ফটাঢোল

অপহৰণ – অভিজিত মেধি

কাঁচৰ খিৰিকীখনৰ সিপাৰে বেলিটো লহিয়াবলৈ ধৰিছে, হেঙুলীয়া আকাশৰ বুকুত ডেউকা কোবাই ঘৰমুৱা হৈছে দূৰণিবটীয়া চৰাই জাকবোৰ। খিৰিকীৰ ইপাৰেও সকলোৱে ঘৰলৈ ওভতাৰ যো-জা চলাইছে, কিন্তু মোৰহে ৰাতিপুৱাৰে পৰা কৰি থকা কামটোৰ একো এটা গতি নলগাত সন্ধিয়া বেলালৈকে অফিচত বুঢ়া শগুণটোৰ দৰে বহি আছো। এটাৰ পিছত এটাকৈ এন্ধাৰৰ বোকোচাত উঠিবলৈ ধৰা কেবিনবোৰৰ মাজত মোৰ কেবিনটোৱে আৰম্ভ কৰিছে ব্যতিক্রমৰ এক বেসুৰা জয়গান। কেবিনটোৰ ভিতৰত এখন যুদ্ধ চলি আছে, সাঁথৰ এটাৰ লগত মোৰ অবিৰাম যুদ্ধ। সাঁথৰটো বেতাল সদৃশ এটা এক্সচেল ফাইলে ভুলতে মোক ৰজা বিক্ৰম বুলি ভাবি আগবঢ়াই দিয়া।

নাই…আৰু নোৱাৰি, একেৰাহে ইমান যুঁজিব নোৱাৰি, মোক এটা বিৰতিৰ প্ৰয়োজন। “ৰহ্চোন, তোক অলপ পাছত চাই আছোঁ” বুলি লেপটপটোৰ পৰা মূৰ দাঙি, ডিঙিটো ইকাটি-সিকাটি কৰি নিজকে অলপ আৰাম দিবলৈ চেষ্টা কৰিলোঁ। হাতঘড়ীটোত ঘণ্টাৰ কাঁটাডালে মিনিটৰ কাঁটাডালৰ ভৰিত ওলোটাকৈ ওলমি থিয়ৈ থিয়ৈ গোলাকাৰ ডায়েলখনক সমানে দুভাগ কৰিছে। উফ্…ছয়টা বাজিলেই দেখোন, নাই কমেও আৰু দুঘণ্টা লাগিব কামটোত, অফিচৰ পৰা ঘৰলৈ আধাঘণ্টাৰ বাট, মানে চাৰে আঠ বজাৰ আগতে আজি ঘৰ গৈ পোৱাৰ কোনো আশা নাই। অতদেৰি লেপটপটোৰ কাষতে শুই থকা মোবাইলটোলৈ চকু গ’ল। বেচেৰাই অনাদৰত ক’লা মুখ লৈ বহি আছিল, চুই দিয়াৰ লগে লগে উজলি উঠিল। হোৱাটছ্এপত পত্নী মিনুৰ দুপৰীয়াতে দিয়া মেছেজ- “সোনকালে আহিবা, মাৰ্কেট যাবলগীয়া আছে”। হওঁতে যাবলগীয়া আছিল, পিচে আজি আৰু সময় নহ’ব। ঘৰ গৈয়ে এলাহক গুৰুত্ব দি শুই থাকিবলৈহে মন। কথাটো জনাওঁ বুলি মিনুলৈ ফোন লগালোঁ।

“আপকে দ্বোৱাৰা ডায়েল কিয়া গয়া এয়াৰটেল নাম্বাৰ অভি উপলব্ধ্ নহী হে, কৃপায়া….”

যোগাযোগ স্থাপন কৰি দিবলৈ অপৰাগ হোৱাত কম্পিউটাৰ পৰিচালিত এক নাৰী কণ্ঠই বৰ দুখ প্ৰকাশ কৰিলে। খঙটো কিন্তু তথাপিও উঠিল, টিভি বাণিজ্যিকত এয়াৰটেল এয়াৰটেলকৈ হিয়া ঢাকুৰি থকা চুটি চুলিৰ ছোৱালীজনীৰ মুখতে দুটা খুন্দা দিবলৈ মন গ’ল। কামত পুনৰ মনোনিবেশ কৰিবলৈ লৈছোঁহে, তেনেতে ফোনটো বাজি উঠিল। নিশ্চয় মিনুৰেই ফোন হ’ব, আমাৰ মাজত টেলিপেথি ধৰণৰ কিবা এটা আছে।

