতিয়াৰ পৰা ভকত বা গৰখীয়া সোধাৰ পৰম্পৰাটোও আমাৰ ঘৰবিলাকৰ পৰা নাইকিয়া হৈ গ’ল। কিন্তু আমি তাৰ পৰা আইডিয়াটো ল’ব পাৰোঁ। আমি অতিথি সাত বা নজন মাতিব পাৰোঁ।
এওঁ এইবাৰ হাঁহিলে। মই ভাবিলোঁ, সৰ্বনাশ…
এওঁ ক’লে – “সেইবিলাক আছিল ভকত আৰু গৰখীয়াৰ কথা। আমি মাতিব লৈছোঁ দেৱতা। গতিকে দেৱতা পূজনৰ বিভিন্ন নিয়ম আছে। তুমি তেত্ৰিছ কোটি দেৱতাকো পূজিব পাৰা, কোনোবা চাৰিজনমানকো একেলগে পূজিব পাৰা, তাকে নকৰি গছৰ মূল শিপাত পানী দিলেও হোৱাৰ দৰে এজন দেৱতাকো পূজিব পাৰা। মই ভাবোঁ, আমি এজন দেৱতাকে পূজন কৰা ভাল হ’ব। তোমাৰ খৰচো কমিব, আৰু মোৰো কষ্টটোও কমিব”।
বেছ ঠাট্টা কৰিলে এওঁ, কিন্তু মই যেন একো বুজিয়েই পোৱা নাই তেনেকুৱা দেখুৱাই গলাত দৰদ ঢালি ক’লোঁ – “ঠিক আছে, মোৰ ফালৰ পৰা এটা পৰিয়াল মাতিম। তুমি তোমাৰ ফালৰ পৰা দুটা পৰিয়াল মাতা”।
কিছু সন্তুষ্টি, কিছু অসন্তুষ্টিৰ মাজেৰে ঠিক হৈ গ’ল যে তিনিটি পৰিয়ালৰ উপস্থিতিৰে দেওবাৰে আমাৰ ঘৰত খানা।
মই দুদিন ধৰি বজাৰ কৰিলোঁ। বিধে বিধে। কোনে কি বনাম, সেইমতে কি কি লাগিব – সেইমতে বজাৰ।
এওঁ ইউ টিউবত চাই শিকা ছাউথ ইণ্ডিয়ান, চাইনিজ আৰু বিচিত্ৰ বিদেশী ব্যঞ্জনৰ প্ৰস্তুতি। সেইবোৰ বস্তু বিচাৰি ফুৰোঁতে দেওবাৰটো পাৰ হৈয়ে যাব বুলি ভাবিছিলোঁ। তথাপি আনিছোঁ কষ্ট কৰি। মোৰ নিজৰ ভাগৰ বজাৰো কম নহয়। কঁঠালগুটি, পচলাৰ পৰা লাই-লফা, ঢেঁকিয়া শাকলৈকে বিচিত্ৰ বস্তু। যথেষ্ট কষ্ট কৰিছোঁ। ইখন বজাৰৰ পৰা সিখন বজাৰ ঢপলিয়াই ফুৰিছোঁ। কষ্ট হৈছে যদিও কামটো মই উৎসাহেৰেই কৰিছোঁ। ঘামত সৰ্বাংগ তিতি গৈছে তথাপি এৰা নাই, ভাগৰি পৰা নাই। এটাই প্ৰেৰণা। ফে’চবুকত ফটো আপলোড কৰিব পাৰিম। খৰচৰ কাৰণে আলহী মাতিবলৈ ভয় কৰা মানুহটোৱে লাইকৰ আশাত এনেকৈ ঢপলিয়াই ফুৰিছোঁ। আচলতে কি জানে, খানা-পিনাৰ বাহিৰে আজিকালি ফে’চবুকত ধুনীয়া ছোৱালীৰ ফটোতো মানুহে লাইক নকৰে। কিমাননো কৰিব আৰু একেখন মুখতে। কাপোৰখিনিহে বেলেগ, মুখতো সেই একেখনেই। তাৰমাজত এতিয়াও যি নিজৰ ৰূপৰ কাৰণে এহেজাৰ লাইক পাইছে তেওঁ সঁচাই পাব লাগে। তেনে ৰূপ আমাৰ সম্পদ। ভাগৰত লালকাল হৈ যোৱাৰ সময়তো ফে’চবুক চোৱাৰ তেওঁলোকেই আচল