ফটাঢোল

অৱতাৰ – লক্ষ্মীনাথ বেজবৰুৱা

‘যদা যদা ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত
ধৰ্মং সংৰক্ষণায় বিনাশয় চাসাধুনাম সম্ভবামি যুগে যুগে৷’

ইয়াৰ অৰ্থটো তোমালোকে নিশ্চয় বুজিছা; কাৰণ তোমালোক সকলোবোৰ পণ্ডিত বুলি মোৰ বিশ্বাস৷ অৱশ্যে, সংস্কৃত কেইফাকিত অশুদ্ধ আছে যদি তোমালোকে ধৰিবা; নধৰা যদি সি তোমালোকৰ গাফিলি, মোৰ কচুৰ নহয়৷ বৰবৰুৱাই শুধকৈ সংস্কৃত ক’ব আৰু তাত থকা অশুধবিলাকো ধৰি দিব, এই দুটা কাম একেবেলিয়ে তেওঁৰ পৰা হ’ব নোৱাৰে৷ মুঠতে তেওঁ ইয়াকে কয় যে তেওঁ সম্প্ৰতি স্বৰ্গফেৰত৷ পৃথিৱীত ধৰ্ম কৰ্মৰ নানা গ্লানি দেখি সেইবিলাকৰ প্ৰতিকাৰ সাধি জীৱক কৃপা কৰিবৰ মনেৰে কিছুকালৰ নিমিত্তে কলিতম যুগত, অৰ্থাৎ কলিৰো কলি আওকলি যুগত তেওঁ আকৌ প্ৰকাশ হ’ল, মানে পূৰ্ণাৱতাৰ হ’ল৷ তোমালোকে নিশ্চয় দেখিছা যে দা- কটাৰি ব্যৱহাৰ কৰোঁতে কৰোঁতে ক্ষয় যায়; কাঠ ছেও দিওঁতে কৰতৰ দাৰ ভোটা হয়৷ এই উদাহৰণৰ পৰা কি বুজিলা ক’ব লাগিব? নুবুজিলা যদি গাওঁ লোৱা আৰু শুনা৷ বৰবৰুৱা স্বৰ্গবাসী হৈ থকা ডোখৰ কালত দিনে-ৰাতিয়ে তেওঁ দেৱভাষা সংস্কৃত ক’বলগীয়াত পৰিছিল৷ পানীভাৰীক তেওঁ এগাগৰি পানী আনি বৰজাকত ঢালিবলৈ ক’ব খুজিলেও ‘জলন্তে স্বৰ্ধা’ নুবুলিলে নহৈছিল৷ ‘তত্ৰং পত্ৰং’ নুবুলিলে চাংমায়ে তেওঁৰ পাতৰ ভাত এমুঠি বাঢ়ি নিদিছিল৷ ‘শাকে পোৰ্কোত’ বুলি সাৱধান কৰি নিদিলে শাক বাছতীজনীয়ে পোকে-জোকে শাক বাছি খুৱাই তেওঁৰ ভিকাচন ভাঙিব খুজিছিল৷ বাহিৰত মেলি দিয়া তেওঁৰ তলত পৰা আৰু গাৰু বৰষুণত তিতি গ’লেও সেইবোৰ ভিতৰত সোমাবলৈ লগুৱাক মাতি ক’লে ‘ভৃতং টোপং’ নুবুলিলে গাৰু, তলপৰা বাহিৰতে তিতি জোল হৈছিল৷ এনেস্থলত ‘উঠন্তে বহন্তে আৰু পথত ভ্ৰান্তে, নিশ্বাস কাঢ়ন্তে, নিশা শয়ন কৰন্তে’ তেওঁ সম্পত্তি মুঠেই এভুৰুকা সংস্কৃতৰ তলি উদং নহ’বৰ বা তেওঁ সংস্কৃতৰ একেখন মাথোন হাত কৰতৰ দাৰ ভোটা হৈ নাযাবৰ কি কাৰণ আছে? তোমালোকৰ পৃথিৱীৰ ওলোটা শাস্ত্ৰমতে তোমালোকে কিজানি এতিয়াই ক’বা যে কওঁতে কওঁতে সংস্কৃত শুদ্ধ আৰু চোকা হে হ’বৰ কথা, ভোটা হ’ব কিয়? বৰবৰুৱাই ইয়াৰ উত্তৰত ইয়াকেই কয় যে তোমালোকৰ আইন আৰু তেওঁৰ স্বৰ্গৰ আইন দুটা সুকীয়া পদাৰ্থ৷ যেনে- তোমালোকৰ দেশত কৰতীপাৰৰ গোসাঁইৰ শিষ্যক বুদবাৰীৰ গোসাঁয়ে ভঙাই নি নিজৰ শিষ্য কৰি মুকুতি দিব খুজিলে নাইবা মহাপুৰষীয়া মানুহক পৰ্বতীয়া গোসাঁয়ে শিষ্য কৰি স্বৰ্গলৈ যাবলৈ ফ্ৰি পাছ বা টিকট দিব খুজিলে, তাক বুজাই বৰাই প্ৰভুসকলে সেই কাৰ্য কৰিবলৈ পুৰুষাৰ্থ কৰে আৰু শেহত নোৱাৰি হুৰিলে, তেনেকৈ স্বৰ্গলৈ যাবলৈ অমান্তি হোৱা বলে নোৱাৰা নিসিজা ঢেৰুৱাৰ ঠাৰিজনক ‘ হতছিৰি হ’ বুলি শাও দি এৰি দিয়ে; কিন্তু আমাৰ স্বৰ্গৰ গোঁসাই প্ৰভূসকলৰ হ’লে বাট বেলেগ । আৰু কওঁ শুনা – তোমাৰ দেশত চৰ-গোৰ, ঢকা-ভুকু, থিয়কিলক চৰ, গোৰ, ঢকা-ভুকু থিয়কিলেৰে নুশুতাই তাক সহি থাকি অসাধুতাক সাধুতাৰে জয় কৰিবলৈ গ’লে শলাগ পোৱা যায়, কিন্তু আমাৰ দেশত তেনে কৰিলে সহোতাজনক কাপুৰুষ বুলি নিন্দা কৰা হয়। অৱশ্যে আমাৰ দেশ মানে স্বৰ্গ বুজি আহিবাহঁক। মুঠতে কব’লৈ গ’লে আমাৰ দেশত ঘোঁৰা, মেকুৰী, কুকুৰ, বৰা গাহৰি আদিৰ নিচিনাকৈ ঠেং, নখ, দাঁত আৰু হাতোৰাবিলাক সততে টান আৰু চোকা কৰি ৰাখি ব্যৱহাৰ কৰি থকা সকলে সাহিয়াল, বৰমতা আৰু বীৰ নাম পায় আৰু তেনে নকৰাবিলাক হাঁহিয়াতৰ পাত্ৰ আৰু কাপুৰুষ ছাব তেওঁলোকৰ কপালত পৰে। আমাৰ দেশত দুজন দেৱতাৰ মাজত গলিয়াগলি হৈ দ্বন্দ্ব লাগিলে, কোন জগৰীয়া নিজগৰীয়া তাৰ বিচাৰৰ ভাৰ তেওঁলোকে পিষ্টলৰ গুলীৰ ওপৰত দি নিশ্চিন্ত হয়; কিন্তু তেওঁলোকৰ ফেকুন্দা দেশত সেই বৈদিক বিচাৰৰ ব টোকে বিচাৰি পাবলৈ নাই। তোমালোকৰ দেশত মদ, গৰু, গাহৰি, কুকুৰা খালে জাত যায়; কিন্তু আমাৰ স্বৰ্গত সেইবিলাক দিনটোত কম প‍খেও চাৰিবাৰকৈ নেখালে গা নৰয়। তোমালোকৰ দেশত গোঁসাইৰ তেজ গোসাঁইৰ মঙহ খোৱা বুলি কাৰবাক গালি পাৰিলে তাৰ লঘোন-পৰাচিত লাগে। আমাৰ দেশত আমি আমাৰ গোসাঁইঘৰত বহি এটোপা ৰঙা ফটিকা আৰু এখন পিঠাকে, সঁচাকৈ পাবলৈ নাইকিয়া গোসাঁইৰ তেজ মঙহ বুলি মনতে ভাৱি লৈ দকচি বজাই দিওঁ‍হক। তোমাৰ দেশত ভাল মানুহৰ ল’ৰা- ছোৱালীয়ে কেতিয়াবা ক’ৰবাত কলতলে- বাঁহতলে এপাক আদপাক নাছিলে সিহঁতে নাচনী ছোৱালী নটুৱা ল’ৰা নাম পায়, বাপেক-মাকৰ চেকনীৰ কোব খায় আৰু ওচৰচুবুৰীয়াৰ গঞ্জনা খায়। আমাৰ দেশত আনৰ কথাকে নকওঁ, ইন্দ্ৰ শচীয়েও আন আন দেৱতা আৰু তেওঁলোকৰ বিবাহিতা তিৰুতাৰে সৈতে নাচি বৰ চৰা তল-ওপৰ লগাই থাকে। সেই কামত দায়-জগৰ হাঁহিয়াত বুলি এটা পদাৰ্থ আমাৰ তাত নাই।

