ফটাঢোল

অনুৰণন – মল্লিকা শৰ্মা বৰদলৈ

আজি আনদিনাৰ তুলনাত মানুহ বেছি। চাৰিওফালে এবাৰ চকু ফুৰালে শ্ৰুতিয়ে। এটাও চিট খালী নাই। আধাতকৈ বেছি মহিলাৰে ভৰি আছে বহা ঠাই। ঠিয় হৈ থকা বেছিভাগেই পুৰুষ।

আই শ্বোৱেৰ চ’তি ড্ৰেছ মে….”

“ব্লু আইজ হিপন’টাইজ টেৰি কৰতি হে মেন্নু

হানি সিঙৰ “গানৰ” কথাৰে কাৰোবাৰ মোবাইল ফোন এটা বাজি উঠিল। কথাখিনিয়ে যেন তাইকে চিকুটি দিলেহি তেনে লাগিল শ্ৰুতিৰ। গানটো ভাঁহি অহাৰফালে উভতি চালে তাই। দীঘল চুলি, এমুখ দাড়ি, এখন কাণত কাণফুলি এপাত ওলমি আছে। চাৰ্টৰ আধালৈকে বুটাম খোলা, পেণ্টটোও কোনোমতেহে যেন ওলমি ৰৈছে কঁকালৰ তলৰ অংশত। ডিঙিতে টাটু এটাও আছে। অকণো পৰিপাটি নহয়। দেখিলেই জধলা বুলিব পৰা ল’ৰাজনে হাতত লৈ থকা গুটখাৰ পেকেটটো দুবাৰমান জোকাৰি মুখত ঢালি দিহে ফোনটো ৰিচিভ কৰিলে।

: ঐ বে, ক’ত আছ?

: এইবোৰেই আজিকালি দেখিছেনে? কাপোৰ কানিৰ ফেশ্বন, ছোৱালীকহে চাব নে ল’ৰাকহে চাব। লাজ, সন্মান, ভদ্ৰতা এইবোৰ নোহোৱাই হৈ গৈছে৷

শ্ৰুতি ঠিয় হৈ থকা ঠাইখিনিৰ পৰা দুহাতমান দূৰৰ চিটটোত বহি থকা আদহীয়া মহিলা দুগৰাকীয়ে নিজৰ মাজতেই পাতি থকা কথাখিনি হয়তো ইচ্ছা কৰিয়েই তাই শুনাকৈ ক’লে।

আঠুৰ ঠিক সমান্তৰালভাৱে টানকৈ লাগি থকা স্কাৰ্টটো এবাৰ টানি দীঘল কৰাৰ বৃথা চেষ্টা কৰি চালে শ্ৰুতিয়ে। ঠিয় হৈ থকাৰ পৰাই বাছৰ খিৰিকীৰে হাউলী বাহিৰলৈ চাই পঠিয়ালে। আৰু তিনিটা ষ্টপেজ আছেই, মুখখন কোঁচাই মুখৰ ভিতৰতে ভোৰভোৰাই উঠিল তাই। ভিৰৰ বাবে বাৰে বাৰে মানুহৰ গাত গাটো লাগি গৈছে, তাৰ লগতে আকৌ এই কথাষাৰেও বিৰক্ত কৰি তুলিলে তাইক। আগতে এনেধৰণৰ কথাই বৰ কষ্ট দিছিল, বহুসময়লৈ গোমা আকাশখন যেন হৈ থাকিছিল মনটো। আজিকালি তাইৰ এইবোৰ কথা যেনেই নালাগে। গাঁৱৰ পৰা আহি চাকৰিটো পাওঁতে, প্ৰথম অৱস্থাত এই আঁঠু ওলাই থকা কাপোৰযোৰ পিন্ধিবলৈ কম লাজ কৰিছিলনে তাই। সৰুতে মাকে হাতেৰে চিলাই দিয়া ফীল লগোৱা ফ্ৰকটোও আঁঠুৰ ওপৰত পৰিলে আপত্তি শেষেই নহৈছিল, আকৌ মোখনি খুলি চিলাই দিবলগীয়া হৈছিলগৈ মাকে। এতিয়া পিচে এইবোৰ সহজ কথা যেনেই হৈ পৰিল। বহু ঠাইত চেষ্টা কৰি কৰি বিফল হোৱাৰ পিছত অৱশেষত য’ত ৰিচেপচনিষ্টৰ চাকৰিটো পাইছে তাত সেইটোৱেই ইউনিফৰ্ম যেতিয়া লাহে লাহে কথাবোৰ হজম কৰিবলৈ শিকি লৈছে শ্ৰুতিয়ে।

