ফটাঢোল

অলপ প্ৰেম আৰু – প্ৰাঞ্জল অনুভৱী

তেতিয়া চাকৰিত যোগদান কৰিছোঁ মাত্ৰ। হঠাতে মোৰ জীৱনলৈ পুনৰ আহিল প্ৰেম (পুনৰ প্ৰেম বুলি এই বাবেই কৈছোঁ- আগতেও দুজনীমান ছোৱালীৰ একপক্ষীয় প্ৰেমত হাবু-ডুবু খাইছিলোঁ)। ছোৱালীজনী বৰ মৰম লগা আছিল। মুখাৱয়বত  জনজাতীয় ঠাঁচ এটা আছিল। এনেয়েও জনজাতীয় ছোৱালীবোৰৰ প্ৰতি মোৰ আ-শৈশৱৰ দুৰ্বলতা। মোতকৈ বয়সত দুবছৰমান ডাঙৰ যেন অনুমান হৈছিল তাইক। হ’ব। প্ৰেমৰ বাবে বয়সৰ জানো কিবা সীমা থাকে?  মোৰ বন্ধু এজনৰ ককায়েকৰ  সম্পৰ্কীয় খুলশালীয়েক আছিল তাই। দৌলত (হলি)বৰপেটালৈ আহিছিল।  দুদিনমান কথা-বতৰা। তাৰপাছত হঠাতে হৈ গ’ল প্ৰেম।

ভিনিহীয়েকৰ চকুত ধুলি মাৰি মৰা নদী,  চাউলখোৱাৰ পাৰে পাৰে আমি ঘুৰি ফুৰিছিলোঁ। মাঁ ৰেষ্টুৰেন্টৰ চাৰিচুকীয়া বাকচটোত সোমাই চাহ-চিংৰা খাইছিলো। কীৰ্তন ঘৰলৈ লৈ গৈছিলো তাইক ফানুছ দেখুৱালৈ। আৰু আচৰিত কথা, সেই বছৰৰ ফাকুৱাৰ দিনটো মোৰ বাবে যন্ত্ৰনাদায়ক ভাবে ৰঙীন হৈ পৰিছিল।

গুৱাহাটীলৈ উভতি আহি চিঠি লিখিছিলোঁ। এখন-দুখনকৈ কেবাখনো। নাই। কোনো উত্তৰ পোৱা নাছিলো সেই চিঠিৰ। দিন বাগৰিছিল। পাৰহৈ গৈছিল মাহ। বছৰ। আৰু এদিন ময়ো পাহৰি যাবলৈ বাধ্য হৈছিলোঁ আৱতৰীয়া প্ৰেম বুলি।

কেইবাবছৰৰ পাছত এদিন হঠাতে মোৰ বন্ধুৱে মোক সুধিছিল,- “নীৰুলৈ তোৰ মনত নপৰে?”

“কিয়?”

“তোৰ জানিবলৈ মন নাযায় নে,  তাই কেনে আছে?  তোৰ চিঠিৰ উত্তৰেই বা তাই কিয় দিয়া নাছিল ?”

তাৰ কথাখিনিয়ে সেইদিনা মোৰ হৃদয়ৰ কোনোবাখিনি স্পৰ্শ কৰিছিল। লগে লগে ঠিক কৰিছিলো,  পিচৰটো চেকেন্ড চেটাৰডেত আমি তাইৰ গাঁৱলৈ যাম। মোৰ প্ৰেয়সীৰ গাঁও। কথা মতে কাম। পিচৰটো চেকেন্ড চেটাৰডেত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ প্ৰেয়সীৰ দেশলৈ।

প্ৰায় চল্লিশ কিলোমিটাৰ বাছেৰে আৰু পাঁচ কিলোমিটাৰ খোজ কাঢ়ি আমি উপস্থিত হৈছিলো প্ৰেয়সীৰ ঘৰত।

প্ৰেয়সীৰ ককায়েকে আথে-বেথে মাতি নি কোঠা এটাত আমাক বহিবলৈ দিছিল। খবৰ-বাতৰি লৈছিল। আলোচনা হৈছিল বিভিন্ন প্ৰসংগৰ। কিন্তু মোৰ চকু দুটাই পিত্-পিতাই বিচাৰি ফুৰিছিল তাইক। নীৰুক। আচৰিত কথা! ইমান সময় দেখা-দেখি নাই! মোৰ উচপিচনি দেখিয়ে নেকি, ৱ বন্ধুৱে শেষত সুধিয়ে পেলাইছিল, – ”নীৰু নাই নেকি?”

”আছে, পঠাই দিছো ৰ”- মোৰ ফালে তীৰ্য্যক দৃষ্টি নিক্ষেপ কৰি ককায়েকে কৈছিল। তেওঁৰ দৃষ্টিত এনেকুৱা কিবা এটা আছিল যে লগে লগে মোৰ বুকুখন হিম হৈ যোৱা যেন অনুভৱ হৈছিল।

অৱশেষত অপেক্ষাৰ অন্ত পৰিছিল। হাতত চাহৰ ট্ৰেখন লৈ কোঠালৈ সোমাই আহিছিল তাই। নীৰু। চকুৱে চকুৱে চাইছিলোঁ পৰস্পৰে। মুহূৰ্ততে উদ্ভাসিত হৈ উঠিছিল দুয়োৰে মুখমন্ডল। বুকুত অনুভৱ কৰিছিলোঁ এক অস্থিৰ দুম দুম শব্দ!

