ফটাঢোল

আধুনিক অসমৰ মঞ্চ আন্দোলন : অসমী গগৈ

যি সময়ত বিশ্বৰ বিভিন্ন ঠাইত নাটকৰ মঞ্চসজ্জা, মঞ্চ নিৰ্দেশনা বা মঞ্চ নীতিৰ বিভিন্ন ধাৰা গঢ় লৈ উঠাৰ লগতে সেইবিলাকৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হৈছিল, সেইসময়ত আমাৰ অসমত মঞ্চ আন্দোলনৰ বীজ ৰোপণ হৈছিলহে মাথোন। মঞ্চ নাটকৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন বয় বস্তু, নীতি নিৰ্দেশনা আদিক লৈয়ে অসমৰ নাট্যকাৰ তথা অভিনেতাসকল ব্যস্ত আছিল। উনবিংশ শতিকাৰ শেষলৈকে অৱশ্যে অসমত মঞ্চ আন্দোলনে গা কৰি উঠিব পৰা নাছিল। আনকি প্ৰাচীন লোকনাট্যসমূহো পৰিবেশিত হৈছিল মঞ্চহীন মুকলি পৰিবেশত। ইয়াৰ উদাহৰণ ওজাপালি আৰু অংকীয়া ভাওনাসমূহ।

গুণাভিৰাম বৰুৱাই ৰামনৱমীৰে সূচনা কৰা আধুনিক অসমীয়া নাটকৰ অভাৱ পূৰাবলৈ এই সময়তে নাটক ৰচনাত হাত উজান দিয়ে হেমচন্দ্ৰ বৰুৱা, ৰুদ্ৰ বৰদলৈ, পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আদিয়ে মঞ্চৰ প্ৰয়োজনীয়তা বুজি নাটক ৰচনাত হাত দিয়ে। যাৰ ফলস্বৰূপে অসমৰ সৰু বৰ চহৰবোৰত উৎসৱৰ বিশেষকৈ দুৰ্গা পূজাৰ সময়ত নাটক একোখন মঞ্চস্থ হৈছিল। ক্ৰমে ইয়াক এটা স্থায়ী ৰূপ দিবলৈ অসমৰ তেতিয়াৰ উদ্যমী ডেকাসকল উঠি পৰি লাগিছিল।

ডিব্ৰুগড় চহৰত ১৮৭২ চনত ভৱকান্ত বৰুৱা, ৰাধানাথ চাংকাকতি আদিৰ প্ৰচেষ্টাত দুৰ্গা পূজাত অনুস্থিত হোৱা “প্ৰহ্লাদ চৰিত” নাটকেৰে মঞ্চ নাটকৰ পাতনি তৰা হয়। যদুৰাম বৰুৱাৰ নেতৃত্বত এই আন্দোলনত আগভাগ লৈছিল গোপাল চন্দ্ৰ বৰুৱা, মালভোগ বৰুৱা, হৰকান্ত শৰ্মা, ডা: হৰেকৃষ্ণ দাস, কাৰ্তিকান্ত শৰ্মা, ব্ৰজ শৰ্মা, প্ৰভাত শৰ্মা আদি নাট্য প্ৰেমীয়ে। লাবণ্যপ্ৰভা হাজৰিকা আৰু গুণদাবালা গগৈৰ অভিনয়েৰে নাটকত মহিলাৰ অংশগ্ৰহণৰ পাতনি তৰাত ডিব্ৰুগড় অন্যতম।

১৮৯৬ চনত অস্থায়ী মঞ্চ সাজি “হৰিচন্দ্ৰ” আৰু “মহৰী” নাটকেৰে তেজপুৰত মঞ্চ নাটকৰ পাতনি তৰা হয়।১৯০১চনত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ তেজপুৰ শাখাই সাজি উলিওৱা “বানষ্টেজ”নাট্য মঞ্চটিত পদ্মনাথ গোহাঞিবৰুৱাৰ পৰিচালনাত ১৯০৮ চনলৈকে নিয়মীয়াকৈ নাটক মঞ্চস্থ হৈ আহিছিল। ইয়াৰ বাবেই তেওঁ লিখি উলিয়াইছিল বানৰজা নাটক আৰু নকুল চন্দ্ৰ বৰুৱাই লিখি উলিয়াইছিল “বদন বৰফুকন” নাটক। শিল্পী সাহিত্যিক দণ্ডীনাথ কলিতা, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, বিষ্ণু ৰাভা আদি অভিনেতা এই ৰংগমঞ্চৰে ফচল। এই বানৰঙ্গ মঞ্চতে “শোণিত কুঁৱৰী” নাটকৰ ৰচনা আৰু অভিনয়েৰে জ্যোতিপ্ৰসাদে অসমীয়া নাট্য সাহিত্যত যুগান্তৰৰ সৃষ্টি কৰিছিল।

