ফটাঢোল

আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী : এক অসম্পূৰ্ণ আলোচনা – শান্তনু কৌশিক বৰুৱা

[ ‘অসম সাহিত্য সভা পত্ৰিকা’ৰ ষটষষ্টিতম বৰ্ষ, প্ৰথম সংখ্যাত (জুন-জুলাই-আগষ্ট: ২০১১ খ্ৰীষ্টাব্দ) প্ৰকাশিত এই প্ৰবন্ধটি আমাৰ অনুৰোধ ৰক্ষা কৰি fotadhol.com ত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে শান্তনু কৌশিক বৰুৱাদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো৷ প্ৰবন্ধটোৱে কৌতুহলী পাঠক, সমালোচক, লেখক সকলোকে নিঃসন্দেহে অলেখ তথ্য-বস্তুৰ যোগান ধৰিব৷ তদুপৰি প্ৰবন্ধটিৰ জৰিয়তে পাৰ হৈ যোৱা দশক তিনিটাৰ ‘অসমীয়া আলোচনীৰ সংগ্ৰাম আৰু উত্তৰণৰ’ কিছু পৰিচয় লাভ কৰাৰ উপৰিও এক উন্নত মনদণ্ডক স্পৰ্শ কৰিব বিচৰা বা নতুনকৈ প্ৰকাশ কৰিব বিচৰা আলোচনী এখনৰ বাবে প্ৰয়োজনীয় লক্ষ্য আৰু দৃঢ়তাৰ সম্পৰ্কে কিছু স্বচ্ছ ব্যাখ্যাও লাভ কৰিব পৰা যাব ]

