ফটাঢোল

অসময়ত সময় – অভিজিত মেধি

এই যে লিখি আছোঁ কথাখিনি, তাৰ উদ্দেশ্য ব্যক্তিগত অভিজ্ঞতা এটা বন্ধু হিচাপে আপোনালোকক জনোৱাহে। অথচ অভিজ্ঞতাটো কিমানদূৰ বাস্তৱৰ ভিত্তিত সেইয়া মই নিজেই নাজানোঁ। আৎসা, অভিজ্ঞতাটোৰ কথা কোৱাৰ আগতে বিষয়টোৰ কথা অলপ কৈ লওঁ। বিষয়টো হ’ল সময়। বৰ আচহুৱা নহয়নে এই সময় বোলা বস্তুবিধ! সময়ৰ নিচিনা আচহুৱা হয়তো একোৱেই নাই! এই যে এসময়ত শেঙুণ বোৱা আমাৰ নাকবোৰ এতিয়া খং-ৰাগ-অভিমানৰ ঘৰ হ’লগৈ, সেয়া সময়ৰে খেল। বাৰিষাৰ বৰষুণজাকত নতুনত্ব নেদেখা হ’লোঁ, জাৰৰ শেতেলীত আদৰৰ উষ্ণতা নিবিচৰা হ’লোঁ, সংশয়হীন টোপনি আজিকালি নহায়ে হ’ল….সকলো সময়ৰেই খেল। কিযে আচৰিত এই সময়!

সকলো কথাৰো বোলে থাকে এক নিৰ্ধাৰিত সময়, সময় আহিলেহে সেইটো ঘটে। এই ধৰক এতিয়া সময় আহিছে বাবেই তৰ্জনীত চিয়াঁহীৰ দাগ দেখুৱাই ফেচবুকত ফটো আপলোড হৈছে। নখৰ ৰং, টেক্সচাৰ, ডিজাইনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। লেকমি, ৰেভল’ন, এলি18 ৰ বিক্ৰী বাঢ়িছে। সকলো সময়ৰ খেল! সময় আহিলে যাৰ বাবে বুটামটো টিপিছিল সিয়ে তৰ্জনীৰ কাষৰ দীঘল আঙুলিটো দেখুৱাই ওভোতগোৰে নাচিব। সিও অদূৰ সময়ত খাপ পিটি থকা এক আমোঘ সত্য, যাক সময়েহে মুকলি কৰিব। সময় সময়ৰ কথা সকলো!

সৰুতে সময়ক বুজাৰ এক দুৰ্বাৰ হাবিয়াস পুহি ৰাখিছিলোঁ। হয়তো সেয়ে এদিন ঘৰৰ লেণ্ডলাইনটোৰ পৰা বিচাৰি বিচাৰি বি আৰ চোপ্ৰাৰ ষ্টুডিওত ফোন লগাইছিলোঁ।

: হেল্ল’ ছাৰ, সময় আছে নেকি?

: নাই, একেবাৰেই নাই, জলদি কোৱা,

: ছাৰ, মানে মই সময়ৰ লগত কথা পাতিব খুজিছিলোঁ

: %%!@#

: এই যে আপোনালোকৰ “মহাভাৰত” চিৰিয়েলখনত যে “মে সময় হু” বুলি গহীন দিয়ে…সময়ক দিয়কচোন ফোনটো, তেখেতৰ লগত অলপ কথা পাতো!

টেলিফোন সংযোগটো নিজেই কাটি দিছিলোঁ। কিয়নো গালি হিন্দীত শুনিবলৈ বৰ এটা শুৱলা নহয়। অসমীয়াত হ’লে বেলেগ কথা আছিল। এইবোৰ প্ৰায় আঢ়ৈ দশক পুৰণি কথা। অৱশ্যে জাৰি-জোকাৰি এৰাব খোজা ইচ্ছাবোৰ কেতিয়াবা অন্তঃসলিলা হৈ মনৰ কোনোবাখিনিত থাকিয়েই যায়।

