ফটাঢোল

আইনষ্টাইন বেজবৰুৱা – ঈশান জ্যোতি বৰা

(১) কৃষ্ণগহ্বৰ

আইনষ্টাইন বেজবৰুৱা নিৰুদ্দেশ৷ বীৰেনৰ মুখত খবৰটো শুনিয়েই মোৰ মূৰটো আচন্দ্ৰাই কৰাদি কৰিলে৷ ভাগ্য ভাল, কাষতে বাঁহৰ খুঁটাটো থম্‌থম্‌কৈ ৰৈ আছিল৷ তাকেই ধৰি এইবেলি সংকটৰ পৰা বাচিলোঁ৷ নহ’লে কথা গহীনেই হ’লহেঁতেন৷ পিচে দুৰ্ভাগ্যৰ কথা, বেজবৰুৱা মানুহজননো কেনেকৈ নাইকিয়া হ’ল-তাৰ সবিশেষ বীৰেনে মোক দিব নোৱাৰিলে৷ তাৰ পৰিৱৰ্তে সি অইন দুটামান তথ্যহে দি গ’ল৷ নমস্য মানুহজন অদৃশ্য হোৱাৰ খবৰটো শুনি তেওঁৰ গুণমুগ্ধ, ছাত্ৰ আৰু অনুৰাগী সমাজ শোকস্তব্ধ আৰু একেসময়তে বিস্ময়ত হতবাক হৈ পৰিছে৷ কোমল মনৰ দুজনমান ‘ডাই হাৰ্ড ফেন’ খবৰটো শুনি হেনো ঠাইতে মূৰ্চা গ’ল৷ তাৰে এটাই নেটৱৰ্ক বিচাৰি বিচাৰি ঘৰৰ কাষৰে তামোলজোপাত উঠিছিলগৈ৷ কোনোবাই তেনেকুৱাতে দৌৰি-দৌৰি গৈ তাক খবৰটো দিলে৷ নিমাখিত ল’ৰাটো তামোল জোপাৰ পৰা পকা আম সৰাদি সৰি পৰিল৷ ভাগ্যে তামোলজোপা বৰ ওখ নাছিল৷ নহ’লে বোপাৰ কমখন বিলাই হ’লহেঁতেননে!

দ্বিতীয়টো ঘটনা প্ৰথম ঘটনাস্থলীৰ পৰা অলপ আঁতৰৰ চুবুৰি এটাৰ৷ এটা ৰোমহৰ্ষক প্ৰতিক্ৰিয়া৷ শোকত মৰ্মাহত হৈ একাদশ শ্ৰেণীত পঢ়ি থকা ‘ফিজিক্স-পাগল’ এজনী ছোৱালীয়ে ভৰ দুপৰীয়া মাক-দেউতাকক সতৰ্ক-বাণী শুনাইছে

: যদি তিনিদিনৰ ভিতৰত বেজবৰুৱা ছাৰ ওভতি নাহে, তেন্তে মই এক নজিৰবিহীন কাণ্ড সংঘটিত কৰিম৷
পিচে নজিৰবিহীন কাণ্ডটোনো কি ৰকমৰ হয়, সেই বিষয়ে ছোৱালীজনীয়ে মুখ খোলা নাই৷ তিনিদিনৰ পাছতহে গম পোৱা যাব৷ মাক পিচে প্ৰচণ্ড আত্মবিশ্বাসী৷ তেওঁ জানে-নজিৰবিহীন ঘটনাটো কি হ’ব পাৰে৷ সেয়ে লগৰবোৰলৈ ফোন কৰি ‘তাইৰ কাৰবাৰ লগত হলি-গলি আছে নেকি?’ শীৰ্ষক প্ৰশ্নটো সুধিবলৈ আৰম্ভ কৰি দিছে৷

অৱশ্যে সুখৰ কথা, আৱেগসৰ্বস্ব এইচাম মানুহৰ উপৰি অল্পআৱেগিক এচাম মানুহো বেজবৰুৱাৰ অনুৰাগীৰ সমাজখনত আছে৷ বীৰেনে তেনেকুৱা খবৰ দুটামানো দিলে

: বেজবৰুৱাক ভাল পোৱা একাংশই আৱেগত বিহ্বল নহৈ নিজ নিজ কৰণীয় কৰি আছে৷ ‘এই কথাই কথা নহয়’-বুলি চহৰৰ দুখনমান দোকানৰ মালিক-কৰ্মচাৰীয়ে আগফালে-পিছফালে তলা ওলোমাই নিজাববীয়া অনুসন্ধান আৰম্ভ কৰিছে৷ বাঁহৰ তল, চেঁচুক, জোপোহানি, দোকান, পথাৰ, অঙ্গনৱাড়ীৰ শ্ৰেণীকোঠা, প্ৰধান মন্ত্ৰীয়ে নিৰ্মাণ কৰি দিয়া দুহাত দীঘল আৰু আঢ়ৈহাত বহল শৌচালয়-একো বাদ পৰা নাই৷ সকলোতে তুমুল অনুসন্ধান৷ দুজনমান যুক্তিবাদী আৰু ‘চেলিব্ৰিটি’ প্ৰজাতিৰ ছাত্ৰই ছ’ছিয়েল মিডিয়াতে ‘বেজবৰুৱা বচাও’ কেম্পেইন আৰম্ভ কৰিছে৷ শেহতীয়া তথ্য মতে, বেজবৰুৱাক বচাবলৈ প্ৰায় পাঁচহাজাৰ ‘লাইক’ দলে-বলে সোমাই আহিছে৷…যি-কোনো প্ৰকাৰে বেজবৰুৱাক বিচাৰি উলিয়াবই বোলে৷..সোনকালে মানুহজনক পালেই হয় আৰু দেই…

উত্তেজনাসৃষ্টিকাৰী উদাহৰণবোৰ একে উশাহে দি উঠি বীৰেনে সেপ এটা গিলিলে৷ তাৰপিছত মাটিত পৰি থকা ভৰিখন চাইকেলৰ পেডেলত উঠালে৷ তাৰপিছত ‘দাদা, কিবা খবৰ পালে ফোন কৰিব’ বুলি অনুৰোধটো জনাই মোৰ পৰা বিদায় ল’লে৷ বোধহয়, সিও এতিয়া বেজবৰুৱাকে বিচাৰি যাব৷ এৰা, হঠাতেবা মানুহজন ক’লৈ গ’লগৈ! সুস্থ-সবল, জনপ্ৰিয়তাৰ শীৰ্ষত থকা, আটাইৰে চেনেহৰ মানুহজন এনেকৈ তৎক্ষণাৎ ক’ত নোহোৱা হৈ গ’ল! বেজবৰুৱাক বাৰু কোনোবাই কিডনেপ…! নাই, নাই সেই কথা হ’ব নোৱাৰে৷ বেজবৰুৱাৰ নিচিনা সৰলমতি মানুহক কোনেও কিডনেপ কৰিব নোৱাৰে৷ তেন্তে! তেন্তে, ক’লৈনো গ’ল আইনষ্টাইন বেজবৰুৱা!