প্ৰেৰণা। এটা সময় আছিল, মানুহে আত্মকথাবোৰ পঢ়ি বৰ ভাল পাইছিল। লাহে লাহে যেতিয়া গম পোৱা হ’ল যে বহুতৰ আত্মকথাৰ বেছিভাগেই কাল্পনিক সাহিত্যহে। সঁচা বস্তু কম, মিছাৰ মছলা আৰু ভাল লগা উপকৰণহে বেছি। সেইকাৰণে তেনে খানায়ো আমুৱালে। তাৰ পাছতো যাৰ আত্মকথাই এতিয়াও মানুহক সন্মোহিত কৰি ৰাখিছে, বুজিব লাগিব তেওঁৰ লিখাৰ ষ্টাইলটো সঁচাই ধুনীয়া। তেওঁৰ কাৰণে জোৰদাৰ তালিয়া।
এতিয়া আটাইতকৈ ভাল ফটো হৈছে খানা-পিনাৰ। ভাল লাগে। আমি বহুত ব্যঞ্জন এনেকৈয়ে শিকিছোঁ। বহুতে নতুনকৈ বনাবলৈও উৎসাহ পাইছে। শুনা মতে, আগতে দালিভাত খোৱা বহুত মতা মানুহেই ঘৈণীয়েকৰ হাতৰ কিবাকিবি বিধে বিধে খাবলৈ পাইছে। কিন্তু এটা কথা কওঁ, মতা মানুহবোৰে এতিয়াও খানা-পিনাৰ ফটো বেছিকৈ আপলোড কৰা নাই। খুব সম্ভৱ লাজতে। নহ’লেতো মই ভাবোঁ, মতা মানুহে আপলোড কৰা বিবিধ ব্যঞ্জনৰ ফটোৰে ফে’চবুক ভৰি থাকিলহেঁতেন। সেইফালৰ পৰা মই ভাবিলোঁ, এনেকুৱা এটা সময়ত মই যদি খানা-পিনাৰ ফটো দিওঁ, কোনো কথাই নাই, হাজাৰ পাৰ হৈ যাব। কোনে জানে, আন মতা মানুহবোৰো অনুপ্ৰাণিত হয়ে কিজানি। এনেকৈ বহুত ভাবি-চিন্তিহে দেওবাৰে খানাটো ঠিক কৰিলোঁ।
ফটো ভাল হ’বৰ কাৰণে মই নতুনকৈ বহুত বাচনো কিনিছোঁ। চীনা মাটিৰ বগা বাচনত ফটো বৰ ভাল হয়। আঞ্জাৰ ৰংটো খুব ধুনীয়াকৈ উজলি উঠে। অতবোৰ বাচন অনা দেখি এওঁ টিটকাৰি মাৰিলে – “দেৱতাক আপ্যায়ন কৰিব লাগে কলপাত বা কলৰ দোনাত। তুমি দেখোন একেবাৰে নতুন ৰেস্তোৰাঁ আৰম্ভ কৰিবলৈ বাচন অনাদি আনিছা”?
মই ক’লোঁ – “এইবিলাক তুমি নুবুজিবা। তুমি কেৱল চাই থাকা। তুমি চাই থাকা মই কি খেল দেখুৱাই আছোঁ”।
যথা সময়ত মতাৰ দৰেই আলহী আহিল। আমি দুয়ো দিনটো বনাইছোঁ। ব্যঞ্জনৰ কথা আপোনাক কিমান ক’ম? সঁচা কথা কৈছোঁ, ছজনীয়া ডাইনিং টেবুলখনত থ’বলৈকে ঠাই নাই। বহুত বাচন পাকঘৰতে ৰাখিব লগা হ’ল। মোৰ মনটো লকলকাই আছে। খানাৰ লোভত নহয়। চীনা মাটিৰ বগা বাউলবোৰত জিলিকি থকা হালধীয়া, সেউজীয়া, মটীয়া ৰঙৰ বিচিত্ৰ খাদ্যবোৰৰ ফটো তুলিবলৈহে। কিন্তু লাহে লাহে লাজো লাগিল। মানুহৰ আগত বাচন উদঙাই উদঙাই ফটো তুলি থাকিলে কি ভাবিব বাৰু? নিজলৈকে খং উঠিল, কেৰাহীৰ পৰা বাউলত