ফটাঢোল

আকৌ কুৰুক্ষেত্ৰৰ আখৰা – দেৱজিত শইকীয়া/মানস শইকীয়া

(খণ্ড-৩)

“সেইয়া দেখিছা, মই কৈছিলোনে? ভাওনা পাতিম বুলি শুনাৰ লগে লগেই মহিলা সমিতিয়ে বিসম্বাদ আৰম্ভ কৰিলেই৷” ৰিণ্টুমনি দত্তই বিজয়ক উদ্দেশি কৈ গ’ল৷

 “এই বিসম্বাদ বস্তুটো অসমত এতিয়া ঘৰে ঘৰে৷ এসময়ত জিন্দাবাদ শুনিলো, তাৰ পিছত যাক জিন্দাবাদ কৈছিল সিহঁতকে আকৌ মূৰ্দাবাদ কোৱা শুনিলো৷ জিন্দাবাদে জাতীয়তাবাদ কৰি লাভৰ মুখ নেদেখাত ৰাষ্ট্ৰীয়তাবাদ বুলি চিঞৰিবলৈ ধৰিলে৷ মাজতে বিসম্বাদে একনায়কত্ববাদ কৰি সংবাদ মাধ্যম গৰম কৰি আকৌ সকলো বৰবাদেই কৰি পেলালে৷”
বিজয়ে বোলে, “ৰিণ্টুদা আপুনি হ’লে কি কৈ আছে মই একো বুজা নাই৷”

ৰিণ্টু : ক’ত বুজিবা? দেশ দুনীয়াৰ খবৰ হ’বলা ৰাখা? গাঁৱৰ সকলো মহিলাই মিলি নাটক পাতিম বুলি কৈছে৷ বোলে মতাবোৰে ভাওনা কৰে কৰি থাকক, আমি নাটক কৰিম৷

বিজয় : কিনো ভুল? আমি যদি মতাবোৰে ঘৰত ভাওনা দেখাওঁ, সিহঁতেও চকুপানী উলিয়াই ডেইলি কমখন নাটক কৰেনে?

ৰিণ্টু : হেৰা, কথা সেইটো নহয়৷ পুৱাৰেপৰা বৌৱেৰাই চাহ একাপো দিয়া নাই৷ কাকতিদাক বোলে কালিৰেপৰা বৌৱে মাতবোলো কৰা নাই৷

বিজয় : কিয়?

ৰিণ্টু : বিসম্বাদ আকৌ৷ সকলো মহিলাই অসহযোগ কৰিছে আৰু কৈছে যিগৰাকী মহিলাই ঘৰৰ পুৰুষজনক মহিলা পাৰ্টিৰ ফলীয়া কৰিব নোৱাৰিব সেইগৰাকীক এঘৰীয়া কৰিব৷ আজি পুৱাই তোমাৰ শ্ৰীমতীও আহিছিল৷ যোৱা সোনকালে ঘৰলৈ যোৱা। ভাত খাবলৈ মন আছে যদি কিবা ৰান্ধি খোৱাগৈ। মই হ’লে ৰান্ধিব মেলিবও নাজানো, গতিকে মই মহিলা পাৰ্টিৰ ফলীয়া হ’ম বুলি পুৱা অহা পাৰবীন, পূৰৱী, শিল্পাশ্ৰী, কংকনাবা, উৎপলাবা সকলোকে জনাই দিলো৷ মহিলাৰ বিৰুদ্ধে মাত মতাৰ মোৰ হ’লে সাহ নাই৷

বিজয় : ৰ’বচোন ৰ’ব৷ মন পেলাই নিদিব৷ মই আছোঁ নহয়৷ মোক কওক বিসম্বাদ ক’ৰপৰা আৰম্ভ হৈছে? সেইকেইগৰাকীক ভাল ৰ’ল দি দিলেই চাব বিসম্বাদ পলাই পত্ৰং দিব৷

ৰিণ্টু : হেৰা বিজয়৷ মহিলাসকলক আমাৰ এম এল এ, মিনিষ্টাৰৰ দৰে বুলি নাভাবিবা হে৷ মোৰ হ’লে মহিলা বুলিলেই ভয় লাগে৷