(২) সময়
কালি আবেলি পাঁচটামান বজাত মানুহজন বজাৰলৈ গৈছিল৷ ঘৈণীয়েক প্ৰভাই, লগতে ল’ৰা-ছোৱালীহালেও যোৱা দুদিনমানৰ পৰা বৰকৈ ‘চিকেন খাওঁ-চিকেন খাওঁ’ বুলি প্ৰতিবাদী কাৰ্যসূচী চলাই আছিল৷ পিচে ‘সময়ৰ টিকনি মোৰ লগে লগে উৰে’ শীৰ্ষক তাৎপৰ্যপূৰ্ণ মন্ত্ৰত বিশ্বাসী বেজবৰুৱাই তেওঁলোকৰ কাতৰ অনুৰোধ কিম্বা বিষাদভৰা চাৱনিক গুৰুত্ব দি সময় নষ্ট নকৰিলে৷ তেওঁৰ মুখত একেটাই সংলাপ-

: মোৰ মৰমৰ শ্ৰীমতি আৰু মৰমৰ সোণামুৱাহঁত, শনিবাৰৰ আগত চিকেন খাবলৈ আশা নকৰিবা৷

: কিন্তু কিয়? শনিবাৰৰ বাহিৰে বেলেগ দিনা চিকেন খোৱাত বাধা কিয়?

প্ৰভাৰ পোনপটীয়া প্ৰশ্ন৷ উত্তৰত বেজবৰুৱাই ক’লে-

: সময় বুইছানে সময়!

: নাই বুজা৷

অহাবাৰলৈ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া বেজবৰুৱাৰ গুণী ল’ছালিহালে অভিমত প্ৰকাশ কৰিলে৷

: তহঁত আৰু অলপ ডাঙৰ হৈ ল৷ তাৰপিছত বুজাম৷

বেজবৰুৱাই সিহঁতৰ গালে-মূৰে হাত ফুৰাই ক’লে৷

: কিন্তু মোকতো ক’ব পাৰা৷ ময়োতো চায়েন্স পঢ়িছিলোঁ৷

প্ৰভা দেৱীৰ কণ্ঠত সামান্য আক্ষেপ৷

: এৰা ঠিকেই৷ পঢ়িছিলা৷ অতীত কাল৷ সেই সময় কেতিয়াবাই পাৰ হৈছে৷ সেই সময়, এই সময়৷

পত্নীৰ মুখত ৰহস্যৰ সৃষ্টি কৰি বেজবৰুৱাই বেঁকা হাঁহি এটা মাৰি ঘৰৰ পৰা ওলাই আহিল আৰু সন্ধ্যা ভাত খোৱাৰ পৰতহে ঘৰত প্ৰৱেশ কৰিলে৷ ইতিমধ্যেই প্ৰতিবাদী বতাহজাক শাম কাটিছিল৷ গতিকে বেজবৰুৱা লঘোনে থাকিব লগা নহ’ল৷ তাৰ দুদিন পিছত অৰ্থাৎ, কালি সেই বিশেষ দিনটো আহিল৷ পূৰ্বনিৰ্ধাৰিত সময়মতে বেজবৰুৱা ঘৰৰ পৰা বাজ হ’ল৷ উদ্দেশ্য একেবাৰে সৎ আৰু পানীৰ দৰে স্বচ্ছ৷ বলেনৰ দোকানৰ পৰা আধা কিলো মাংস ক্ৰয় কৰা৷ তাকে দেখি পত্নী আৰু ল’ছালিহালৰ মুখত এসাগৰ হাঁহি৷ হওক তেও, আজি নিশা ভাত দুটামান বেছিকৈ পেটলৈ যাব৷ পাঁচ বাজি বিশ মিনিটত বেজবৰুৱা গৈ হৰেক কিছিমৰ মাংসৰ বেপাৰ কৰা বলেনৰ দোকান পালেগৈ৷ এই বলেনো আছিল বেজবৰুৱাৰে ছাত্ৰ৷ পিচে নিউটনৰ দ্বিতীয়টো গতি-সূত্ৰতে তাৰ মগজুৰ গাড়ীৰ চকাটো বৰ হতাশাজনকভাৱে ফচি থাকিল৷ সি আৰু মুক্তিৰ পথ বিচাৰি নাপালে৷ উপায়বিহীন হৈ বলেনে চায়েন্সৰ পৰা নাম-ধাম কটাই আনি আৰ্টছত জইন কৰিলেহি৷ কিন্তু বেজবৰুৱা ছাৰৰ লগত সম্পৰ্ক অটুট থাকিল৷

: ছাৰ, কেই কিলো দিম?

হাতত মাংস কটা দাখন লৈ বলেনে আগ্ৰেহৰে বেজবৰুৱাক সুধিলে৷

: বেছি নালাগে৷ আধা কিলোকে দে৷

: হয় ছাৰ৷

বলেন মাংস কটাত লাগিল৷

: ছাৰ!

মুৰ্গীটোৰ ছালখন বখলিয়াই বলেনে উৎসুকতা প্ৰকাশ কৰিলে৷

: ক’চোন বলেন৷

: ছাৰ, এই শনিবাৰে মাংস খোৱাৰ ৰহস্যটোনো কি!

: হেঃ হেঃ হেঃ৷ তয়ো ভাল প্ৰশ্ন কৰিলি৷

: ছাৰ, নুবুজিলোঁ৷

: শুন৷ সপ্তাহত সাতটা দিন৷ হয়নে নহয়?

: ছাৰ হয়৷

: তাৰে বৃহস্পতিবাৰটো বাদ দে৷ তাৰমানে সেইদিনা আমি নিৰামিস খাওঁ৷ সপ্তাহত তিনিদিন পুৱা-দুপৰীয়া খাই থকা মুৰ্গীৰ কণী আৰু পনীৰো তোৰ হিচাবৰ পৰা বাদ দে।

: দিলোঁ বাদ৷ তাৰপিছত?

: বুধবাৰে খাওঁ মাছ৷ গতিকে সেইদিনটোও বাদ৷ এতিয়া মাংস খাবলৈ মোৰ হাতত থাকিল সোম, মঙল, শুকুৰ, শনি আৰু দেও৷ হয়নে?

: হয়৷

: এতিয়া চা৷ মোৰ দুটামান সূত্ৰ আছে৷ (ক) মাংস খোৱাৰ প্ৰভাৱ দুদিনলৈকে থাকে আৰু (খ) মাছৰ প্ৰভাৱ এদিনলৈকে থাকে৷ আমি শনিবাৰে যেতিয়া মাংস খাম, তেতিয়া তাৰ প্ৰভাৱ দেও আৰু সোমবাৰলৈকে থাকিব৷ সেইকেইটা দিনত যদি সিহঁতে পুনৰ মাংস খাম বুলি কয়, তেন্তে মই সিহঁতক ‘ধেইৎ! কালি (বা পৰহি) খাইছোঁহে!’ বুলি কৈ ফালৰি কাটিব পাৰিম৷ নতুবা পুৱা খাই উঠা কণীকেইটালৈ মনত পেলাই ‘ৰাতিপুৱা দেখোন মুৰ্গীৰ কণী খালিয়েই৷ সেইয়াও মুৰ্গীৰে অংশবিশেষ৷’-এনেকৈ ক’ব পাৰিম৷ মঙলবাৰে মাংস খাম বুলি ক’লে ‘কাইলৈ বুধবাৰ৷ মাছ খামেই দেখোন৷’ বুলি ব্ৰহ্মাস্ত্ৰপাত নিক্ষেপ কৰি দিব পাৰিম৷ হয়নে, নহয়?

