ফটাঢোল

অভিজিত কলিতা মুৰ্দাবাদ – জ্যোতিৰূপম দত্ত

আৰুনো কি কম? অভিজিত কলিতা মুৰ্দাবাদ!! কমেই! হাজাৰবাৰ কম! কোনে ৰখাবলৈ আহে চাওঁচোন! বহুদিন সহ্য কৰিলোঁ, আৰু নকৰোঁ৷ কেইদিনমানৰ পৰা কথা-কাণ্ডবোৰ বেছিহে হৈছে৷ আজি সেয়ে নাই ৰঙামাটি-নাই গুৱাহাটী! ডিঙিৰ সিৰ ফুলাই চিঞৰিমেই –

: অভিজিত কলিতা মুৰ্দাবাদ!

দৰাচলতে কথাবোৰ আগতে তেনে নাছিল৷ যাকে তাকে উদ্দেশ্যি, যেতিয়াই মন যায় তেতিয়াই জিন্দাবাদ-মুৰ্দাবাদ ধ্বনি দিয়া হৈছিল৷ আজিকালি দিনকাল বহু সলনি হ’ল, কথাবোৰো৷ গতিকে বহু ভাবি গুণি অভিজিত কলিতাৰ নামতেই মুৰ্দাবাদ ধ্বনি দিবলৈ থিৰাং কৰিলোঁ৷ পিছে এই অভিজিত কলিতা কোন? আৰু কিয়ইবা তেখেতক উদ্দেশ্যি এই মুৰ্দাবাদ ধ্বনি? কৈ আছোঁ, শুনি যাওক–

অভিজিত কলিতা হ’ল এই অসম প্ৰদেশৰ এগৰাকী সামান্য পথালিচকুৱা নৰমনিচ৷ মোজাত ফুটা, পেণ্টৰ জেপ ফুটা আৰু কপালখনো ফুটা! কোনোমতে শাকে-ভাতে খাই কেলধোপ কেলধোপকৈ জীয়াই থকা এজন সামান্য লোক৷ দিনৰ দিনটো কাৰ্য্যালয়ত গেবাৰি খাটে৷ কাৰ্য্যালয় ছুটী হোৱাৰ পাছত ঘৰলৈ ঘূৰাৰ সময়তে মাৰ্বল খটোৱা ৰাষ্ট্ৰীয়তাবাদী গোলাৰ পৰা চাউল-পাত দুটামান আৰু ফুটপাথৰ জাতীয়তাবাদী বজাৰৰ পৰা শাক-পাত দুডালমানকে মোনাটোত ভৰাই আনে৷ দুবেলা দুমুঠি খাই সৰু পৰিয়ালটোৰ সতে দুদণ্ড সময় অতিবাহিত কৰাটোৱেই অভিজিত কলিতাৰ জীৱনৰ অন্যতম লক্ষ্য৷ সাধাৰণ দৃষ্টিত এজন নিমাখিত সামাজিক প্ৰাণী৷