এইবিলাক যি কি নহওক, বৰবৰুৱাৰ পুনৰ পূৰ্ণাৱতাৰৰ কাৰণ, পৃথিৱীত ঘাইকৈ অসমত ধৰ্মৰ গ্লানি অৰ্ধমৰ অধিষ্ঠান অনাচাৰ অত্যাচাৰ অবিচাৰ বুলি পাতনিতে উনুকিওৱা হৈছে। বৰবৰুৱাই অসম দেশখন যেনে এৰি থৈ গৈছিল, উভতি আহি তেওঁ তেনে পোৱা নাই। তেনে নোপোৱাত তেওঁ বেজাৰ নাই, কাৰণ পৃথিবীত একোৱেই একেদৰে নাথাকে। হয় সি আগবাঢ়িব, নহয় সি পাছ হুহকিব। অসমক পাছলৈ হুহকি আহা পোৱা গৈছে, আৰু বৰবৰুৱাৰো বেজাইৰ কাৰনে সেই ফেৰাহে। চাৰিওফালে কিবা গোলমাল খেলিমেলিখন লাগি পৰিছে। শ্বেতদ্বীপৰ পৰা বৰফুকন এজন আহি কিছুদিনৰ আগেয়ে ভাৰত শাসন কৰিছিল। সেইজনৰ শাসন কোনোৱেই ভাল বোলে, কোনোৱে বেয়া বোলে। সেই কথা বিচাৰ নকৰি বৰবৰুৱাই কবলৈ বাধ্য যে বৰফুকন ডাঙৰীয়াই ঢাৰি- পাতি, কাহি-কলহ বান্ধি টুপিটো কুকুৰটো আৰু লাখুটিডাল লৈ ঘৰলৈ ওভতি যাবৰ সময়ত বঙলা দেশখন ফালি দুফাল কৰি এফাল নিচলা অসমৰে হৈছে বলেৰে লগলগাই থৈ গুচি গল। অসমৰ হকে বৰবৰুৱাৰ এই কাৰ্য্যত বৰ বেজাই। কিন্তু এইটোও কওঁ যে তেওঁৰ এই বেজাইৰ কাৰণটো ভুল হলে যাৰ মন যায় তেওঁ তাক শুধৰাই লব, কাৰণ বৰবৰুৱাৰ ভুলে-নিভুলে, অনুমানতে-প্ৰমাণে, দীঘলে-পুতলে সোপাকেই টানে, শিপাই ৰসে গোট খাই লাৰুটো হৈ টানিমানি কলিকতাত কোনোমতে কৃপাবৰ বৰবৰুৱা হৈ আকৌ ওলাইছেহি। তেওঁৰ কথাত কেৰা লাগিলে তাৰ বাবে কোনোবাই তেওঁৰ পিঠিত ঔ পৰিবলৈ গলে, তেওঁ তেওঁৰ ন-সূত লগুণ ধৰি শপত খাই কৈছোঁ যে নিশ্চয় তেওঁ যি বাটে স্বৰ্গৰ পৰা ভালক বুলি নামি আহিছিল, আকৌ সেই বাটেদিয়েই যেনেতেনেমতে বগাই জগাই সোপাকে নেওচা কেওচা দি এৰি কাকো একেষাৰ মাত নলগোৱাকৈ স্বৰ্গলৈ উলটি গুচি যাবলৈ।
বৰবৰুৱাৰ মতে অসম আগেয়ে আছিল ভাল। এতিয়া ছালছিগা অসমে শাকে কচুৱে বা ঔটেঙা বখলা ভাতত দি পলৰীয়া চাউলৰ ভাত এগাল খাই আছিল। তাত কোনো বিদেশীয়ে ‘হো কটা’ একেষাৰো বুলিবলৈ নাছিল বা তেওঁৰ পৰলীয়া চাউলৰ ভাত গালত চকু দি ‘সেই ভাত ক’ ৰ?’ বোলোঁতা নাছিল আৰু সেই বলী বিদেশীৰ গঢ়-গতি দেখি তেওঁ ভয়ত ‘সেই পাত তোৰেই দে’ বুলি নিজৰ বঢ়া ভাতপাত তাক এৰি দি আঁতৰি থিয় হৈ চকুৰ পানী টুকিব নেলাগিছিল।