: হয় ছাৰ৷

বলেনে চকু বহল কৰি ছাৰৰ ব্যাখ্যা শুনি গ’ল৷

: গতিকে বুধবাৰে মাছ খাই এতিয়া আমি বৃহস্পতিবাৰ পালোঁহি৷ সেইদিনা নিৰামিষ৷ তাৰ পিছদিনা শুকুৰবাৰ৷ শুকুৰবাৰে মাংস খালে দুদিনীয়া প্ৰভাৱটো সোমবাৰে শেষ হৈ সিহঁতৰ মনত সোমবাৰেই মাংস খোৱাৰ বাসনা জাগি উঠিব৷ তাৰ ফলত গোটেই ৰুটিনখনেই খেলিমেলি হৈ যাব৷

:ঠিক কথা ছাৰ৷ আপুনি বৰ হিচাবী মানুহ৷

বহুত দিনৰ মূৰত বলেন আজি ছাৰৰ প্ৰতি ভক্তিত গদ্-গদ্ হৈ উঠিছে৷

: ধন্যবাদ বলেন৷ কিন্তু বলেন, আটাইতকৈ ডাঙৰ কথাটো কি জাননে?

: কি ছাৰ?

: শুকুৰবাৰে মাংস সৰহকৈ খাই লৈ পেটৰ অসুখ হ’লে পিছদিনা শনিবাৰে যদি স্কুল যাব নোৱাৰে তেন্তে সিহঁতৰ ক্ষতি হ’ব৷

: কিয় নহ’ব! ভীষণ ক্ষতি হ’ব সিহঁতৰ৷

: সেইটো কথা ভাবিয়েই মই শনিবাৰেই মাংস খোৱাৰ সঠিক সময় বুলি বিচাৰি পাইছোঁ৷ মোৰ বোধেৰে শনিবাৰেই হৈছে মছলাযুক্ত মাংস খোৱাৰ আটাইতকৈ উত্তম দিন৷

: ছাৰ, মইও অহা সপ্তাহৰ পৰা আপোনাৰ ৰুটিনখন মানি চলিম৷ ধন্যবাদ আপোনাক৷

: বাৰু হ’ব৷ এতিয়া মাংস দে৷ বহু সময় গ’ল৷ মোৰ ধেৰ কাম আছে৷

সেইয়া আছিল বেজবৰুৱাক সেইদিনা শেষ বাৰলৈ দেখা পোৱা বলেনৰ ভাষ্য৷ মাংস কিনি লৈ মানুহজনক বলেনে ঘৰলৈ বুলি চাইকেল চলাই অহা দেখিছিল৷ তেতিয়া ঘড়ীত ছয় বাজোঁ বাজোঁ৷ পিচে আজি ৰাতিপুৱা বজাৰত বেজবৰুৱা ছাৰ নিৰুদ্দেশ হোৱাৰ বাতৰিটো পাই তাৰ অন্তৰাত্মা কঁপি উঠিল৷ কি ভয়ংকৰ কথা এইবোৰ! ক’ত হেৰাল বাৰু তাৰ মৰমৰ ছাৰজন?

(গ) মধ্যাকৰ্ষণ

আনন্দৰাম বেজবৰুৱাই আজৰি সময়ত কিতাপ-পত্ৰ পঢ়িছিল৷ কবিতা, গল্প, উপন্যাস, প্ৰৱন্ধ-একো বাদ নপৰে৷ সকলোতে তেওঁৰ অবাধ বিচৰণ৷ বেজবৰুৱাৰ সাহিত্য-প্ৰেম দেখি এদিন কলেজৰ সহকৰ্মী লক্ষেশ্বৰ শইকীয়াই উপদেশ দিলে-‘আপুনি ৰসৰাজৰ ৰচনাবোৰ পঢ়িবচোন৷ ‘তামাম ফানি’ জানেনে?’ বচ হৈ গ’ল৷ ‘তামাম ফানি’ শব্দ দুটা শুনিয়েই আনন্দৰাম বেজবৰুৱাই সেইদিনা লাইব্ৰেৰীৰ পৰা ৰসৰাজৰ দুখনমান কিতাপ দাংকোলাকৈ ঘৰলৈ লৈ আহিল৷ তাৰ পিছত দুদিনমান ৰসৰাজৰ কিতাপবোৰকে লৈ তেওঁ ঘূৰি ফুৰা হ’ল৷ সময় পালেই বেগৰ পৰা উলিয়াই মনপুতি পঢ়িবলৈ লাগি যায়৷ ব্যংগ-সাহিত্যৰ প্ৰতি আকৃষ্ট হোৱাৰ ঠিক দুসপ্তাহমানৰ পিছৰ ঘটনা৷ নিজান অলস দুপৰীয়া এটা৷ ভাতকেইটা খাই আগফালে বেজবৰুৱাই চকী পাৰি বহি আছিল৷ ৰসৰাজৰ কালজয়ী সাহিত্যবোৰ দুদিন পূৰ্বে পঢ়ি শেষ হৈছে৷ মনৰ বাহিৰে-ভিতৰে এতিয়া সমালোচনাত্মক চিন্তা-ভাৱনাবোৰে চলাচল কৰি আছে৷ সেইবোৰকে সূক্ষ্মদৃষ্টিৰে পাগুলি-পাগুলি মানুহজন বিভোৰ৷ পিচে, হঠাতে জানো কি হ’ল! নিমজোপালৈ চাই একান্ত মনে বহি থকা আনন্দৰাম বেজবৰুৱা বিজুলী-বেগেৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু নিজৰ কোঠাত সোমাই ভিতৰৰ পৰা হুক্ মাৰি দিলে৷ ঘটনাৰ আকস্মিকতাত থৰকাচুটি হেৰুৱাই পত্নী প্ৰভা তৰিৎ গতিৰে ল’ৰি আহিল আৰু দুৱাৰখনত ভুকুৱাবলৈ ধৰিলে৷ পিচে নাই, মানুহজনৰ সাৰ-সুৰেই নাই৷ কি কৰা যায় এতিয়া! হে ভগৱান! এই মানুহটোও যে! ভাল আপদ এটাক ডিঙিত ওলোমাই ল’লোঁ! কিংকৰ্তব্যবিমূঢ় হৈ প্ৰভাই ভায়েক মনোজলৈ ফোন কৰিলে৷ তাৰ চাৰিআলিতে ম’বাইলৰ দোকান এখন আছে৷ মাতিলে নিশ্চয় আহিব৷

