ফটাঢোল

অৰুণোদয় – মল্লিকা শৰ্মা বৰদলৈ

পুৱাই বাসন্তীৰ মুখখন খোল খাইছে আজি, সেই যে খোল খাইছে আৰু বন্ধ হোৱা নাই। প্ৰথমতে ভোৰভোৰণিত আৰম্ভ হৈ এতিয়া বকনিত পৰিছেগৈ। খঙতে চোতালখনত পৰি থকা পাতবোৰ কোবাই কোবাই সাৰি গৈছে। গছৰ পাতবোৰেও যেন কোনোবা জনমৰ পাপৰ ফলতহে বাঢ়নীৰ কোব খাইছে, তেনেকুৱা লাগিছে। আচলতে বাসন্তীৰ খং গছৰ পাতৰ ওপৰত নহয়, খং উঠিছে পুতেক বুধিৰ ওপৰতহে। এনেই পুতেকৰ ওপৰত খং উঠাটো কোনো নতুন কথা নহয়, সেইটো সদায়ে উঠে, পিছে আজিৰ কাৰণটো অলপ বেলেগ।

ফুলেশ্বৰী বাসন্তীৰ সম্বন্ধীয়া “জা” মানে বৰপিতাকৰ বোৱাৰীয়েক, আজি পুৱাই আহি ওলাইছিল। বাসন্তীৰপৰা চাৰিদিন আগতে “তাঁতশালৰ ৰাহখন” লৈ গৈছিল। এইবাৰ বাসন্তীয়ে তাঁতত গামোচা লগোৱা নাই, বাসন্তীয়ে বোৱা কাপোৰত খুট নাথাকে বাবে ফুলেশ্বৰীয়ে প্ৰায়ে তাইৰ তাঁতখনৰে প্ৰশংসা কৰি থৈ যায়। আনকালে কোনোবাই বিহুৰ সময়ত গামোচা ববলৈ সূতা দিয়ে, বিনিময়ত তায়ো পায় কেইখনমান। পিছে আজিকালি মানুহৰ মনবোৰ সলনি হৈছে। দোকানৰপৰা কিনি আনিবলৈহে ভাল পায়। ফলত বাসন্তীৰ দৰে লোকলৈ আশা কৰি থকা শিপিনীৰ এইহেন বিহুৰ বতৰতো তাঁতশাল উদং হৈ পৰি ৰয়। এইবাৰ তাইৰ সূতাই যোগাৰ নহ’ল, বিহুলৈনো মাজতে কেইটা দিন? সেয়ে ৰাহখন এনেয়ে পৰি থকা বুলি জানি সেইখনকে ব্যৱহাৰ কৰি চাবলৈ ফুলেশ্বৰীয়ে নিছিলহি, নিছিলহে কামত হ’লে নালাগিল, এইবাৰ হেনো তায়ো শালত কাপোৰ নলগাই সেইবাবে পুৱাই উভতাই দিবলৈ আহিছিল। উভতাই দিব অহা কথাটোত খং উঠিবলগীয়া একো নাছিল পিছে খংটো ফুলেশ্বৰীয়ে ইচ্ছা কৰিয়েই যাবৰ পৰত মূৰৰ ওপৰত তুলি দি থৈ গ’ল। ফুলেশ্বৰীৰ পুতেক প্ৰভাত থাকে চহৰত। কি কৰে, কি কথা সেইবোৰ বাসন্তীয়ে আজিলৈকে সোধা নাই। সুধিবই বা কিয়, নোসোধাকৈয়ে সজাই পৰাই যিসোপা কৈ যায় মাকে, সেইসোপাকে শুনি শুনি মূৰ ঘোলা হৈ যায়, সুধিব লাগিলেতো দহগুণ বঢ়াই ক’ব লগতে বাসন্তীৰ পুতেকটো অকৰ্মণ্য বুলি সোৱঁৰাই দিবলৈও নাপাহৰিব। সেই পুতেকেই হেনো ফুলেশ্বৰীক তাঁতত কাপোৰ লগাবলৈ মানা কৰি দিছে। বাধা দিয়াৰ কাৰণটো হ’ল ফুলেশ্বৰীৰ চকুত জোৰ পৰিব, শৰীৰৰ কষ্ট হ’ব। তাতকৈ যিমানখন লাগে হাতে বোৱা গামোচা, “চহৰৰপৰা” কিনি আনি দিব হেনো। বিহুত যাক যাক দিব লাগে তাৰ পৰাই দিলে হ’ল। পুতেকটোৱে যে তাইৰ ইমান দুখ বুজে কৈ কৈ ততেই নাই গাত। বাসন্তীৰ সেইবোৰত ইমান দুখ নালাগে যিমান সেই এষাৰ কথাত লাগে,

“বাই এ, তোৰহে জীৱনটো এংকে গেল, এই বুধিটোৰো একোৱে গত নালগিল, নামটো বুধি, বাকী কামত একো নহ’ল।”