আনৰ দৰে প্ৰায়েই অভিজিত কলিতাৰ জীৱনলৈও বহু বৃহৎ প্ৰত্যাহ্বান, সমস্যা আদি আহে৷ পিচে এইসমূহ অসমৰ জাতীয় জীৱনলৈ অহা সমস্যাসমূহৰ দৰে নহয়৷ অবৈধ বিদেশী সমস্যা, বানপানী, খোৱাপানী, যোগাযোগ, শিক্ষা, চিকিৎসা-সেৱা, দৰিদ্ৰতা, আইন-শৃংখলা আদিত দেখা দিয়া সমস্যা নহয়৷ এনেবোৰ সমস্যালৈ আমাৰ ৰাইজৰ সেৱকসকলেই কেতিয়াও গুৰুত্ব দিয়া আমি কাহানিও দেখা নাই আৰু ৰাইজেও এইবোৰলৈ বৰ বিশেষ মূৰ নঘমায়৷ বৰঞ্চ সকলোৱে সাধাৰণ পানী লগা জ্বৰৰ দৰে এইবোৰ নিজে নিজে ঠিক হৈ যোৱা সমস্যা বুলিহে গণ্য কৰে৷ সেয়ে কিছুমান অনাৱশ্যক, গুৰুত্বহীন কথাকেই চৰ্বিত-চৰ্বন কৰিবলৈ প্ৰকাণ্ড ৰভা-পৰলা সাজি ৰাইজ গোটাই সেৱকবৃন্দই এবকলা মেলে৷ কিবা এটা নাম দি নামৰ শেষত উৎসৱ এটা লগাই দিলেই ৰাইজখন আপোনপাহৰা হয়৷ এইবোৰ উৎসৱ-পাৰ্বণতেই ৰাইজে মন-প্ৰাণ সঁপি দিয়ে৷ এইবোৰ কৰিলেই যেন দেশজুৰি শান্তিৰ ঢল বব, সকলোফালে আনন্দৰ পৰিবেশ হ’ব তেনেহেন কথাবোৰেই ৰাইজৰ সেৱকসকলে নিজেও পাগুলে আৰু ৰাইজকো পাগুলিবলৈ বাধ্য কৰায়৷

কিন্তু অভিজিত কলিতাৰ সমস্যাবোৰ ইয়াতকৈও ডাঙৰ৷ মাহেকীয়া বজাৰৰ বাজেটখন মিলাবলৈ ধৰফৰাই ফুৰা মানুহটোৰ জীৱনটোত উৎসৱবোৰেও যেন বিষ ঢালিবলৈ অভিসন্ধি পাতে৷ বেৰত ওলমি থকা কেলেণ্ডাৰখনৰ ৰঙা আখৰৰ দিনকেইটা আনৰ বাবে আনন্দৰ দিন হ’লেও অভিজিত কলিতাৰ বাবে বৰ বেদনাদায়ক৷ উৎসৱৰ বতৰত সকলোৱে চাৰিওফালে আনন্দ-ফূৰ্তি কৰি দিনকেইটাও মানুহজনে বৰ কষ্টেৰে কটাবলগীয়া হয়৷ পিচে মানুহজনে বেছ ভালকৈ অভিনয় কৰিব পাৰে৷ আমি প্ৰায়েই দেখোঁ যে কোনোবাই সহায় বিচাৰিলেই বহুতো ধনী মানুহে দুখীয়াৰ অভিনয় কৰে৷ ইয়াৰ বিপৰীতে অভিজিত কলিতাই নিজৰ তলি উদং থকা অৱস্থাতো প্ৰায়েই নিখুঁটভাৱে ধনী মানুহৰ অভিনয় কৰি বহুতকে সহায় কৰি আহিছে৷ পিচে ৰাইজৰ সেৱকসকলে আজি বহুকাল ধৰি প্ৰতি পাঁচ বছৰৰ মুৰে মুৰে কৰি অহা সেই দুৰ্জেয়, দুৰ্দান্ত অভিনয়ৰ তুলনাত অভিজিত কলিতাৰ এই অভিনয় তেনেই নিকৃষ্টমানৰ, সামান্য চকুৰে চালেই ধৰা পৰি যোৱা ব্যৰ্থ অভিনয়৷ সেয়ে কৈছোঁ

: অভিজিত কলিতা মুৰ্দাবাদ!

