ফটাঢোল

আবোল-তাবোল – প্ৰাঞ্জল অনুভৱী

ফেচবুকত পাঁচ হেজাৰ বন্ধু কম নহয়। তাৰে ভিতৰত এহেজাৰমান যদি সাহিত্যপ্ৰেমী, কবি, গল্পকাৰ থাকে কথাই নাই।

ঠগেশ্বৰীয়ে ফে’চবুকত কবিতা লিখে। পাইকাৰী হাৰত কবিতা লিখে আৰু পাইকাৰী হাৰতে লাভ কৰে লাইক, কমেন্ট। ভাবিলে, এখন কবিতাৰ সংকলন ছপা কৰা যাওক। ইমানবোৰ সাহিত্য অনুৰাগী বন্ধু আছে, তিনিশ কপি গ্ৰন্থ বিক্ৰি ন’হবনে? ভবা মতে কাম। আৰু এদিন সুদৃশ্য বেটুপাতেৰ সৈতে ছপা হৈ ওলাল- ঠগেশ্বৰীৰ ‘ৰামধেনুত এজাক জোনাকী পৰুৱা।’ পুৰুষ-মহিলা, কণ-কণ ল’ৰা-ছোৱালীৰ সৈতে ত্ৰিশ গৰাকী সাহিত্য অনুৰাগীৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰিলে বিশিষ্ট কবি নীলকন্ঠ ডাঙৰীয়াই। কেইটামান কপি সমজুৱাৰ মাজত বিলাই দিয়া হ’ল। বাকীখিনি কি কৰা যায়?

পাণ বজাৰত খবৰ কৰিলে ঠগেশ্বৰীয়ে। কোনেও নলয় তেখেতৰ কিতাপ। “বাইদেউ আমাৰ নিজৰ কিতাপ থ’বলৈয়ে ঠাই নাই। আপুনি বেলেগত চেষ্টা কৰক।” দুখন গ্ৰন্থমেলালৈ গৈয়ো চেষ্টা কৰিলে। চবৰে একেই কথা। নিজৰ কিতাপ থ’বলৈয়ে ঠাই নাই। হতাশ হৈ উভতি আহিল ঠগেশ্বৰী। দুদিনমান চাহ-পানী খুৱাই দুই-চাৰিজন বন্ধু, আত্মীয়ক কিতাপখন উপহাৰ দিলে। বাকীখিনি ঠাই পালে ষ্ট’ৰ ৰুমত। কিছুদিন পাছত তাত এন্দুৰৰ বাহ হ’ল। কিছুমান উঁয়ে খালে।

সিদিনা বনকৰা ল’ৰা বিপিনে আহি মোক সুধিলে- “দাদা, পেপাৰ কিনা মানুহজন আপোনাৰ তালৈ আহিছিল নেকি?”

মই সুধিলোঁ- “কিয়?”

“বাইদেউহঁতৰ কাগজ বেচিব লগা আছিল।”

“তোমালোকৰ বাইদেউহঁতে দেখোন পেপাৰ নাৰাখে! তেনেহ’লে?”

“পেপাৰ নহয় দাদা, কিতাপ। এবস্তা কিতাপ ষ্টোৰ ৰুমটোত পৰি আছে? বাইদেৱে ষ্ট’ৰ ৰূমটো চাফা কৰিবলৈ কওঁতে সেইবোৰ পুৰি পেলাবলৈ কৈছিল। মই ভাবিলোঁ, পুৰিনো কিয় পেলাওঁ। বিক্ৰি কৰি দিলে ময়ে দুই-চাৰি টকা পাম। হেঃ হেঃ হেঃ … নে কি কয় দাদা?”

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.