ইংৰাজীত যাক কোৱা হয় ‘মেগাজিন’ (Magazine) অসমীয়াত তাৰেই প্ৰতিশব্দ হ’ল আলোচনী৷ এইটো শব্দ আৰৱী ভাষাৰ ‘মাখাজিন’ৰ পৰা অহা৷ আৰৱী ভাষাত ‘মাখাজিন’ৰ অৰ্থ চিপাহী চন্তৰীৰ বয়-বস্তু থোৱা ভঁৰাল৷ মালখানা৷ তাৰ পৰাই যিকোনো বস্তু-বাহানি মজুত কৰি থোৱা ঠাইকে বোলা হয় ‘মেগাজিন’৷ সৈন্যৰ লগত সম্পৰ্ক থকা বাবেই খাৰ-বাৰুদৰ চৰকাৰী বা বেচৰকাৰী ভঁৰালৰ নাম হ’ল ‘মেগেজিন’৷ বন্দুক-ৰাইফল-পিষ্টল আদিৰ গুলিবোৰ ব্যৱহাৰৰ উপযোগীকৈ কুন্দাত বা টিগাৰৰ তলত সোমাই থোৱা আধাৰাটোকো ‘মেগজিন’ বোলে৷ যুদ্ধ ক্ষেত্ৰৰ পৰা ভাষা-সাহিত্যৰ পথাৰলৈ আহি ‘মেগজিন’ বা ‘মেগাজিন’ শব্দটোৱে বুজালে সাহিত্যিক সম্ভাৰৰ ভঁৰাল, সাময়িক ভঁৰাল, অৰ্থাৎ, আমি যাক সাময়িক পত্ৰিকা বা আলোচনী বোলো৷
‘অৰুনোদই’ৰ যোগেদিয়েই অৰুণ উদয় হোৱা অসমৰ সংবাদপত্ৰ তথা আলোচনীয়ে অঞ্চলটোত ভূমুকি মাৰে ১৮৪৬ চনত৷ ইয়াৰ পাছত ‘জোনাকী’, ‘আৱাহন’, ‘ৰামধেনু’ আদি আলোচনীয়ে আসমীয়া আলোচনীৰ ধাৰাটো সমৃদ্ধ কৰি তোলে৷ আৰম্ভণি কালৰ অসমীয়া আলোচনীসমূহৰ প্ৰচলন-পৰিচালনাৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে ব্যৱসায়িক দৃষ্টিভংগীৰে সেইবোৰ প্ৰকাশ কৰা হোৱা নছিল (কুটীৰ শিল্প বুলিলেও চলে)৷ ব্যৱসায়িক সাফল্য আহিব পৰাকৈ সেইবোৰ আলোচনীৰ প্ৰচলনৰ সংখ্যাও আশানুৰূপ নাছিল৷ প্ৰচাৰ-প্ৰসাৰ বৃদ্ধিৰ বাবে অভিযান, আলোচনীৰ মুদ্ৰণ পাৰিপাট্য প্ৰভৃতি বিষয় সেইবোৰ আলোচনীত প্ৰায় উপেক্ষিত হৈয়েই আছিল৷ সঁচা কথা ক’বলৈ গ’লে, আলোচনী এখনক সেই সময়ত উদ্যোগ হিচাপে গ্ৰহণ কৰাটো অকল্পনীয় কথা আছিল৷ কোনো এটা সাময়িক সংখ্যাত বা বিশিষ্ট সম্পাদকৰ ব্যক্তিত্ব বা লেখাৰ জোৰত কোনো এখন আলোচনীয়ে সাময়িকভাৱে লাভ (আৰ্থিক) কৰিলেও পৰবৰ্তী কালত সেই আৰ্থিক সমৃদ্ধিৰ পাৰম্পৰ্য ৰক্ষা হোৱা নাছিল৷ সেই সময়ত আলোচনী আছিল কেৱল মতামত প্ৰকাশৰ মাধ্যম, সংগ্ৰাম আৰু সংস্কাৰৰ আহিলা৷ দেশপ্ৰেম, ভাষাপ্ৰেম, স্বাধীনতাৰ প্ৰতি আগ্ৰহেই আছিল সেই আলোচনীৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷
কিন্তুু আশীৰ দশকটোত, অৰ্থাৎ, অসম আন্দোলনৰ সময়ৰে পৰা অসমৰ আলোচনীৰ জগতলৈ এটা অভাৱনীয় ঢল আহিল আৰু পৰৱৰ্তী সময়ছোৱাত ই অধিক তীব্ৰতৰ ৰূপত আত্মপ্ৰকাশ কৰিলে৷ এই ঢলৰ দুপাৰৰ পলসত অসমীয়া আলোচনীয়েও নতুন ৰূপত গা কৰি উঠিল৷ অসমীয়া আলোচনীৰ ইতিহাসতো এক নতুন সম্ভাৱনাৰ সূচনা হ’ল৷ পাঠক সমাজৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আলোচনীসমূহে পূৰ্বৰ কেৱল সাহিত্য-সংস্কৃতিৰ চৰ্চাতে আবদ্ধ নাথাকি ৰাজনীতি, অৰ্থনীতি, সামাজিক ঘটনাৱলী আদি বিভিন্ন দিশত আলোকপাত কৰাতো মনোনিবেশ কৰিলে৷
এইখিনিতে এটা মন কৰিব লগীয়া কথা হ’ল যে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ অধীন হোৱাৰ পৰা সাম্প্ৰতিক কাললৈকে, এই কালছোৱাক ‘আধুনিক যুগ’ আখ্যা দিয়া হৈছে যদিও এই সময়ৰ ভিতৰত সৃষ্টি হোৱা অসমীয়া সাহিত্যৰাজিৰ যুগ বিভাগ কিন্তু একোখন আলোচনীৰ নামেৰেহে কৰা হৈছে৷ আধুনিক অসমীয়া সাহিত্যৰ এই যুগ বিভাগ ‘অৰুনোদই’ত আৰম্ভ হৈ ক্ৰমে ‘জোনাকী’, ‘আৱাহন’, আৰু ‘ৰামধেনু’ত শেষ হৈছে৷ আলোচনীৰ নামেৰে সাহিত্যৰ যুগ-বিভাগ কৰাৰ দৃষ্টান্ত বিশ্ব সাহিত্যত বিৰল৷ ‘ৰামধেনু’ৰ পাছৰ পৰা কোনোখন আলোচনীয়ে যুগ সৃষ্টিৰ দায়িত্ব বহন কৰিব পৰা নাই৷ ভাবিলে আচৰিত হ’ব লাগে, যিটো ভাষাৰ সাহিত্যৰ যুগ বিভাগ একোখন আলোচনীয়ে নিৰ্ণয় কৰিছে, যিটো ভাষাৰ সাম্প্ৰতিক সাহিত্য প্ৰায় আলোচনীসৰ্বস্ব, সেইটো ভাষাত এতিয়া কিন্তু এখনো, জাতীয় পৰ্যায়ৰ আলোচনী নাই৷
উকা দৃষ্টিৰে চালে অসমত যোৱা দশকবোৰত যথেষ্ট সংখ্যক আলোচনীৰ জন্ম হৈছে যেন লাগিলেও, এইটো কথা ঠিক জন্মৰ দৰেই অসমীয়া আলোচনীৰ মৃত্যুৰ হাৰো অতি বেছি৷ অসমীয়া আলোচনীৰ বেছিভাগৰে জন্ম হওঁতে যিমান সময় লাগে, মৃত্যু তাতকৈ বহু কম সময়তে হয়৷
যি কি নহওক, অল্পায়ু হ’লেও এই আলোচনীবোৰৰ অসমীয়া ভাষা-সাহিত্যলৈ বৰঙনি উলাই কৰিব নোৱাৰি৷ এই লেখাত ৮০-ৰ পৰৱৰ্তী আলোচনীসমূহৰ এটি চমু লেখ আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে৷ প্ৰসংগতে উল্লেখযোগ্য যে এই আলোচনা ৮০-ৰ পৰৱৰ্তী অসমীয়া আলোচনীৰ সম্পূৰ্ণ অৰু সৰ্বশেষ আলোচনা নহয়৷ নিম্নলিখিত আলোচনীখিনিৰ উপৰি আৰু বহু আলোচনীয়ে অসমীয়া আলোচনীৰ উত্তৰণ আৰু বিকাশত স্মৰণীয় বৰঙনি যোগাইছে৷ এই লেখাত ৮০-ৰ পৰৱৰ্তী অসমীয়া আলোচনীৰ এক সম্যক ধাৰণা (নামোল্লেখ বুলিলেও চলে) দিবলৈ প্ৰয়াস কৰা হৈছে, – ই উল্লিখিত সময়ছোৱাৰ অসমীয়া আলোচনীৰ পূৰ্ণাংগ ইতিহাস নহয়৷