বিজয়ে ৰিণ্টুদাৰ কথা শুনি চিধাই চাইকেলত উঠি পূৰৱী কটকীৰ ঘৰ পালেগৈ৷ পূৰৱীৰ ঘৰৰ চোতালত ওচৰৰে গোটেইকেইগৰাকী বহি মেল মৰাত ব্যস্ত৷ বিজয়ক দেখি সভানেত্ৰী প্ৰণীতাবাৰ ওকণি চাই থকা জীমনিয়ে বোলে, ”ভাৱৰীয়া বিনা মেক আপত এইখিনি পালেহি যে? মহিলাৰ ড্ৰেচ বিচাৰি আহিছা যদি কিন্তু নেচেল৷ ফটাকানি এডোখৰো নিদিওঁ৷”
ইফালে তামোল খুন্দি থকা উত্তৰা শৰ্মা বৰুৱাই বোলে, “আমাৰ সহকাৰী সম্পাদকলৈ চকী এখন আনা হে কোনোবাই৷” পূৰৱীয়ে বহি থকা মূঢ়াটো বিজয়লৈ আগবঢ়াই দি বোলে, “বিজয়দাৰ বৌক মানিছো দেই। একে নিশাই শিৱিৰ সলনি কৰাই দিলে৷ ইয়াকে কয় মহিলা শক্তি৷ সকলোৱে কওঁক ‘মহিলা শক্তি কি জয়’৷” সকলোৱে জয় জয় চিঞৰিবলৈ ধৰিলে৷ বিজয়েও মুখৰ ভিতৰতে জয় বুলি কৈ ৰজনীগন্ধাৰ পেকেটটো তুলসী জৰ্দাৰ লগত মিলাই ডম্বৰু বজোৱা দি হাতত লৈ জোকাৰিবলৈ ধৰিলে৷ ইমান পৰে মনে মনে থকা পৰী পাৰবিনে বোলে, “বিজয় মহিলাসকলক এৰি তোমালোকে সদায় কামবোৰ কৰা৷ ঘৰে পৰে সকলোতে ডিচিছন এটা ল’লে তোমালোক মতা মানুহবোৰেই লোৱা৷ এই লিংগ বৈষম্যবোৰ সদায় তোমালোক পুৰুষসকলে সৃষ্টি কৰা৷ চাবা দেই আমি হ’লে তাহানিৰ সেই কেঁচুৱা জন্ম দিয়া যন্ত্ৰটোৱেই হৈ থকা নাই৷ সকলো ক্ষেত্ৰতে আমাৰ মহিলাসকল আগবাঢ়িছে৷ এতিয়াৰপৰা আমাক পিছ দি কিবা কৰিলে কোনো ক্ষেত্ৰতে সহাৰি নাপাবা৷” বিজয়ে মুখত ৰজনীগন্ধাখিনি ভৰাই বোলে, “আপোনালোকক লগত নোলোৱাকৈনো আমি ভাওনা কেনেকৈ পাতিম?”
প্ৰণীতা বাইদেউৱে বোলে, “চোৱা বিজয়, তোমালোকে মহাভাৰত মেলি থাকা। আমি কিন্তু নাৰী সৱলীকৰণৰ বাবে ৰামায়ণৰ নাট হে মেলিম৷ সীতাৰ দৰে অৱলা এগৰাকী নাৰীক পুৰুষ সমাজে কি দৰে শোষণ কৰিছিল দেখুৱাম৷”
কংকনাবাই বিজয়ক ধমক দি বোলে, “গম পালাতো৷ হেৰৌ ভাওনা পাতিছা পাতি থাকা, আমিও মহিলা সমিতিয়ে “সীতা হৰণ বালি বধ” নাট কৰিম৷ পাৰ্ট লোৱা যদি কোৱা, খাৰাংখাচ কথা, বাকী কথা শুনিবলৈ নাই৷”
পূৰৱীয়ে বোলে, “কংকনাবা বালি বধ নে ৰাৱণ বধ? সীতাক ৰাৱণেহে হৰণ কৰিছিল৷ বালিক আকৌ মিছাতে কিয় বধ কৰিব?”
উত্তৰা শৰ্মাই বোলে, “হেৰৌ সীতাক হওঁতে ৰাৱণেই হৰণ কৰিছিল, কিন্তু বালিকো ৰামে বধ কৰিছিল৷”
পূৰৱীয়ে বোলে, “কথাটো কনফিউজিং, মোৰ মতে ৰাৱণেহে বধ কৰিছিল।” প্ৰণীতাবায়ে বোলে, “হেৰৌ মৰতি, তই ৰামায়ণ পঢ়ি ফালিব নালাগে, নাটৰ নামটো ভালকৈ মনত ৰাখ৷ কালি ধৰিত্ৰী শৰণীয়াই ফেচবুকত আমাৰ নাটক “সীতা হৰণ সূত্ৰধাৰী বধ” চাবলৈ আহিব বুলিয়েই ষ্টেটাচ আপলোড কৰিছিল৷ ভাগ্যে মই দেখিলো বুলিহে৷”
এনেতে ইণ্ডিমা, অঞ্জলী বাইদেউ, ৰাস্না বাইদেউ, জাহ্নৱী গগৈ, পৰী, চুমু, ৰশ্মি, ফৰিজা, বিস্মীতাকে ধৰি কেইবাগৰাকী মহিলা পূৰৱী কটকীৰ ঘৰ পালেহি৷ লগত বন্দিতাক দেখি বিজয়ে ধমক মৰাদি ক’লে,
“ঘৰৰ কাম বন এৰি এতিয়া নাটক কৰিবানে ভাওনা কৰিবা?”