ব্যঞ্জনখিনি থৈয়ে লগে লগে ফটো তুলিব লাগিছিল। তাৰ পাছত দেখিলোঁ, এওঁৰ বান্ধৱী এগৰাকীয়ে “উৱাও ইমান ধুনীয়াকে ৰান্ধিছে, উৱাও ইমান ধুনীয়া গোন্ধাইছে, উৱাও ইমান ধুনীয়াকে সজাইছে” বুলি কৈ কৈ খিচিক খিচিক ফটো তুলিবলৈকে লাগি গ’ল। মই ভিতৰি ভিতৰি ভালেই পালোঁ, এইহে খুলশালী। তাইৰ পৰাই মই ফটোখিনি লৈ ল’ব পাৰিম।
তাৰ পাছত খানা আৰম্ভ। অতিথি দেৱতাসকলে ইখন-সিখনকৈ জুতি লৈ লৈ খাইছে। দুই-একে, বিশেষকৈ খুলশালী জাতীয়বোৰে “বাঃ এইখন ভিনদেৱে বনাইছে?” বুলি এচামুচ খায় আৰু টকালি পাৰি উঠে – “উৱাও। নাইচ।“ “নাইচ”টো হাতৰ মুদ্ৰা এটা কৰি শূন্যতে দেখুৱায়। মই যেন এটি সৰু ল’ৰা আৰু নতুনকৈ অহা আলহীয়ে কবিতা এটা আবৃত্তি কৰিবলৈ দিছে আৰু মই ধুনীয়াকৈ কবিতা মতাৰ পাছত পিঠিত হাতফুৰাই দিছে – “চাব্বাচ, বঢ়িয়া। পাৰিবা, পাৰিবা। ডাঙৰ হ’লে আৰু পাৰিবা”।
আজি অতিথি দেৱতাসকলৰে দিন। আমাক যিয়ে নকওক, তেওঁলোক সন্তুষ্ট হৈ গ’লেই হ’ল আৰু। মোৰ কাম ইতিমধ্যে হৈ গৈছে। খুলশালী নীতাই সকলোখিনি ব্যঞ্জনৰে ফটো উঠাইছে। গতিকে মই স্বাভাৱিকতে সুখী হৈ আছোঁ।
অতিথি দেৱতা আৰু দেৱীসকল যোৱাৰ পাছত চকুত হাজাৰ হাজাৰ লাইকৰ স্বপ্ন লৈ শুই পৰিলোঁ। আজি ৰাতিটো পুৱাওক কেৱল। কাইলৈ দিনটো কেৱল মোৰ হ’ব।
পুৱা সাত বজা মানতে টেৰেং টেৰেং টেৰেংকৈ একেৰাহে হোৱাটছএপৰ ৰিংটনটো বাজিবলৈ ধৰিলে। ধৰিলে মানে একেৰাহে বাজিয়েই থাকিল। চাই দেখিলোঁ নীতা। কালি উঠোৱা খানাৰ ফটোবোৰ পঠিয়াইছে। মনটো আনন্দত নাচি উঠিল। ফে’চবুকত আজি ময়ে সম্ৰাট হৈ থাকিম। লাইক-কমেণ্টৰ আজি বৰষুণ পৰিব। মোক পাত্তা নিদিয়া মানুহবোৰেও আজি মোক লাইক কৰিব।
এই কথা ভাবি থাকোঁতেই হোৱাটছএপৰ ৰিংটনটো বন্ধ হৈ ফোনটো বাজি উঠিল। দেখিলোঁ নীতাৰেই ফোন।
“থেংকিউ নীতা। তুমি ফটোখিনি ইমান কষ্ট কৰি উঠালাও, আৰু এতিয়া ইমান ধুনীয়াকে এডিট-টেডিট কৰিও দিছা, থেংকিউ ছ মাচ্চ…”
“নাই নাই ভিনদেউ, এইখিনিনো আৰু কি…আপোনাৰ দৰে এজন বিখ্যাত লেখকে আমাক ৰান্ধি খুৱাইছে, আমিনো আৰু এইখিনিকো কৰিব নোৱাৰিমনে? আৰু ভিনদেউ এটা কথা কওঁ…”
“কোৱাচোন নীতা কোৱা”।
“বেয়া নাপায়তো ন ভিনদেউ?”
“নাপাওঁ নাপাওঁ, তোমাক আকৌ কিয় বেয়া পাম?”