আহিল৷ মনোজ লৱৰি আহিল৷ দিনটোত দুবাৰ জিমলৈ গৈ থকা ল’ৰা৷ হাতীৰ সমান নহ’লেও হাতীৰ পোৱালীৰ সমান জোৰ আছে৷ সেই জোৰেৰেই মনোজে দুৱাৰখনত উপুৰ্যপৰি ভুকিয়াবলৈ ধৰিলে৷ বিশ নম্বৰ ভুকুটো মাৰিবলৈ লওঁতেই সিপিনৰ পৰা আৱাজ আহিল-‘ৰ’বা৷ খুলি আছোঁ৷’ হাতত পাঁচখিলা কাগজ লৈ বেজবৰুৱা কোঠাটোৰ পৰা ওলাই আহিল৷ কেইটামান নিৰ্বাচিত সংলাপ মুখৰ আগত লৈ প্ৰভা সাজু হৈয়েই আছিল৷ গতিকে বেজবৰুৱাৰ আৰ্ৱিভাৱ হোৱা মাত্ৰকতে প্ৰভাই প্ৰথমটো প্ৰশ্ন বাণত জুৰিলে

: কাৰ কিটো কৰি আছিল আপুনি ৰূমত সোমাই?

: এয়া চোৱা৷

পাঁচ পৃষ্ঠা জোৰা দীঘল এটা লেখা৷ দেখি প্ৰভাৰ মুখৰ মাত হৰিল৷ কি অদ্ভুত কাৰবাৰ!

: কি এইবোৰ?

: ব্যংগ-ৰচনা৷

ফেলেককৈ হাঁহি এটা মাৰি বেজবৰুৱাই উত্তৰ দিলে৷ তাৰপিছতে নিজৰ অভিব্যক্তি সলাই বেজবৰুৱাই ক’বলৈ ধৰিলে

: নিমজোপাৰ সমুখত বহি থাকোঁতে পাত কেইটামান সৰি পৰা দেখিলোঁ৷ সেই সৰি পৰা পাতকেইটা দেখিয়েই মোৰ নাজানো কি হ’ল; ক’ৰপৰানো শকতি আহিল, আপোনা-আপুনি মোৰ মুখেৰে ‘পাত, পাট আৰু পাঠ’ শব্দকেইটা ওলাই আহিল৷ মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ বুইছা, হাতত কাগজ-কলম লৈ লিখিবলৈ বহি গ’লোঁ৷ আৰু এইয়া চোৱা, কেইটিমান মুহূৰ্তৰ ভিতৰতে সাজু হৈ উঠিল মোৰ ব্যংগ-ৰচনা৷

: ভিনদেউ, আপুনি লিখা-মেলা কৰে নেকি?

শিল পৰা কপৌটো হৈ মনোজে সুধিলে৷

: নকৰোঁ৷ কিন্তু এতিয়া কৰিম৷ ৰসৰাজৰ কিতাপে মোক বাৰুকৈয়ে টানিছে৷

কথাষাৰ কৈয়েই হাতত কাগজকেইখিলা লৈ বেজবৰুৱা ভুৰুঙকৈ আগফালে ওলাই গ’ল৷

: এতিয়া আকৌ ক’লৈ যায়?

প্ৰভাই পিছে পিছে গৈ সুধিলে৷

: মূৰৰ ঘাম মাটিত পেলাই লেখাটো লিখিছোঁ৷ এনেকৈ পেলাই থ’মনে? আলোচনী এখনলৈ পঠিয়াই দিওঁ৷
আনন্দৰাম বেজবৰুৱাই গপচত উত্তৰ দিলে৷

(৪) আপেক্ষিকতাবাদ
: বেজবৰুৱা, আপোনাৰ নামটো সলাই ‘আইনষ্টাইন বেজবৰুৱা’ কৰি দিওঁ বুলি ভাবিছোঁ৷

টেবুলখনৰ সিটোমূৰে বহি থকা বয়োজ্যেষ্ঠ সম্পাদক নৱধৰ চমুৱাৰ আশ্বৰ্যকৰ অনুৰোধটো শুনি এইমূৰে বহি থকা আনন্দৰাম বেজবৰুৱাৰ দুই-তিনিডালমান চুলি তৎক্ষণাৎ দাং খাই গ’ল৷ কি বাৰে-বিংকৰা কথা কয় এই মানুহজনে! এনেহেন সুন্দৰ, বিতোপন, পিতৃপ্ৰদত্ত নামটো সলোৱাৰ অনুৰোধ কৰি সম্পাদকে তেওঁৰ নামটোকেই নহয়; নামটোৰ লগত জড়িত থকা মান-অভিমান, স্বাভিমান, আদৰ-সাদৰ সকলোকে অপমান কৰিছে৷ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া উচিত৷ মনৰ সমস্ত ক্ষোভ-ক্ৰোধ জাৰি-জোকাৰি সম্পাদকৰ সমুখত প্ৰকাশ কৰিবলৈ বেজবৰুৱা তৎপৰ হৈ উঠিল৷ পিছে..

: কিয় জানেনে বেজবৰুৱা?

তেনেতে পুনৰ সম্পাদকজনে মাত লগালে৷ তেওঁৰ চকুৱে-মুখে এক ব্যাখ্যাহীন উজ্জ্বলতা৷ সেই উজ্জ্বলতাৰ চমকনিয়ে বেজবৰুৱাৰ মনৰ বাহিৰে-ভিতৰে পুঞ্জীভূত হৈ থকা ক্ষোভ-ক্ৰোধ নিমিষতে পুৰি নিলে৷ গতিকে বেজবৰুৱাই ‘কিয়’ৰ উত্তৰ শুনাৰ বাহিৰে অইন একো কৰিব নোৱাৰিলে৷

: কিয়?

কোমল মাত এটা উলিয়াই বেজবৰুৱাই সঁহাৰি জনালে৷

: কাৰণ, আগৰ নামটোতকৈ এতিয়াৰ নামটোৰ জোৰ আৰু শক্তি বেছি৷ একমাত্ৰ এই নামটোৱেহে আপোনাক সাহিত্যৰ আকাশখনৰ মাজেৰে প্ৰচণ্ড গতিৰে আগুৱাই যাবলৈ সুযোগ আনি দিব৷

: গতি প্ৰচণ্ড হ’লে সময় হ’ব মন্থৰ৷ তাৰমানে আপুনি ক’ব বিচাৰিছে কম সময়তে মই একেবাৰে জনপ্ৰিয়তাৰ মূধচত উঠিব পাৰিম!

: একজেক্টলি বেজবৰুৱা৷ আৰু কি জানে বেজবৰুৱা?

সম্পাদকে উত্তেজিত কণ্ঠেৰে ক’লে৷

: কি বাৰু?