বন্দিতা : ঘৰৰ কাম বন পিছত৷ আগতে আমাৰ ভাওনাৰ মিটিং৷ যেতিয়ালৈকে তুমি আমাৰ ফলীয়া হৈ আমাক সহযোগ নকৰা ঘৰৰ কথা ভাবিবলৈ নাই৷

বিজয় : সেইবোৰ সব হৈ যাব৷ আমি মিলাম নহয়৷

“কি মিলাবা হে বিজয়? আমি মিলোৱা মিলিত নাই৷” ইণ্ডিমাই বিজয়ৰ মুখতে ধৰিলে৷ ৰাস্নাবাই বোলে, “বিজয় আমাক সদায় ঠগি ঠগি তোমালোকে কামবোৰ কৰাই লোৱা৷ নামগোৱাত মতাসোপাৰ কলপাত কটাটোকো গামোছা পিন্ধোৱা৷ আমাক মানটো বাদেই ভালদৰে মাত এষাৰো দিবলৈ সময় নাই৷ এইবোৰ নেচেল দেই৷” বিস্মীতাই বোলে, “মোৰজনকো ফোন কৰি কৈ দিছোঁ, এইবাৰ এৰাত নাই৷ বালিলৈ যিপাত সুগ্ৰীৱলৈও সেইপাত৷”

“হেৰা,শুনাচোন৷ এইবোৰ বাদ দিয়া৷ ঘৰৰ কাজিয়া ঘৰতে ভাঙিম দিয়াচোন”- কলিতা ইঞ্জিনীয়াৰে আগে আগে আহি থকা পল্লুবৌক কথাখিনি কৈ কৈ সেইখিনি পালেহি৷ পল্লুবৌৰ মুখৰ ভোৰভোৰণিতে গম পোৱা যাই, এখুন্দা লাগি আহিছে৷ বিজয়ক সন্মুখত দেখি কলিতাই বোলে, “বিজয়, এইবোৰ কিহত সোমালা হে? মহিলাবোৰে আমাক নমনাই হ’ল৷” বিজয়ে কিবা কোৱাৰ আগতেই পিছফালৰপৰা বহীৰ নিচিনা এখন জোকাৰি বন্দিতা গগৈ বৰানী পূৰৱী কটকীৰ ঘৰ পাই ক’লে,
“আইসকল, সীতা হৰণ নাটক আনিলোঁ৷ এতিয়া কোনে কি ভাও গাব ঠিক কৰি আখৰা কৰাহে কথা৷”
পল্লৱী বৌৱে বোলে, “মই কিন্তু আগতেই কৈছোঁ, সীতাৰ পাৰ্ট হ’লে মই নলওঁ৷ এজোৰ বগা কাপোৰৰ ড্ৰেছতে গোটেই নাটকখন কৰিব লাগিব৷ মোৰ দ্বাৰা নহ’ব৷” ইণ্ডিমাই বোলে, “ইয়ে ৰাম, মইও সীতা নহওঁ পায়৷”
জাহ্নৱীয়ে বোলে, ”মই হ’লে ৰাণীৰ কিবা পাৰ্ট দিলে হে ল’ম৷ নাটকত পাৰ্ট লম বুলি ফ্লিপ কাৰ্টত তিনিযোৰ বেনাৰসী পাটৰ কাপোৰ অৰ্ডাৰ দিলোৱেই৷ মোৰ কথা বাদ দিয়ক জীমনি বাইদেউৱে কাপোৰৰ ৰঙৰ লগত মিলা নেইল পলিছ, লিপষ্টিক সকলো অৰ্ডাৰ দিলেই৷ বিস্মীতা বৌৱেতো গহনালৈকে গোটালে৷”