বৰবৰুৱাই ঠিক বুজিছে যে অসমীয়া চেৰেলা গৰুৰে সৈতে শকত বঙালী গৰু জুৰি দি হাল বোৱাৰ ফল ‘বিষোৎসৰ্গ’। আৰু এই শোকত ডেই-পুৰিহে বৰবৰুৱাৰ স্বৰ্গ সুখ পৰিত্যাগ আৰু পুনৰাগমন, দুখৰ কালত দুখীয়া অসমৰ কিজানি তেওঁ কিবা উপকাৰ কৰিব পাৰেই, এই আশা। বৰবৰুৱা ডাঙৰীয়া যে নিৰপেক্ষ লোক, সকলোৰে মাজত আন একো নাথাকিলেও তেওঁৰ এইফেৰা খ্যাতি আছে। গতিকে, তেওঁ বঙলা মলুকৰ ফালৰ পৰাও কথাটোৰ যৎকিঞ্চিৎ বিচাৰ এইখিনিতে কৰিবলগীয়াত পৰিল।

বঙলা মলুক আগেয়ে কেইবাখনো আছিল। যেনে-পূৰ্ব বাংলা, পশ্চিম বাংলা ইত্যাদি। মাজতে মুছলমান ৰজাসকলে পাই এটাই কেইখন গোটাই এচৰুকৈ পোলাও ৰান্ধিলে।ইংৰাজ ৰজাই সেই পোলাও চৰু পাই বেহাৰ, উৰিষ্যা আদি ‘কাৰি, আচাৰ, চাটনি’ ভাত ভালকৈ সানি বেংগল প্ৰেচিডেন্সী নাম দি এটা নতুন ডাঙৰ খানা তৈয়াৰ কৰিলে। সেই খানা এজন লাটচাহাবে অকলে চম্ভালিব নোৱাৰা হলত তাক দুভাগ কৰি দুজনৰ পাতত দিয়া হ’ল। সি যি কি হওঁক, আচলতে বঙলা মলুকৰ মানুহ দুই ভাগত বিভক্ত। এভাগক বঙালী আৰু আনভাগক বঙাল বোলে। এতিয়া প্ৰায় সেইদৰেই বংগ দেশখনক চৰকাৰৰ ঘৰৰপৰা ভাগ কৰা হৈছে। বৰবৰুৱাৰ মতে, এই ভাগ-বাটোয়াৰ বঙাল-বঙালী কাৰো অসন্তোষৰ কাৰণ হোৱা উচিত নহয়। তেওঁলোক দুই দল আজিকালি কিবা ল’ৰামতিয়া হৈ পৰিছে নতুবা তেওঁলোকে এইদৰে পেনপেনাই কান্দি নুফুৰিলেহেঁতেন। নিজৰ কি লাভ কি লোকচান, দ-কৈ এদলেও ভাবি নাচাই। বৰবৰুৱাই কিন্তু সেই কথা ভাবিছে, কাৰণ তেওঁ পৰৰ হৈ ভাবিবলৈ আৰু ভোজন কৰিবলৈকে অৱতাৰ হৈছে। কলিকতাৰ ফালৰ বঙালীবিলাকে ঢাকা মৈমনছিং ফৰিদপুৰ বাখৰগঞ্জ আদি ঠাইৰ পূর্বদেশীয় বঙালসকলক শিয়ঁৰা ঠাট্ৰা কৰা, পেংলাই কৰা সকলোৱে জানে। তেওঁলোকৰ ‘আহেন আহেন’, ‘বহেন বহেন’, ‘হৰ্চ মানে কিল্লাৰ গোলা নয়, চৰিবাৰ গোৰা’ ইত্যাদি এশ এটা খুঁতৰ উল্লেখ কৰি বঙালীয়ে ঠাট্টাৰ কোবত তেওঁলোকৰ তত এৰুৱাটোও সকলোৱে জানেই এই কথাও কাৰো অবিদিত নাই যে বঙালীয়ে ঘাটে-বাটে সুবিধা পালেই বঙলাৰ ফাললৈ চাই এই শ্লোক মাতে-
‘বঙাল মনুষ্য নয়, উড়ে এক জন্তু।
লম্ফ দিয়ে গাছে উঠে, ল্যাজ নাই কিন্তু।’