: জান, তোমাকেই ফোন কৰি আছিলোঁ।
চকু লেপটপৰ স্ক্ৰীণত নিবদ্ধ ৰাখি, নোচোৱা নেমেলাকৈ ফোনটো ধৰোঁতে কলটো যে অচিনাকি লেণ্ডলাইন নম্বৰৰ পৰা আহিছে মনেই কৰা নাছিলোঁ।

: চাহাবজী…হম ৰাজু সিং বোলতা হায়, ছোচায়েটি কা ছিকিউৰিটি গাৰ্ড…

ধেই চাল্লা…ছিকিউৰিটি গাৰ্ডক “জান” বুলি মতা জীৱন! লাজতে কিছুপৰ টলকা মাৰিলোঁ, সিপিনৰ পৰা পুনৰ ৰাজু সিংৰ মাতটো ভাঁহি আহিল।

: চাহাবজী, আপকা কুৰিয়াৰ আয়া হে।

: ঠিক হে, ঘৰ মে দেনে কে লিয়ে বোল দেনা।

: মেডামজী তোহ ঘৰ মে নেহী হে, কুৰিয়াৰৱালা মেৰে হাথ মে পাৰ্চেল থমা কৰ জল্দি জল্দি মে নিকল লিয়ে। আপ মেৰে ছে লে লেনা য়াদ কৰকে।

যোৱাবছৰ সন্তানৰ মুখ দেখাৰে পৰা মিনুৱে আজিকালি সাধাৰণতে ঘৰৰ পৰা অকলে নোলায়, কোলাত কেঁচুৱা লৈ অকলে নগুৰ-নাকতি হোৱাতকৈ মই লগত থাকিলে অলপ সকাহ পায়। কিবা কাৰণত গ’লেও অন্ততঃ মোক মেছেজ এটা দি থৈ গ’লহেঁতেন। চিন্তিত হ’লো, পুনৰ মিনুৰ নম্বৰটো ডায়েল কৰিলোঁ, এইবাৰ ছুইচ্ছ অফ বুলি ক’লে। হয়তো কেঁচুৱাৰ লগত লাগি থাকোঁতে মোবাইল ক’ত পৰি আছে মিনুৱে গমকে পোৱা নাই, অলপ পাছত নিশ্চয় নিজে মোলৈ ফোন কৰিব।

বিশ মিনিটমান পাৰ হৈ গ’ল, খূ-দুৱনি এটাই আমনি কৰি থকাত কামত মন বহা নাই। মিনুৰ নম্বৰটো আকৌ ডায়েল কৰি চালোঁ, নাই ছুইচ্ছ অফ! হাৰে…কি কথা, এতিয়াও ছুইচ্চ অফ কিয়? একো সমস্যা হোৱা নাইতো ঘৰত? কিছুপৰ আগতে কল অহা লেণ্ডলাইন নম্বৰটোত ৰাজু সিঙক বিচাৰিলোঁ।

: হা চাহাব, বোলিয়ে।

: মেডামকো দেখা থা ক্যা?

: হা চাহাব, এক ডেৰ ঘণ্টা পেহলে দেখা থা, বাবুকো লেইকে বাহৰ গয়ী থী।

: আচ্ছা ৱহ পাৰ্চেল মে ক্যা হে?

: পতা নেহী চাহাব, হম পেকেট নেহী খোলতে না।

: ডেলিভেৰি লেতে টাইম অপকো পুছনা চাহিয়ে না ক্যা চামান হে…

: আম্মীজান কা কুৰিয়াৰ হে চাহাব, ৱহ লড়কা আম্মীজান কা আদমী হু কৰকে বোলা অউৰ নিকল লিয়ে। বোলা চাহাবকো চব মালুম হোগা, তোহ হমনে ভি ৰখ লিয়া।

: আৰে…কল ক’ই ব’ম্ব দে কে….