অৱশেষত মনৰ ইচ্ছাটো পূৰণ হ’ল। যোৱাটো দেওবাৰৰ কথা। সন্ধিয়া নলে-গলে লগা বন্ধু ধদুৱা বিজয়ৰ ঘৰত আড্ডাটো ৰাতিলৈকে চলিছিল। উলটি অহালৈকে ৰাতি এঘাৰ বাজিছিল। আড্ডা মানে নিৰ্বাচনৰ পৰা মূৰৰ উফিলৈকে সকলো বিষয় সামৰি লোৱা আড্ডা সেইটো। আড্ডাত বহিলে মনটো পাতল পাতল লাগে। মন পাতল বাবেই গাটোও পাতল লাগিছিল চাগে। বিজয়ৰ ঘৰৰ পৰা মোৰ ঘৰ এক কিলোমিটাৰ বাট, কিন্তু খোজ ন’লৈ যেন উৰিহে আহিছোঁ। পাঁচমিনিটতে তিনিআলিটো পালোঁৱেই। তিনিআলিটো পাৰ হ’লেই বাওঁফালে মস্ত জাবৰৰ দ’ম এটা, সেইখিনিৰ পৰা মোৰ ঘৰৰ বাৰাণ্ডাত কোন থিয় দি আছে দেখা পোৱা যায়। বাৰাণ্ডাত কোনোবা আছে নেকি ভুমুকিয়াই ভুমুকিয়াই খোজ কাঢ়োতে শিল এটাত মস্ত উজুটি খালোঁ। ছিক্স হ’বলৈ ধৰা ক্ৰিকেট বলটোৰ দৰে উৰি চিধা জাবৰৰ দ’মত পৰিলোঁগৈ। অলাগতিয়াল-অদৰকাৰীৰ মাজত স্থান লৈ নিজকে কিবা চৰকাৰী প্ৰতিশ্ৰুতি হেন লাগিল। কোনোৱে দেখিলে নেকি লক্ষ্য কৰি গাটো জাৰি-জোকাৰি থিয় দিলোঁ। ভাগ্যে মোক হাঁহিবলৈ মানুহ-দুনুহ নাছিল বাটত! এনেতে……

: মেধি….অ’ মেধি

জাৱৰৰ দ’মৰ পাছফালৰ পৰা ভাঁহি অহা মাতটো শুনি তিনি চক খালোঁ। ঠাইখিনিত ষ্ট্ৰীটলাইটে কাম নকৰাত প্ৰায় অন্ধকাৰ। অন্ধকাৰে ভয়টোক আৰু উচটালে।

: কোন…কোন সেইজন?

: মইহে, মই…..সময়।

: কোন সময়? কি সময়? পোহৰত আহি কথা পাতক।

দ’মটোৰ পাছফালৰ পৰা এটা ছাঁয়ামূৰ্তি ওলাই আহিল। সাধাৰণ উচ্চতাৰ এজন মেদবহুল মানুহ যেন লাগিল। এন্ধাৰত মুখখন তেতিয়াও ভালকৈ দেখা পোৱা হোৱা নাই।

: মই সময়, মানে টাইম। টু বি প্ৰিচাইজ, মই আপোনাৰ টাইম। কাল, প্ৰহৰ বা অন্য নামেৰেও মাতিব পাৰে। কথাটো একেই। মই এই সংসাৰত আপোনাৰ টাইমক ৰিপ্ৰেজেণ্ট কৰোঁ, গতিকে মই আপোনাৰ সময়।

জাৱৰৰ দ’মত পৰি এনেয়ে খং উঠি আছিল, মানুহজনৰ গছত গৰু উঠা কথাত আৰু দুগুণ খং চৰিল।

: সুন্দৰ, আপ্লুত হ’লোঁ। এতিয়া যাওঁক, চুপটি মাৰিবলৈ মোৰ সময় নাই।

: বুজিছোঁ, ইমান দেৰি তাকেই কৰি আহিছে যেতিয়া মন নথকাই স্বাভাৱিক। কিন্তু মই সঁচাকৈয়ে আপোনাৰ সময়, মানে অ’ভাৰঅল সময়ৰ সাগৰত মই আপোনাৰ লাইফটাইমক ৰিপ্ৰেজেণ্ট কৰোঁ, গতিকে মই আপোনাৰ আপোন সময়।

: আৎসা, সময় দেখিবলৈ মানুহৰ নিচিনা, তাকো পেটলা?

: আপুনি যিহেতু ভগৱানকো শিল বা ফটোত বিচৰা মানুহ, গতিকে আকাৰ এটা লৈ আহিবলৈ মই বাধ্য। কেচটো কি জানে। মই যদি কোনোবা ভাল কৰ্মী মানুহৰ সময় হ’লোহেঁতেন, তেন্তেতো মই দৌৰিয়ে থাকিলোহেঁতেন, তেতিয়া মই ছিক্স-পেকধাৰী হৈ আহিলোঁহেঁতেন। কিন্তু যিহেতু মই আপোনাৰ সময়, বেছিভাগ সময় কেৱল ঠন ঠন মদন গোপাল হৈ থাকোঁ, সেয়ে থুলথুলীয়া চেহেৰা মোৰ।

: চেহেৰা বাৰু বুজিলোঁ, কিন্তু ডাষ্টবিনত সোমাই কি কৰি আছিলে আপুনি?

: আপুনি মোক য’ত দলিয়াই মই তাতেই থাকিমনা! ভাবকচোন ভাবক, সৰুৰে পৰা অযথা কিমানবাৰ আপুনি মোক ডাষ্টবিনত দলিয়াইছে…গণি গণি শেষ কৰিব নোৱাৰিব। এতিয়া মোক ইয়াতে নাপালে বেলেগ ক’ত পাব?