প্ৰান্তিক :
আশীৰ দশকটোৰ আৰম্ভণিতে প্ৰকাশিত আৰু সেইটো দশকৰ এখন বিশেষ উল্লেখযোগ্য পষেকীয়া বাৰ্তালোচনী হ’ল ‘প্ৰান্তিক’ (১৯৮১)৷ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া (মুখ্য সম্পাদক) আৰু প্ৰদীপ বৰুৱাৰ (সম্পাদক) সম্পাদনাত প্ৰকাশিত প্ৰান্তিকে ইতিমধ্যেই ‘অৰুনোদই’, ‘জোনাকী’, ‘ৰামধেনু’ৰ দৰেই অসমীয়া সাহিত্যত এক যুগ সৃষ্টিৰ আশা বহন কৰিছে বুলিলেও বোধহয় বঢ়াই কোৱা নহ’ব৷ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি প্ৰয়োজনীয় সকলো ক্ষেত্ৰৰ প্ৰতি দৃষ্টি ৰাখিবলৈ, বিজ্ঞান সম্পৰ্কে এক সঠিক মানসিকতা গঢ়ি তুলিবলৈ, অসমীয়া ভাষাত চলা সৃষ্টিশীল সাহিত্যকৰ্মৰ স্পষ্ট প্ৰতিফলন ঘটাবলৈ, আন ভাষাৰ সাহিত্যৰ লগত প্ৰয়োজনীয় সম্পৰ্ক স্থাপন কৰিবলৈ, আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সেইবোৰৰ বিশ্লেষণৰ লগত পাঠকক ঘনিষ্ঠ কৰি ৰাখিবলৈ চলোৱা ঐকান্তিক প্ৰচেষ্টাৰ বাবে বৰ্তমানে অসমত ‘প্ৰান্তিক’ এখন প্ৰাতঃস্মৰণীয় পষেকীয়া হৈ পৰিছে৷ অসমীয়া ভাষা-শৈলীক যথাৰ্থ ৰূপত প্ৰতিষ্ঠা কৰাত আৰু লেখতকৈও বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ ক্ষেত্ৰতো ‘প্ৰান্তিক’ৰ যি প্ৰচেষ্টা, সি নিঃসন্দেহে অভিনন্দনযোগ্য৷ ‘প্ৰান্তিক’ৰ এনে প্ৰচেষ্টাই নতুন লেখক-লেখিকাসকলক আশাতীতভাৱে উপকৃত কৰিছে আৰু ইয়াৰ লগে লগে অসমৰ আন আন আলোচনীতো ‘প্ৰান্তিক’ৰ যোগেদি প্ৰতিষ্ঠা লাভ কৰা নবীন কবি, সাহিত্যিক, গল্পকাৰ, সাংবাদিকসকলৰ স্বপ্ৰতিভা উদ্ভাষিত হৈ উঠিছে৷ বিশেষকৈ, সৃষ্টিৰ উন্মাদনাত তজবজীয়া নবীনসকলৰ মাজৰ পৰা তেওঁলোকৰ ‘আটাইতকৈ ভালখিনি’ উলিয়াই আনিব পৰাটো ‘প্ৰান্তিক’ৰ এক বিশেষ কৃতিত্ব৷ প্ৰতিজন লেখকৰ লগত ব্যক্তিগত যোগাযোগ, প্ৰয়োজনীয় তথ্য-পাতি, পৰামৰ্শ দান আৰু এইবোৰৰ আন্তৰিক প্ৰয়োগৰ বাবেই ‘প্ৰান্তিক’ৰ প্ৰতিটো পাততে উপলব্ধি কৰা যায় সুপৰিকল্পিত, সুচিন্তিত আৰু ৰুচিকৰ সম্পাদনাৰ এক স্পষ্ট চাপ৷ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘অন্তৰীপ’ আৰু ‘জীৱন বৃত্ত’ (আত্মজীৱনী), ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ‘অনুৰাধাৰ দেশ’, অৰুণ শৰ্মাৰ ‘আশীৰ্বাদৰ ৰং’ আদিৰ দৰে কেইবাখনো প্ৰসিদ্ধ উপন্যাস ‘প্ৰান্তিক’তে প্ৰথম প্ৰকাশ হয়৷