টিউ টিউ টিউ….ৰাজু সিঙক গুৰু জ্ঞান দিয়াৰ আগতেই লাইনটো কাট খায় গ’ল। অফিচৰ কামৰ সাঁথৰটোৰ লগতে অন্য এটা সাঁথৰ সাঙোৰ খালে, “আম্মীজান”ৰ সাঁথৰ।

কোন আম্মীজান? মগজুত অলপ জোৰ দিয়াৰ লগে লগে ভয় আৰু আতংকত শিয়ঁৰি উঠিলোঁ। কিছুদিন আগতে বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ চহৰৰ এক কুখ্যাত অপৰাধী চক্ৰৰ সঞ্চালিকা ছেলিমা বেগম জামিনত জে’ইলৰ পৰা বাহিৰ হৈছে। এই ছেলিমা বেগমেই চহৰখনত “আম্মীজান” নামে পৰিচিত। কিডনেপিং আৰু টকা দাবীৰ হেজাৰটা কেচ আম্মীজানৰ ওপৰত, দুটামান মাৰ্ডাৰো কৰোৱাইছে বোলে। আমাৰ দৰে নিমাখিত আৰু দুৰ্বল মধ্যবিত্ত প্ৰাণীবোৰক আম্মীজানৰ গোটে চিকাৰ হিচাপে বাছি লয়। লগৰ এজনে কালিয়ে কৈছিল যে এই গোটবোৰে হেনো ছোচিয়েল মিডিয়াৰ যোগেদি নিজৰ চিকাৰক অধ্যয়ন কৰে। ছেহ্…কিয় যে ফেচবুকত নভবা-নিচিন্তাকৈ সকলোৰে বন্ধুত্ব গ্ৰহণ কৰি দিওঁ। দুদিন আগেয়ে নতুন চাৰিচকীয়াখনৰ ডেলিভেৰি লৈয়ে ফটো এখনৰ সৈতে আপডেট এটাও দিছিলোঁ, “মি উইথ মাই নিউ বীষ্ট”। মোৰ দোষ, সকলো মোৰেই দোষ…যাৰ শাস্তি এতিয়া হয়তো মোৰ মানুহজনী আৰু কণমানিটোৱে ভূগি আছে। নিজকে সংযত কৰিব নোৱাৰাৰ উপক্ৰম হ’ল, কিবা এটা অথন্তৰ ঘটিলে মই যে চিপজৰী ল’ম সেইটো খাটাং।
দৌৰাদৌৰিকৈ কম্পিউটাৰত বেংক একাউণ্ট চেক কৰিলোঁ। মাত্ৰ দুই লাখ টকাহে আছে। ৰেকাৰিং ডেপ’জিতত তিনিলাখ আছিল, লগে লগে সেইকেইটা বন্ধ কৰাৰ বাবে অনলাইন ৰিকুৱেষ্ট দিলোঁ, অন্ততঃ কাইলৈ পুৱা বেংক একাউন্টত সেইকেইটা পইচাও আহি যাব। এনেয়ে মাহৰ পিছত মাহ ফোন নকৰিলেও বিপদে-আপদে কিন্তু সদায় ঘৰৰ মানুহকেইটালৈয়ে মনত পৰে। দাদাক ফোন লগালোঁ, নুঠালে সি। মেছেজ এটা দি থ’লোঁ- “বিপদত পৰিছোঁ, টকাৰ প্ৰয়োজন হ’ব পাৰে মোক, ফোন কৰিবি”। তাৰপাছতে লেপটপ বন্ধ কৰি গাড়ীলৈ বুলি উশাহ নোলোৱাকৈ দৌৰিছোঁ, বতৰটো ঠাণ্ডা যদিও বিন্দু বিন্দু ঘামে কঁপাল তিয়াই পেলাইছে। বাৰে বাৰে এবছৰীয়াটোৰ মিচিকিয়া হাঁহিটো, মিনুৱে তাক কোলাত লৈ খেলি থকা দৃশ্যবোৰ চকুৰ আগত ভাঁহি উঠিছে। ৰাজপথত ধুমুহা বেগত গাড়ী দৌৰাই থকাৰ পৰাই মিনুৰ নম্বৰটো ডায়েল কৰি চালোঁ, একেই…ছুইচ্চ অফ। অচিনাকি নম্বৰৰ পৰা অহা কিবা মেছেজ আছে নেকি চালোঁ, নাই, তেনেকুৱা একো অহা নাই। ট্ৰেফিক ছিগনেল ভাঙি গাড়ী চলাওঁতে মিনি ট্ৰাক এখনৰ লগত খুন্দা লাগিল। মোৰ নতুন গাড়ীখনৰ সমুখৰ বাম্পাৰডাল গ’ল চাগে। অন্য এটা দিনত এনেকুৱা কথাত নিজৰে ভৰি ভঙাৰ সমান দুখ কৰিলোঁহেঁতেন, পিচে এইবোৰলৈ আজি মই নিৰ্বিকাৰ। মিনু আৰু কণমানিটোৰ মুখ দুখন মনত পৰি চকু দুটা চলচলীয়া হৈ উঠিছে। এপাৰ্টমেণ্টৰ সমুখত গাড়ী ৰখায়ে প্ৰায় কন্দনামুৱা হৈ ছিকিউৰিটি অফিচটোলৈ দৌৰি সোমাই গ’লো।