বঙালৰ দোষৰ ভিতৰত এইফেৰা যে তেওঁলোকৰ মাতবিলাক কিবা হেনাহচা আৰু তেওঁলোক অঁকৰা গোৰা ম’হ যেন খঙাল। তাতকৈও দোষ যে, তেওঁলোক এলেহুৱা নহয়, আৰু বৰ পৰিশ্ৰমী গতিকে বঙালীক বিশ্ববিদ্যালয়ৰ মহলাত আৰু নানা কামত তেওঁলোকে হৰুৱাই।বৰবৰুৱাই নিখুঁতকৈ জানে যে বঙালীবিলাকৰ ইত্যাদি দৌৰাত্ম্যৰ নিমিত্তে বঙালবিলাকৰ সদায় ‘উগুল-থুগুল মনে নাহি সুখ-শান্তি। নেপান্ত উপায় একো মান গুনি গান্থি।’ আৰু সেই দেখিয়েই তেওঁলোকৰ সদায় মূৰৰ ঘিঁউ উতলিয়েই থাকে আৰু অলপতে কিবা অঁকৰা খংটো উঠে।বৰবৰুৱাই ভালকৈ জানে যে চিতাগাঁও আৰু ছিলটৰ অনেক বঙালে মুখ মেলিলেই বঙালীৰ ঠাট্ৰাৰ কোব খাব লাগে দেখি তেওঁলোকে বঙালা ভাষা একেবাৰে ক’বলৈকে এৰি ইংৰাজীৰে কথা কয় আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীকো ঘৰত সৰুৰেপৰা মাতৃভাষা নিশিকাই লোকৰ আগত দেখুৱাই ‘চাহাবী কৰাটো’, কিন্তু ভিতৰৰ কথাটো সেই। বৰবৰুৱাই কয় যে, বঙালী মুলুক ফালি তেওঁলোকক বেলেগাই দি ‘ডাহা’ জিলাত সুকীয়াকৈ ৰাজধানী পাতি দিয়াত তেওঁলোকে অকলে শকতলক্ষ্মীনাথ বেজবৰুৱাৰ নিৰ্বাচিত অসমীয়া সাহিত্য এঘৰ হৈ, মুখ বেকেতা-বেকতিকৈ তেওঁলোকক শিয়ঁৰা কলিকতীয়া বঙালীক বুঢ়া আঙুলি আৰু মনোহৰ-কলা যে দেখুৱাব পাৰিব এই কথা তেওঁলোকৰ মনত খেলোৱাই নাই। এই আৰ্চী যেন ফটফটীয়া কথাটো বঙাল ভাইহঁতে নেদেখি বঙালীৰে সৈতে লগ লাগি চিঞঁৰ-বাখৰ কৰি গছৰ পাত সৰাব লাগিছে কিয় ক’ব নোৱাৰে। কিমাশ্বৰ্যং অত: পৰং। বৰবৰুৱাই কয়, বৰং কালক্ৰমত উক্ত বৰফুকন ডাঙৰীয়া মৰিলে তেওঁলোকে গয়াত তেওঁৰ পিণ্ড দি আহিবলৈ এতিয়াৰপৰা আগ কৰি থোৱা উচিত।