ৰংঘৰ :
শশী ফুকনক মুখ্য সম্পাদক আৰু মাণিক বড়াক সম্পাদক হিচাপে লৈ প্ৰকাশিত ‘ৰংঘৰ’ (১৯৮১) সাহিত্য-সংস্কৃতিমূলক মাহেকীয়া আলোচনী৷ প্ৰথম অৱস্থাত কেৱল সংস্কৃতি আৰু ক্ৰীড়া বিষয়ক আলোচনীৰূপে প্ৰকাশ হ’লেও পৰৱৰ্তী সময়ত সাহিত্য আৰু ৰাজনীতিও যোগ হয়৷ পাছৰ পৰ্যায়ত সাহিত্য-সংস্কৃতি বিষয়ক ৰচনাহে প্ৰকাশ পায়৷ সুদীৰ্ঘ ২৫ বছৰৰো অধিক কাল প্ৰকাশৰ পাছত একবিংশ শতিকাৰ প্ৰথম দশকতে ‘ৰংঘৰ’ৰ প্ৰকাশ বন্ধ হয়৷

আইদেউৰ জোনাকী বাট :
১৯৮৩ চনত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হয় প্ৰগতিশীল মাহেকীয়া আলোচনী ‘আইদেউৰ জোনাকী বাট’৷ আলোচনীখনৰ সম্পাদক অৰ্পণা মহন্ত আৰু ৰাজু বৰুৱা৷ নাৰী সমাজক ৰাজনৈতিকভাৱে সচেতন কৰাৰ লক্ষ্যৰে প্ৰকাশিত আলোচনীখনে সৃজনশীল ৰচনা প্ৰকাশতো গুৰুত্ব প্ৰদান কৰিছিল৷

সঁফুৰা :
১৯৮৩ চনত প্ৰকাশ হোৱা এখন শিশু আলোচনী ‘সঁফুৰা’৷ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এইখন আলোচনীয়ে কম দিনতে জনপ্ৰিয়তা লাভ কৰে৷ বিষয়বস্তুৰ দিশৰ পৰা ‘সঁফুৰা’ই গতানুগতিকতা পৰিহাৰ কৰিব নোৱাৰিলেও ‘আশা কৰোঁ তোমালোক সকলো ভালে আছে’, ‘মহাদুষ্টৰ দুষ্ট বুদ্ধি’, ‘সঁচাও নহয় মিছাও নহয়’, ‘ঘৰত কৰিবলৈ কাম দিছোঁ’ আদি শিতানে আলোচনীখনৰ নতুনত্ব বহন কৰিছিল৷ তদুপৰি ‘সঁফুৰা’ৰ কবিতা শিতানটোৰো এক সুকীয়া আকৰ্ষণ পৰিলক্ষিত হয়৷ গুৱাহাটীৰ পৰা প্ৰকাশিত এইখন আলোচনীৰ অকণিহঁতৰ মানসিক উৎকৰ্ষ সাধনত বিশেষ অৰিহণা আছে৷ মাজত কিছুদিন বন্ধ হৈ থকাৰ পাছত ২০০২ চনৰ পৰা ‘সঁফুৰা’ পুনৰ নিয়মীয়াকৈ প্ৰকাশ হৈ আছে৷

প্ৰতিধ্বনি :
১৯৮৪ চনত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশ হয় ‘প্ৰতিধ্বনি’ নামৰ আলোচনীখন৷ ‘প্ৰতিধ্বনি’ প্ৰথমে তিনিমহীয়া আৰু পাছলৈ ছমহীয়া ৰূপত প্ৰকাশ পাইছিল৷ এইখন আলোচনীত পদ্ম বৰকটকী, নিৰোদ চৌধুৰী, দেৱব্ৰত দাস, স্নেহ দেৱী আদিৰ দৰে ভালেমান লব্ধপ্ৰতিষ্ঠ সাহিত্যিকৰ উপন্যাস, গল্প, কবিতা আদি প্ৰকাশ হৈছিল৷ পৰিপাটি আৰু অত্যধুনিক মুদ্ৰণ ‘প্ৰতিধ্বনি’ৰ এটি উল্লেখযোগ্য দিশ৷ ১৯৯২ চনত ‘প্ৰতিধ্বনি’ৰ প্ৰকাশ বন্ধ হয়৷

