ফটাঢোল

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ – মৃদুল নাথ

(১)

নতুন বছৰটো সিদিনা আঁ‌দৰিছিলোহে, আজি জানুৱাৰী মাহটো বিদায় দিবৰে হ’ল। দুদিন পিছত গৰম পৰিবই। এই সময়খিনি মোৰ বাবে যিদৰে বহুমূলীয়া, একেদৰে আহুকলীয়াও। বহুমূলীয়া বুলি এই কাৰণে কৈছোঁ যে, লেপৰ মাজত সোমাই লোৱা শীতৰ আমেজ আন কাৰোৱে লগত তুলনা নহয়। লগতে আহুকলীয়া বুলি কোৱাৰ কাৰণটো হ’ল, ৰাতিপুৱা সময়মতে অফিছত হাজিৰি দিবলৈ গৈ প্ৰায়ে সন্মুখীন হোৱা বিফলতা, যাৰ বাবে বৰমুৰীয়াৰ কেটেৰা জেঙেৰা উপহাৰ হিচাপে পোৱাতো একেবাৰে দৈনন্দিন কাৰ্য্যসূচীত পৰিণত হৈ পৰে। ঠাণ্ডাৰ প্ৰকোপ লাহে লাহে কমি আহিছে যদিও যোৱা কালি হঠাতে অহা আবতৰীয়া বৰষুণজাকে আকৌ শীতৰ আমেজ ল’বলৈ মোক সুবিধাকণ দিলে। ফলস্বৰূপে আজিও দেৰিকৈ সাৰ পালোঁ, মৰ্ণিং ৱাক কেতিয়াবাই ধোঁ‌ৱা চাঙত উঠিল। বৰুৱাদাই চাগে এতিয়াও অটল হৈ আছে, মৰ্ণিং ৱাক, টেনিছ আৰু যে কত কি! মানুহজনৰ উদ্যম সঁচাকৈ মানিবলগীয়া। মোৰ উদ্যম আকৌ মানুহৰ জীৱনটোৰ দৰে, ঠিক যেন তাহানিতে বিজ্ঞানত পঢ়া ‘চাইন ৱেভ’টোৰ দৰে! যিদৰে উত্থান হয় বৰুৱাদাক দেখি, সেইদৰে পতন হয় ঠাণ্ডাত লেপৰ তলত নিজকে গুজি।

চাইৰেণৰ শব্দত সাৰ পাই লৰালৰিকৈ উঠি কোনোমতে গাটোত দুফোঁট মান পানী ছটিয়াই বেগটো লৈ অফিছলৈ বুলি গাড়ীখন দৌৰালোঁ। ঠাণ্ডা দিনত এটা সুবিধা যে জেকেটটোৱে শৰীৰটো আৱৰি ৰাখে বাবে ভিতৰৰ চাৰ্টটোৰ গাত ইস্ত্ৰিৰ পৰশ পৰি নিমজ হৈ আছেনে নাই সেয়া কাৰো চকুত পৰাৰ সম্ভাৱনা নাথাকে। হস্পিতালৰ সন্মুখত গাড়ীখনৰ বেগ কমাই দিওতে চকামকাকৈ দেখিলোঁ‌ বৰুৱাদা এম্বুলেঞ্চৰ ভিতৰত, বাওঁ হাতখনত বেণ্ডেজ। হস্পিটেলখন আমাৰ টাউনশ্বিপৰ ভিতৰতে। মূৰে কাম নকৰা দেখি, বৰমুৰীয়াক ফোন কৰি জনালোঁ‌ যে অফিছলৈ অলপ দেৰি হ’ব, গাটো সিমান ভাল নহয়। ফোনত ৰাতিপুৱাই পোৱা গালিখিনি কোনোমতে হজম কৰি গাড়ীখন ঘূৰাই দিলোঁ‌ বৰুৱাদাৰ কোৱাৰ্টাৰ অভিমূখে। টেনিছ খেলতে পৰিলে নেকি বাৰু? নে অইন কিবা! এই বুঢ়া বয়সত হাড় ভাঙিলে কি হ’ব বাৰু! মনত হাজাৰটা চিন্তাই শান্তি দিয়া নাই মোক। এম্বুলেঞ্চৰ পিছে পিছে আহি আছোঁ চিন্তাবোৰ মূৰত লৈ।

(২)

বৌৰ গাত ভেঁ‌জা দি বৰুৱাদা ৰুমৰ ভিতৰলৈ সোমাই গৈছে, বৌৱে মোক দেখি ইংগিতেৰে ভিতৰলৈ মাতিলে। মুখেৰে একো শব্দ নকৰাকৈ মই পিছে পিছে সোমাই গ’লো, বৰুৱাদাৰ মুখেৰে ওলাই অহা উহ্ আহ্ শব্দবোৰে পৰিস্থিতিটো শোকাকুল কৰি তুলিছে।