: আনন্দৰাম বেজবৰুৱা৷ এই নামটো ঠিকমতে বেলেন্স হৈ থকা নাই৷

: বুজি নেপালোঁ৷

: আনন্দৰাম আৰু বেজবৰুৱা-দুয়োটা শব্দয়েই একে জাতৰ৷ আনন্দ মানে আনন্দ৷ আৰু সিপিনে বেজবৰুৱাৰ উপাধিটোৱে আমাক ৰসৰাজলৈ মনত পেলাই দিয়ে৷ গতিকে সেইটোও আনন্দপ্ৰদানকাৰী৷ কিন্তু বেজবৰুৱা, ইমান আনন্দ ৰাইজে ভাল নেপায়৷ ৰাইজক অলপ কৌতূহল লাগে, অলপ উত্তেজনা লাগে৷ সামান্য সুৰসুৰণি, সামান্য উৎসুকতা লাগে৷ ছেক্সপিয়েৰৰ সেই মহান উক্তি ‘হোৱাটছ ইন নে নেম’ত মই বিশ্বাস নকৰোঁ৷ নামৰ লগতো বহুত কথা থাকে৷ সেইকাৰণেই বহুতো শিল্পী-সাহিত্যিকে নিজৰ নাম সলাই ছদ্মনামেৰে লিখা-মেলা কৰে৷ আপুনি হ’ল আইনষ্টাইনৰ পৰম ভক্ত৷ কলেজত পদাৰ্থ বিজ্ঞান পঢ়ায়৷ আপোনাৰ লেখা-মেলাতো পদাৰ্থ বিজ্ঞানৰ প্ৰভাৱ বিদ্যমান৷ প্ৰথমটো লেখা পঢ়িয়েই তাৰ উমান পাইছোঁ৷ গতিকে এই মহাশক্তিশালী উপাদানবোৰে আপোনাৰ ব্যক্তিত্বক বিভূষিত কৰি থকাৰ পিছতো যদি আপুনি সেই আওপুৰণি আনন্দৰাম বেজবৰুৱা নামটোকে সাৱটি বহি থাকে, তেন্তে আপোনাৰ জীৱনৰ ‘গতি’ৰ আগত ‘প্ৰ’ নহয় ‘দুৰ’হে যোগ হ’ব৷ কথাটো মন কৰিব বেজবৰুৱা৷

: কথাবোৰ হয়৷ আইনষ্টাইনৰ বিয়াগোম ভক্ত নহ’লেও একে দলিয়াই দিব পৰা সঁচৰো নহওঁ৷ কিন্তু আইনষ্টাইন নামটোৱে কপিৰাইট ভায়’লেছন কৰিব নেকি?

: হেঃ হেঃ হেঃ৷

একমিনিটমান হেঁপাহ পলুৱাই হাঁহি সম্পাদক মহোদয় সুস্থিৰ হ’ল, তাৰপিছত ক’লে

: ভাল হঁহুৱালে দেই বেজবৰুৱা৷ মোৰ কথা লিখি ৰাখক৷ দুমাহৰ ভিতৰতে আপোনাৰ নামে সমগ্ৰ অসমৰ আকাশ-বতাহ কঁপাই তুলিব৷ ভাত খালিনে, চাহ খালিনে, ফে’চবুকত আপডেট চালিনে-এইবোৰ একঘেয়ামী প্ৰশ্নৰ পৰিৱৰ্তে মানুহৰ মুখত কেৱল এটায়েই প্ৰশ্ন থাকিব-কোন বাৰু এইজন আইনষ্টাইন বেজবৰুৱা? হু ইছ দিছ ফেলৌ কল্ড আইনষ্টাইন বেজবৰুৱা?

: সঁচায়েই কৈছেনে?

: এলবাৰ্ট আইনষ্টাইনৰ শপত৷

সম্পাদকে বিজয়সূচক হাঁহি এটা মাৰি ক’লে৷ ‘সাহিত্য-দূত’ আলোচনীৰ সম্পাদকৰ লগত সম্পন্ন হোৱা সেই ঐতিহাসিক সাক্ষাৎকাৰৰ পিছত বেজবৰুৱাৰ জীৱন চমৎকাৰ গতিৰে সলনি হৈ গ’ল৷ সম্পাদকৰ কথা আখৰে-আখৰে ফলিয়ালে৷ ‘আইনষ্টাইন বেজবৰুৱা’ নামৰ বিস্ময়কৰ নামটোৱে চহৰে-নগৰে এনে বা-মাৰলিৰ সৃষ্টি কৰিলে যে স্বয়ং বেজবৰুৱা সেই বা-মাৰলিত উটি-ভাঁহি যোৱাৰ উপক্ৰম হ’ল৷ সিপিনে অদ্ভুত নামটোৰ গৰাকীক অসমৰ ৰাইজৰ লগত চিনাকি কৰাই দিয়াৰ অনুৰোধ জনাই সম্পাদকলৈ জাকে-জাকে চিঠি আহিবলৈ ধৰিছে৷ সম্পাদকে হাঁহি-হাঁহি কালি খবৰটো জনালে৷ বেজবৰুৱাই ৰ’ লাগি সমস্ত প্ৰক্ৰিয়া চাই থকাৰ বাহিৰে অইন একো কৰিব পৰা নাই৷ অৱশেষত সেই উত্তেজনা, উৎকণ্ঠা আৰু ৰহস্যৰ অৱসান ঘটিল ছমাহৰ পিছত৷ সম্পাদকে আলোচনীত এটা সুদীৰ্ঘ সাক্ষাৎকাৰ প্ৰকাশ কৰিলে৷ সেই সাক্ষাৎকাৰতে আইনষ্টাইন বেজবৰুৱাৰ আচল পৰিচয়, জন্ম-বৃত্তান্ত, জীৱন-ইতিহাসৰ সকলো তথ্য পাঠকৰ আগত দাঙি ধৰা হ’ল৷ পাঠকেও গোটে-গোটে সেইমাহৰ আলোচনী কিনি পঢ়িলে আৰু য’তে আছিল ত’ৰপৰাই বেজবৰুৱাক উদ্দেশ্যি এটা দীঘলীয়া নমস্কাৰ জনালে৷ বেজবৰুৱাৰ কলেজৰ চৌহদ, ঘৰৰ বাহিৰ-ভিতৰ সকলোতে কেৱল পঢ়ুৱৈৰ ভিৰ৷ তেওঁলোকক বিশেষ একো নালাগে৷ সাম্প্ৰতিক সময়ৰ সৰ্বাধিক চৰ্চিত লেখকজনৰ লগত পাৰ কৰা দুটিমান ছেকেণ্ড এখন ‘ছেলফি্’ত আৱদ্ধ কৰিব পাৰিলেই তেওঁলোকৰ জীৱন ধন্য হ’ব৷ দয়াৱান বেজবৰুৱাইও তেওঁলোকক নিৰাশ কৰা নাই৷ কেমেৰাৰ ব্ৰেণ্ড, মেগাপিক্সেল নিৰ্বিশেষে সকলোকে ‘ছেলফি্’ৰ পৱিত্ৰ পাত্ৰৰ পৰা পানী এটোপাল পান কৰাই গৈছে৷
ভাবিলে আচৰিত লাগে, সাতটা দিন আৰু পাঁচটা ৰাতিত চাৰে সাতশখন ‘ছেলফি্’ উঠি ন-পুৰণি পঢ়ুৱৈৰ জীৱন ধন্য কৰা সেইজন চমৎকাৰী পুৰুষ বেজবৰুৱা এতিয়া নিৰুদ্দেশ৷ কি শোকাৱহ!