কলিতা ইঞ্জিনীয়াৰে দেখিলে কথা বিষমেই৷ অলপ নৰম সুৰত ক’লে,
“আইসকল, এষাৰ কথা কওঁ৷ আপোনালোকে ভাওনা কৰে যদি, ভালহে কথা৷ মাইকী মানুহে কি মতা মানুহৰ দৰে পোন্ধ মাৰি ভাও কৰিব? গতিকে, আমাৰ ভাওনাখনতে ভাও লওক৷ মাইকী ভাওকেইটা আপোনালোকৰ মাজত ৰওক আৰু মতা ভাওবোৰ পুৰুষে লওক৷ তাৰোপৰি ভাওনা ষ্টেজত হ’ব যেতিয়া, বুঢ়া মেঠাসকলে আপত্তি কৰাৰ কথাই নাই৷
বোলে শাস্ত্ৰত এনেই কোৱা নাই নহয়, ‘তিৰীয়ে মুনিহে হৈবা এক মতি,তেহে সিজিব হৰিত ভকতি’৷ গতিকে, গোস্বামী বাইদেউ বিজয়ৰ কথাটোৱেই থাওক৷”

   কথাষাৰ কৈ কলিতা ইঞ্জিনিয়াৰে পল্লুবৌলৈ চালে৷
ইতিমধ্যে সোণটোৱে আহি বিজয়ৰ কাণে কাণে কিবা ক’লে৷ বিজয়ে বোলে, “মই নকওঁ, বন্দিতা এনেই জকি আছে৷ তইয়ে ক৷”
সোণটোৱে বোলে, “মই মাজতে কথা এটা কওঁ৷ সীতা হৰণ বালি বধ সুন্দৰ নাটক৷ ইয়াৰ মেইন ৰ’লকেইটা হ’ল, হনুমান, জাম্বুৱান, সুগ্ৰীৱ, বালি, জটায়ু আৰু শূপৰ্ণশা৷ এতিয়া কথা হ’ল, এই পাৰ্টকেইটা যি কেইগৰাকীয়ে ল’ব নিজৰ নামকেইটা ড্ৰেছৰ ওপৰত লিখি ল’বলৈ নাপাহৰিব৷ কাৰণ ভালুক, বান্দৰ, জটায়ু ইহঁতৰ ড্ৰেছ আৰু মুখাততো আপোনালোকৰ মেক আপ , বানাৰসী শাৰী কোনেও দেখা নাপাব৷ আনকি ভাবি চাওক, লিপষ্টিকৰ ৰংটোও নেদেখিব৷”

সোণটোৰ কথা শুনি অভিজিত কলিতাই সোণটোৰ পিঠিত চপৰিয়াই বোলে, “হ’ব দে সোণটো, তেওঁলোকে কৰিব খুজিছে কৰক৷ বিনা মেক আপত বান্দৰ ভালুকৰ ৰ’ল ফুটাই তুলিব পৰাটোও এটা কলা৷ আমি কাষৰ গাঁৱৰ মহিলা কেইজনীমানকে আমাৰ দ্ৰোণ পৰ্বৰ মহিলা ভাওৰ বাবে কথা পাতোগৈ ব’ল৷ এৰা, মহাভাৰতৰ ৰাজৰাণীৰ ভাও। কি গৰ্জিয়াছ ড্ৰেছ আৰু মেক আপ হ’ব৷ ভালেই পাব সিহঁতে কৰিবলৈ পালে৷”