পৰিয়াল বুলিবলৈ গাঁৱৰ ঘৰত তাইৰ মাক আৰু সৰু ভায়েক ভনীয়েক এহাল আছে। দেউতাক থকালৈকে ঘৰনো কেনেকৈ চলে সেইবোৰ ভাবি চোৱাৰো প্ৰয়োজন হোৱা নাছিল তাইৰ। কিন্তু এতিয়া দেউতাকৰ অবৰ্তমানত ভনীয়েকৰ পঢ়াৰ লগতে ঘৰখনৰ বাকী দায়িত্ববোৰো তাইৰ ওপৰতে আহি পৰিল। মাকৰ সৰুকৈ কাপোৰৰ ব্যবসায় এটা আছে যদিও সেইটোৰে সকলোফালে চম্ভালাটো সম্ভৱ নহয়। তথাপিও মাকে যিমান পাৰে কৰিছে। তাইৰ স্নাতকত নাম ভৰ্ত্তি কৰোৱাৰ কিছুদিনৰ পিছতেই দেউতাকে এৰি গৈছিল সিহঁতক। তাৰ পিছত মাকেই সকলো প্ৰয়োজন পূৰাই আহিছে। স্নাতক শিক্ষা শেষ কৰি কিবা এটা কৰাৰ হেঁপাহ লৈ তাই ঘৰৰ পৰা দূৰলৈ আহিছিল। তাৰ পিছৰখিনি কিমান ঘূৰি ঘূৰি, চেষ্টা আৰু কষ্টৰ মূৰত ব্যক্তিগত প্ৰতিষ্ঠান এটাত, সৰুকৈ হ’লেও এই চাকৰিটো পাইছে সেয়া কেৱল তাইহে জানে। কথাখিনি ভাবি হুমুনিয়াহ এটা ওলাই আহিল তাইৰ।

বাছত ঠিয় হৈ অহা কথাটো তাইৰ একেবাৰেই ভাল নালাগে যদিও, আহিবলগীয়াত পৰে। ইচ্ছা কৰিলে অৱশ্যে “উবেৰ বা অট’তো” আহিব পাৰে তাই। কিন্তু বাছত অহা যোৱা কৰিলে অলপ টকা ৰাহি হয় বাবেই তাই কষ্ট কৰি হ’লেও আহে। শ্ৰুতি ঠিয় হৈ থকা ঠাইখিনিৰ পৰা দুজনমান মানুহ পাৰ হৈ সেই ল’ৰাজন ঠিয় হৈ আছে। ল’ৰাজনৰ ফালে এনেয়ে এবাৰ চাই পঠিয়ালে তাই। মাজে মাজে তাৰ চকু যেন তাইৰ, সমস্ত শৰীৰত ঘূৰি ফুৰিছে তেনে লাগিল শ্ৰুতিৰ। “অসভ্য”… নিজে নিজেই শব্দটো মুখৰ পৰা ওলাই আহিল। তাই এইবাৰ তাৰফালে পিঠি দি ঠিয় হৈ ৰ’ল। পিছৰ ষ্টপেজত দুজনমান মানুহ নামি গ’ল। তাই আকৌ উভতি চালে। তাইৰ আৰু ল’ৰাজনৰ মাজত কেৱল খালীঠাই অলপমান। বাছখন লাহে লাহে গৈ আছে, সামান্য জোকাৰণিতে পিছফালৰ পৰা তাইৰ গাতে হাউলি গৈ হাত এখনে কঁকালৰ ঠিক তলতে চুই দিয়া যেন অনুভৱ হ’ল তাইৰ। ভুলতে লগা বুলি ভাবিব খোজোঁতেই আকৌ এবাৰ হাতখনে কঁকালটো চুই গ’ল। গাটো বেজবেজাই গ’ল শ্ৰুতিৰ। অলপ আগতে সেই ল’ৰাজন তাইৰফালে আগুৱাই অহা দেখিছিল। ল’ৰাজনলৈ প্ৰচণ্ড খঙেৰে উভতি চাইহে হতভম্ব হৈ পৰিল তাই। আদবয়সীয়া মানুহ এজনে ঠিক তাইৰ গাতে গা লগাকৈ থিয় হৈ আছে। মুখমণ্ডলত একো যেন গমেই পোৱা নাই তেনেকুৱা ভাৱ তেওঁৰ। কাণ দুখন গৰম হৈ গ’ল তাইৰ। সেইজনেই জানি বুজি তাইৰ কঁকালত হাত দিছে বুলি বুজিবলৈ সময় নালাগিল। মানুহজনক দেহৰ সমস্ত শক্তিৰে চৰ এটা মাৰিবলৈ উচপিচাই উঠিল মনটো। ইমান ভিৰৰ মাজত এইবোৰ কৈ যে একো লাভ নাই তাই জানে। আগতেও তেনেকুৱা পৰিস্থিতিত মুখ খুলি নিজেহে অপমানিত হ’বলগীয়া হৈছে।