: ৰাজু কাহা হে?

: ৱহ ডিউটি খতম কৰকে চলা গয়া, কুচ কাম থা ছাৰ?

অন্য এজন গাৰ্ডকহে পালোঁ। সাত বাজিলে ইহঁতৰ শ্বিফ্ট সলনি হয়।

: মেৰা ক’ই কুৰিয়াৰ হে ক্যা ইহা পে?

: নহী ছাৰ, য়াহা তোহ কুচ নেহী হে।

এইজনক সুধি থাকি একো লাভ নহ’ব। চতুৰ্থ মহলাত থকা মোৰ ঘৰলৈ বুলি চিৰিৰ বাট ললোঁ, লিফ্টৰ বাবে ৰৈ থকাৰ সময় নাই। ফোঁপাই-জোপাই চিৰি বগাওঁতে মোচোকা এটা খালো, কিন্তু ঘৰৰ দুৱাৰদলি নোপোৱালৈ মোচোকাটোৱে ৰখাব নোৱাৰিলে। সামান্য এটা হেঁচাতে খিলি নিদিয়া মূল দুৱাৰখন খোল খাই গ’ল। চ’ৰাঘৰত কোনো নাই…শোৱনিকোঠা আৰু পাকঘৰটোও নিজান হৈ পৰি আছে। নৈৰাশ্যই সকলো দিশৰ পৰা মোক ঘেৰি ধৰিলে, জীৱনটোত হঠাতে কিয় এনেকৈ আউল লাগি যায়…ক্ষোভৰ তাড়নাত হাতৰ মোবাইলটোকে আফাল মাৰি দিলোঁ। মজিয়াত কৰ্ফাল খাই মোবাইলটো দুটুকুৰা হৈ পাকঘৰৰ এটা চুকত পৰি ৰ’ল।

: উফ্…কি উখল মাখল লগাই আছাহে?
তেনেতে বেলকনিৰ পৰা মিনুৰ ধমক দিয়া সুৰৰ মাত ভাঁহি আহিল। ই কেনেকৈ সম্ভৱ? মোৰ কাণ দুখন বাজিছে নেকি?

: ধুৎ…ইয়াক শুৱাই থ’বলৈ লৈছিলোঁ, মই এইকাৰণেই দুৱাৰখনো খুলি ৰাখিলোঁ, যাতে বেল বজাই তুমি দিগদাৰিখন নকৰা, কিন্তু তুমি অন্য উপায়ে হ’লেও ডিষ্টাৰ্ব কৰিবায়ে মুঠতে…সদায় একেই নাটক…হুহ!

ভোৰভোৰাই থকা মিনু বেলকনিৰ পৰা পাকঘৰলৈ সোমাই আহিল। মিনুৰ কোলাৰ পৰা মৰমৰ এমাডিমাই মূৰ দাঙি চাইছে জগতত কি ঘটিবলৈ ধৰিছে। মই যেন এটা যুগৰ পাছতহে অকণ অক্সিজেন পাইছোঁ। দীঘলকৈ উশাহ এটা টানিলোঁ, মুখখন চাগে মোৰ তেতিয়াও সৰগ ভাগি পৰা মানুহৰ দৰেই হৈ আছিল। এমাডিমাই মোক দেখি শুবলৈ এৰি কিৰীলি পাৰি উঠিল। মিনুৱে “আজি ইয়াক তুমিয়েই শুৱাই থ’বা” বুলি বেচেৰাটোক মোৰ কোলাত থেকেচি থৈ গুচি গ’ল। মইয়ো তাক লৈ পাছে পাছে শোৱনিকোঠা পালোঁ। ক’ত কি কেনেকৈ…, কথাবোৰ এতিয়াও মগজুৱে ভালকৈ ঢুকি পোৱা নাই।