মৌচাক :
শিশু আলোচনীৰ ভিতৰত বৰ্তমান সৰ্বাধিক প্ৰচলিত আৰু অকণিহঁতৰ মাজত অতিকৈ জনপ্ৰিয় আলোচনীখন হ’ল ‘মৌচাক’ (১৯৮৪)৷ শান্তনু তামূলীৰ সম্পাদনাত যোৰহাটৰ পৰা প্ৰকাশিত ‘মৌচাক’-এ ইতিমধ্যে জনপ্ৰিয়তাৰ তুংগত আৰোহণ কৰিছে৷ জন্মলগ্নৰে পৰা আলোচনীখনে গতানুগতিক বিষয়বস্তুৰ পৰা আঁতৰি গৈ অসমীয়া শিশু আলোচনীৰ জগতত সাহিত্য আৰু সংবাদধৰ্মী শিশু উপযোগী লেখাৰ সুসমন্বয় ঘটাবলৈ প্ৰয়াস কৰি আহিছে৷ আৰম্ভণিৰে পৰা অত্যাধুনিক অফছেট ছপাৰে প্ৰকাশ হৈ অহা অসমৰ প্ৰথমখন শিশু আলোচনী ‘মৌচাক’ৰ বিপুল জনপ্ৰিয়তা আৰু সৰ্বাধিক প্ৰচলনেই হ’ল আলোচনীখনৰ মান এক নিৰ্ণেয়সূচক স্তম্ভ৷ অকণিহঁতৰ মানসিক উৎকৰ্ষ সাধন আৰু আনন্দ বৰ্ধনত ‘মৌচাক’ৰ বৰঙনিৰ প্ৰমাণ ইয়াৰ জনপ্ৰিয়তাই দিয়ে৷ আলোচনীখনৰ কেইটিমান জনপ্ৰিয় শিতান/ৰচনা হ’ল ‘আমি কেনেদৰে পঢ়িছিলো’, ‘এণ্ডিখুড়াৰ সমিধান’, ‘অ’ বিদেশী বন্ধু’, ‘ৰবীন পখীৰ কাকলি’ আদি৷
‘সঁফুৰা’ আৰু ‘মৌচাক’ৰ সমসাময়িকভাৱে প্ৰকাশিত কেইখনমান শিশু আলোচনী হ’ল: ‘টিংকল’ (১৯৮৫), ৰঞ্জু হাজৰিকাৰ ‘কণ-কণ’ (১৯৮৬), শান্তনু কৌশিক বৰুৱাৰ ‘ঐক্যন’ (১৯৮৭), লাৱণ্য গোস্বামীৰ ‘ৰং বিৰং’ (১৯৮৩), দুলাল চন্দ্ৰ বৰঠাকুৰৰ ‘ককাদেউতা’ (১৯৮৪), ভাগ্যলক্ষ্মী মহন্তৰ ‘মইনা’ (১৯৮৭), কুলৰঞ্জন ডেকাৰ ‘বিজ্ঞান সঁফুৰা’ (১৯৮৭), কুমুদ চন্দ্ৰ গোস্বামীৰ ‘মুকুতা’ (১৯৮৭), শান্তনু তামূলীৰ ‘নতুন আৱিষ্কাৰ’ (১৯৮৮), ঊষা ডেকাৰ ‘চন্দ্ৰমা’ (১৯৮৯), পূৰ্ণিমা কোঁৱৰ গোহাঁইৰ ‘ৰ’দালি’ (১৯৯০), দুলাল বৰদলৈৰ ‘মৌকোঁহ’ (১৯৯০), ‘জ্ঞানোদয়’ (১৯৯০), ‘জ্ঞান বিজ্ঞান’ (১৯৯০) আদি৷

আজিৰ সময় :
আশীৰ দশকৰ এখন উল্লেখযোগ্য আলোচনী ‘আজিৰ সময়’ (১৯৮৫)৷ প্ৰথমে মাহেকীয়াৰূপে আৰু পাছলৈ পষেকীয়াকৈ প্ৰকাশিত এইখন আলোচনীৰ মুখ্য সম্পাদক আৰু সম্পাদক ক্ৰমে পদ্ম বৰকটকী আৰু ধ্ৰুৱজ্যোতি বৰা৷ অনুসন্ধানমূলক সংবাদধৰ্মী ৰচনা প্ৰকাশত ‘আজিৰ সময়’ৰ ভূমিকা উল্লেখযোগ্য৷ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস ‘জখমী যাত্ৰী’ প্ৰথমতে এই আলোচনীতে প্ৰকাশ হয়৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নিৰুপমা বৰগোহাঞি, শীলভদ্ৰ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ৰবীন্দ্ৰ সৰকাৰ, অৱনী চক্ৰৱৰ্তী, অৰ্চনা পূজাৰী আদিৰ দৰে নবীন-প্ৰবীণৰ ৰচনাই ‘আজিৰ সময়’ৰ পৃষ্ঠা সমৃদ্ধ কৰিছিল৷

