ফটাঢোল

অথ মোৰ ফচল পুৰাণ – সাৰদা শ্ৰেষ্ঠ

মোৰ মূৰটো বৰ এটা সাৰুৱা নহয় । গোবৰেৰে ভৰা বুলিও ক’ব নোৱাৰোঁ, থকা হ’লেও ভালেই হ’লহেঁতেন । কাৰণ গোবৰোতো এবিধ ভাল সাৰেই । তথাপি যি অলপ ৰৈছেগৈ তাৰেই কেতিয়াবা চেষ্টা কৰোঁ ফচল অলপ অৰ্জন কৰিবলৈ । মন যায় দিয়কচোন নিজৰ ফচল  অৰ্জনৰ সুখ ভোগ কৰিবলৈ । কেতিয়াবা মূৰটোত বীজ কিছুমানে ঠন ধৰি উঠিবলৈ উচপিচাই উঠে । সময়ৰ শৰ সময়তে মাৰিব পৰাটো বুদ্ধিমানৰ কাম । সেয়ে বীজবোৰ ৰুই দিওঁ বুলি ঠাইকণ বিচাৰি মোবাইলটোকে তুলি লওঁ । কাগজ আৰু কলমৰ সৈতে সম্পৰ্ক এতিয়া অহি নকুলৰ লেখিয়া হোৱাগৈ নাই যদিও কিছুপৰিমাণে সেই লেখীয়াই হৈছেগৈ । মোবাইল টিপিবলৈ বৰ সহজ লাগে দেখোন ! ক’ত কাগজ কলমডাল বিচাৰি থাকিমগৈ ! নিত্যান্তই জৰুৰী নহ’লে কাগজ কলমে মোৰ স্পৰ্শৰ সুখ নাপায় । বেচেৰা কেইটাইলৈ কেতিয়াবা বৰ দুখ লাগে জানেনে ! কেতিয়াবা কিবা কামৰ বাবে চুকত আমন জিমনকৈ বহি দেহ বিচাৰৰ গীত গাই থকা কাগজ কলমক আনি ধূলি মাকতিবোৰ আঁতৰাই আলফুলে তুলি লওঁ । সেইসময়ত সেই হালৰ আনন্দৰ সীমা নাথাকে । হালেই বৰ আশাৰে দন্ত নিকটাই মোলৈ চাই থাকে । কেতিয়াবা বহু চেষ্টাৰ পিছতো হাতৰ কলম হাততে ৰৈ থাকে । কাগজৰ উকা বুকুখন ফুটুকীয়া নীলা আখৰেৰে ন সাজত জিলিকিবলৈ পোৱাৰ আশাত মোলৈ হা কৈ চাই থাকে । খুব কমেইহে সেই হালৰ আশা পূৰণ হয় । বহুসময়ত সিহঁত হামিয়াই হিকটিয়াই থকাত আকৌ আগৰ ঠাইত শোৱাই থৈ দিওঁগৈ । দিনৰ পিছত দিন মাহৰ পিছত মাহ সিহঁত হাল আজিলৈ সাৰ নোপোৱা হ’ল ।

অ’ … মই কি কৈ আছিলো …  অ’ কৈ আছিলো, মোৰ মূৰত যিখিনি অৱশেষ আছে তাৰেই কিছু ফচল অৰ্জনৰ বাবে ঠাইকণৰ কথা । তাকেই ক’বলৈ গৈ কিখন যে বকলা মেলিছোঁ ! কি কৰোঁ কওঁকচোন, কথাত কথা বাঢ়েই ।

মূৰত থকাখিনিৰে খেতি কৰোঁ বুলি ঠাই বিচাৰি অৱশেষত ফেচবুককে মেলি লওঁ । এইখন অতি উপযুক্ত ঠাই । ইয়াতকৈ উপযুক্ত ঠাই ইহজনমত আন ক’তো বিচাৰি পাবলৈ নাই । মানে আমাৰ বেজবৰুৱাদেৱৰ ভাষাত -“পৃথিৱীৰ ক’তো বিচাৰি জনমটো / নোপোৱা কৰিলেও পাত ” ।

