ফটাঢোল

আতৈৰ মোছ কোছা উৰিল – অতুল নাথ

যোৰহাটৰ কলেজত পঢ়া দিনৰ কথা। আমি একে ঠাইৰ সাতটা ল’ৰা একে মেছত থাকোঁ। একে স্কুলৰ পৰাই যোৱা আমি আটাইবোৰ।

মই হায়াৰ চেকেণ্ডাৰী ফাইনেল দিম, মোৰ দাদা ডিগ্ৰী ফাইনেলৰ। বাকী পাঁচটা ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ। দাদাৰ বাদে আমি আটাইবোৰ সমনীয়া সেয়ে ইটোৱে সিটোক তই মইকৈয়ে মাতোঁ। আমি ছটা মেছত থাকোঁ, এটা মালিকৰ বাহিৰৰ ৰূমটোত থাকে যদিও আটাইবোৰে একেলগে খোৱা বোৱা কৰোঁ।

দুদিনমান ক্লাছ হোৱাৰ পিছত আৰু এটা ল’ৰা আহিল, মালিকৰ ঘৰৰ লগত থকা ৰূমটোলৈ। সি মাজুলীৰে যদিও চিনাকি নাই। কোনোবা এখন সত্ৰৰ ওচৰত ঘৰ। একেবাৰে হোলোং গোজোং মানুহ, আমি আটায়ে তাক আতৈ বুলি মাতোঁ, সিও আমাক আতৈ বুলিয়েই মাতে। আতৈৰ ড্ৰেছ পোচাক চাল চলন দেখি ধাৰণা হয় ঘৰৰ অৱস্থা সিমান ভাল নহয়। আমাৰ মেছতে খোৱাৰ কথা কৈছিলোঁ, যদিও আতৈয়ে বোলে, মই ৰূমতে বনাই খাম।

কলেজৰ ক্লাছ আৰম্ভ হৈছে। আতৈ সেই একেই, নিয়ম মাফিক কলেজলৈ অহা যোৱা কৰে। ইতিমধ্যে মেজৰৰ চিলেকচন হ’ল। মেজৰক্লাছ আৰম্ভ হোৱাৰ পৰাই আতৈৰ কিবা পৰিবৰ্তন হ’ল। যিটো দেহা আতৈয়ে সপ্তাহত দুবাৰ বা তিনিবাৰ তিয়াইছিল, সেই আতৈয়ে আজিকালি নিতৌ ব্ৰহ্মপুৱাই উঠি গা ধোৱা কৰিলে, মাহটোত ব্লেডৰ মুখ এবাৰ বা দুবাৰো নেদেখা আতৈৰ ডাঢ়ি মখাই সপ্তাহত তিনিবাৰলৈ ব্লেডৰ মুখ দেখা হ’ল, চোলা কাপোৰবোৰো আগতকৈ টিপটপকৈ ধোবিৰ তাত ইষ্ট্ৰি দি পিন্ধা কৰিলে। যি আতৈয়ে একেবাৰে মুৰামুৰি সময়ত কলেজলৈ যায়, সেই আতৈয়ে এতিয়া ৯-১৫ৰ মেজৰ ক্লাছলৈ চাৰে আঠ বজাতে যোৱা হ’ল। আতৈৰ মুখত অনবৰতে হুঁ হুঁ হুঁ কৈ ৰোমাণ্টিক গানৰ কলি, হাতত তাহানিৰ লেডীজ চুৱেটাৰৰ বুটামটোৰ সমান আইনাখন, ফণীখন। আজিকালি আতৈৰ মন ভোমোৰাই, ফুলে পখিলাই গিজগিজাই থকা বাগিছা বাগিছা। মুঠতে আমূল পৰিবৰ্তন আতৈৰ।
কিন্তু কথাৰ গুৰিটো কি? আমাৰ চি বি আইয়ে ৰিপৰ্ট দিলেহি বোলে কথাৰ গুৰিতে হ’ল ” ৰুহিটনৰ টিক্ “।

মানে টাউনৰ পৰা অহা সকলোৰে কলিজাত কপঁনি তোলা সেই ধুনীয়া ছোৱালী জনী, “ৰুহিটনৰ টিক্” হ’ল আমাৰ আতৈৰ মেজৰৰ পাৰ্টনাৰ। আতৈৰ ইমান সাজোন কাচোনৰ অৰ্থ এইয়াহে তাৰমানে।