মোৰ ফালে চাই বৰুৱাদাই প্ৰথমে নীৰৱতা ভংগ কৰিলে, “কৰ্মফল বুজিছা, এয়া কৰ্মফল। কপালত লিখা থাকিলে ক’ত সাৰিব পাৰিবা।”

বৌয়ে আঁচলেৰে চকুপানীখিনি মুচি ভিতৰলৈ সোমাই গ’ল।

“তোমাৰ অফিছ নাই জানো? চাহ একাপ খাবানে?” বৰুৱাদাৰ প্ৰশ্নটোত বুজিলোঁ পৰিস্থিতি লাহে লাহে স্বাভাৱিক হ’ব ধৰিছে।

“অফিছলৈ বুলিয়ে ওলাইছিলোঁ‌, দেৰিকৈ যাম। বছক কৈ দিছোঁ ফোন কৰি। চাহ একাপ খাব পাৰি। পিছে হ’ল কেনেকৈ এয়া। আপুনি মোক খবৰ এটা দিব পাৰিলেহেঁতেন। ইমানে পৰ কৰি পেলালে মোক!” বৰুৱাদা লৈ অভিযোগ এৰি দি পাকঘৰৰ ফালে চালোঁ।বৌ ভিতৰৰ পৰা মাত দিলে,”চাহ বাকিছোঁ ৰ’বা।”

আনকালে হ’লে চিঞঁৰিলোহেঁতেন,”লাৰু পিঠা অলপ সৰহকৈ দিব লগত।” আজি এই মুহূৰ্তত সেই পৰিবেশ নাই!

“কালি সন্ধিয়া অলপ লাগিল এখুন্দা বৌয়েৰৰ লগত।”

বৰুৱাদাৰ কথা শুনি শিয়ৰি উঠিলোঁ, কথা শেষ নহওঁতেই চিঞৰিলো,”কি কয়, বৌয়ে পিটিলে আপোনাক?”

“হে, ৰ’বাহে, কথাখিনি শেষ কৰিবতো দিয়া। তোমালোক ডেকা ল’ৰাসোপাৰ লগত এইটোৱে সমস্যা। অলপো ধৈৰ্য্য নাই। আধা শুনিয়ে চিধাই কনক্লুচন ড্ৰ কৰা।”

বৰুৱাদাৰ কথা শুনি ইমানপৰে হা কৈ মেলি থকা মোৰ মুখখন জাপ খালে। কোনোমতে সেপ ঢুকি সুধিলোঁ, “বাৰু কওকচোন কি হ’ল আচলতে?”

“কাজিয়া মানে কথাৰ কটাকটি হ’ল অলপ। এই দুদিন খেলিবলৈ যোৱা নাই মই, মৰ্নিং ৱাকো কৰা নাই। ঠাণ্ডাত মন নগ’লহে লেপৰ মাজৰ পৰা ওলাবলৈ।”

মনে মনে অলপ সন্তোষ পালোঁ, লেপৰ আমেজৰ প্ৰেমে অকল মোকে নগুৰ নাকতি কৰা নাই, বৰুৱাদাও ভুক্তভোগী!

“তাৰ পিছত?”

“তাৰ পিছত কি হ’ব আৰু, আৰম্ভ হ’ল ৰাতি তোমাৰ বৌৰ কেটেৰা জেঙেৰা এক্সপ্ৰেছ। মই হেনো এলেহুৱা, বাহানা কৰি টেনিছ, মৰ্নিং ৱাক চব বন্ধ কৰিম লাহে লাহে। ৰখিবলৈ একেবাৰে নামে নলয়। খোৱা টেবুলত বহি হজম কৰিব পাৰি নেকি বাৰু তুমিয়ে কোৱা।”

সমৰ্থন আদায়ৰ বাবে বৰুৱাদাই বৰ কৰুণ দৃষ্টিৰে মোলৈ চালে।

“হয় কথাটো। খোৱাৰ সময়ত মোকো শান্তি লাগে।”

“ঠিক কথা। সেই সময়ত চকু, নাক, মুখ, জিভাৰ লগতে মগজু সকলোৱে একেটা ফ্ৰিকুৱেন্সীত থাকিব লাগিব, নহ’লে ক’ত তুমি সোৱাদডাল পাবা।” বুজিলোঁ, সমৰ্থন পাই বৰুৱাদা কিছু উৎফুল্লিত হৈছে।

“তাৰ পিছত?”

“তাৰ পিছত কি হ’ব আৰু, হ’লেই নহয় সাংঘাতিক ভাবে ইগ’ হাৰ্ট। নোখোৱাকৈ উঠি গ’লো বাপ্পেকে, চিধা বিছনাত।”

“কি কয়, খোৱা বস্তুৰ ওপৰত আকৌ খং কিয়?”

