ফটাঢোল

অসমীয়াগিৰী – ড° সমাদৃতা গোস্বামী

“মা পিকাবু কৰা”

কিছুসময়লৈ মই থতমত খাই ৰৈ থাকিলোঁ৷

“কি কৰিব লাগে?” -মই ভ্ৰুকুটি কোঁচাই কোৱাত ছোৱালীয়ে  “পিকাবু, পিকাবু”কৈ এবাৰ মুখখন হাতেৰে ধাকে এবাৰ মুখৰ পৰা হাত আঁতৰায়৷

“কৰা আকৌ৷”

“অ’ কুক ভাক”

“নহয়, পিকাবু”

লেপটপটো বেয়া হ’ল৷ সেইটোকে টিপাটিপি কৰি ছোৱালীৰ লগত কুকভাক খেলিলো যদিও মই চিন্তাত পৰিলোঁ৷ ছোৱালীয়ে দেউতাকক পাপা মাতে৷ বহুত কষ্ট কৰিও মই ছোৱালীৰ মুখত “দেউতা” মাতষাৰ উলিয়াব নোৱাৰিলোঁ৷ পুৱা পাঁচ বজাতে উঠি জা-জলপান তৈয়াৰ কৰি, ভাত ৰান্ধি অফিচলৈ ওলাওঁ৷ ছোৱালীৰ শুই থকা মুখখনতে চুমা এটা খাই যাওঁ৷ এচোৱা বাট ট্ৰেভেলাৰত যাব লাগে৷ এচোৱা ৰিক্সাত৷ তেহে সময়ত অফিচ পাওঁ৷ দিনত ভাতখোৱাৰ সময়ত (অসমীয়া সহকৰ্মীৰ ভাষাত লান্স) ফোনতে ছোৱালীৰ মাতটো শুনোঁ৷
“তুমি আঁহা”- তাই কয়৷

“মই গৈ আছো দেই সোণজনী৷ তুমি জেঠাইৰ লগত খেলি থাকিবা” বুলি কৈ ফোনটো ধৰি ধৰিয়েই ভাত খাওঁ৷ পুৱাই নিজে ৰান্ধি অনা ভাত৷ চেঁচা পৰে৷ কেতিয়াবা লৰালৰিত দাইল বা ভাজি আনিবলৈ থাকি যায়৷ ভাত খোৱাৰ সময়ত চকুপানী ওলায়৷ চাকৰিটো এৰি দিবলৈ মন যায়৷ ছোৱালীক ফোনতে চুমা দুটামান খাই ফোন ৰাখোঁ৷ সিফালে চাগে’ দেউতাকে  ফোন কৰে৷ মোতকৈ দেউতাক সোনকালে ঘৰ পায়হি৷ আবেলি দেউতাকৰ লগতে তাই পাৰ্কলৈ যায়৷ মই ঘৰ পাওঁতে সন্ধিয়া লাগে৷ অফিচলৈ বুলি ওলাওঁতে ছোৱালীৰ লগত থকা মানুহজনীয়ে “বাইদেউ এইটো লগাই থৈ যাবচোন। নহ’লে মাইনাই একো নাখায়৷” বুলি লেপটপটোলৈ আঙুলিয়াই৷  প্ৰথমে প্ৰথমে ছোৱালীক সেইধৰণেৰে খুওৱা দেখি বাইক মই খং কৰিছিলোঁ৷ কিন্তু লাহে লাহে দেখিলো তেনেকৈ নুখুৱালে ছোৱালীয়ে সঁচাকৈয়ে একো নাখায়৷ একো নাখায় বুলি এদিন ডাক্তৰক কোৱাত ডাক্তৰে বক্ৰোক্তি কৰি ক’লে- “কোনটো কাৰ্টুন দেখুৱাই ৰেল লাইনৰ ল’ৰা ছোৱালীক মাকে ভাত খুৱাই হে? সিহঁতে নিজে খায়৷ প্ৰথমে শিকাওক ছোৱালীক নিজে খাবলৈ৷ থেচি থাকিলে সৰু কি ডাঙৰেও নাখায়৷”