তাতে আকৌ অতিথি হৈছে দেৱতাৰ দৰে। অসন্তুষ্ট কৰিলে অমংগল হ’ব পাৰে। সন্তুষ্ট কৰি থ’লে কিজানি কিবা মংগল হয়ে। একেবাৰে নিজৰ নহ’লেও খুলশালী। গতিকে নিজৰ নিচিনাই।
“কালি তোলা ফটোখিনি যদি মই ফে’চবুকত দিওঁ? মানে মই বনোৱা আইটেম হিচাপে…মানে বাইদেউতো ফে’চবুকত নায়ে, আৰু আপুনি মতা মানুহটোৱেনো আৰু কি দিব…হয়নে?”
“ঠিকে কৈছা নীতা। মতা মানুহে ফটো দিব লাগে বাঘৰ পিঠিত উঠি। বা বাঘৰ নেগুৰেৰে কাণ খজুওৱাৰ ফটো। তেহে মতা মানুহ। ছোৱালী মানুহৰ দৰে ফটো দিলে মুঠেই ভাল নালাগে। মই বৰ বেয়া পাওঁ”। নিজকে সান্ত্বনা দি নীতাক ক’লোঁ।
“থেংকিউ ভিনদেউ”। তাই হাঁহি হাঁহি মোক ধন্যবাদ জনালে।
“হেঃহেঃহেঃ তুমি বৰ ফৰ্মেলিটী কৰিছা। নিজৰ খুলশালীজনীয়েওনো এনেকৈ কয়নে?”
নীতাই ফোনটো থ’লে। বৰ আচৰিত ছোৱালী। লোকৰ পিঠাৰে কেনেকৈ বিহু পাতিব খুজিছে দেখিলেনে? মোৰ মনটো বৰ বেয়া লাগিল সঁচাকে। তাৰ পাছত ভাবিলোঁ, দে হ’ব দে, তাই সুখী হৈছে, তাতেই মোৰ আনন্দ। কথাটোৱে মোক এটা বেলেগ ধৰণৰ আনন্দ দিলে। হয়তো সেই আনন্দতে মোৰ মনলৈ এটা বুদ্ধি আহিল। মই জানো, ফে’চবুকত ফটো দিয়াৰ লগে আমাৰ ঘৰলৈ খাবলৈ অহা আলহীৰ ভিৰ হ’ব। আলহী মানেই খৰচৰ বাহা। গতিকে নীতাই আচলতে মোক সহায়হে কৰিলে।
তাইলৈ ফোন লগালোঁ। ক’লোঁ – “তোমাক কেৱল এটা ৰিকুৱেষ্ট কৰোঁ”।
“কওকনা ভিনদেউ, আপুনি ৰিকুৱেষ্ট কৰিব লাগেনে?”
মই ক’লোঁ, “তুমি যে মোৰ সৈতে ডাইনিঙত ফটোবোৰ লৈছিলা, তাৰে ফটো দুখনমানো আপলোড কৰিবা হাঁ। কেপশ্যন লিখিবা – “বিশিষ্ট ব্যংগ লেখক সৌমিত্ৰ যোগী আজি আমাৰ ঘৰত অতিথি হিচাপে উপস্থিত থকা উপলক্ষে আয়োজিত নৈশভোজ। ধন্যবাদ ছাৰ, আপোনাৰ উপস্থিতিয়ে আমাক ধন্য কৰিলে”। আৰু তুমি মোক টেগ নকৰিবা। হ’ব? তেনেকুৱা এখন ফটো ময়ো দিম। মই লিখিম – “শিল্পী নীতা দুৱৰাৰ ঘৰত। ইমান ধুনীয়া ৰন্ধা মানুহ মই খুব কমেইহে লগ পাইছোঁ”। এই ফটোখন কিন্তু মই তোমাক টেগ কৰি দিম। দেই…”
তাই আনন্দত আত্মহাৰা হৈ গ’ল। মুখেৰে একো মাতিব পৰা নাই।
মোৰ নিজৰ বুদ্ধিত নিজেই মুগ্ধ হ’লোঁ। এতিয়া অন্ততঃ মানুহে বুজি পাব যে মোকো মানুহে খাবলৈ মাতে। এনেকৈয়ে যদি মাজে মাজে খোৱাৰ নিমন্ত্ৰণ আহে বেয়া নহয়।