(৫) পোহৰ

২৬ অক্টোবৰ৷ বেজবৰুৱা নিৰুদ্দিষ্ট হোৱাৰ খবৰে আজি তিনিদিনত ভৰি দিলে৷ এতিয়ালৈকে মানুহজনৰ কোনো খবৰ ওলোৱা নাই৷ জিলাৰ আৰক্ষী-প্ৰশাসন সকলো ব্যৰ্থ৷ আটায়ে মিলি গোটেইখন তল-ওপৰ কৰি দিছে৷ কিন্তু বেজবৰুৱাৰ ‘ব’টোকে পাবলৈ নাই৷ ‘বেজবৰুৱা বচাও’ কেম্পেইনো টুটেল ফেইলাৰ৷ লাইকৰ সংখ্যাই দহহাজাৰৰ ঘৰ চুইছেগৈ যদিও তেওঁলোকৰ অভিযানে এটাও ‘লাইক্-যোগ্য’ তথ্য আৱিষ্কাৰ কৰিব পৰা নাই৷ দোকান-পোহাৰ সামৰি দিহিঙে-দিপাঙে অনুসন্ধান চলোৱা ব্যৱসায়ীমহলেও ব্যৰ্থতাৰ চকুলো টুকিছে৷ ক’ত-ক’ত যে নিবিচাৰিলে তেওঁলোকে! কিন্তু বেজবৰুৱাৰ ছাঁটোকে নাই৷ সন্ধ্যাৰ সময়৷ বেজবৰুৱাৰ বাসগৃহ৷ ঘড়ীত সময় আঠ৷ চাদৰৰ আঁচলখনেৰে অবিৰতভাৱে বৈ থকা অশ্ৰুধাৰা মচি মচি বেজবৰুৱা-পত্নী প্ৰভাই পাকঘৰত পাচলি কুটি আছে৷ কাষতে সান্ত্বনাপ্ৰদানকাৰীৰ ৰূপত চুবুৰীয়া জয়া আৰু ৰাধা৷ ল’ৰা-ছোৱালীহাল মাজৰ কোঠালিত৷ জোপোকা মাৰি টিভিটোৰ সন্মুখতে বহি আছে৷ কিজানি ‘আইনষ্টাইন বেজবৰুৱাৰ সন্ধান ওলাল’ জাতীয় ব্ৰেকিং নিউজ এটা টিভিৰ পৰ্দাত দৃশ্যমান হয়েই! কিজানি হেৰুৱা বাপেকটো উভতি আহেই৷ কিজানি…কিজানি…

: ডিং-ডং-ডং-ডং-ডিং-ডিং-ডং-ডং-ডং-ডিং

তেনেতে কলিংবেলটো সশব্দে বাজি উঠিল৷

: যাচোন, দুৱাৰখন খুলি দে৷ এডিটৰ ছাৰ আহিছে চাগে৷ আজি অহাৰ কথা আছিল৷

পাকঘৰৰ পৰা মাকে থোকাথুকি মাতেৰে আদেশ দিলে৷

: হেৰৌ, গৈছনে? এইকেইটা মানে, মুখৰ মাত এটা নাই!

ল’ৰা-ছোৱালীহালৰ পৰা একো সঁহাৰি নাপাই প্ৰভাৰ কণ্ঠস্বৰৰ প্ৰাবল্য বাঢ়ি গ’ল৷

: মাআআ…

: বহিবলৈ দেচোন৷ মই গৈ আছোঁ৷

: দেউতা আহিছে৷

: কি?

: দেউতা আহিছে৷

হালধি টেমাটোৰ খপ্‌চলা খুলি হালধি অকণ দালিত ছটিয়াবলৈ প্ৰস্তুত হৈছিল প্ৰভা৷ হেনসময়তে ল’ৰাটোৱে, তাৰপিছত ছোৱালীজনীয়ে সন্ধ্যাৰ অতিথিৰ পৰিচয় ৰাজহুৱা কৰিলে৷ বিস্ফোৰক খবৰটো কাণত পৰা মাত্ৰকতে য’ৰ হালধি ত’তে এৰি প্ৰভাই বিম্বাশৱদে লৰ ধৰিলে৷ লৰি আহি মাজৰ কোঠালি পাওঁতে প্ৰভাক এক ছেকেণ্ডমানহে লাগিল৷

: হে ভগৱান! ক’লৈ গৈছিল আপুনি?

মানুহজনৰ চুলিৰ পৰা ভৰিৰ নখলৈকে পৰ্যবেক্ষণ-নিৰীক্ষণ কৰি প্ৰভাই প্ৰশ্নটো সুধিলে৷ সাধাৰণতে নিৰুদ্দিষ্ট হোৱা মানুহ ঘৰলৈ ওভতি আহিলে দাড়িয়ে-গোঁফে ভোবোকাৰ হৈ আহে৷ কাৰোবাৰ চেন্দেল ফটা, কাৰোবাৰ চুলিবোৰ ধূলিৰে পূৰ্ণ, কাৰোবাৰ চকু গৈ গাতত সোমোৱা, চোলা-পেণ্টৰ সকৰুণ অৱস্থা-এইবোৰ হ’ল নিৰুদ্দিষ্ট হোৱা মানুহৰ এটা জনপ্ৰিয়-প্ৰচলিত ৰূপ৷ পিচে এইজন মানুহক কোনে ক’ব নিৰুদ্দেশ হৈছে বুলি! চকুৱে-মুখে অসাধাৰণ দীপ্তি, সুসংহত কেশসজ্জা, চেন্দেল পৰিষ্কাৰ, চোলা জাতিষ্কাৰ, দুখনি নিমজ গাল, বোধহয় এই দুদিনতে ওজনো ডেৰ-দুইকেজিমান বাঢ়িছে! নাই, কোনোফালৰপৰাই এইজন মানুহ নিৰুদ্দেশ হৈছে বুলি ভাবিব নোৱাৰি৷ না, নোৱাৰি৷

: নৌ নৌ বেজবৰুৱা, এতিয়া আপুনি মুখ নুখুলিব৷ নিউজ চেনেলকেইটা আহি ল’বলৈ দিয়ক৷

পত্নী প্ৰভাৰ কৌতূহল দূৰ কৰিবলৈ বেজবৰুৱাই মুখ মেলিছিলেই, তেনেতে সুৰসুৰকৈ ভিতৰলৈ সোমাই অহা ‘সাহিত্য-দূত’ আলোচনীৰ সম্পাদক নৱধৰ চমুৱাই আতংকিত স্বৰেৰে কৈ উঠিল৷ প্ৰভাই বিচূৰ্তি নাখাই নোৱাৰিলে৷ উপায়বিহীন বেজবৰুৱাই মুখ মেলিও জপাই থ’বলগীয়া হ’ল৷ সম্পাদকৰ কথা শেষ হোৱা নাছিল৷ সেপটো গিলি তেওঁ পুনৰ কৈ গ’ল

: মিডিয়া পাবহিয়েই ৰ’ব৷ ইতিমধ্যেই ছ’ছিয়েল মিডিয়াতো আপুনি অহাৰ বাতৰিটো দি দিয়া হৈছে৷ ‘বেজবৰুৱা বচাও’ কেম্পেইনৰ দুজনমান প্ৰতিনিধিও এইমাত্ৰ পাবহি৷ সকলোৰে আগত আপুনি কথাবোৰ কওক৷ বাৰেবাৰে কিমান আৰু ৰিপিট কৰি থাকিব!

