ফটাঢোল

আধৰুৱা প্ৰেম কাহিনী – দ্বীজেন তামুলী

যৌৱনে আমনি কৰাৰ পৰত, জীৱন নদীৰ গাভৰু ঘাটত বহি, হিয়া দিয়া নিয়া কৰা কথাবোৰ মনত পাৰিলে মনটো কেতিয়াবা সেমেকি উঠে নহয় নে বাৰু? কাৰণ প্ৰেম জনমে জনমে বুলি এষাৰ কথাও আছে দিয়কচোন।তেনে প্ৰেম কাহিনী যেতিয়া আধৰুৱা হয় বৰ বেয়া লাগে কেতিয়াবা।

২০০৩ চনৰ কথা। আমাৰ এটা গান গোৱা গ্ৰুপ আছিল। মাজে মাজে গধূলি লোকগীত পেৰডি আদি গীত গাই মনোৰঞ্জন কৰা হৈছিল। বৈশ্য ডাঙৰীয়া(অনাতাঁৰ শিল্পী) আছিল আগৰণুৱা। যতীন খুড়াৰো এই ক্ষেত্ৰত বৰ ৰাপ আছিল তেখেতেও বৰ ভাল লোকগীত গাইছিল। তেখেতৰ ঘৰতেই বেছিকৈ জমি উঠিছিল আড্ডা। তেখেতৰ ঘৰত বেছিকৈ আড্ডা জমি উঠাত আৰু এটা কাৰকে কাম নকৰা নহয়। তেখেতৰ তিনি কন্যাই বৰকৈ আকৰ্ষিত কৰিছিল সকলোকে।

লাহে লাহে গান গাব নজনা অভাজনেও এই আড্ডাৰ নিয়মীয়া শ্ৰোতা হব ধৰিলো৷ ব্যৱসায়িক লেন দেন সমাপ্ত কৰি উপস্থিত হওঁ আড্ডা স্থলীত। মাজৰ জনী কন্যাই ইয়াত খুব অৰিহণা যোগালে। তেওঁৰ চাৱনি ,হাঁহি,গুৰুত্বই এই অভাজনক আৰু বেলেগকৈ বুজাই দিব লগা নহ’ল আড্ডা কোন ফালে গতি কৰিলে। গানৰ আড্ডা নাথাকিলেও মই নগ’লে বন্ধুজনৰ আগত খবৰ খাটি ৰখা আনকি মাকেও এই ক্ষেত্ৰত আগবাঢ়ি বৰ আদৰ সাদৰেৰে খবৰ লোৱা কৰিলে৷ আড্ডা বন্ধ হল কিন্তু চলি থাকিল আমাৰ মাজত খবৰ খাটি লোৱা। দিন বাগৰিল মোৰ চাকৰিটো হ’ব বুলি অলপ প্ৰচাৰ হ’ল। গুৰুত্ব আকৌ বাঢ়ি গ’ল । এদিন নগলেই ফুলা লুচিৰ দৰে এখন মুখ দেখা পাওঁ।বিশেষ অসুবিধা বশত চাকৰিৰ বিলম্ব হ’ল। মন-চন বৰ বেয়া চলিল, লাহে লাহে খবৰ খাটি লোৱাও পাতল হ’ল।

ঘুনুক ঘানাককৈ শুনিলো হেনো মোৰেই আন এগৰাকী বন্ধু তালৈ যোৱা আৰম্ভ কৰিছিল তেতিয়া। মোৰো কিবা খং উঠি সেইফালে যোৱা কমাই দিলো। লাহে লাহে প্ৰেমৰ  যতি চিহ্ন আঁকি নিজ কামত লাগি থাকিলো। তথাপি দুইকুল ৰক্ষা কৰি মাক জীয়েকে খবৰ খাটি লয় মাজে মাজে। এইফালে চাকৰিটো হ’ল আৰু জইন কৰি অফিচ কৰি থাকিলো। হঠাৎ এদিন হাজিৰ হ’ল অফিচৰ ওচৰৰ এখন হোটেলত দুয়ো(মাক জীয়েক) আৰু মোৰ সেই বন্ধু জনৰ বদ অভ্যাস আদি ৰতিবলৈ ধৰিলে। তেওঁ অমুক, তেওঁ মদ খাই, তেওঁৰ বৰ অহংকৰি আদি আদি। চাহ মিঠাই খুৱাই তেওঁলোকক বিদায় দি সেইফালে পুনৰ ঘূৰী আৰু নাচালো।পাছলৈ ব্যৱসায়ী বন্ধু জনেও তেওঁৰ ৰাস্তা সলাই অন্য ৰাস্তাৰে যোৱাত লাগিল।যতি পৰিল এনেকৈয়ে আধৰুৱা প্ৰেম কাহিনীৰ।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.