বঙালীৰ ফালেও কওঁ যে তেওঁবিলাকৰ এই আহঁফলা ব্যৱস্থাত বেজাৰৰ কাৰণ এধানমানো থকা উচিত নহয়, বৰং তেওঁলোকে তেওঁলোকৰ টপা মুৰবিলাকত হাত ফুৰাই উশাহ লৈ জীলোঁ বুলি ৰঙেৰে থকা উচিত। হে কলিকতীয়া বঙালী ভ্ৰাতা:। শৃন্বন্তং তোমালোকে সৰ্বে। বঙালহতঁৰ উৎপাতত তোমালোক জ্বলাকলা।হয় নহয় ‘বৰবৰুৱা গাৰে আৰ হম’ বুলি শপত খাই তোমালোকে কোৱা। কলিকতাত বা মুদৈ সদাগৰৰ অফিচত কাম এটা ওলালে বঙালৰ পুঠি-খলিহা, ৰৌ-বৰালিখনে তোমালোকৰ মুখৰ আগৰেপৰা তাৰ বাৰ অনা কাঢ়ি নিয়ে। পোন্ধৰটকীয়া কুৰিটকীয়া কামলৈ বঙাল গ্ৰেজুয়েট হাত মেলি চৰকাৰীৰ বজাৰৰ দৰ ভাও কমাই তাক মৃত্তিকাং চকাৰ।(স্কুল -কলেজত বঙাল ল’ৰাই প্ৰথম, দ্বিতীয় আদি কিবাকিবি হৈ জলপানিবিলাক কাঢ়ি নি তোমালোকৰ ল’ৰাৰ বাটত কণ্টক হয়। বঙালে সৰিয়হৰ বা এৰা গুটিৰ তেল চাকি এটা লগাই ছিগা মাদুৰিৰ কঠ এখনত পেট পেলাই মৰো-জীওঁ সোঁ-আধিকৈ ওৰে ৰাতি পঢ়ি বঙালী ল’ৰাতকৈ সোঁ সোঁ কৰে আগবাঢ়ি যায়। তোমালোকৰ ল’ৰাই এনে অভদ্ৰভাৱে মাটি কামুৰি শৰীৰ নষ্ট কৰি ইণ্টাহান দিবলৈ যাব পাৰে নে ? তোমালোকে জানা ‘জান’ আগেয়ে তাৰ পিছতহে ইণ্টাহান। অঁকৰামুৱা বঙালে জানে ইণ্টাহান আগেয়ে তাৰ পিছতহে ‘জান’। (কলিকতাৰ দপ্তৰী, মুদি, ভাত ৰান্ধনী বামুণ, দোকানী, পোহাৰী, ফেৰীৱালা আৰু আন ডাঙৰ-সৰু ব্যৱসায়-বাণিজ্যত কাকতী-ফৰিং পৰা দি পৰি এই বঙালবিলাকে দেশখন বাৰু উজাৰ কৰা নাই নে?) নিশ্চয় কৰিছে,নাইবা তোমালোকে ‘বাঙাল মনুষ্য নয়’ শ্লোক ৰচি তেওঁলোকৰ গুণ আৰু তোমালোকৰ আক্ষেপ প্ৰকাশ কেতিয়াও নকৰিলেহেঁতেন। তেন্তেনো তোমালোকে ‘কথা মখাৰ আহ মখা’ নুবুজা কিয়? তোমালোকক বৰবৰুৱাই ‘দেখ’ বুলিলেও নেদেখা অথচ ‘কণা’ বুলিলেও জগৰ। তোমালোকে বুজাই হে নাই যে তোমালোকৰ শাপেই বৰ হৈছে।

আজিলৈ এই কেইষাৰ কৈয়েই ভাগৰে ধৰা বুঢ়া বৰবৰুৱাই ৰাইজৰ ওচৰত ছুটীৰ দৰখাস্ত ‘পেচ’ কৰিলে।

(লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অৱতাৰ’ ব্যংগ প্ৰবন্ধটি ইউনিক’ড কৰা হ’ল৷ ইউনিক’ড কৰোঁতা- ১/ সোণটো ৰঞ্জন বৰুৱা, ২/ অনামিকা দত্ত৷)

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.