: ক’ৰবালৈ ওলাই গৈছিলা নেকি তুমি? ফোনটো ছুইচ্চ অফ আছিলে দেখোন।

: ইয়াক পাৰ্কত ফুৰাবলৈ নিছিলোঁ, আহোঁতে পাচলি কিনিবলৈ বজাৰত সোমালোঁ, অলপ আগয়েহে ঘৰ সোমাইছো। মোৰ এই লেৰেলা মোবাইলডালৰ বেটাৰী খতম হৈ থাকিল বাবে ছুইচ্চ অফ পালা চাগে।

হ’ব পাৰে, মিনুৰ মোবাইলটো পুৰণি, বেটাৰীৰ প্ৰায়ে চার্জ নাথাকে।

: কিবা আম্মীজানৰ পৰা কুৰিয়াৰ আহিছিলে হেনো, ৰাজু বোলাটোৱে ফোন কৰিছিল মোক।

: অহ…কিবা এটা আহিছে কিন্তু, খুলি চোৱাই নাই। ঘৰ সোমাবলৈ লওঁতে মোক গাৰ্ড এজনে দি গ’লহি। টিভিটোৰ কাষতে থৈছোঁ।

একেকোবে চ’ৰাঘৰত থকা টিভিটোৰ কাষ পালোঁ। হয়, পেকেট এটা পৰি আছে, প্লাষ্টিকৰ কভাৰটোৰ ওপৰত ডাঙৰকৈ লিখা আছে “এমেজ’ন”। তাৰমানে “আম্মীজান”ৰ পৰা অহা কুৰিয়াৰটো অন্য একো ন’হৈ মিনুৰ জন্মদিনৰ উপহাৰ হিচাপে এমেজ’নৰ পৰা কিনা মোবাইলটোহে। স্বস্তিৰ নিশ্বাসটো এৰাৰ লগে লগে অথনি মোচোকা খোৱা সোঁভৰিখনৰ গোৰোহাৰ পৰা বিষ এটা উজাই আহিল, তাৰ লগে লগে বাটত নতুন গাড়ীখনে খোৱা মোচোকাটোৰ দুখটোও।

পাছদিনাৰ কথা…
আধৰুৱাকৈ পেলাই থৈ অহা কামখিনিৰ বাবদ পুৱা সোনকালে অফিচলৈ বুলি ওলাবলগীয়া হ’ল। জৰাখণ্ডৰ মৃতদেহটো, আস্…মানে মোৰ মোবাইলৰ ডেডবডীটো জেপত সুমুৱাই, লেঙেৰা ভৰিৰে গাড়ীত বহিবলৈ লৈছোঁ। গাড়ীখনৰ ফাঁট মেলা বাম্পাৰডাল কোনোমতে ওলমি থকা চকুত পৰিল। তেনেতে গে’টৰ কাষত চকী এখন পাৰি পাণ চোবাই বহি থকা ৰাজু সিং মোৰ ওচৰলৈ লৱৰি আহিল। শীৰ্ণকায় নেপালী মানুহজনৰ পিকেৰে ৰঙীন হোৱা ওঁঠত লাগি থকা হাঁহিটো দেখি খঙেই উঠিল।

: এক্সিডেন্ট হুৱা থা ক্যা চাহাবজী?

খঙটো উথলি চুলিৰ আগ পালে যদিও মনে মনে থাকিলোঁ। একো প্ৰতিক্ৰিয়া নেদেখি ৰাজু সিঙে কথোপকথন আৰম্ভ কৰাৰ পুনঃ চেষ্টা চলালে।
: কল জো আম্মীজান কা কুৰিয়াৰ আয়া থা না চাহাবজী…আপকে নাম পে, মেডাম কে হাথ মে দেনে কে লিয়ে ৰাজেশকো ব’ল কে গয়া থা। আপকো কুৰিয়াৰ মিল গয়া না চাহাবজী?

হোষ্টেলীয়া দিনত মাজে সময়ে ব্যৱহাৰ কৰা বহুল প্ৰচলিত অসমীয়া গালি দুটামান উজাই আহি জিভা পাইছিলেই…কোনোমতে ৰখালোঁ।

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.