এখেতে কিতাপো পঢ়ে হেনো! আচৰিত কথা! তাকো কিনি পঢ়ে! যি সময়ত বহুতেই কিতাপ ধাৰলৈ আনি নিজৰ প্ৰকাণ্ড পুথিভঁৰাল গঢ়ি তুলিছে সেই সময়ত অভিজিত কলিতাই বছৰৰ প্ৰতি মাহেই বুৰ্বকৰ দৰে কিতাপ-আলোচনী কিনে৷ আনকি গ্ৰন্থমেলাত চাওমিন-ফুচকা খাবলৈ নিয়া পইছাখিনিও হেনো কিতাপ কিনিহে খাস্তাং কৰে! তাতোকৈ আচৰিত কথা যে কিনা কিতাপবোৰ পঢ়ি শেষ নকৰাকৈ নেৰে! গ্ৰন্থমেলা বা কিতাপৰ দোকানৰ পৰাও বহুতেই কিতাপ কিনে, সেয়া সকলোৱে জানে৷ পিচে কিতাপবোৰ ধুনীয়াকৈ সজাই লৈ খনচেৰেক ফটো তুলি সেই ফটোবোৰ বন্ধু-বান্ধৱ, পৰিয়াল-পৰিজনৰ মাজত বিলাই লৈ পৰম হৰিষত মত্ত হোৱাৰ দৰে কাম পিচে অভিজিত কলিতাই আজিলৈকে হেনো কৰি পোৱা নাই৷ তেখেতে কিতাপ-আলোচনী আদি কিনিয়েই গো-গ্ৰাসে পঢ়িহে শেষ কৰে৷ আনকি প্ৰায়েই একোখন কিতাপ দুই-চাৰিবাৰকৈয়ো হেনো পঢ়ে! কিমাশ্বৰ্য্যম! সেয়ে কৈছোঁ

: অভিজিত কলিতা মুৰ্দাবাদ!

আচৰিত কথা এয়ে যে এখেতে প্ৰায়বোৰ চুবুৰীয়াৰেই নাম-ধাম আদি সকলো মনত ৰাখে! বৰ্তমান যুগত আমি নিতৌ দেখা পোৱা কাষৰ ঘৰৰ মূল মানুহজনৰ নামেই নাজানো৷ তেনেস্থলত এয়া সঁচাকৈয়ে অদ্ভুত কথা নহয় জানো! আনকি এখেতে চুবুৰীয়াৰ বিপদ-আপদতো নিজে দুৱাৰ মাৰি ঘৰৰ ভিতৰত বহি নাথাকি পাৰ্য্যমানে সহায়ো কৰে হেনো! প্ৰয়োজনৰ সময়ত ৰোগীৰ নিজৰ আত্মীয়-স্বজনেই তেজ দিবলৈ হেনা-হুঁচা কৰাৰ সময়তে কলিতাই নিজেই উপযাচি বহুকেইবাৰ ৰক্তদান কৰিছে৷ আনকি সামাজিক কামকাজ আদিতো আগৰণুৱা৷ দুবাৰমান ৰাজহুৱা সমিতি দুখনমানৰ সম্পাদকৰ বাব লৈ নিৰ্দিষ্ট সময়ৰ ভিতৰতেই সকলো কাম নিয়াৰিকৈ সম্পাদন কৰি সমগ্ৰ হিচাপ-নিকাচো হেনো ৰাজহুৱা কৰি দিছিল! ভাগ্য ভাল এনে কথাবোৰ আন সকলোতে জনাজাত হোৱাৰ আগতেই এনে কামবোৰৰ পৰা এখেতক আঁতৰাই পঠিওৱা হ’ল৷ নহ’লে যে কি কাণ্ড হ’লহেতেন ওপৰৱালাইহে জানে! ৰাজহুৱা কামবোৰৰ দায়িত্ব যাকে তাকে নিদিয়াই ভাল৷ এই মুলুকত বিশেষকৈ অভিজিত কলিতাৰ দৰে মানুহবোৰক এনেবোৰ দায়িত্ব দিলেই সকলোৰে চান্দাৰ ধান্দা শেষ হোৱা কথা৷ কলিতাৰ হাতত হিচাপ নিকাচৰ ভাৰ পৰিলে চান্দাৰ সান্দহ খোৱা বালি তল গৈ সকলো শেষ হ’বলৈ মুঠেও সময় নালাগে৷ সেয়ে কৈছোঁ

: অভিজিত কলিতা মুৰ্দাবাদ!