এইবাৰহে ভবামতেই কাম হ’ল। ৰাতিৰ সাঁজ খোৱাকে আমাক কেইবাটাও পৰিয়ালে মাতিলে। আৰু সিপিনে নীতায়ো কেইবাদিনলৈকে বেলেগে বেলেগে ফটোবোৰ আপলোড কৰি থাকিল। আৰু বিশ্বাস কৰক, সকলো ফটোতে তাই হাজাৰৰ ওপৰত লাইক পালে

☆★☆★☆

28 Comments

  • ৰিণ্টু

    একেবাৰে সাম্প্ৰতিক বিষয়বস্তু। আপোনাৰ লিখনশৈলীৰ ওপৰত মন্তব্য দিয়াৰ সামৰ্থ্য নাই।

    খুব ভাল লাগিল পঢ়ি, পঢ়াৰ সুযোগ এই প্লেটফৰ্মত আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ দাদা

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ আপোনাক।

      Reply
  • কিছু দেই!!

    Reply
    • সৌমিত্ৰ যোগী

      হয়নে?
      ধন্যবাদ আপোনাক।

      Reply
  • মৃদুল শইকীয়া

    পঢ়ি বৰ ভাল লাগিল৷

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ আপোনাক।

      Reply
  • ৰাস্না বৰা

    পঢ়িয়েই মনটো হাঁহিৰে ভৰি গল । চকুত ভাঁহি উঠিল ফেচবুকৰ ধুনীয়া ধুনীয়া খানাৰ ফটোবোৰ

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ আপোনাক।
      সকলোকে মোৰ খুলশালীজনী বুলি নাভাবিব কেৱল। হাঃ হাঃ

      Reply
  • Amar jyoti borah

    সুন্দৰ

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ।

      Reply
  • Mitali saharia

    বহুত ধুনীয়া লাগিল।

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ আপোনাক।

      Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল।

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ আপোনাক।

      Reply
  • বাহ্।

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ।

      Reply
  • aradhana boruah

    বৰ ভাল লাগিল

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ আপোনাক।

      Reply
  • হেমন্ত কাকতি

    বৰ ধুনীয়া লাগিল৷

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ আপোনাক।
      আপোনাৰ সম্পাদকীয়ও পঢ়িলোঁ। ভাল লাগিল।

      Reply
  • ছয়নিকা বৈশ্য

    নাইছ ..👌👌😊😊

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ।

      Reply
  • বৰ ৰস পালোঁ। আপোনাৰ প্ৰতিটো লেখাই অনন্য।
    চিনাকী যেন লগা কথাবোৰ সুন্দৰকৈ প্ৰকাশ কৰিলে।

    Reply
    • সৌমিত্ৰ যোগী

      অশেষ ধন্যবাদ৷ আনন্দ পালোঁ৷

      Reply
  • manashi

    অতি সুন্দৰ লেখা…ৰসে চৌ চৌ …. বহুত ভাল লাগিল…

    Reply
  • umesh das

    Jamani

    Reply
  • অভিজিত কলিতা

    ভাল লাগিল।

    Reply
  • অশ্বিনী মোহন শৰ্মা

    পঢ়ি খুব ভাল লাগিল।লিখন শৈলী অতি সৰল আৰু পঢ়িলে আমনি নলগাকৈ উপস্থাপন কৰাৰ কৌশল সচাকৈয়ে আদৰণীয়।
    ধেমালীৰ মাজেৰে বৰ্তমান আমাৰ সমাজত চলি থকা এক সামাজিক ব্যাধিক ( পৰৰ পিঠাৰে নাম কিনিব খোজা) বৰ সুন্দৰকৈ বোন্দা থেকেচা দিছে। পঢ়ি অতি আপ্লুত হ’লো।

    Reply

Leave a Reply

Your email address will not be published.