গুৱাহাটীৰ প্ৰথমটো পকী নাটঘৰ ১৮৯৭ চনৰ বৰভূঁইকপত খহি পৰাৰ পাছত নবীনচন্দ্ৰ বৰদলৈ, ৰাধানাথ ফুকন, অন্নদাচৰণ ভটাচাৰ্য, ভোলানাথ দাস, ৰঘুনাথ চৌধাৰী আদিৰ প্ৰচেষ্টাত উজান বজাৰত ১৯০৫-০৬ চনত ফ্ৰেণ্ডচ ইউনিয়ন ক্লাব নামেৰে স্থায়ী মঞ্চগৃহটিয়ে গঢ় লৈ উঠে। ইয়াৰ বাহিৰেও উজান বজাৰৰ যোৰপুখুৰী পাৰত ১৯১৫ চনত আজিৰ প্ৰখ্যাত কুমাৰ ভাস্কৰ নাট্যমন্দিৰ, কামাখ্যাত উনবিংশ শতিকাৰ সপ্তম দশকত থিয়েটাৰ সংঘ, আজাৰাত ১৯০৪ চনত একোটাকৈ নাট্য মঞ্চ গঢ় লৈ উঠিছিল।

১৮৮৫ চনত বুঢ়ী গোসাঁনীৰ খোলাত কৰা ৰমণী গাভৰু নাটকেৰে যোৰহাটত মঞ্চ নাটৰ পাতনি তৰা হৈছিল।এই ক্ষেত্ৰত আগভাগ লৈছিল বুদ্ধিন্দ্ৰ নাথ ভটাচাৰ্য, মুণ্সিপ জয়চন্দ্ৰ মিত্ৰ, ডাকবাবু ৰাজেন্দ্ৰ ঘোষ, চন্দ্ৰধৰ বৰুৱা, ৰাধানাথ সন্দিকৈ, নম্পু সিংহ, ৰাধানাথ ফুকন, শৰৎ গোস্বামী, জগন্নাথ বৰুৱা, বিষ্ণুৰাম বৰুৱা, ড° উমেশ চন্দ্ৰ চেটাৰ্জী, হৰিনাথ সান্যাল, আনন্দ চন্দ্ৰ বৰুৱা, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, মিত্ৰদেৱ মহন্ত, গোলোক চন্দ্ৰ খাউণ্ড আদি ব্যক্তিয়ে। ১৮৯৬ চনত প্ৰতিস্থা হোৱা যোৰহাট থিয়েটাৰে পাছলৈ একে ঠাইতে স্থায়ী ৰূপ পায়।

১৮৯৯ চনত সীতাৰ পাতাল প্ৰবেশ নাটকৰ অভিনয়েৰে শিৱসাগৰ নাট্য সমাজে আৰম্ভ কৰা যাত্ৰা আজিও এশবছৰৰ পাছতো গৌৰৱেৰে সোঁৱৰাই আছে৷ ১৮৯৫ চনত প্ৰতিষ্ঠা হোৱা গোলাঘাট নাট্যমঞ্চৰ ফচল সুৰেন্দ্ৰ নাথ শইকীয়া, সূৰ্যকান্ত বৰুৱা আদিৰ দৰে নাট্যকাৰ অভিনেতা। ১৯০২ চনত বিমলা কান্ত বৰুৱা, নীলকান্ত বৰুৱা, গুণনাথ বৰুৱা, দুৰ্গাচৰণ গোহাঁই, কুল শৰ্মা আদিৰ প্ৰচেষ্টাত নগাঁও নাট্য মন্দিৰ গঢ় লৈ উঠিছিল। জগত বেজবৰুৱা, কমলানন্দ ভটাচাৰ্য আদিৰ দৰে যশস্বী নাট্যকাৰ অভিনেতাই ইয়াৰ পৰাই প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯১৪ চনত অস্থায়ী মঞ্চ প্ৰতিষ্ঠা হোৱাৰ পাছত ১৯২৫ চনত গোপালচন্দ্ৰ আৰু ৰবিচন্দ্ৰ দত্তৰ অকুণ্ঠ বৰঙনিৰে তিনিচুকীয়াত স্থায়ী নাটঘৰ আৰু পূজাঘৰ প্ৰতিষ্ঠা হয়।