মই লাজতে তলমূৰ কৰোঁ৷ নিজেনো শিকাম কেতিয়া? পিচৰবাৰ বেলেগ এজন ডাক্তৰৰ ওচৰলৈ গ’লো৷
“চি ইজ আ হেল্দী বেবী৷” -চোমালিয়াৰ দুৰ্ভিক্ষৰ দৰে শৰীৰধাৰী আমাৰ ছোৱালীজনীলৈ চাই ডাক্তৰে মিছিকিয়াই হাঁহি ক’লে৷ “ল’ৰা-ছোৱালীৰ লগত আচলতে অলপ লাগিব লাগে৷ কষ্ট কৰি খুৱালে খায়৷” বুলি সমুখৰ ঘৰৰ গাহৰি হেন লোদোৰ পোদোৰ ৰাগৰ মাকে মোক কয়৷

“তাই কিবা তোমাৰ দৰে পুৱাই অফিচলৈ যায় নেকি? নিজৰো টেকেলি হেন পেট, গতিকে পুতেকো টেকেলি৷” কৈ মোৰ মানুহজনে মোৰ মনটো ভালৰি লগায়৷ “নাখাওঁ নাখাওঁ” কৈ ছোৱালীয়ে লেপটপৰ কি বোৰ হাতেৰে ধুম ধুমকৈ মাৰে৷ দেওবাৰৰ দিনা মই নতুন খেল এটা আৰম্ভ কৰিছিলোঁ৷ এটা গিলাচত অলপ চাউল লৈ বাতি এটাত বকা খেল৷ সিফালে লেপটপত কাৰ্টুনো চলি থাকে৷ এনেকৈ চাউল-চাউল খেলি থাকোঁতেই তাইক ভাত খুৱাব পাৰি৷ এসপ্তাহ এই খেলটো চলিল৷  বায়ে ফোনত যেতিয়া কয় “আজি খালে” মোৰ হিয়া শাত পৰি যায়৷ দুদিনৰ পিচত দেখিলোঁ একেটা খেলকে চাউলৰ সলনি পানীৰ লগত চলিছে৷ চলক৷ পানী-পানী খেল খেলি ছোৱালীয়ে যদি দুগৰাহ ভাত বেছিকৈ খাই, খাওক৷

কিন্তু লেপটপটো বেয়া হৈ থাকিল৷ অনেই নহয়৷ বাইজনীয়ে জলপান লৈ আহি লেপটপ অন হোৱালৈ ৰৈ আছে৷ গিলাচত পানী৷ কাষতে খালি বাটি ৷ ছোৱালীয়ে দৌৰি আহি বাইৰ কোলাত বহি পানী-পানী খেলাত লাগিল৷  পানী-পানী খেলি ছোৱালীয়ে পানী ধালে লেপটপত৷ তাৰপিচতে ধুম ধুম কিপেদত মাৰে৷ কাম কৰা বায়ে মাজতে জলপান খুৱাই দিয়ে৷ মই বিচুৰ্তি খালোঁ৷ বাই নিৰুদ্বেগ৷ একো যেন হোৱাই নাই তেনে ভাব৷

“এইবোৰ কি? লেপটপত কিয় পানী ধালিবলৈ দিছে?” বুলি কোৱাত ওলোটাই “মই পানী ঢালিবলৈ নিদিওঁ৷ আজিহে ঢালিছে” বুলি কৈ তেওঁ ভৰি নছুৱাই বহি থাকিল৷ মোৰ খং দেখি ছোৱালীয়ে “পাপা, পাপা” কৈ দেউতাকক মাতিলে৷

“আৰু এই পাপা, আপুনি কিয় তাইক পাপা বুলিবলৈ শিকাইছে? দেউতা শিকালে আপোনাৰ কি হানি হয়?” কৈ মই মানুহজনীক ভালকৈয়ে ধমকি মাৰিলোঁ৷

“আইঔ বাইদেউ! মই কেতিয়া পাপা মাতিবলৈ শিকালোঁ হয়নে? আপোনাৰ ছোৱালীয়ে নিজেই কয় দেখোন৷”
কৈ বায়ে ভৰি নছুৱাই মুখখন এপাছি কৰি মোৰ বিপৰীত দিশে মুখখন ঘুৰাই বহি থাকিল৷

“এই সৰু ছোৱালীজনীয়ে নিজেই কয়? মাম্মীৰ ওচৰলৈ যোৱা, পাপাৰ ওচৰলৈ যোৱা বুলি ছোৱালীক কোনে কৈ থাকে? এইচব মোৰ ঘৰত নচলিব৷ মনত ৰাখিব” কৈ মই  বাইৰ কোলাৰ পৰা ছোৱালীক আজুৰি লৈ এখেতৰ ওচৰ পালোগৈ৷