ফেচবুক ইংৰাজী শব্দ । কিছুমানে ইয়াৰ প্ৰতিশব্দ মুখপুথি ব্যৱহাৰ কৰে । সেইদৰে য’ত আমি আমাৰ ভাববোৰ প্ৰকাশ কৰো, মানে টাইমলাইনক সময়সূচী হিচাপে লিখে । ভাল লাগে, বৰ ভাল লাগে । নিজৰ ভাষাক এনেকৈ ৰক্ষা কৰিবলৈ চেষ্টা কৰা দেখিলে মনটো সেউজীয়া বাগিচা হৈ যায় । ইয়াতেই কিন্তু পৰন্তু আহি যায় । এটা দুটা ইংৰাজী শব্দক অসমীয়া পোছাক পিন্ধাবই লাগিব বুলি মই  একো কাৰণ নেদেখো । ইতিমধ্যে আমি বহু দেশী-বিদেশী শব্দক আমাৰ শব্দ ভাণ্ডাৰত ঠাই উলিয়াই দিছোঁৱেই । হাজৰিকাদেৱে জানো কোৱা নাই – “কিছু ল’ব লাগে/ কিছু দিব লাগে/জীণ যাবলৈ হ’লে” । তাতে আমাৰ বহু সুন্দৰ নিভাঁজ শব্দবোৰ আজি মৃত্যুৰ গৰাহত । আনহে নালাগে আমাৰ ভাষাৰ সুৰীয়া সম্বন্ধ বাচক শব্দবোৰ লোপ পাবলৈ হয়তো আৰু বেছি দিন নাই ।

 এইখিনিতে মোৰ জীৱনত ঘটা এটা আমোদজনক ঘটনাৰ কথা উনুকিয়াব খুজিছোঁ । পুৱা এঠাইলৈ যাবলৈ বুলি মেজিক এখনত বহিছোঁ । ওচৰত কেইবাজনো সহযাত্ৰী । মেজিকত ওলমি অহা হেণ্ডিমেনে সকলোৰে ভাড়া তোলাত লাগিল । মই মোৰ গন্তব্যস্থানৰ ভাড়া দিলো । মোৰ কাষতে বহা বয়সস্থ মানুহজনে ভাড়া দি ক’লে – “বিজুলী-বাতিৰ কাৰ্যালয়লৈ যোৱা বাটত ৰাখি দিবা” । হেণ্ডিমেন বিমোৰ হ’ল । “বিজুলী-বাতিৰ অফিচ ? এইফালে ক’ত বিজুলী-বাতিৰ অফিচ আছে ?” – হেণ্ডিমেনজনে নিজকে প্ৰশ্ন কৰাৰ লগতে যাত্ৰী সকললৈ আশাৰে চাই পঠিয়ালে, কিজানি কোনোবাই জানে ! সকলো যাত্ৰী নিশ্চুপ । দুই এজনে ক’লে যে এনে অফিচ এইফালে নাই । ময়ো অলপ সময় তভক মাৰিলো । হঠাতে মনত পৰিল, ক’লো – “অ’ ইয়াৰ আগৰ ষ্টপেজত আপুনি নামি যাব” । হেণ্ডিমেন জনক ক’লো – “মানুহজন ইলেকট্ৰিচিটিলৈ যোৱা ষ্টপেজত নামিব”। হেণ্ডিমেনজনে তেতিয়া ঠিকেই বুজিলে । সেয়ে স্থান-কাল-পাত্ৰ চাইহে কথা কোৱাই মংগল ।

উহ ! দেখিলে….কথাত কেনেকৈ কথা বাঢ়ে !