সুদাই এৰা ভকত আমিও নহয়। আতৈৰ বিৰুদ্ধে আমি মাৰবান্ধি ওলালোঁ।মুঠতে আতৈক অনিষ্ট কৰাই আমাৰ লক্ষ্য। আতৈক বিভিন্ন ধৰণে চেপা দিব আৰম্ভ কৰিলোঁ, অৱশ্যে দাদাই গম নোপোৱাকৈ। ৰাতিপুৱা স্তভত কিবা বহাই আতৈয়ে গা ধুবলৈ গ’লে, লগত থকাটোৱে স্তভটো নুমাই থয় যাতে আতৈৰ কলেজলৈ যোৱা দেৰি হয়। কেতিয়াবা ৰাতিপুৱা কলেজলৈ যাবলৈ পেণ্ট চাৰ্ট ৰদত দি থ’লে কোনোবা এটাই পানী এচাটি মাৰি থৈ আহোঁ। মুঠতে আতৈ চক্ৰবেহুত। কিন্তু হাৰ নেমানে আতৈয়ে, আমাৰ অভিসন্ধি অসফল প্ৰতি বাৰে।

এইদৰে আৰু বলে নোৱাৰি আতৈক, গতিকে একেবাৰে মৰ্মস্থলীতে আঘাত হানিবলৈ আমি মাষ্টাৰ প্লেন বনালোঁ। সেইদিনা দেওবাৰ, দাদা ঘৰলৈ গৈছে, আগবেলাতে উভতিব। পাই গ’লো চান্স। আনদিনাৰ দৰেই সেইদিনাও আতৈয়ে বাহিৰতে ডাঢ়ি কাটি উঠি মোছকোচা মিলাই দিবলৈ মাতিলে ৰূমমেটক। শুনি আমি মেছত থকা পাঁচটাই এটি এটিকৈ ওলাই আহি মালিকৰ ঘৰৰ কুকুৰ পোৱালীটো লৈ ইটোৱে সিটোৰ গালৈ দলিয়াই খেলা আৰম্ভ কৰি দিলোঁ। আতৈৰ ৰূমমেটৰ আকৌ কুকুৰৰ লগত হলিগলি নাই, ভয় কৰে। এবাৰ তাৰ ইঙ্গিত পাই দিলোঁ কুকুৰটো তাৰ গালৈ দলিয়াই, বহু অপেক্ষিত ক্ষণটোৰ সুযোগতে সিও হাচিল কৰি দিলে তাৰ কাম। আতৈৰ এফালৰ মোছ লাগি আহিল ব্লেডৰ আগত।

:উস্ উস্ কি কৰিলে, কি কৰিলে আতৈ? এফালৰ মোছ কাটি পেলালে, মই নিগমে মৰিলো এতিয়া।

আতৈ ঠাইতে বহি পৰিল। আতৈৰ ৰূমমেটে আমাক গুৱালগালি দিয়া আৰম্ভ কৰিলে, আমাৰ ভুলৰ বাবেই আতৈৰ মোছকোচা কটা গ’ল বুলি। আমিও আমাৰ ভুল স্বীকাৰ কৰি আতৈৰ ওচৰত ক্ষমা বিচাৰিলোঁ। কিন্তু আমি ভুল স্বীকাৰ কৰিলেই জানো আতৈৰ কটা মোছ গজি উঠিব?

শেষত আতৈৰ ৰূমমেটে আতৈক সান্ত্বনা দিলে বোলে,

:আতৈ যি হ’ল হ’ল আৰু। এতিয়া সিফালৰ কোছা মোছ ৰাখি জানো কিবা লাভ আছে?

কন্দনামুৱা মাতেৰে আতৈয়ে বোলে,

:উৰাই দিয়ক আৰু আতৈ।

ঘটনাৰ অলপ পিছতে দাদা ওলালহি। কথাটো গম পাই আমাৰ আটাইকেইটাক মাতি নি যিমান পাৰে সিমান গালি পাৰিলে। সেই এসপ্তাহ আতৈক মেজৰৰ ক্লাছৰ পৰা বঞ্চিত কৰি আমাৰো পিছে যুদ্ধ জয় কৰা যেন লাগিল।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.