“নহয় অ’, ভাবিছিলোঁ মৰমেৰে মাতিব, খাবলৈ কুতুৰিব। নাই নাহিল নহয়।”

“তাৰ পিছত?”

“তাৰ পিছত কি হ’ব আৰু, ৰাতি পেটৰ ভোকত বাগৰ সলাই আছোঁ। তাতে নৰসিংহ দি লোকেল বাহু মাছ বনাইছিলে। প্ৰায় তিনি কেজিমান ওজনৰ আছিলে মাছটো। তাৰে এক কেজি মইয়ে আনিছিলোঁ। জোলখনৰ ৰংটোও বৰ ধুনীয়া হৈছিলে অ’। তুমিতো জানাই তোমাৰ বৌয়ে নৰসিংহ দি মাছ বনালে কিমান জুতি হয়?”

“হয়, হয়। খাইছোঁ‌ নহয় মই। পিছে তাৰ পিছত?”

“তাৰ পিছৰখিনি কৰ্মফল বুজিছা। ৰাতি ইকাটি সিকাটি হৈ থাকোতে ডেৰ বাজিল। দুটামান বজাত হাতত সাৰে ভৰিত সাৰে তললৈ নামি আহি পাকঘৰত সোমাই বাঢ়ি থোৱা থালখন লৈছিলোঁ মাত্ৰ, এন্ধাৰত হাতখন লাগি পৰিল নহয় পানীৰ গিলাছটো। তাৰ পিছত বাকীখিনি তোমাৰ বৌক সোধা।”

দেখিলোঁ চাহ দুকাপ আৰু পিঠা কেইখনমান প্লেটত সজাই লৈ সন্মুখত বৌ ৰৈ আছে। বৌৰ ফালে চোৱাত ক’বলৈ ধৰিলে,”মেকুৰী এটাই বৰ উৎপাত কৰি আছে এই কেইদিন বুজিছা। গাখীৰ, ভজা মাছ একো ৰাখিব নোৱাৰি। ভজা মাছখিনি কালি ৰাতি খঙতে ফ্ৰীজত সোমোৱাই থ’বলৈ পাহৰিলোঁ জানা। মেকুৰীটো বুলি ভাবি এন্ধাৰতে লাঠিডালেৰে দিলোঁ দুকোবমান। মেকুৰীৰ ঠাইত তোমাৰ দাদাৰ চিঞঁৰ শুনিহে!”

“লাইটটো জ্বলাই নল’লে কিয়?”

“উৱা, পোহৰ দেখিলে পলাই নাযাব নেকি?”

মই ভাবিলোঁ কথাটো হয়, লাইট জ্বলালে মেকুৰী পলাব খাটাং। এতিয়া বৰুৱাদাৰ ফুলি থকা বাওঁহাতখন দেখি ক’লোঁ, “হ’লেও সোঁহাতখন যে বাচি গ’ল। নহ’লে খাবলৈয়ে দিগদাৰী হ’লহেঁতেন।”

মোৰ কথা শুনি বৰুৱাদাই ক’লে,”বোপাই অ’, সোঁহাতখন গ’লে কথা নাছিলে, বৌয়েৰাই খুৱাই দিলেহেঁতেন। প্ৰেম পিৰিতিও বঢ়িলহেঁতেন অলপ চলপ। পিছে কামফেৰা কৰোতে বাওঁহাতখনৰ অভাৱ কোনে পূৰাব? সোঁহাতৰ অভ্যাস নাই, বৌয়েৰাৰো সিমান মৰম নাই। গতিকে এয়া কৰ্মফল বুজিছা।”

পিছৰ ফালে বৰুৱাদাৰ মাতটো বৰ কৰুণ শুনাইছিল।

তথাপি সান্তনা দিবলৈ ক’লোঁ, “চিন্তা নকৰিব বৰুৱাদা, দুদিনমান অসুবিধা হ’ব, পিছৰ ফালে অভ্যাস হৈ যাব। কথাতে আছে নহয়, বোলো অভ্যাসৰ নৰ, কৰ্ণ পথে কৰে শৰ।”

☆★☆★☆

3 Comments

  • হা হা হা হা..সাংঘাটিক ।
    তামাম হাঁহিলো !
    🎇🎇

    Reply
  • হাঃ হাঃ, বৰুৱা দাৰ দুখৰ কাৰণটো জানি নাহাঁহি নোৱাৰিলোঁ। ভাল পালোঁ।

    Reply
  • জয়ন্ত দাস

    বৰুৱা দা লৈ দুখ লাগিল তথাপিও হাঁহি ৰখাব নোৱাৰিলো৷

    Reply

Leave a Reply

Your email address will not be published.