বাৰু সেইবোৰ ইয়াতে সামৰি আচল কথালৈ আহো । বুকুত উকমুকাই থকা অনুভৱবোৰক শব্দৰ জালত বান্ধি থওঁ বুলি ফেচবুক খুলি লোৱাৰ লগে লগে চকুত পৰে নটিফিকেচনবোৰ । আগতে বন্ধুৰ সংখ্যা তাকৰ আছিল, ঠিকেই আছিল । লাহে লাহে বন্ধুৰ সংখ্যা হুৰহুৰাই বাঢ়িল, বন্ধুত্বৰ হাত আগবঢ়ালে হাতখননো কেনেকৈ কোঁচাই থওঁ । এনেকৈ হাত আগবঢ়াই দিওঁতে দিওঁতে মোৰ হাতখন দীঘল নহ’ল ঠিকেই, পিছে বন্ধুৰ তালিকাখন লগাতকৈ বেছি দীঘল হ’ল । যিহওঁক তেওঁলোক মোৰ ফেচবুকীয়া একাউন্টৰ অলংকাৰ হিচাপে সজাই ৰাখিছোঁ । মৃত্যুৰ পিছত কমচেকম ভগৱানৰ ওচৰলৈ গৈ ক’বলৈ হ’ব – “মই কি কৰিলো নকৰিলো সেইবোৰ পিছৰ কথা । জীৱনত ভালেমান বন্ধু অন্তত গোটাইছিলো”। বন্ধুসকলৰ আকৌ মোলৈ বৰ চেনেহ ! নিজে সৃষ্টি কৰা গোটবোৰত মোক আদৰ সাদৰকৈ নি আথেবেথে বৰপীৰা পাৰি দিয়ে । সোধ-পোছ মাৰা গুলি । এতিয়া মই তিনিশৰো অধিক গোটৰ সদস্য । ইমানবোৰ গোটত সক্ৰিয় হোৱা মোৰ বাবে দুৰূহ কাম । সেয়ে বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰোঁ । তদুপৰি মেচেঞ্জাৰৰ দৌৰাত্ম্যৰ কথা নকলোৱেই বা । কি কৰোঁ ? সেইবিধক অলাগতিয়াল বুলি দলিয়ায়ো পেলাব নোৱাৰি । তাতো বহু গুৰুত্বপূৰ্ণ কথাৰ আলোচনা হয় প্ৰায়েই । সেয়ে সাতে সোতৰই অলপ চলপ দৌৰাত্ম্য সহ্য কৰি লওঁ । সেইবোৰত চকু কাণ মুদি নিজৰ কাম আৰম্ভ কৰোঁ বুলি লওঁহে আকৌ চকুত পৰে বন্ধুসকলৰ ধুনীয়া ধুনীয়া আপডেটবোৰ । বাঃ … প্ৰকৃতিৰ কি যে মোহনীয় ফটো  !  ইছছ …. অনুপম চিত্ৰকলা ! কি যে শব্দৰ সমাহাৰ !  থৰ লাগি চাই ৰওঁ । সেইবোৰত লাইক, কমেন্ট নিদিয়াকৈনো কেনেকৈ থাকোঁ ! মোৰ অনুভৱ সিমানতে শেঁতা পৰে । পিছ মুহূৰ্ততে নিজকে চম্ভালি লওঁ, নাই ….নাই…. এইবোৰ চব বাদ । মই মোৰ নিজৰ কাম কৰোঁ । নাই …. এইবাৰো নেচেল । কথাতেই আছে নহয়, ভবা কথা নহয় সিদ্ধি ……. । সেই ফেচবুকীয়া মায়াজালত বন্দী হৈ যায় মোৰ নিৰীহ মন । বিভিন্ন বন্ধুৰ মনপৰশা লেখা, বিভিন্ন ভংগীত উঠা বন্ধু সকলৰ ফটো …. আৰু যে ক’ত কিমান ৰঙৰ পোহাৰ লৈ আহে বিভিন্ন জনে । মই নিজকে হেৰুৱাই পেলাওঁ । সেই একেই কাম লাইক, কমেন্ট । নিজে একো ফচল আৰ্জিব নোৱাৰিলেও আনৰ ফচলবোৰ দেখি ভাল লাগে । মনলৈ প্ৰশান্তি আহে । কিন্তু সদায় পৰিস্থিতি একে নাথাকে । কেতিয়াবা ফেচবুকলৈ আহি বহুদিনলৈ মনটো অশান্ত হৈ যায় । ফেচবুকৰ খোলা মঞ্চ পাই এচাম মানুহে অযথা তৰ্কবাদেৰে উত্তাল কৰি বোকাময় কৰি তোলে ফেচবুকৰ ৰঙে ৰসে ভৰা সুন্দৰ মজিয়া । উহ ! বিষবাষ্পৰে বিষাক্ত  হয় পৰে ফেচবুক । এইবোৰে বহু দিনলৈ মনটো বিষাদেৰে ভৰাই ৰাখে ।

থানবান হোৱা মনটোক বুজাই পৰাই স্থিৰ কৰোঁতে ভালেমান দিন পাৰ হৈ যায় । হাঁহাকাৰবোৰ পাহৰি মনটো সেউজীয়া হৈ পৰাৰ সময়তে থিৰাং কৰোঁ – এইবাৰ হয় ৰঙামাটি নহয় গুৱাহাটী । সাৰ পানী দি মোৰ ফচল ভালকৈ চহামেই এইবাৰ । সংসাৰৰ জাল জঞ্জাল মাৰি উশাহ সলাই কী-পেডত টক টক টককৈ আঙুলিৰে টিপি টিপি শব্দবোৰ সজাই যাওঁ এফালৰ পৰা । অ’ মোৰ ফচলে এইবাৰ এঙামুৰি দি উঠিবলৈ আৰম্ভ কৰিছে । এইবাৰ মোৰ পথাৰ ফলে ফুলে জাতিষ্কাৰ হ’বই । মোৰ উছাহত বান আহে । “হেৰা, মোৰ অমুকটো ক’ত, তমুকটো ক’ত ? অমুকটো দিয়া, তমুকটো কৰা ।কিনো মোবাইলটো পিটিকি থাকা ? ফেচবুক খেলি থাকিলেই হ’বনে ?” খঙে গৈ মূৰৰ চুলি আগ পাইগৈ । উৱা ! ফেচবুক কিবা খেলেনে মানুহে !! কিমান গুৰুত্বপূৰ্ণ কাম থাকে ! বুজিলেহে । মোৰ উছাহৰ বানত খৰাং নামে । নাই, নহ’ব । ইহ জনমত নহ’ব ।

মোৰ ফচল পুৰাণ ইমানতেই ইতি পৰে ।

☆★☆★☆

Leave a Reply

Your email address will not be published.