এখেতে কেতিয়াবা অকলশৰে থাকিলেও হেনো কোনেও গম নাপায়৷ আনৰ দৰে নিশা হ’লেও সুন্দৰী মহিলালৈ ফোন-মেচেজ কৰি ‘মই বৰ অকলশৰীয়া’, ‘কি খাইছা’, ‘কি পিন্ধি আছা’, ‘কেতিয়াবা আহিবাচোন, কথা পাতিম’ এনেধৰণৰ কথাও নাপাতে হেনো! মহা বুৰ্বক এটা! ইয়াৰ উপৰিও আজিকালি সাহিত্য-সংগীত-চলচিত্ৰ-ৰাজনীতি আদি সকলো ক্ষেত্ৰতে উভৈনদীকৈ চলি থকা ‘বিনিময়’ প্ৰথাৰো একো উমঘাম নোপোৱা মানুহ হ’ল এই অভিজিত কলিতা! এনে এটা অজগৌৰ এনে আচৰণৰ বিৰুদ্ধাচৰণ নকৰি পাৰোঁনে বাৰু? সেয়ে আকৌ এবাৰ কৈছোঁ –

: অভিজিত কলিতা মুৰ্দাবাদ!

কিন্তু এই অভিজিত কলিতা নামৰ মানুহজনে প্ৰায়েই কিছুমান অদৰকাৰী কথাত মূৰ সোমোৱাবলৈ নেৰে৷ ওখোৰা-মোখোৰা পথ একোটাৰ নিৰ্মাণ বা মেৰামতিৰ দায়িত্বত থকা লোকসকলৰ তাজমহলৰ দৰে মিহি মাৰ্বল খটোৱা ঘৰটোৰ খবৰ, নিৰপেক্ষ সংবাদৰ বাবে জীৱন-পাত কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ বুলি কোৱা সাংবাদিকে দোষীৰ সৈতে দৰহম-মহৰম কৰি আচল বাতৰি লুকুৱাবলৈ কৰা প্ৰচেষ্টাৰ খবৰ, সকলোৰে চকুৰ সমুখতে আইনৰ সুৰুঙা লৈ কিছুসংখ্যক আৰক্ষী আৰু উকিলে নিৰ্দোষীক দোষী আৰু দোষীক নিৰ্দোষী সজাবলৈ কৰা নাটকৰ খবৰ, সামাজিক সংগঠনৰ আঁৰ লৈ একাংশ বুঢ়া ছাত্ৰনেতা আৰু সামাজিক কৰ্মীয়ে কৰা অসামাজিক কামৰ খবৰবোৰৰ দৰে বহু অলাগতিয়াল খবৰ কলিতাই খুচৰি খুচৰি জানিবলৈ চেষ্টা কৰে৷ সেয়ে আকৌ এবাৰ কৈছোঁ –

: অভিজিত কলিতা মুৰ্দাবাদ!

এইখিনি সময়ত কাকো একো ক’ব নোৱাৰা অৱস্থা৷ নিজৰ বুলি ভাবি, অন্তৰৰ পৰা বিশ্বাস কৰি অকপটে সমষ্ট উজাৰি দিয়া মানুহবোৰেও আজকালি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে পিছফালৰ পৰা চুৰী বহুৱাই দিবলৈ মুঠেও কুণ্ঠাবোধ নকৰে৷ কোনোবাই বিশ্বাস কৰিবনে, সেই যে জাতীয় নায়কজন, বিমান বন্দৰৰ পৰা সকলোৱে উলাহেৰে আদৰি অনা মানুহজনেই আজিকালি অবৈধ বিদেশীক জাপি-গামোছাৰে আদৰিবলৈ ওলাইছে৷ তেৰাৰ এই কামত আৰু এমখা পুচ্ছবিহীন শাখামৃগইয়ো এই বিষয়টোকে লৈ লম্ফ-জম্ফ আৰম্ভ কৰি দিছে৷ তথাপিও তেৰাসৱক যধে-মধে একো ক’ব নোৱাৰোঁ৷ কিন্তু কলিতাৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া৷

