ফটাঢোল

আম ডালি গাঁঠিছো – কাজল প্ৰিয়া

চুবুৰীয়া ৰাজীৱ দাইৰ বিয়া। আচলতে বিয়া নহৈ তেওঁৰ স্বাধীনতাত নাকি লগোৱাৰ অভিসন্ধি আইতাৰ। বিয়া কৰাবলৈ ছোৱালী দেখুৱাইহে দেখুৱাই সব ছোৱালী ৰাজীৱ দাইটিয়ে কেঞ্চেল কৰে। অজুহাত এখন দুখন নহয় মহিষাসুৰ মৰ্দিনীৰ দৰে দহখনমান। কাৰোবাৰ নাক ভোটা, কাৰোবাৰ চকু কেৰা, খেনোৰ আকৌ ভৰিৰ গেৰুৱা ফটা এজনীৰ ঘৰৰ কুকুৰটোৱে ৰাজীৱ দাইটিলৈ চাই ভুকিলে বুলিও সেইজনীও কেঞ্চেল। বোলে,

“সৈইজনী ভাগ কুকুটো মুখখনে ইমান চোকা সৌজনীখন কমখন হ’ব নে বাও!”আইতাৰ তালুখনত এটেমা পেৰাছোট নাৰিকল তেল উঠে ৰাতিলৈ।

“হেঅ অধম পো, নাইকলঅ বাকলি তইনো কোনজনী কইছমা কাপো আন চাম নহয়, হতচিৰী, তোক তোৰ বিছনাৰ ৰেলিঙত ওলমি থকা মোজাজোৰৰ শপত দিছোঁ‌, আন যদি এই বহাগতে এজনী আন নহ’লে মই তোৰ ক্ষয় গৈ ইলাষ্টিক থকাটোৰ শপত খাই কৈছোঁ‌ গেৰগেৰী বিলৰ একলাফুল পানীত গা ধুই চৰ্দি হৈ মৰি দিম। ইমানবো ছোৱালী নাচেল কৰ তই!”

ৰাজীৱ দাইটিৰ মন ঘূৰিল হ’বলা মাকৰ দুখ দেখি। পেহীয়েক পমীলাই চাই দিয়া দীপলিপাজনীকে ব’হাগত চপোৱাৰ সিদ্ধান্ত ল’লে। এনেই ৰাজীৱ দাইটিয়ে (দুহাত মুঠি মাৰি) খৰছ কৰে তথাপি গাঁৱৰ মানুহৰ মাজত মৰকেলেপ, মৰকুছিয়া, ধন কুবেৰ আদি শব্দ ব্যৱহাৰ কৰে তেওঁৰ পিছফালে। হ’লেও আমি সেইবোৰ বাদ দিছোঁ‌, গাঁৱৰ মানুহে হিংসাতে কয়েই আ ন?

কইনাৰ জোৰণৰ দিনা দুযোৰ পাটৰ ছেট হেনো, ফিটাহিতে আইতাই নিজৰ কাণৰযোৰ সুলকাই দি পঠিয়ালে জোৰণ দিবলৈ যোৱাবোৰৰ হাতত। ইফালে কইনা ঘৰলৈ গৈ জোৰণ দিয়া মানুহ হাইৰান “উৱ এইটো কি পেটিকুট আনিলে চিপছটোৱে! ন কইনা জনীলৈ ইছকাত হৈছে চোন!” কইনাজনী ওপৰলৈ নাবাঢ়ি পঠালিকৈ বঢ়া, সেইকাৰণে ঘৰৰ মানুহে কৈয়ে দিছিল ছোৱালী খুজিবলৈ যাওঁতে “আমা ছোৱালী গুৰিত সাৰ পানী পোৱা, একদম মাটিৰ লগৰ ওপৰলৈ মূৰ তুলি কথায়ে নকয়!” হেৰৌ বালক কইনাই ওপৰলৈ চালেও ৰাজীৱ দাইটিৰ কঁকালৰ পোন্ধটোতকৈ এবেগেতহে ওপৰলৈ আহে, গমনো কেনেকৈ পাব!

