ফটাঢোল

অনলাইন প্ৰেম – মিতালী চহৰীয়া

এই যে “অনলাইন প্ৰেম”, শব্দটোৱেই যেন এক বৃহৎ এক মায়াজাল৷ তাতে এই অনলাইন প্ৰেমৰ মায়াজালৰ মকৰাজাল খনৰ কথা বুজিয়ে নাপাওঁ৷ মোৰ দৰে বেঙীজনীয়ে এই মকৰাজাল খনত বান্ধ খাই পৰিবলৈ সময় নালাগিলেই৷

ফেচবুকত একাউণ্ট খোলাৰ আৰম্ভণিৰ কেইদিনমানৰ পিছৰ কথা৷ বন্ধু বেছিকৈ হোৱাই নাই তিনিশ মান হৈছিল৷ তেতিয়া মই নাৰ্চিং ট্ৰেইনিং কৰি থাকোঁতে ভাড়া ৰুমত আছিলোঁ৷ লাহে লাহে ফেচবুকৰ নিচা লাগিব ধৰিলে, যিহেতু নাৰ্চিং পঢ়াৰ একদমেই ইনটাৰেষ্ট নাছিল মোৰ৷ সেইকাৰণে ফেচবুকটো টাইমপাছৰ ধুনীয়া আহিলা হৈ পৰিল৷ মাজে মাজে দুই এখন ফটো আপলোড কৰি দিওঁ৷

লাহে লাহেকৈ হাই হাই বুলি মেছেজবোৰ আহিব ধৰিলে লৰাবোৰৰ পৰা৷ মনটো ভাল লাগিবলৈ ধৰিলে৷ ময়ো লাহে লাহেকৈ চাই চিতি দুই এটাক ৰিপ্লাই কৰিব ধৰিলো৷ এনেকৈ এদিন প্ৰথম অনলাইন প্ৰেমিক জনৰ মেছেজ আহিল৷ লাহে লাহে মেছেজতে কথা পাতিলো৷ অলপ ভাল লাগিল কথা পাতি৷ ল’ৰাজন মোতকৈ চাৰি বছৰ মান ডাঙৰ হ’ব৷ প্ৰাইভেট বেংক এটাত চাকৰি কৰে৷ কথা পাতি লাহে লাহে ফোনত কথা পাতিব ধৰিলো৷ তেওঁ ক’লে- “তোমাক মোৰ ভাল লাগে৷” তেওঁৰ লাহে লাহে মোৰ প্ৰতি প্ৰেমৰ বীজ অংকুৰণ হ’ল আৰু মোৰ আগত জাহিৰ কৰিলে৷ ময়ো চালি জাৰি চাই লাহেকৈ ইয়েচ কৈ দিলোঁ যিহেতু তেওঁ ভাল চাকৰি এটা কৰে৷ মিলিলে ভৱিষ্যতে সংসাৰখন কৰিব পাৰিম বুলিও মনতে ভাবিয়েই পেলালো৷ এদিন তেওঁ লগ ধৰিলে ব’ল ডেটিং যাওঁ আমি৷ মই ভাবিলোঁ ঠিক আছে যিয়েই নহওক এদিন লগ কৰি আহো৷ কিন্তু মই যেতিয়াই ইচ্ছা তেতিয়াই যাব নোৱাৰো৷ যিহেতু আমাৰ এবেলা ক্লাছ আৰু এবেলা ডিউটি থাকে৷ দেওবাৰ পালেই মই ঘৰলৈ আহো৷ এদিন কিবাকৈ যাবলৈ ওলালো, যিদিনা ডেটিং যাবলৈ বুলি ওলালো সেইদিনা অসম বন্ধ আছিল৷ দুয়ো তিনি ঘণ্টামান ৰাস্তাই ৰাস্তাই ঘূৰি বাইকৰ ওপৰতে ডেটিং কাৰ্য্যৰ সামৰনি মাৰিলোঁ৷ কৰবাত ৰ’বলৈও অসম বন্ধ কাৰণে ৰেষ্টুৰেণ্ট জাতীয়বোৰ বন্ধ আছিল৷ যথা সময়ত গধূলি হোৱাৰ আগতেই তেওঁ মোক য’ৰ পৰা লৈ গৈছিল তাতেই নমাই থৈ গৈছিল৷ এনেকৈ মোৰ অনলাইন প্ৰেম গৈ লাহে লাহে ৰিয়েল হ’বলৈ আৰম্ভ কৰিছিল৷ প্ৰেমৰ দুটা পাত গজি ওলাইছিলহে মাত্ৰ লগৰ এজনীয়ে মাজতে দিলে নহয় মিডিয়াৰ বিগ ব্ৰেকিং নিউজৰ দৰে খবৰ এটা৷ তাইক ল’ৰাজন ফেচবুকত দেখুৱাই দিওঁতে ক’লে এইজন ল’ৰা মই চিনি পাওঁ৷ আমি পঢ়ি অহা হাইস্কুল খনৰ ছাৰ এজনৰ ভতিজা ল’ৰা হয়৷ তাই ক’লে –