ফুলেশ্বৰীৰ গুচি যোৱাৰপৰাই বাসন্তীৰ খংটোৱে উক দিছে। আচলতে নামটো আছিল তাৰ “বুদ্ধি”, লোকৰ মুখত পৰি পৰি বুধি হ’লগৈ। পিছেনো নাম বুদ্ধি হ’লে কিডাল হ’ব? মগজু বুলি একো নাই তাৰ। চিৰিয়ে চেহেৰাই একেবাৰে পেলনীয়া নহয় যদিও কাম একো এটা হাতত নুঠে, এক কথাত “ধোদৰ পচলা” বুধি। চাওঁতে চাওঁতে বিয়াৰ বয়সো হ’লহি এতিয়া, তথাপি তাৰ বিয়া পাতিবলৈ বাসন্তীৰ সাহ নহয়। তেনেকুৱা ল’ৰা এটালৈ ছোৱালী এজনী পালেও গোটেই জীৱন কি কৰি খুৱাব? বাসন্তী থকালৈকে যেনেকৈ নহওক, খুৱাই বুৱাই ৰাখিব, কিন্তু তাৰ পিছত? সেই কথাবোৰতে খং উঠি বাসন্তীয়ে বকিছে। বুধিয়ে এনেয়ো বকনি শুনি ওলোটাই একো নকয়, সি জানে ক’লে যে মাকৰ খংটো দুগুণে বাঢ়িব। সেয়ে সদায় শুনি শুনি মুখস্থ হ’লেও একেখিনি বকনিকে শুনি আছে সি। মাকক এনেকুৱা সময়ত ভাত পানীৰ কথা সুধিবলৈ সাহে নুকুলায়। ৰৈ ৰৈ আমনি লাগি বুধি ওলাই গুছি যায়।

বুধিক যিমান গালি পাৰিলেও তাৰ প্ৰতি থকা চেনেহখিনি লুকুৱাই ৰাখিব নোৱাৰে বাসন্তীয়ে। নিজৰ গৰ্ভত ধাৰণ নকৰিলেও তেনেই কেঁচুৱাৰপৰাইতো ডাঙৰ কৰিছে তাক। বুধিৰ মাক মৰোঁতে সি গাখীৰ খোৱাই হৈ আছিল। আধা বয়স যোৱা বাসন্তীক পিতাকে তাইৰ মত সুধিয়েই বিয়া পাতি আনিছিল। বৰ ভাল আছিল মানুহটো। হ’লে কি হ’ব, এটা বছৰ পাৰ হ’ল কি নহ’ল, বুধিৰ পিতাকো সিপুৰী পালেগৈ। বাসন্তীৰ নিজৰ সন্তানৰ কথা ভবাই নহ’ল। বুধিকে বুকুত সাৱটি তাই ৰৈ গ’ল। সেই তেতিয়াই যি তাই নিজকে কঠিন কৰি তুলিছিল, এতিয়ালৈকে একেই থাকিল। এই ফুলেশ্বৰীহঁতে যে তাইক ঈৰ্ষা কৰে সেয়া তায়ো জানে। কিন্তু সেই ঈৰ্ষা কিহত সেইটোহে আজিলৈকে বুজি নাপালে। ঈৰ্ষা কৰিব লাগিছিল তাইহে, লোকৰ পুতেক চহৰত থাকে, কাম কৰি পইচা পায়, মাহৰ মূৰত ঘৰলৈ আহিলে যাবৰ পৰত মাকৰ হাতত টকা গুঁজি দি থৈ যায়। তাইৰহে নাই যে নাই একোৱেই নাই। পুতেকলৈ মাজে মাজে চিন্তাও হয়, তাইৰ কামত হেলা নাই বাবেই ঘৰখন চলি আছে, তাই নথকাত কি কৰিব সি? পঢ়া শুনা কৰা মগজু বাৰু তাৰ নাছিলেই, যি অলপ আখৰকেইটা চিনি থ’লে সেয়ে হ’ব। কৰিবলৈ মন থাকিলে কিমান কাম আছে, এইকেইদিন অঞ্চলটোৰ গাওঁবোৰৰ ৰাস্তা ওখ কৰা কাম চলি আছে। ঠিকাদাৰে ল’ৰাবোৰক কামত লগাইছে, গাঁৱৰ কিমান ল’ৰাই তাত কাম কৰি প্ৰতিদিনে দুপইচা পাইছে। বাসন্তীয়ে বুধিক তালৈ যাবলৈ কৈ কৈ ভাগৰি গৈছে। তাৰ কাণসাৰ নাই। এইবাৰ সেয়ে তাই এটা সিদ্ধান্ত লৈছে, প্ৰভাতকে ক’ব, বুধিকো চহৰলৈ লৈ যাওক, তাত যি পাৰে কামত লগাই দিয়কগৈ। দুদিন লঘোণে থাকিলেই পেটৰ জ্বালাত কাম কৰিবলৈ বাধ্য হ’ব নহয়।

