ফটাঢোল

অল এবাউট দ্য লেটাৰ – পৰীস্মিতা দাস

হয়, অল এবাউট দ্য ডগ গল্পটোৰ আৰ্হিতেই শিৰোনামটো ললোঁ৷ কিন্তু ক’বলৈ ওলাইছোঁ চিঠি এখনৰ কাহিনী৷ এখন চিঠিয়ে কেনেকৈ মোহাৰি পেলাব পাৰে বুকুত ফুলিব খোজা গোলাপ ফুলপাহ, ভাঙি তচনচ কৰিব পাৰে চকুৱে চকুৱে গঢ়ি উঠা সপোন সাম্ৰাজ্য৷

জানুৱাৰী পাৰ হৈ ফেব্ৰুৱাৰীৰ বুকুৰ গোলাপ ফুলাৰ সময় সমাগত৷ ফেব্ৰুৱাৰী! প্ৰেমৰ মাহ! বতৰটোৱেই যেন প্ৰেমৰ বতৰ৷ এফালে ফেব্ৰুৱাৰীৰ গোলাপৰ বোলসনা আৱেশ, আনফালে বিয়াৰ বেণ্ডপাৰ্টীৰ মাত৷ এই আৱেশত বুৰ গৈয়েই হৃদয়ে যেন ৰৈ থাকে কাৰোবালৈ৷ তেওঁ আহিব আৰু উৰুৱাই লৈ যাব হৃদয়খন ফাগুনৰ পছোৱাৰ সতে৷ ময়ো তেওঁৰ হৃদয়খন ৰাখি থ’ম প্ৰেমৰ আলফুলীয়া কুঠৰীত৷ প্ৰেমৰ নীলা আখৰে তেওঁ মোলৈ লিখিব চিঠি৷

বতাহে তেওঁৰ হৃদয়খন উৰুৱাই আনিব নোৱাৰিলে৷ তাৰ পৰিবৰ্তে বাজি উঠিল চোতালত চাইকেলৰ বেল৷

মানুহজনে মালৈ চিঠি এখন আগবঢ়াই দিলে৷ মায়ে দিয়া চাহ-জলপান খাই, দেউতাৰ সতে বাৰ্তালাপ কৰি তেওঁ গ’লগৈ৷ চিঠিখন হাতত লৈ মই তেওঁ যোৱাৰ ফালে চাই থাকিলোঁ৷

ঠিকনাত কাৰো নাম নথকা, বহু টকা খৰচ কৰি বনোৱা এখন বিয়াৰ চিঠি৷ কিমান পাৰ্থক্য এইচিঠিখন আৰু সেই চিঠিখনত! অথচ কিমান একে দুয়োখন চিঠিৰ বিনিময়তে দিব লগা মূল্য৷

হাইস্কুলৰ দুখন বেঞ্চ আৰু দুযোৰ চকু; মিলিবলৈকে যেন সুযোগ বিচাৰি ফুৰে ইযোৰ চকুৱে সিযোৰৰ স’তে৷ নাজানো কি বিচাৰি পাওঁ তাৰ চকুযুৰিত, মিচিকিয়া হাঁহিটোত৷ কুমলীয়া মনটোৰ তাতকৈ বেছিকৈ একো জানিবলগীয়াও নাছিল৷ মনৰ হেঁপাহবোৰ উবুৰিয়াই পঢ়ামেজত বহি লিখি পেলাইছিলোঁ চিঠি এখন৷ তাক দিবলৈ নহয়, মনৰ আবেগবোৰ প্ৰকাশ নাপাই মনতে উকমুকাই থকাৰ বাবেহে৷ সেয়ে কাৰো নাম লিখা নাছিলোঁ তাত৷

কিন্তু বতাহত উৰি থকা চঞ্চল মনটোৱে এইখিনিতেই এটা ভুল কৰি দিলে৷ পঢ়াৰ মেজত বহি যিখন বহীৰ পাতত চিঠিখন লিখিলোঁ, সেই বহীখন আছিল মোৰ প্ৰিয় বান্ধৱীৰ বহী৷ টিউচনৰ চাৰে তাইৰ বহীত পাতি দিয়া গণিতটো কৰিবলৈ বহীখন লৈ আহিছিলোঁ৷ সেই বহীখনেই দুদিন পাছত লৈ গ’ল মোৰ প্ৰিয় ল’ৰাজনে৷

আৰু তাৰ এসপ্তাহ পাছতেই পালোঁ প্ৰচণ্ড শীততো মোক ঘমাই পেলোৱা সেই খবৰটো৷ খবৰটো পালোঁ মোৰ প্ৰিয় বান্ধৱীজনীৰ মুখেৰে, যেতিয়া তাই ক’লে,

: অই, তই যে মোৰ বহীত চিঠি এখন লিখি থৈছিলি, চিঠিখনে এটা ডাঙৰ কাম কৰিলে জান৷ তইতো গমেই পাৱ তই মোক দিয়াৰ পিছতেই বহীখন অৰূপে নিছিল৷ সি মোক চিঠিখনৰ উত্তৰ দিছে৷ সি ভাবিছে চিঠিখন মই লিখিছিলোঁ৷ মই তাক মনে মনে ভাল পাই আছিলোঁ জান৷ সেয়ে মই উত্তৰ দি দিলোঁ৷ এতিয়া আমি দুয়ো দুয়োকে ভালপাওঁ৷

তাই আকৌ সুধিলে,

: অই কচোন চিঠিখন কালৈ লিখিছিলি৷

একোকে নক’লোঁ মই৷ ৰৈ থাকিলোঁ বহাগৰ বৰদৈচিলা আৰু ফাগুনৰ পছোৱা বুকুত একেলগে ব’বলৈ দি৷

তাৰ পিছত আৰু বহুদিন তাৰ চকুলৈ চাব পৰা নাছিলোঁ৷ কিন্তু এদিন হঠাৎ যেতিয়া চকুৱে চকুৱে পৰিল, চমকি উঠিলোঁ মই৷ সেই একেই আকুলতা তাৰ দুচকুত৷ আকৌ ভাবিবলৈ বাধ্য হৈছিলোঁ, ভুল কাৰ হৈছিল, মোৰ, তাৰ নে মোৰ বান্ধৱীজনীৰ৷

সেইজন প্ৰিয় পুৰুষ আৰু সেইজনী প্ৰিয় বান্ধৱীৰেই বিয়া ফেব্ৰুৱাৰীত৷ দুটা পখিলা পৰি থকা চিঠিখন হাতৰ মুঠিত লৈ মই ৰৈ থাকিলোঁ বহাগৰ বৰদৈচিলা আৰু ফাগুনৰ পছোৱা বুকুত একেলগে ব’বলৈ দি৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.