ফটাঢোল

আতংকৰ শেষত –শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত

কিবা এক বিশেষ কথাৰ বাবে হঠাত মা আৰু দেউতা গুৱাহাটীৰ জেঠাইহঁতৰ ঘৰলৈ যাব লগীয়া হ’ল৷ মাইনাৰ কলেজ বন্ধ বাবে তাই আগদিনাই গৈ তেজপুৰৰ পেহীহঁতৰ ঘৰত আছেগৈ৷ মোৰ পাছ দিনা পুৱাই কবিতাৰ অনুষ্ঠান এটা থকাত এঠাইলৈয়ো যোৱা নহ’ল৷ কাজেই মই ঘৰত অকলে৷ সেইবুলি আক’ অমুকাৰ ভয় বোলা বস্তুটো ইমান নাই৷ ভূতৰ চিনেমাক ‘কমেডি’ হিচাপেহে চাওঁ৷ বিশেষকৈ বলিউদৰবোৰ৷ পুৰণা ফাৰ্ম হাউচ এটা থাকিব, এহাল নৱ-বিবাহিত দম্পতী তাত থাকিবলৈ যাব, ভোবোকা ডাঢ়ি তথা জঁটাধাৰী এজনে হাততে লেম্প জাতীয় কিবা এটা লৈ তেওঁলোকক সাৱধান কৰিব, তেওঁলোকে হাঁহি মাৰি ঘৰটোত সোমাব, ভূতুনীয়ে নায়িকাক ধৰিব, ভয় খুৱাব ইত্যাদি ইত্যাদি… ধেই! এনেকে আৰু ভূতৰ চিনেমা হয়নে! কিবা বেলেগ ‘থ্ৰিল’ এটা থাকিব লাগে| তেতিয়াহে…! মই আটাইতকৈ বেছি ভয় কৰোঁ মানুহক৷ তাৰ পাছত সাপ আৰু বনৰীয়া জন্তুবোৰ৷

অকলে ব’ৰ হৈ আছোঁ৷ কি কৰিম/ নকৰিম ভাবি ভাবি youtubeত পুৰণা ভূতৰ চিনেমা এখনকে চাম বুলি মনতে পাঙিলোঁ৷ ভবা মতেই কাম৷ একে বহাতে চাই মেলি চাফা দিলোঁ৷ ফাগুনৰ বতৰ৷ বাহিৰলৈ ওলাব নোৱাৰা বতাহ৷ তাতে ঘৰৰ পিছফালেই মুকলি পথাৰখন, কাষতে বাঁহনিডৰা৷ বতাহৰ কোবত আগবোৰ হাউলি আহি টিঙত চেৰৰৰেক-চেৰেক জাতীয় শব্দ কৰি আছে৷ দিনতো কৰি আছিল যদিও ইমান মন দিয়া নাছিলোঁ বাবে গম নাপালোঁ৷ ৰাতি ভাত-পানী খাই আজৰি হৈ বিছনাত পৰাৰ পৰাহে শব্দটো বাঢ়িবলৈ ল’লে৷ টোপনিটো ক’ত হেৰাল পাত্তা নাই৷ সেই সময়খিনিত নিজেই নিজক কৈ আছোঁ, “ভয় নকৰিবি, একো নহয়!” ঠিক তেনেকুৱাতে মোৰ শোৱা কোঠাৰ টিঙৰ ওপৰতে ‘ধমহ’কে কিবা এটা পৰিল নহয়! মই বোলো সৰ্বনাশ, এইটো কি আক’! পাকিস্তানে বৌম দিলে নেকি? তাৰ অলপ পাছত আকৌ ধমহ! সঁচা কথা কৈছোঁ, ভয় নাই বুলি মৰা ওস্তাদিটো তেতিয়া দুৱাৰ চুকত লুকাই আছিলগৈ! লাহে-লাহে বৰষুণ পৰিছে৷ বতাহ আছেই৷ ঘপহকৈ মনত পৰিব নলগা কথা এটা মনত পৰিল নহয়! সেই যে চিনেমা এখন চোৱা বুলি কৈছিলোঁ…

কোঠাটোৰ চৌদিশে যেন কোনোবা পিত-পিতাই ঘূৰি ফুৰিছে! জমা হোৱা বৰষুণৰ পানীত কাৰোবাৰ জপং-জপং খোজৰ শব্দ! মই বোলো এই কথাই কথা নহয়, হে’ডফোনত হুলস্থুলীয়া গান লগাই ল’লোঁ৷ এনেই হ’লে গান শুনিলে কোনোবাই ওচৰতে আহি টেটাই থাকিলেও একো নুশুনো, সেইদিনা বাহিৰৰ শব্দবোৰলৈকে শুনি আছিলোঁ! বতাহ-বৰষুণ বাঢ়ি আহিছিল, বাঢ়িছিল টিঙত অসহ্যকৰ শব্দবোৰ, কোঠাৰ কাষৰ খোজবোৰ, কুকুৰৰ ভুক-ভুকনিবোৰ…

এনেই ঠাণ্ডাত মোৰ গাৰ পৰা চুৱেটাৰ, জেকেট নুগুচেই৷ শোৱাৰ পৰত লেপ, কম্বল জাপি লওঁ৷ আজি ইফালে বতাহে-বৰষুণেও দি আছে৷ নাই৷ মোৰ ঘামি-বুৰি অৱস্থা নাই৷ মোবাইলত ঘড়ীটো চালোঁ ৩ বাজি গৈছে৷ লাগিল নে তেনেকুৱাতে সৰু পানী চুবলৈ! যাওঁ কেনেকৈ! নগ’লেও উপায় নাই৷ অলপ সাহস কৰি বিছনাৰ পৰা এটা ভৰি নমাইছোঁ মাত্ৰ, আকৌ পৰিল নে ধেমেহকৈ টিঙত! “ঔ মাই খালে ঔ” বুলি কৈ একে কোবে আকৌ বিছনা৷

কষ্টই-মষ্টই থাকি, চকুৰ পতা জাপ নোখোৱাকৈ ৫ বজাৰ আগে আগে বাহিৰলৈ গ’লোঁ (দুঘণ্টা ধৈৰ্য ধৰিছোঁ, ধেমালি!)৷ তেতিয়ালৈ বৰষুণ প্ৰায় এৰিছে৷ ডাৱৰৰ সিপাৰে বেলিয়ে এঙামূৰি দিয়াত বাহিৰখন পোহৰ হৈছে৷ টিঙতনো কি পৰিছিল বুলি চাবলৈ গৈ দেখিছোঁ, বেলজোপাৰ আধাতকে বেছি সৰি শেষ৷ তাৰ মানে ৰাতি টিঙত…আৰু পানীৰ ডোঙাত নাওৰাৰ পৰা পানী পৰিহে শব্দবোৰ…

সেইবুলি আকৌ আপোনালোকে মোক ভয়পাদুৰা বুলি নক’ব৷ ভূতলৈ মোৰ অলপো ভয় নাই৷ ভয় কৰোঁ কেৱল মানুহ আৰু হিংস্ৰ জন্তুকহে!

*****

3 Comments

Leave a Reply

Your email address will not be published.