“পা…পা পা…পা মায়ে মোক প্যাৰে নকৰে” কৈ ছোৱালীয়ে কান্দি কান্দি দেউতাকৰ কোলাত উঠিলগৈ৷

“ইমান সমস্যাই যদি তোমাৰ, তুমি চাকৰি এৰা৷ তাই পাপাই মাতক বা দে’তাই মাতক, মাতিছেটো কিবা এটা৷ বৰ একেবাৰে অসমীয়াগিৰী দেখায়৷”

ছোৱালীয়ে আমনি কৰিলে, কান্দিলে ওলোটাই আমাৰহে কাজিয়া লাগে৷ এয়াই প্ৰথম নহয়৷ কিবা গন্দগোল হ’লেই মই “বহুত হৈছে আৰু৷ কাইলৈৰ পৰা চাকৰিলে নাযাওঁ” বুলি কোৱা মোৰ কাৰণে সাধাৰণ বাক্য হৈ পৰিছে৷

এতিয়াও বাক্যটো ওলাব খোজোঁতেই ব্ৰেক মাৰিলোঁ৷  নিমাতী কন্যা হৈ কোঠাৰ পৰা ওলাই আহিলোঁ৷ কাক ক’ম, কোনে বুজিব? সিদিনা এখেতক বিচাৰি মানুহ এজন আহি বাৰাণ্ডাতে ছোৱালীক পাই “পাপা ঘৰত নাই নেকি?” বুলি সুধিলে৷ মই ধুমুহাৰ গতিৰে ভিতৰৰ পৰা ওলাই আহি ক’লো “তাই দেউতা মাতে৷ দেউতা বুলি কওক৷”

অঁ অঁ কৈ মানুহজনে এইবাৰ “অ’ তুমি পাপাক দেউতা মাতা ন” কৈ সুধিলে “বেটি, তোমাৰ নামটো কি?”
চৌপাশে চলি থকা মাম্মী পাপা বেটিৰ কবলৰ পৰা কোনে মোৰ ছোৱালীক বচাব?

মনটো ভাল লাগক ভাবি ফেচবুক খুলি দেখোঁ এজনৰ আপদেট “মাক দেউতাকক মাম্মী দেদ্দী বোলা অসমীয়া সন্তানে চাগে’ সপোনো ইংৰাজীত দেখে”৷  লাহেকৈ লগ আউট কৰি টিভি অন কৰিলোঁ৷ দেখোঁ  ৰাজু আৰু কালিয়াৰ লগত চ’টা ভীম ক’ৰবালৈ গৈছে৷ চ’টা ভীমৰ মাত শুনি ছোৱালী দৌৰি আহিল৷

“মাম্মী মাম্মী, ৱাও চ’টা ভিম৷”

তাই আহি গাতে আঁওজি চ’টা ভিম চোৱাত লাগিলহি৷

সিফালে ককৰ্শ মাতেৰে “মই যাওঁ” কৈ বাই বাৰাণ্ডা পালেগৈ৷ তেখেতৰ তাৰমানে ইগ’ত লাগিল৷ এনেই হ’লে ছোৱালীক জলপান খুৱাইহে যায়৷

“চা চা মাজনী৷ এতিয়া সৰু ভীম ওলোৱা অসমীয়া চেনেল এটা ক’ৰপৰানো তোক মই দেখাওঁ?” ছোৱালীক কৈ মই জলপানৰ বাটিটো আনিবলৈ লৰ দিলোঁ৷ চ’টা ভীম চাই থাকোঁতে তাইক জলপান খুৱাবলৈ ভাল৷ তপাতপ গিলে৷

*****

2 Comments

  • Rintumoni Dutta

    সুন্দৰ, ভাল লাগিল পঢ়ি

    Reply
  • আজিৰ দিনৰ প্ৰতিঘৰৰে সমস্যা এইবোৰ। টিভি, লেপটপ চাই ভাত খুৱাব লগা হোৱা–! মাত কথাবোৰো তাৰপৰাই শিকে শিশুৱে। চিন্তনীয় হৈছে বিষয়টো। ভাল লাগিল, বৰ সৰল ভাৱে দাঙি ধৰিলে বিষয়টো।

    Reply

Leave a Reply

Your email address will not be published.