সোণটোৰ কথাখিনি শুনি কাঁহ পৰি জীন যোৱা মহিলাসকলৰ মাজত কাণে কাণে কথাৰ ফুচফুচ শুনা গ’ল৷ প্ৰণীতাবাই কিবা এটা ভবাৰ দৰে ক’লে,
“বিজয়, তোমালোক এতিয়া যোৱা৷ আমাৰ মহিলাসকলে আজিৰ মিটিঙত কিবা এটা সিদ্ধান্ত ল’ম৷ তুমি, নালাগে
কাকতিদাকে সন্ধ্যা এপাক মাতিছোঁ বুলি কবা৷”
প্ৰণীতাবাৰ লগত বহুদিন একেলগে ৰাজহুৱা কাম কৰা বিজয়ে বায়েকৰ কথাত কিবা এটা বুজি পোৱাৰ দৰে হাঁহি এটা মাৰি সোণটো আৰু কলিতা ইঞ্জিনীয়াৰৰ লগত পূৰৱী কটকীৰ ঘৰৰপৰা ওলাই আহিল।

(খণ্ড-৪)

বিজয়ে সোণটো আৰু কলিতা ইঞ্জিনিয়াৰক বিদায় দি কাকতিদাৰ ঘৰলৈ বুলি আগবাঢ়িল৷ অলপ দূৰ গৈয়েই কাকতিদাক খৰ খোজেৰে আহি থকা দেখা পাই ৰখাই সুধিলে বোলে, “কাকতি দা, ইমান বেগাই কলৈ যায়?”

কাকতি : প্ৰণীতাই এইমাত্ৰ মেচেজ পঠাইছে, মহিলাবোৰ হেনো জকি আছে৷ কিবা এটা কৰকহি৷

বিজয় : ইফালে বোলে প্ৰণীতাবাৰ লগত আপোনাৰ কাজিয়া৷ তাৰ মাজতে এইবোৰ মেচজা-মেচিজি কিহৰ?

কাকতি : এহ, বিজয়৷ সেইবোৰ ৰাজহুৱা কথাতহে৷ তুমিতো জানাই মই আপোনভোলা মানুহ৷ সেইবোৰ খেয়ালা-খেয়লি নাই বুজিছা৷ পিছে, তুমিনো ক’লৈ যোৱা?

বিজয় : আপোনাৰ ঘৰলৈকে ওলাইছিলো।

কাকতি : এহ ময়ো ওলাই আহিলো নহয়৷ ইফালে বৌৱেৰাও ফায়াৰ৷ চাহ অকণ দিয়া মানুহো নাই৷

বিজয় : চাহ-তাহৰ কথা বাদ দিয়কহে৷ প্ৰণীতাবাই খবৰ এটা দিবলৈ কৈছিল।

কাকতি : (আগ্ৰহেৰে) কি খবৰ পঠাইছে?

বিজয় : খবৰ মানে, খবৰটো আপুনি পালেই দেখোন, মেচেজত৷ মিছামিছি এইখন৷ (খঙেৰে) আপুনি গৈ থাকক৷ বৰ ভোক লাগিছে৷ ঘৰত গৈ খিছিৰি অকণমানকে ৰান্ধি খাওঁগৈ৷

এইবুলি কৈয়েই চাইকেল ঘূৰাই বিজয় কোবেৰে আঁতৰিল৷ কাকতিদাই অলপ দূৰ আহি কেকুঁৰিটো ঘূৰিয়েই বৰ্ণালী ফুকন, জিমি, পৰীস্মিতা গগৈ, জিনা, অনিমা, ৰূপা বনীয়াহঁতক লগ পাই সুধিলে,”পূৰৱীৰ ঘৰলৈ যোৱা নে?” বৰ্ণালী ফুকনে হয় বুলি কোৱাত কথা পাতি পাতি সকলো পূৰৱীৰ ঘৰলৈ আগবাঢ়িল৷

বৰ্ণালী : দাদা, আপোনালোকে ভাওনা পাতিব বুলি গম পালোঁ৷ আমিও তেনে কিবা এটা কৰিম বুলি পূৰৱীৰ ঘৰতে মিটিং এখন দিছোঁ৷

ৰূপা : দাদা, আপোনালোকে সদায় আমাক খটুৱাই কামবোৰ হাচিল কৰে, এইবাৰ আমি কিন্তু সুদাই নেৰো।

কাকতি : ৰ’বাহে, ভাওনাৰ কথাটো ৰামানুজ গোঁসায়ে সিদিনা উলিয়াইছেহে৷ সিদ্ধান্ত একো হোৱাই নাই নহয়৷ আৰু এটা কথা। তোমালোকৰ ওজৰ-আপত্তি, দুখ-দুৰ্দশাৰ কথা শুনিবলৈ, তোমালোকৰ এই কাকতি দাদা এতিয়াও জীয়াই আছো নহয়৷ (অলপ মৰম সানি কথাষাৰ ক’লে)