নৱদূত :
১৯৮৫ চনত ফণী তালুকদাৰৰ সম্পাদনাত প্ৰকাশ হয় এখন পষেকীয়া আলোচনী ‘নৱদূত’৷ মূলতঃ সাহিত্য বিষয়ক আলোচনী আছিল যদিও ‘নৱদূত’ৰ পাতত বিজ্ঞান, ৰাজনীতি আৰু প্ৰখ্যাত লেখকৰ স্মৃতিচাৰণমূলক বিভিন্ন ৰচনাও প্ৰকাশ হৈছিল৷ অতুল চন্দ্ৰ হাজৰিকা, চৈয়দ আব্দুল মালিক, যজ্ঞেশ্বৰ শৰ্মা, বিনন্দ চন্দ্ৰ বৰুৱা আদিৰ দৰে খ্যাতিমান লেখকৰ স্মৃতিকথা এইখন আলোচনীৰ অন্যতম আকৰ্ষণ আছিল৷

দৃষ্টি :
বিজ্ঞানৰ একোটা বিষয় বিশদভাৱে আলোচনা কৰা দুমহীয়া বিজ্ঞান আলোচনী ‘দৃষ্টি’ প্ৰথম প্ৰকাশ হয় ১৯৮৫ চনত৷ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ অৰ্থ সাহায্যত প্ৰকাশিত ‘দৃষ্টি’ৰ সম্পাদক ড° দীনেশ চন্দ্ৰ গোস্বামী৷ একোটা বিষয়ৰ বিশদ আলোচনা তথা ব্যাখ্যাচিত্ৰ আদিৰে আলোচনীখন প্ৰকাশিত হৈছিল৷ প্ৰতি সংখ্যাত প্ৰকাশিত বিষয়-বস্তুৰ পৰাই আলোচনীখনে সামৰি লোৱা ক্ষেত্ৰৰ আভাস পাব পাৰি: ‘আহাৰ আৰু পুষ্টি’, ‘জন্ম’, ‘বৰ্ধন’, ‘বয়োবৃদ্ধি আৰু মৃত্যু’, ‘আমাৰ সৌৰজগত’, ‘পশুপালনৰ কথা’, ‘সময়ৰ কথা’, ‘ইলেকট্ৰনিকছ’, ‘ৰসায়ন বিজ্ঞানৰ জগত’, ‘পৃথিৱীৰ পিঠিখন’, ‘ইন্দ্ৰিয়সমূহৰ কথা’, ‘প্ৰাণীজগতৰ বিস্ময়’ আদি৷ সৰ্বসাধাৰণৰ বাবে ৰচিত আৰু সুসম্পাদিত ‘দৃষ্টি’ৰ প্ৰতিটো সংখ্যাকে একোটা নিৰ্দিষ্ট বিষয়ৰ একোখন সম্পূৰ্ণ পুথিৰূপে আখ্যা দিব পাৰি৷ ১৯৯৫ চনত এই আলোচনীখনৰ প্ৰকাশ বন্ধ হয়৷