সন্ধিয়ালৈ বাসন্তীৰ খং কমিল। পুতেকক ভাত বনাই থকাৰ পৰাই কথাষাৰ ক’লে। চাৰিদিন পিছত প্ৰভাত উভতিব, তেতিয়া বুধিকো লগতে লৈ যাবলৈ ক’ব। এইবাৰ যেন সি না নুই নকৰে, নহ’লে মাকৰ লগত তাৰ সম্বন্ধ নাই বুলি ধৰিলেই হ’ল। বুধিয়ে মুখেৰে একো নামাতিলে। কথাখিনি শুনি তাৰ মুখৰ ৰংটো কেনে হৈছিল সেয়া বাসন্তীৰ চকুত নপৰিল, আচলতে নপৰক বুলিয়েই তাই ৰান্ধনীশালৰপৰা কথাখিনি ক’লে।

পিছদিনা ৰাতিপুৱা চাহ জলপান খাই বুধি এপিনে ওলাই গ’ল। সি প্ৰায়েই তেনেকৈ ওলাই যায়, দুপৰীয়া ভাত খোৱাৰ আগে আগে উভতি আহে। ক’লৈ যায় সুধিবলগীয়া নাথাকে। আজি পিছে আনদিনাতকৈ অলপ বেলেগ হ’ল। দুপৰীয়া কি, বেলি ডুবো ডুবো কৰাৰ পৰতো সি আহি নাপালে। বাসন্তীৰ বাৰুকৈয়ে চিন্তা লাগিল। চহৰলৈ যাব লাগিব বুলি কোৱা কাৰণেই নোহোৱা হ’ল নেকি সি? সাধাৰণতে সি সন্ধিয়া সময়ত ওলাই নাযায়, গ’লেও দোকানৰ মূৰতে কাৰোবাৰ লগত কথা পাতি থাকে। তাতেই আছে নেকি বুলি চাই আহিবলৈ যাবলৈ লওঁতেই বুধিৰ মাত শুনিলে বাসন্তীয়ে। মুখলৈ কোনোমতে পানী অহা যেন লাগিল তাইৰ, নহালৈকে চিন্তা হৈ থাকিলেও তাক দেখি খংটো আকৌ উঠি আহিল।

“দিনৰ দিনটো ক’ত মৰি থাকিলি? কাম বন নকৰি, অলৌ তলৌকে ঘূৰি ফুৰি লাজো নাপা? মই বান্দিয়ে ভাতমোখা বনেই ৰৈ থাকিলোঁ ইফালে..”

কথাষাৰ ক’বলৈ মনতে পাগুলি লৈছিলহে বাসন্তীয়ে, ক’বলৈ নাপালে, বুধিয়ে খবৰ কাগজেৰে মেৰিওৱা টোপোলা এটা মাকলৈ বুলি আগবঢ়াই দিয়াত, কিছুপৰ সেইফালে চাই ৰৈ থাকিল তাই। মাকৰ প্ৰশ্নলৈ বাট নাচায় সি নিজেই ক’লে,

“মাইয়েই, পইচা পালিও, তোক ইয়াতে একেলাই এৰি থৈ যাবা নৰো এ মই, টাইনৰ কাপোৰ কিনি আনি দিবা নৰিম কিন্তু কামত সহায় কৰি দিবা পাৰিম দে তোক…”

বুধিৰ মাকে টোপোলাটো চাকিটোৰ পোহৰত খুলি চালে, বগা সূতা কেইমুঠামানৰ লগত কেইলেচামান আচুসূতাও (ৰঙা)। পুতেকক কিবা ক’বলৈ মুখেৰে একো শব্দই ওলাই নাহিল। ক’ত পালি বুলি সুধিবলৈ মন নগ’ল। পুতেকে যে কাৰো পৰা খুজি বা চুৰ কৰি নানে তাই সেইখিনি জানে, তাই সেই শিক্ষা দিছে।

ৰাতি টোপনিত লালকাল বুধিক টিপচাকিটোৰ পোহৰত মূৰৰপৰা ভৰিলৈকে চালে বাসন্তীয়ে। হাত দুখনত দিনটো কোৰ মৰাৰ অস্পষ্ট চিন। পুতেকক ভাগৰত টোপনি মৰা দেখি বহুদিনৰ মূৰত তাইৰ বুকুৰ ভাগৰটো কিছু পাতলিল। চাকিটো নুমুৱাৰ আগে আগে চাৰিওফালে এনেয়ে এবাৰ চকু ফুৰাই চালে, টিপচাকিটোৰ পোহৰে ঘৰখন আনদিনাতকৈ অলপ বেছিকৈ পোহৰাই তোলা যেন লাগিল বাসন্তীৰ।

☆★☆★☆

One comment

  • হেমন্ত কাকতি

    ভাল হৈছে মল্লিকা৷ অৱশেষত বুদ্ধি কামত ধৰিলে

    Reply

Leave a Reply

Your email address will not be published.