জিমি : সেইটো নহয় দাদা৷ আপোনাক আমি বেয়া নাপাওঁ নহয়৷ সেই বিজয় দাদাটোৱেহে আমাক এলাইবাদু বুলি ভাবে।

পৰীস্মিতা : বিজয়ে হাঁহিটোৱেই কাৰোবাক ঠগো ঠগোকৈ মাৰে৷ বন্দিতাজনীৰ মুখলৈ চাই সহ্য কৰি আছোঁ৷ কেতিয়াবা কিবা খং উঠিব বাই পেলাম৷

এনেদৰে, কথা পাতি পাতি আহি পূৰৱীৰ ঘৰ পাই কাকতিদাই সেই চিৰন্তন হাঁহিটো মাৰি শিল্পাশ্ৰীয়ে উঠি দিয়া চকীখনত বহি পৰিল৷
কস্তুৰীয়ে প্ৰণীতাবাক বোলে, “মইতো শ্বিলঙৰপৰা ভাওনাটোকে কৰিবকেনে আহিছোঁ। মোকে একটা ৰুলটো লাগিবই লাগিব৷”
ইফালে পল্লৱী বৌয়ে বোলে, “ৰ’লটো মোকো লাগিব। মই উমৰাংচুপৰা গাড়ী চলাই কিনে এনেই আহিছোঁ নেকি? মা কচম কেনেকা বেয়া ৰ’ডত ড্ৰাইভিং কৰি আহিছোঁ অনলি মই জানো৷ যেনেকা ৰ’ডত গাড়ী চলাইছো নহয় তালৈ যালে আপোনালোকে গম পাব, কিমান ডেঞ্জাৰাচ ৰ’ড৷ এনিৱে একৰডিং টু মি জোনে জোনে পাৰ্ট ল’ব, তেওঁলোকেও হেন্দচ আপ কৰক, ইভেন কোনোবাই যদি পাৰ্ট নলয় তাঁহাতিও হেন্দচ আপ কৰক৷ হিচাপ কৰি কিনে টোটেল ৰ’ল আৰু পাৰ্ট লোৱা মেম্বাৰ যিমান আছে কাউণ্ট কৰি পাৰ্টবোৰ পাৰ্ট পাৰ্ট কৰি দিয়ক৷”

ইমান পৰে বৰ কষ্টৰে কথাখিনি বুজাবলৈ চেষ্টা কৰি থকা কাকতিদাই বোলে, “ৰ’বাচোন ৰ’বা, চিন্তা নকৰিবা, মই আছোঁ নহয়, সকলোৱে ৰ’ল পাবা৷ ৰামায়ণ, মহাভাৰত বুলি কি আছে, দুইখন মিলাই কিবা এখন লিখি মিলি জুলি সকলোৱে কৰিলেই হ’ল৷ লাগিলে ৰামায়ণ মহাভাৰত দুয়োখন একেলগ কৰি মইয়েই কিবা এখন লিখি হ’লেও তোমালোকক ৰ’ল দিম৷ কিন্তু তাৰ আগতে মোৰ কথাবোৰ শুনি লোৱাচোন৷”

অলপ ৰৈ কাকতিদাই সেপ ঢুকি আকৌ ক’বলৈ ধৰিলে –
“গাঁওবোৰ আজি কালি ইটো খেল সিটো খেল এইবোৰ কাৰণতেই হ’বলৈ ধৰিছে৷ একো একোখন গাঁৱত একেলগে থকা মানুহবোৰৰে মনৰ মিল নথকাত সৰু সৰু গোট হৈ দুটা তিনিটাকৈ নামঘৰ সাজিছে৷ এই ভাওনাখনলৈ আমাৰ গাঁৱৰ মতা মাইকী দুটা খেল হোৱাটো ভাল কথা হোৱা নাই৷ এনেকৈ হ’লে গাঁৱত দুদিন পিছত ঘৰে ঘৰেও যে দুটাকৈ চৰু হ’বগৈ সেইটো খাটাং৷ কাৰণ গিৰীয়েকে মহাভাৰত মেলিব, ঘৈণীয়েকে ৰামায়ণৰ ৰাৱণ বধ কৰিব, এই চানা পোনাবোৰৰ কি হ’ব?”