হয় কথাটো। মোৰ গোটেই জীৱনটোক মাত্ৰ দুটা শব্দত বৰ্ণনা কৰিব পাৰি, সেইয়া হ’ল “সময়ৰ অপব্যৱহাৰ”। টেলেণ্ট চাগে মোৰো আছিল, কৰাহেঁতেন ঢেৰ কিবাকিবি কৰিব পাৰিলোঁহেঁতেন জীৱনত। কিন্তু নকৰিলোঁ। এলাহৰ প্ৰকোপত সময়ৰ সদ্ ব্যৱহাৰ কোনোদিনেই কৰা নহ’ল মোৰ।

: শুনকচোন!

মোৰ চিন্তাত যতি লগাই শকত ছাঁয়ামূৰ্তিয়ে পুনৰ মাত দিলে।

: মোৰ হাতত সময় বেছি নাই, দৰকাৰী কথা এটা কওঁ শুনক। মই বৰ কষ্টত আছোঁ। চেহেৰা দেখিছেই নহয় মোৰ। এনেকৈ চলিলে হাইপ্ৰেচাৰ, ডায়বেটিচ হ’বলৈ বেছিদিন নাই মোৰ। মোৰ কিবা এটা হ’লে আপুনি কিন্তু চেটেপ, মনত ৰাখিব। গতিকে মোক এনেয়ে শুৱাই-বহুৱাই নাৰাখিব বুজিছে। কিবা দৰকাৰী আৰু ভাল কামত লগাওঁক মোক, দেখিব মই আৰু আপুনি, দুয়ো টনটনীয়া হৈ উঠিম। পাৰিলে শুই শুই মোবাইল পিটিকা স্বভাৱটো এৰিব। সেইডালে আপোনাক আৰু মোক, দুয়োকে বৰ্বাদ কৰিব এদিন! মই থাকোঁতেই বুজি লওঁক কথাবোৰ, মই গ’লে বুজিও লাভ নাই। বুজিছে নে বুজা নাই? যাওঁ মই এতিয়া।

কথাখিনি কৈয়ে কঁকালৰ সোঁৱে-বাওঁৱে চৰ্বি ওলমি পৰা মানুহটোৱে মোলৈ পিঠি দিলে। মই চিন্তা আৰু বিস্ময়ত শিল পৰা কপৌ হৈ আছিলোঁ। কিবা এটা ক’বলৈ মানুহজনে থমকি মোলৈ পুনৰ ঘূৰি চালে।

: আপোনাৰ যে বন্ধু, ধদুৱা বিজয়, তেওঁকো বুজাব। তেওঁৰ সময় ৰিপ্ৰেজেণ্ট কৰাজনৰ অৱস্থা মোতকৈও বেয়া। শুই শুই পিঠিত ঘাঁ, তপিনাত খৰ-খজুৱতি হৈ গৈছে। আমাৰ লগৰ আৰু বহুতৰ অৱস্থা একেই। মই লাকী, কাৰণ চেগ বুজি আপোনাক কথাখিনি জনাব পাৰিলোঁ, সিহঁতৰ ইমান ভাগ্য নহ’ল। আপুনি আপোনাৰ গোটেইগাল বন্ধুকে বুজাব কথাখিনি। আমাক, মানে সময়ক যাতে ডাষ্টবিনত নদলিয়ায়; আৰু শুই বহি, অদৰকাৰী কাম কৰি আমাক যাতে বেমাৰী কৰি নোতোলে। আমি চেটেপ মানে আপোনালোকো চেটেপ। মনত ৰাখিব।

কথাখিনি কৈয়ে এন্ধাৰত মিলি গ’ল ছাঁটো। হতবাক হৈ ৰোৱা মই কোনোমতে ঘৰ আহি সোমালোঁ। পাছদিনা পুৱালৈ অৱশ্যে আগদিনাৰ কথাবোৰ কিবা সপোন সপোন যেন লাগিল। ধদুৱাক বিজয়ক কথাখিনি কওঁ বুলি ফোনটো তুলি ল’লোঁ। হোৱাটছ্এপত ইতিমধ্যে ধদুৱাৰ কিবা মেছেজ আছে দেখোন। ফোন কৰাৰ আগতে মেছেজটো পঢ়িবলৈ খুলিলোঁ।

“ছ’ৰী দোস্ত, কালি আড্ডাত অ’ৰেঞ্জ জুচ বুলি তোক অকণ ভদকা খুৱালোঁ। ঘৰ ভালে ভালে গৈ পালি ন? মূৰ বিষাইছে নেকি?”

অভিজ্ঞতাটো সঁচা নে অ’ৰেঞ্জ জুচত মিহলি ভদকাই ৰচা হেলুচিনেচন, মই নাজানোঁ। বিজয়ৰ মতে হেলুচিনেচন, আপোনালোকৰ মতে?

☆★☆★☆

3 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল পঢ়ি।

    Reply
  • ৰাজীৱ শৰ্মা

    ভদকাৰ চাইড এফেক্ট

    Reply
  • কাবেৰী মহন্ত

    পঢ়ি হেপাঁহ নপলায় তোমাৰ লেখা

    Reply

Leave a Reply

Your email address will not be published.