: ইমানেই যদি সমস্যা বাছত আহেই কিয়, নিজৰেই গাড়ী এখন কিনি ল’লে হয় দেখোন৷

… কথাবোৰ তেনেকৈয়েতো সামৰি থোৱা হয় সদায়। খঙত ওলাই অহা চকুপানীখিনি চকুতে ৰাখি তাই অলপ আঁতৰি দিয়াৰ চেষ্টা কৰিলে। মুখখন ৰঙা পৰি গৈছিল শ্ৰুতিৰ। ল’ৰাজনে তাইৰফালে কিছু সময় চাই থকা যেন অনুভৱ কৰিলে তাই। “একেই, সকলো একেই নিলাজ” কথাষাৰ পাকঘূৰণি খাই থাকিল মগজুত, চকু মানুহজনৰ পৰা আঁতৰি নাহিল৷ মানুহজনে তেতিয়াও সৰল যেন চাৱনি এটাৰে তাইৰ ফালেই চাই আছিল। ঘৃণা আৰু ক্ষোভত চকু দুটা জ্বলি উঠিল শ্ৰুতিৰ। মানুহজনে এইবাৰ তাইৰ কাষলৈ আগুৱাই যোৱাৰ চেষ্টা কৰি থমকি ৰ’ল। জধলা ল’ৰাজনে হেডফোনডাল কাণত লগাই গোটেই ঠাইখিনি আগুৰি ঠিয় হৈ আছে। তাইৰ কাষলৈ যাবলৈ তাক আতঁৰাইহে যাব লাগিব, শ্ৰুতিয়ে তাৰফালে চাই পঠিয়ালে। কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ নিজৰ মাজতে মচগুল হৈ আছে সি। চকু মুদি গানৰ তালে তালে মূৰটো লৰোৱাৰ দৰে কৰি আছে, যেন এই পৃথিৱীৰ লগত তাৰ কোনো সম্পৰ্কই নাই, কোনো কথাই তাৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাই, নোৱাৰে। ল’ৰাজনে যদিও অন্যমনস্ক হৈ থকাৰ দৰে দেখুৱাইছে তথাপি দেখিলেই ধৰিব পাৰি যে সি আচলতে সেই মানুহজনৰ বাটটোহে আগচি ধৰি আছে। তথাপি নিৰ্লজ সেই মানুহজনে আগুৱাই যাবলৈ যিমান পাৰে চেষ্টা কৰি আছে। শ্ৰুতিয়ে নিজৰ ঠাইৰ পৰাই লক্ষ্য কৰি আছে দুয়োজনৰে কথা কাণ্ডবোৰ। এইবাৰ ল’ৰাজনে মানুহজনৰফালে ঘোপাকৈ চাই ক’লে,

: কি? বিয়া বাৰু কৰোৱা নাই নেকি আংকল? ছোৱালীৰ চৰ খাবলৈ খুব মন যেন পাওঁ। ভালে ভালে আঁতৰিব নে ময়ে দিম?