: এইয়া আমি এতিয়া আহি উপস্থিত হৈছোঁহি..

সম্পাদকে কথাটো কৈ নিশ্বাসটো এৰিছিলহে, হাতে-হাতে মাইক্ৰফোন আৰু কেমেৰা লৈ কোঠাটোলৈ ন-দহজনমান মানুহ সোমাই আহিল৷ মুহূৰ্ততে গোটেই কোঠালিৰ বায়ুকণাবোৰ ‘এইয়া আমি এতিয়া আহি উপস্থিত হৈছোঁহি’ শীৰ্ষক চাঞ্চল্যকৰ বাক্যটিৰে থকা-সৰকা হৈ গ’ল৷ সংবাদকৰ্মীসকলৰ পিছে পিছে সোমাই আহিল আৰু দহজনমান ডেকা-বুঢ়া মানুহ৷ বেজবৰুৱাৰ কলেজৰ মানুহ, ফেন ক্লাৱৰ মানুহ, কেম্পেইনৰ মানুহ, ছাত্ৰ-সকলোৱেই৷ সকলোৰে মন-প্ৰাণ আজি ‘উলাহতে নাচি-নাচি যায়’৷

: কওকচোন বেজবৰুৱা ছাৰ, আপোনাক কোনে অপহৰণ কৰি নিছিল?

সাংবাদিকগণৰ জেৰা আৰম্ভ হ’ল৷ প্ৰথমটো প্ৰশ্ন সুধিলে ‘আচল বাতৰি’ৰ সাংবাদিকজনে৷

: কোনোবা নিষিদ্ধ-ঘোষিত সংগঠনৰ লগত আপোনাৰ গোপন মিতিৰালি আছে নেকি ছাৰ?

সেইয়া ‘প্ৰকৃত বাতৰি’ৰ মহিলা সাংবাদিকজনী৷

: বেজবৰুৱা ছাৰ, বেজবৰুৱা ছাৰ৷ আপোনাৰ বাৰু প্ৰিয় মাছ কি?

কেইদিনমানৰ আগতে ‘শ্ৰেষ্ঠ বাতৰি’ চেনেলত যোগদান কৰা অভিজ্ঞতাসম্পন্ন সংবাদকৰ্মীজনৰ প্ৰশ্ন৷

: বেজবৰুৱা ছাৰ, আপুনি বাৰু অৰিজিনেল আইনষ্টাইনক লগ পালে নেকি?

অগতানুগতিক প্ৰশ্ন সুধি ভাল পোৱা ‘শুদ্ধ বাতৰি’ৰ সংবাদকৰ্মীজনে সুধিলে৷

: ৰ’বহে৷ এনেকৈ নাকে-কাণে বৰষুণ ঢলাদি মানুহক ‘কুৱেইছন’ কৰে নেকি?

সংবাদকৰ্মীগণৰ সংবাদসেৱা খালী চকুৰে চাই থকা নৱধৰ চমুৱাই প্ৰশ্নৰ দবাপিটা বৰষুণজাকৰ মাজতে জেক্‌জেকাই উঠিল৷ তেওঁৰ মাতটো জন্মৰপৰাই গলগলীয়া৷ গতিকে, স্বাভাৱিকতেই সম্পাদকজনৰ উদাত্ত আহ্বানে সমগ্ৰ পৰিৱেশ চেঁচা কৰি পেলালে৷

: বেজবৰুৱা, এতিয়া আপুনি কওক৷

সম্পাদকে বেজবৰুৱাক ইংগিত দিলে৷ অথনিৰে পৰা দিম-দিম বুলি ভাবি থকা সাৰগৰ্ভ বক্তৃতাটো দিবলৈ বেজবৰুৱাও সাজু হৈ উঠিল৷ দুটামান গলখেকাৰি মাৰি বেজবৰুৱাই আৰম্ভ কৰিলে

: যোৱা সপ্তাহত ‘সাহিত্য-দূত’ আলোচনীৰ সম্পাদক শ্ৰীনৱধৰ চমুৱাই মোক তৎক্ষণাৎ অ’ফিচলৈ মাতি পঠিয়ালে৷ কলেজৰ পৰা আহি বেগটো থৈয়েই মই সেইফালে লৰ ধৰিলোঁ৷ বেগাবেগিকৈ তেওঁৰ অ’ফিচত গৈ হাজিৰ হ’লোঁ৷

:তাৰপিছত?

উৎকণ্ঠা দমাব নোৱাৰি সাংবাদিক এজনে টপককৈ সুধি দিলে৷

: মই যেতিয়া তেওঁৰ অ’ফিচ গৈ পাওঁগৈ তেতিয়া সম্পাদকে চকীখনত বহি চাহ খাই আছে৷ মোক দেখি তেওঁৰ চকুহাল আনন্দত উজলি উঠিল৷ উজলি উঠা চকুৰ নিৰ্দেশ মানি মই তেওঁৰ সন্মুখতে চকীখন টানি বহিলোঁ৷ চকীখনৰ দেহৰ সমস্ত ভৰ এৰি দিছোঁ কি নাই, সম্পাদকে মোক যিষাৰহে কথা ক’লে মোৰটো গা একেবাৰে বেজ্‌বেজাই গ’ল৷

: কি ক’লেনো ছাৰ?

বেজবৰুৱা বচাও কেম্পেইনৰ প্ৰতিনিধিজনে মাত লগালে৷

: বেজবৰুৱা, আপুনি তিনিদিনৰ কাৰণে গায়েব হৈ যাওক৷

: কি?

: হয়৷ সম্পাদকে মোক ক’লে বোলে-আপুনি তিনিদিনৰ কাৰণে গায়েব হৈ যাওক৷ এইষাৰ কথা শুনি মইতো অবাক৷ কথাষাৰে মোক ইমানেই আশ্বৰ্যচকিত কৰি তুলিলে যে প্ৰায় পাঁচ মিনিটৰ কাৰণে মোৰ চকু বহল হৈ থাকিল৷

: কিন্তু কিয়?

পত্নী প্ৰভাই নুসুধি নোৱাৰিলে৷

: কাৰণটো এটা বাস্তৱধৰ্মী গল্প৷

: মানে?