চাহকাপ আগবঢ়াই দি ফুচফুচাই কোৱাৰ দৰে নীৰুৱে কৈছিল, – ”ইয়াত এতিয়া কথা নাপাতোঁ। অলপ আঁতৰত,  সেই যে আহোতে টাৰ্নিঙটো পাইছিলা, তাৰ ওচৰতে মোৰ বান্ধৱীৰ ঘৰ। চাহখিনি খাই তালৈকে আঁহা। তাতেই কথা পাতিম।”

ততাতৈয়াকৈ চাহ কাপ শেষ কৰি ওলাই আহিছিলো বাহিৰলৈ। বাহিৰত তেতিয়া দুপৰীয়াৰ প্ৰখৰ ৰ’দ। প্ৰায় জনপ্ৰাণী শূণ্য আলিবাট। নৈঃশব্দতাই আগুৰি আছিল চৌপাশ।

নীৰু ৰৈ আছিল বান্ধৱীৰ ঘৰৰ পদূলিমুখত। কোঁচত কাৰোবাৰ এবছৰীয়া মান কেঁচুৱা এটা। নীৰুৱে মোক ভিতৰলৈ মাতি লৈ গ’ল। কোঠা এটাত বহিবলৈ দিলে। চিনাকি কৰাই দিলে বান্ধৱীৰ সৈতে। অলপ পৰৰ পাছত তাই আহি ওচৰত বহিল। আৰু যিখিনি কথা তাই ক’লে তাৰ সাৰাংশ এনেধৰণৰ, – তাইলৈ লিখা মোৰ আটাইকেইখন চিঠি ককায়েকৰ হাতত পাৰিছিল। পোষ্ট অফিছৰ পিয়নজন গাঁৱৰে। তেঁৱে চিঠিবোৰ আনি তুলি দিছিল ককায়েকৰ হাতত। তাৰ পাছত কথাবোৰ সহজ আৰু পোন। ককায়েকে ল’ৰা এটা ঠিক কৰি পেলালে তাইলৈ। যোৰহাটৰ। এ এচ টি চিত চাকৰি কৰে। অহা ছমাহৰ ভিতৰত তাইৰ বিয়া।

মনে মনে কথাবোৰ শুনি আছিলোঁ। উত্তৰ দিবলৈ কোনো কথা বিচাৰি পোৱা নাছিলোঁ। বহু সময় নিৰৱতাৰ মাজেৰে পাৰ হৈ গৈছিল। আৰু এসময়ত সেই নিৰৱতা ভংগ কৰি নীৰুৱে কৈছিল, –

”চকু মুদাচোন।”

”কিয় ? ”

”মুদাচোন ” -নীৰুৱে পুনৰ কৈছিল।

একান্ত বাধ্য ছাত্ৰৰ দৰে চকু দুটা মই মুদি দিছিলোঁ। ক্ষন্তেক পাছতে অনুভৱ কৰিছিলোঁ,  নীৰুৰ মুখখন যেন ক্ৰমশঃ মোৰ মুখৰ ওচৰ চাপি আহিছে। গালত অনুভৱ কৰিছিলোঁ তপত নিশ্বাসৰ স্পৰ্শ। চকুদুটা কিঞ্চিত ভাৱে মেলি চাবলৈ চেষ্টা কৰিছিলোঁ। দেখিছিলো,  ধীৰে ধীৰে মোৰ ওঁঠৰ ওচৰ চাপি আহিছে অন্য দুটি ওঁঠ। নীৰুৰ ওঁঠ। খুব আলফুলে নীৰুৰ কোমল ওঁঠে স্পৰ্শ কৰিছিল মোৰ ওঁঠ। এক মূহূৰ্ত। তাৰ পাছত অলপ আঁতৰলৈ গৈ থিয় হৈছিল নীৰু। আৰু লাজকুৰীয়া চাৱনিৰে মোৰ ফালে চাই কৈছিল, -”আমাৰ প্ৰেমৰ প্ৰথম আৰু শেষ উপহাৰ।”.. যেন নাটকৰ এটা সংলাপ। চিনেমাৰ পৰিচিত এটা ডায়লগ।

বাটত বন্ধুৱে সুধিছিল, – ” ক’চোন নীৰুৱে তোক কি ক’লে?”

নীৰুৱে কোৱা কথাখিনি তাক এফালৰ পৰা কৈ শেষ কৰিছিলোঁ। আনকি চুমা খোৱা কথাটোও বাদ নপৰিল।

”তোৰ কথা ককায়েকে কি কৈছে জান?” -বন্ধুৱে মোৰ ফালে চাই সুধিছিল।

”কি? ”

”তাক প্ৰেমপত্ৰৰ সলনি গল্প-কবিতা লিখিবলৈ ক’বি। ভৱিষ্যত আছে। এদিন সাহিত্যিক হ’ব পাৰিব।”

হঠাৎ বাটৰুৱাক হতবাক কৰি সশব্দে হাঁহি দিছিলোঁ। আৰু সেই হাঁহিৰ ৰেশ মুখত লৈয়ে কৈছিলোঁ, -”চুমাটো বৰ মিঠা আছিল অ’ ।”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.