কাষে কাষে থকা মানুহখিনিৰ মাজত গুণগুণনি আৰম্ভ হোৱাত বাছখন ৰখোৱাৰ লগে লগে মানুহজন খপজপকৈ নামি গ’ল। নামি মানে পলাল বুলিলেহে সঠিক হ’ব। নিমিষতে ঘটি যোৱা ঘটনাটোৰ কথা ভাবি শ্ৰুতি জ্বৰ ঘামে ঘামিবলৈ ধৰিছিল। অলপ পিছত পৰিবেশটো সহজ হৈ পৰাতহে তাই ঘূৰি চাইছিল ল’ৰাজনলৈ। পিছৰ ষ্টপেজটোত সি নামিল, কি ভাবি জানো তায়ো লগে লগে নামি দিলে। যদিও তাইৰ গন্তব্যস্থানলৈ এতিয়াও এটা ষ্টপেজ বাকী।

: শুনকচোন৷

ল’ৰাজনক উদ্দেশ্য কৰি তাই মাত লগালে।

: হয়, কওক৷

বিশেষ একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ সি ক’লে।

: আপোনাক ধন্যবাদ দিব বিচাৰিছিলোঁ৷

: কিহৰ বাবে?

: মোক বৰ ডাঙৰ সমস্যাৰ পৰা ওলোৱাত সহায় কৰিলে৷

: ধন্যবাদ চন্যবাদ দিব নালাগে, পাৰিলে সাহসী হওক, এনেকুৱা মানুহ খোজে খোজে পাব। মনে মনে থাকি বা অনুৰোধ কৰি একো লাভ নাই, সুযোগহে পাব। চৰ লগাই দিব বুজিছেনে নাই? কাকো ভয় নকৰিব, তেতিয়াহে আপোনাক ভয় কৰিব সিহঁতে৷

শ্ৰুতিয়ে আৰু কিবা ক’ব খুজিছিল যদিও মুখেৰে একো শব্দ নোলাল। কৃতজ্ঞতাৰে ল’ৰাজনৰ ফালে ক্ষন্তেক চাই ৰ’ল তাই। অথনিৰে পৰা তাৰ ৰেহ ৰূপ চাই বিৰক্ত হৈ থাকোঁতে গভীৰ চকুযুৰি মনেই কৰা নাছিল। এবাৰলৈ চকুৱে চকুৱে পৰাত অপ্ৰস্তুত হৈ পৰিল তাই।

: আহোঁ বাৰু৷

ল’ৰাজনে মাত লগালে।

: হয়….৷

বিশেষ একো নকৈ মিচিকিয়া হাঁহি এটাৰে সঁহাৰি জনালে শ্ৰুতিয়ে

“সাহসী হওক”
ল’ৰাজনৰ কথাষাৰ মনৰ মাজত ৰৈ ৰৈ বাজি থাকিল। ভাললগা কিবা এটাই চুই গ’ল শ্ৰুতিক। ল’ৰাজন যোৱাৰ ফালে কিছুপৰ চাই ৰ’ল তাই। কিয় জানো আকৌ লগ পাম বুলি ক’বলৈ মন গৈছিল তাইৰ। হঠাৎ তাইৰ মনটো উচপিচাই উঠিল, তাইচোন তাৰ নামটোৱেই নুসুধিলে। পিছ মুহূৰ্ততে নিজকে কৈ উঠিল তাই, হওক নালাগে নাম, “ভাল মানুহ” হৈয়ে থাককচোন, কিছু সময়ৰ আগতে অসভ্য বুলি ভাবি লোৱা সেই অচিনাকি ল’ৰাজনৰ নামটো। ভাললগা সুবাস এটা বুকুত সাৱটি বিপৰীত দিশত খোজ দিলে শ্ৰুতিয়ে, হৃদয়ত তেতিয়া অচিন চিনাকি সুৰ এটাৰ অনুৰণন….।

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.