সত্য, শুদ্ধ, প্ৰকৃত, আচল- আটাইকেইটা চেনেলৰ সাংবাদিকে সমবেত সংগীত জুৰিলে৷

: সাধাৰণতে

বেজবৰুৱাই ব্যাখ্যা আৰম্ভ কৰিলে-

: সাধাৰণতে কাকতে-আলোচনীত আমি যিবোৰ গল্প শ্ৰৱণ-পঠন কৰি থাকোঁ, সেইবোৰৰ অধিকাংশই কল্পনাপ্ৰসূত৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা গল্পবোৰতো কল্পনাৰ ৰসেই বেছি৷ কিছুমান বাস্তৱধৰ্মী গল্প অতীতসৰ্বস্ব৷ অতীতত ঘটি যোৱা ঘটনা এটাৰেই নাটকীয় ৰূপান্তৰণ৷ সেইবোৰকো বাস্তৱধৰ্মী গল্প বুলিব নোৱাৰি৷ গতিকে সেই প্ৰেক্ষাপটত সত্য-সুন্দৰ আৰু নিৰ্ভেজাল বাস্তৱধৰ্মী গল্প এটাৰ অভাৱ আমাৰ বৌদ্ধিক সমাজখনে বৰকৈয়ে অনুভৱ কৰি আছিল৷ সেই অভাৱৰ অন্যতম অনুভৱীজন আছিল নৱধৰ চমুৱা-আমাৰ আলোচনীৰ সম্পাদক৷ প্ৰায় এমাহজোৰা ভাৱন-চিন্তনৰ অন্তত তেওঁ মনলৈ এই অদ্ভুত আইডিয়াটো আহিল৷ মানে মোক গায়েব কৰাৰ আইডিয়াটো৷ নাভ্ৰুত-নাশ্ৰুত সেই আইডিয়াটোক বাস্তৱ ৰূপ দিবলৈ মোৰ বাহিৰে অইন দ্বিতীয় এজন মানুহ তেওঁৰ হাতত নাই৷ এইবুলি তেওঁ ভাবে৷

: তাৰমানে এক আইদিয়া জো বদলদে আপকী দুনীয়া!

শুদ্ধ বাতৰিৰ সংবাদকে হিন্দীমীয়া ভাষাত প্ৰশ্ন সুধি ভাল পায়৷

: হয়৷তেনেকুৱাই৷

: তাৰপিছত কৈ যাওক৷

চমুৱাই পুনৰ ইংগিত দিলে৷

: মই বহুপৰ ভাবিলোঁ৷

বেজবৰুৱা কাহিনীৰ যৱনিকাৰ ফালে আগবাঢ়িল৷

: বহুপৰ ভাবি ভাবি; বহুপৰ আত্মবিশ্লেষণ, আত্মচিন্তন কৰি কৰি আৰু সম্পাদক ডাঙৰীয়াৰ নেৰানেপেৰা অনুৰোধ শুনি শুনি মই কামটো হাতত ল’লোঁ৷ আৰু সেইসূত্ৰেই যোৱা শনিবাৰে মাংস কিনিবলৈ গৈ নিৰুদ্দেশ হৈ গ’লোঁ৷ আৰু তাৰপিছত কি হ’ল, ক’ত কি ঘটিল-আপোনালোকেতো দেখিলেই৷ নহয় জানো? গতিকে সেইয়াই হ’ল এই তিনিদিনৰ কাহিনী৷ সাগৰসদৃশ ৰহস্যৰ অৱসান ঘটাই বেজবৰুৱাই অৱশেষত ভাষণ শেষ কৰিলে৷

: ছাৰ, গল্পটোৰ নাম কি দিব?

প্ৰকৃত বাতৰিৰ সাংবাদিকজনে এসময়ত সাহিত্য-চৰ্চা কৰিছিল৷

: যিদিনা মই হেৰাই গৈছিলোঁ৷

বেজবৰুৱাৰ মুখৰ আগৰ পৰা কথাকেইটা কাঢ়ি নি সম্পাদকেই উত্তৰটো দি দিলে৷

: পিছে ৰ’বচোন, এই তিনিদিন আপুনি আছিলনো ক’ত?

অথনিৰে পৰা সুধিম-সুধিম বুলি ভাবি থোৱা প্ৰশ্নটো অৱশেষত সুধিবলৈ প্ৰভাই সুযোগটো পালে৷

: হেঃহেঃহেঃ

: হাঁহিলে যে..

: অতবোৰ ৰহস্য এতিয়াই ভাঙিব নোৱাৰি অ’ প্ৰভা৷ দুদিনমান সেইবোৰ এন্ধাৰতেই থাকক দিয়া৷

: ছাৰ, নহ’ব৷ আমাক এতিয়াই ইয়াৰ উত্তৰ লাগে৷ এইকেইদিন আপুনি ক’ত আছিল?

শুদ্ধ বাতৰিৰ সাংবাদিকজনে থেন্‌থেনাই উঠিল৷

: উত্তৰ পাবা৷ নিশ্চয় পাবা৷

: ক’ত পাম ছাৰ?

: সাহিত্য-দূত আলোচনীৰ পৰৱৰ্তী সংখ্যাত৷

বেজবৰুৱাই গহীন হৈ ক’লে৷ মুখত এটা ৰহস্যময় হাঁহি বিদ্যমান৷ ৰহস্যময় সেই হাঁহিটোৰ পৰা আঁতৰি আহি কেমেৰাবোৰে বেজবৰুৱাৰ পত্নী আৰু ল’ৰা-ছোৱালীহালক কেমেৰাৰ ফ্ৰেমত সুমুৱাবলৈ ধৰিছিল, তেনেতে ঘৰচিৰিকাটোৰ দৰে জাঁপ এটা মাৰি সম্পাদক নৱধৰ চমুৱা সেই ফ্ৰেমত সোমাই পৰিল৷ বেকগ্ৰাউণ্ডত থাকিল সদ্যনিৰুদ্দিষ্ট আইনষ্টাইন বেজবৰুৱা৷ চমুৱাই আৰু পলম নকৰিলে৷ সোঁহাতৰ তৰ্জনী আৰু মধ্যমা আঙুলিটোৰে ‘ভি’ এটা সাজি চমুৱাই চিৰপৰিচিত গলগলীয়া কণ্ঠটোৰে ক’লে

: গতিকে ৰাইজ পঢ়িবলৈ নাপাহৰিব সাহিত্য-দূত আলোচনীৰ পৰৱৰ্তী সংখ্যা৷ অচিৰেই পাবগৈ আপোনালোকৰ কাষ৷

আনন্দত আপোনপাহৰা হৈ বেজবৰুৱাইও ‘ভি’টো সাজি হাতখন মেলি দিলে৷ মেলি দিওঁতেই বেজবৰুৱাৰ চকু গৈ পত্নী প্ৰভাৰ ওপৰত পৰিল৷ প্ৰভাই লগে-লগে মুখখন ঘূৰাই দিলে৷ বোধহয়, লাইটৰ পোহৰে প্ৰভাৰ চকুত ধৰিছে!

☆★☆★☆

2 Comments

  • ৰিণ্টু

    ঈশানৰ লিখাৰ গুণগত মানদণ্ড বিচাৰ কৰিব পৰা সামৰ্থ্য আমাৰ দৰে সাধাৰণ পাঠকৰ নাই।

    সদায়ৰ দৰেই এটাই শব্দ, টেৰিফিক ঈশান

    Reply
  • Sankar Jyoti Bora

    টুপী খুলি দিছো৷ কি ব্যংগ৷ৰিন্টু দাৰ লগত পুৰা সহমত৷

    Reply

Leave a Reply

Your email address will not be published.