আচল কথাটো হ’ল যে এই অভিজিত কলিতা নামৰ নিমাখিত মানুহজনেও ইমানদিনে নিজে তলমূৰকৈ মনে মনে থকাৰ সময়ত কাৰো একো অসুবিধা হোৱা নাছিল৷ পিচে আজিকালি এখেতৰ দৰে নিমাখিত বুলি ভবা মানুহবোৰে কিছুমান অস্বস্তিকৰ প্ৰশ্নও সুধিবলৈ ধৰিছে৷ আচনিবোৰ, আধাৰশিলাবোৰ কেতিয়াকৈ সম্পুৰ্ণ হ’ব? বয়বস্তুৰ দাম উৰ্ধগামী কিয়? দুৰ্নীতি কিয় বন্ধ হোৱা নাই? ৰাইজৰ টকাৰে ইমানগাল অলাগতিয়াল সভা, উৎসৱ পতাৰ যুক্তি কি? ৰাইজৰ কাম কৰিম বুলি শপত খাই অহা সেৱকসকলে সদনত ধেমালি-ধুমুলা, হাই-কাজিয়া, ব্যক্তিগত লাহবিলাহৰ সামগ্ৰী বিচৰা আদি কথাই কিয় পাতে? গুৰুত্বপূৰ্ণ বিষয়বোৰৰ অলোচনাসমূহত টুলুঙা কথাৰে লঘু কৰে কিয়? এইবোৰৰ উপৰিও কলিতাৰ দৰে মানুহে হিচাপ বিচাৰিবলৈও আৰম্ভ কৰিছে৷ নিৰ্বাচন খেলিবলৈ ইমান টকা খৰচ কৰিবলৈ পাৰে কেনেকৈ? ৰাইজৰ পৰা চান্দা তোলা ৰাজনৈতিক, সামাজিক সংগঠনবোৰে ৰাজহুৱাকৈ হিচাপ কিয় দাখিল নকৰে? এইবোৰ কথাই ইকাণ-সিকাণকৈ লাহে লাহে বাঢ়ি গৈ দেশ তথা সমাজৰ স্বয়ম্ভূ সেৱকবৃন্দ আৰু আমাৰ দৰে দুতলীয়া সুবিধাবাদীসৱৰ বাবে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে৷ এই সময়ত উটপখীৰ দৰে বালিত মূৰ গুজি আমি মনে মনে থাকিম জানো? গতিকে সময় থাকোঁতেই অভিজিত কলিতাৰ দৰে লোকক নিৰস্ত্ৰ কৰাটোৱেই যুগুত হ’ব৷

তথাপিও যাকে তাকে যি তি কথা ক’ব নোৱাৰি৷ সেয়ে বহু চিন্তা-চৰ্চা কৰিহে জিন্দাবাদ-মুৰ্দাবাদ কওঁ৷ পিচে আনলৈ ভয় থাকিলেও কিন্তু অভিজিত কলিতাৰ দৰে লোকসকললৈ মুঠেও পৰোৱা নকৰোঁ৷ গতিকেই আমি সমস্বৰে কোৱাহে যুগুত-

: অভিজিত কলিতা মুৰ্দাবাদ!

☆★☆★☆

3 Comments

  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো, এইয়া তৃতীয়বাৰ হ’ল।

    আপোনাৰ লগতে সুৰ মিলাই, সিৰ ফুলাই কৈছো – অভিজিত কলিতা মুৰ্দাবাদ

    Reply
  • অভিজিত কলিতা

    অপুৰ্ব!

    Reply
  • কাবেৰী মহন্ত

    এইটো পূৰা 5 ষ্টাৰ..আকৌ পঢ়িলোঁ ৷

    Reply

Leave a Reply

Your email address will not be published.