ব্ৰজনাথ শৰ্মাৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত ১৯২১ চনত নলবাৰীত নাট্য মন্দিৰ প্ৰতিষ্ঠা হয়। এইকামত তেখেতক বিশেষভাৱে সহায় কৰা মধুৰাম দাস, নাৰায়ণ চন্দ্ৰ বৰা, অমৃত চন্দ্ৰ, জয়দেৱ শৰ্মা, গোপাল চন্দ্ৰ মালী, মহেন্দ্ৰ চৌধুৰী, ভৈৰৱ চন্দ্ৰ চৌধুৰী, নন্দৰাম দাস, ইয়াকুব আলি আদিৰ প্ৰচেষ্টাত ১০২৬ চনত নলবাৰীত স্থায়ী ৰংগমঞ্চ স্থাপন হৈছিল।

এইবিলাক ঠাইৰ বাহিৰেও উত্তৰ লক্ষীমপুৰ, বৰপেটা, শ্বিলঙ, নাজিৰা, গোৱালপাৰা মঞ্চ আন্দোলনে একে সময়তে এচাম অভিনয় শিল্পীৰ জন্ম দিছিল। লগতে সহঅভিনয়ৰো সূচনা হৈছিল। ব্ৰজ শৰ্মাৰ অনুপ্ৰেৰণাতে ১৯৩৩ চনত ডুমডুমা কহিনুৰ অপেৰা পাৰ্টীৰ মজিয়ালৈ সাহসেৰে ওলাই আহিছিল গোলাপী দাস, সৰ্বেশ্বৰী দাস, শৈল্যবালা দেবী, ফুলেশ্বৰী দাস, লাৱণ্য দাস, বিনদা গগৈ আদি।

ক্ৰমে অসমৰ মঞ্চজগতলৈ ৰীতি নীতি, কলাকৌশল আদিৰ ক্ষেত্ৰত নতুন পৰিবৰ্তন আহিবলৈ ধৰে। জ্যোতিপ্ৰসাদে তেওঁৰ নাটকত মঞ্চ পৰিকল্পনা, মঞ্চ নিৰ্দেশনা লিপিবদ্ধ কৰাৰ লগতে বাণ ৰঙ্গমঞ্চত এইবিলাকৰ প্ৰয়োগ ঘটাবলৈ আৰম্ভ কৰে। লগতে থলুৱা গীত মাত বাদ্যৰ সংযোজনেৰে যুগান্তৰৰ সূচনা কৰে।

এয়াই মঞ্চ স্থাপত্যৰ আদি কথা। কুৰি শতিকাৰ অসমৰ মঞ্চ আন্দোলনৰ পৰাই ১৯৫৯ চনত জন্ম হয় অসম নাট্য সন্মিলনৰ। পূৰ্বতে ইয়াৰ নাম আছিল সদৌ অসম একাংক নাট্য সন্মিলন। এই সন্মিলনীৰ লগতে বৰ্তমান অসমত গঢ় লৈ উঠা অনেক অপেছাদাৰী নাট্যদল আৰু অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অসমৰ বিভিন্ন ঠাইত নাটকৰ কৰ্মশালা, প্ৰতিযোগিতা আদি অনুষ্ঠিত হৈ আহিছে। ফলত অসমৰ নাট্যজগতলৈ আমূল পৰিবৰ্তন আহিছে।

বৰ্তমান অসমৰ মঞ্চ আন্দোলনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে ভ্ৰাম্যমান নাট্যদল সমূহে। ১৯৬৩ চনত পাঠশালাত জন্ম লাভ কৰা ভ্ৰাম্যমান নাট্যদলৰ আজি অসমত সৰু বৰ কুৰিটাতকৈও অধিক নাট্যদল আছে। অত্যাধুনিক কাৰিকৰী কলাকৌশলৰ দ্বাৰা আজি এইবিলাকে অসম তথা বিশ্বতে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু সাম্প্ৰতিক কালৰ মঞ্চ জগতখনক সুকীয়া মৰ্যদা দিবলৈ সক্ষম হৈছে অসমৰ অপেছাদাৰী নাট্যদল সমূহেহে। ৰীতি নীতি আঙ্গিক বা বিষয়বস্তু, উপস্থাপন পদ্ধতি আদিৰ ওপৰত নিতৌ কৰা পৰীক্ষা নিৰীক্ষাই আজি অসমৰ নাট্য জগতক বিশ্বৰ আগত থিয় দিব পৰা কৰি তুলিছে৷

☆★☆★☆

4 Comments

  • সদানন্দ ভূঞা

    বহুত ভাল লাগিল । আপোনাৰ লিখনিৰ পৰা বহু নজনা কথা জানিব পাৰিলোঁ ।

    Reply
  • কমল নেওগ

    তথ্য সমৃদ্ধ লেখাটো পঢ়ি ভালপালোঁ।

    Reply
  • কমল নেওগ

    তথ্য সমৃদ্ধ লেখাটো পঢ়ি ভাল লাগিল।

    Reply
  • লিখনিটোৰ পৰা বহু কথা জানিলোঁ, ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.