ইমান পৰে মনে মনে থকা বৰ্ণালী পূজাৰী আৰু অসমী গগৈ বাইদেউৱে বোলে, “সদায় আমি মহিলা সকলেই কিয় সকলো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰিব লাগে? এডজাষ্টমেণ্ট কেৱল কি মহিলাসকলেই কৰিব লাগিব বুলি কথা আছে নেকি?”
কাকতিদাই বোলে, “বাপ্পাহাৰে! কোনেও কম্প্ৰমাইজ কৰিব নালাগে৷ সৱ কথা মাৰ গুলি, গাঁৱৰ সকলোৱে মিলি এখন নাটক কৰো, মহিলাই মহিলাৰ ৰ’ল আৰু পুৰুষে পুৰুষৰ ৰ’ল৷ সকলোকে সমান চাঞ্চ দিয়া হ’ব৷ নাটক ষ্টেজত হ’ব৷ লাইট ডেকৰেচন, কষ্টিউম, মিউজিক সকলো আপ টু ডেট৷ পাৰিলে দুজনমান অসমীয়া ভিচিডি গানৰ এক্টৰ এক্ট্ৰেচকো স্পিচিয়েল পাৰ্ট দিম৷ মুঠতে বিগ বাজেটৰ এখন নাটক পাতি সকলোকে হিলাই দিম৷”
প্ৰণীতাবাই সকলোৰে ফালে চাই বোলে, “কাকতিয়ে কথাটো বেয়া কোৱা নাই৷ তোমালোকে অলপ চিন্তা কৰি চোৱা৷ কিন্তু এটা কথা যে মহিলা সকলোৱে এটা ৰ’ল পাবই লাগিব৷”

মহিলাসকলে ইগৰাকীয়ে সিগৰাকীৰ লগত কথা পাতি প্ৰণীতাবাৰ কথাত সন্মত হয় যদিও কস্তুৰীয়ে বোলে, “মোক সীতাৰ ৰ’ল লাগিব৷” মন্দিৰাই বোলে, “মোক কিন্তু দ্ৰৌপদী বা ৰাধাৰ ৰ’ল লাগিব৷” চাহিনে বোলে, “নাই ৰাধাৰ ৰ’ল মোক লাগিব৷” মন্দিৰাই বোলে, “তুমি সৰু হৈ আছা, উত্তৰাৰ ৰ’ল লোৱা৷” তামোলৰ পিকখিনি সাউতকৈ গিলি উত্তৰা শৰ্মাই বোলে, “মোৰ নামেই উত্তৰা, উত্তৰাৰ ৰ’ল মোক লাগিবই৷” কংকনা বায়ে বোলে, “হেৰৌ, অভিমন্যুৰ ঘৈণীয়েকজনী অকণমান বয়সত সৰু হ’লেহে চাজিব৷” অসমী গগৈ বাইদেউৱে বোলে, “বয়সৰ কথা ক’ৰপৰা আহিল? মেক আপ কৰিলে তিনিকুৰি বয়সো মহিলাই দুকুৰি কৰি দেখাব পাৰে৷ নকৰো বুলিহে৷”
পানী দুগিলাছ ঘোট ঘোট কৈ গিলি কাকতিদাই বোলে, “হ’ব৷ সকলোৱে যি বিচৰা সেইটো ৰ’লেই পাবা৷ মুঠতে এইটো ফাইনেল হ’ল যে মহিলা পুৰুষ সকলোৱে মিলি এখনেই নাটক কৰিম৷ কথাটো ফাইনেল বুলি ধৰোঁ নে?”
প্ৰণীতাবাই বোলে, “ফাইনেল৷ কিন্তু আমাৰ চৰ্তখিনি মানি ল’বই লাগিব৷” কাকতিদাই বোলে, “ডান৷ পূৰৱী তুমি ফেচবুকত ষ্টেটাচ এটা দি দিয়া যে মহিলা সমিতিৰ মিটিঙত প্ৰস্তাৱ লোৱা হ’ল যে সকলোৱে মিলি এখন নাটক কৰিব আৰু সকলোৰে সহযোগিতা বিচৰা হ’ল৷ মই কালিলৈ শইকীয়া মাষ্টৰৰ লগত বহি কোনখন নাটক কৰিলে ভাল হ’ব আলোচনা কৰি সকলোকে জনাই আছোঁ।”

(আগলৈ)

☆★☆★☆

Leave a Reply

Your email address will not be published.