জোৰণত যোৱা মানুহে মহৰ গাখীৰৰ এঠা দৈৰে এহাতলৈ চেলেকি জলপান খাই থাকোঁ‌তে কোনোবাজনীয়ে আহি পমীলা পেহীক কিবা এটা কাণত ক’লেহি , পেহী সেইফালেই ঢেলপুঙা দিলে। “হেৰৌ মৰিশালী, নপছা গেলাৰ গুড় এইটোৱে পাট কাপো বুলি পলিষ্টা কাপো দুযো দিছে, তাকো কইনালৈ “ঘাব্ৰা” নিচিনা হৈছে । কোনোবাই সোধৰাই দিলে ঘাব্ৰা নহয় পেহী ঘাগ্ৰা। হেৰৌ বালক সেইটোৱে, সেইটোৱে, তলৰ ফালে টানিলে ওপৰ ফালে নাটে ওপৰ ফালে টানিলে আঁঠুমূৰ পাই।”

মানুহ সোপা লাজে অপমানে জলপান এপেটকৈ খাই পো পো কৈ ঘৰ পালেহি। ৰাতিলৈ বিয়া। ৰাজীৱ দাইটিয়ে ভাগিনীয়েকক কাম দিছে বিয়া শেষ হোৱা পিছত ঘটত দিয়া নাৰিকলটো বামুণৰ আগৰ পৰা আনি চুইটকৈ মোৰ ৰুমৰ ইলাষ্টিক ঢিলা হোৱা পাইজামাটোৰ পকেটত ভৰাই থ’বিহি তাৰ জেপকেইটাৰ কাপোৰকেইখন মই ৰুমাল কৰিবলৈ কাটি ল’লো, এতিয়া জেপৰ ঠাইত তাত এটা মস্ত সুৰংগ।

ৰাতিলৈ বিয়াখন হ’ল। কেনেকৈ হ’ল পিছত ক’ম কেতিয়াবা। কইনালৈ ঘূৰি আহোঁ‌তে গাড়ীত জেগা কম, আধা গাঁও মানুহ সুগ্ৰীৱৰ ৰাজ্যৰ প্ৰজাৰ দৰে ফ’ৰ জিৰ’ চেভেনখনত ওলমি আছে আগতেই, দৰা কইনা বহিবলৈ জেগা নাই। পুতলী বৰমাই বোলে আহ ন কইনা মোৰ কোচতে বহি যাবি। ৰাজীৱ দাইটিয়েও সকাহ পাই ক’লে ”হেৰা তুমি গৈ থাকা মই বীৰেণৰ হিৰো চাইকেলখনৰ ধামত বহি গৈ আছো। কেৰিয়াৰখনত ছাতি ধৰা সখী উপেন বহিব।” কইনাইও মূৰ জোকাৰি শলাগ ল’লে। গাড়ী চলিল, ঘপকৈ কি ভাৱি জানো ৰাজীৱ দাইটি গাড়ীখনৰ পিছে পিছে আহি চিঞৰি চিঞৰি ক’লে, “হেৰা ভালকৈ যাবা, ইমানবোৰ মানুহৰ মাজত গৈছা হাত ভৰি সলনি হ’ব পাৰে চাবা!” ন কইনাৰ প্ৰতি দাইটিৰ মৰম দেখি সবে বিচুৰ্তি খালে।

ৰাতিপুৱা গোঁসাই সেৱা কৰিবলৈ অহা দৰা কইনাক দেখি ৰাজীৱদাইটিৰ পাঁচ বছৰীয়া ভাগিনীয়েকে হাত তালি বজাই মাকক দেখুৱালে

”মা, মটো পতলু।”

☆★☆★☆

2 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল কাজল, লিখি থাকিবি

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.