: তই এইজন ল’ৰাৰ প্ৰেমত পৰিছ’৷ জাননে সি শৰ্মা ল’ৰা হয়৷ ল’ৰাজন ভাল হয় কিন্তু তোক কেতিয়াও বিয়া নকৰায়৷ কৰালেও সিহঁতৰ ঘৰত তহঁতক কেতিয়াও মানি নলয়৷

মই গম পোৱা নাছিলো সি যে শৰ্মা লৰা আছিল৷ যিহেতু সি কাশ্যপ উপাধি লিখে৷ আমাৰ কাষ্টৰ কিছুমানেও কাশ্যপ উপাধি লিখে৷ মই বিবুধিত পৰিলোঁ কি কৰোঁ৷ যিহেতু মোৰো লাহে লাহে তেওঁক ভাল লাগিব ধৰিছিল৷ ভাবিলোঁ যদি আকৌ পিছলৈ তেওঁক এৰিব নোৱাৰা হৈ যাওঁ৷ ময়ো দেৰি কৰি নাথাকি তেওঁক সুধিলো বিয়া পাতিবনে মোক৷ তেওঁৰ পোনপতীয়া উত্তৰ নোৱাৰোঁ আমাৰ ঘৰত মানি নলব৷ মই সাহস কৰি ক’লো ঠিক আছে বিয়া নাপাতে যদি মোৰ ফালৰ পৰা এই ভালপোৱা শেষ৷ এইবোৰ মিছামিছি আগবঢ়াই লাভ নাই৷ শেষ মানে শেষেই কৰিলোঁ৷ তেওঁ আৰু একো মাত নামাতিলে৷ তেওঁক ক’লো ভাল বন্ধু হৈ থাকিম দিয়ক আমি৷ এতিয়াও পিছে আমি ভাল বন্ধুয়েই, মাজে মাজে লগ পাওঁ ফোনত কথাও পাতো৷ পিছে তেওঁ বিয়া পাতিব ছোৱালী বিছাৰি পোৱা নাই এতিয়ালে৷ মই পিছে এতিয়াও জ্বলাবলৈ কওঁ মোকেই বিয়া পাতক৷ উপাধিটোহে সলাব লাগিব৷
এনেকৈয়ে মোৰ প্ৰথম অনলাইন প্ৰেমৰ ইতি পৰে৷ লগৰ জনীয়ে উপাধিৰ তথ্য ফাদিল নকৰিলে হয়তো এতিয়া প্ৰথম অনলাইন প্ৰেমিক জনাৰ ঘৰ শুৱনি বোৱাৰী হৈ থাকিলোহেঁতেন৷ এতিয়াও অসম বন্ধ পৰিলে কেতিয়াবা বুকু হম হম কৰে৷

☆★☆★☆

7 Comments

  • অবিনাশ

    আঐ, কলিতে শুকাল !

    Reply
  • দিপু

    ফাটাফাটী

    Reply
  • তৃষ্ণা সো.

    অনলাইন প্ৰেম অনলাইন ব্ৰেকআপ
    বঢ়িয়া লিখিলা।

    Reply
  • Rajib Sarma

    আচলতে তুমি উপাধি চহৰীয়া লিখাৰ আঁৰৰ কথাটো আজিহে জানিলো।চহৰমুখি হোৱাৰ কুচকাৱাজ হে আছিল তাৰমানে!

    Reply
  • ৰাস্না বৰা

    ভাল লাগিল মিতালী।

    Reply
  • আচ্ছা, চাকৰি চাই হে ইয়েচ কৈছিলা। ভাল লাগিল।

    Reply
  • মোৰ সাত খন কোষ্টি। বেলেগ বেলেগ উপাধি দি বনাই লৈছো।

    Reply

Leave a Reply

Your email address will not be published.