শ্ৰীময়ী :
১৯৮৭ চনত বেণী মাধৱৰ সম্পাদনাত অগ্ৰদূত গোষ্ঠীৰ পৰা প্ৰকাশ হয় পষেকীয়া ‘শ্ৰীময়ী’৷ নাৰী আন্দোলনৰ বিভিন্ন দৃষ্টিকোণ সম্বন্ধে এটা স্পষ্ট ধাৰণা লৈ সম্পাদকে ‘শ্ৰীময়ী’ক গুৰুত্বপূৰ্ণ আলোচনীৰ মৰ্যাদা দিবলৈ যত্ন কৰে৷ অৱশ্যে ‘শ্ৰীময়ী’ক তথাকথিত মহিলা আলোচনীৰ গণ্ডীত সীমাবদ্ধ কৰিব নোৱাৰি৷ নাৰী সম্পৰ্কীয় ৰচনাৰ উপৰিও সমাজ আৰু পৰিয়াল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ আলোচনা, অৰ্থনৈতিক সমস্যা (যেনে: মূল্যবৃদ্ধি, বাজেট, নিবনুৱা সমস্যা), অসমৰ চাহ-শিল্প আৰু ইয়াৰ লগত জড়িত আলোচনাও ‘শ্ৰীময়ী’ত প্ৰকাশ পাইছিল৷ ‘শ্ৰীময়ী’তে ধাৰাবাহিকভাৱে প্ৰকাশ হয় নিৰুপমা বৰগোহাঞিৰ আত্মজীৱনীমূলক লেখা ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি’৷ বৰ্তমান অৱশ্যে ‘শ্ৰীময়ী’ ‘দৈনিক অগ্ৰদূত’ কাকতৰ দেওবৰীয়া পৰিপূৰিকৰ ৰূপতহে প্ৰকাশ পায়৷

সচেতনা :
১৯৮৭ চনত প্ৰকাশ পায় মহিলা আলোচনী ‘সচেতনা’৷ আলোচনীখন ছমহীয়াকৈ প্ৰকাশিত৷ ‘সচেতনা’ই সমাজত চলি থকা নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণ তথা ধাৰণাৰ বিষয়ে নাৰীসমাজক অধিক সচেতন কৰিবলৈ প্ৰয়াস কৰে৷ আলোচনীখনৰ প্ৰথম সম্পাদক গায়ত্ৰী হাজৰিকা৷

ডেউকা :
১৯৮৯ চনত স্বেচ্ছাসেৱী সংগঠন ‘অন্বেষা’ৰ উদ্যোগত প্ৰকাশ হয় সাময়িক পত্ৰিকা ‘ডেউকা’৷ ‘ডেউকা’ই সামাজিক-ৰাজনৈতিক সমস্যা আৰু বিষয়ৰ বস্তুনিষ্ঠ অনুসন্ধানত বিশেষ গুৰুত্ব আৰোপ কৰে৷ হীৰেণ গোহাঁই, নলিনীধৰ ভট্টাচাৰ্য, বীৰেন্দ্ৰ নাথ দত্ত, প্ৰদীপ আচাৰ্য আদিৰ মননশীল প্ৰবন্ধই ‘ডেউকা’ক এখন উচ্চমানৰ আলোচনীলৈ ৰূপান্তৰিত কৰিছিল৷

সূত্ৰধাৰ :
১৯৮৯ চনত হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশ হয় ‘সূত্ৰধাৰ’৷ আলোচনীখনত সাহিত্য চৰ্চাৰ এক ধাৰা পৰিলক্ষিত হৈছিল৷ হোমেন বৰগোহাঞি, ডাঃ আনন্দেশ্বৰ বৰঠাকুৰ, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, তোষেশ্বৰ চেতিয়া আদিৰ দৰে ভালেসংখ্যক নবীন-প্ৰবীন লেখকৰ ৰচনাই আলোচনীখনৰ পাতত ঠাই পাইছিল৷

পূবালী :
বেণী মাধৱৰ সম্পাদনাত প্ৰকাশ পোৱা এখন মহিলা আলোচনী ‘পূবালী’ (১৯৯০)৷ আলোচনীখনৰ সূচীপত্ৰত উল্লিখিত ‘নাৰী তুমি অৰ্ধ আকাশ’ শীৰ্ষক বাণী শাৰীয়েই আলোচনীখনৰ নাৰী সম্পৰ্কীয় দৃষ্টিভংগীৰ উমান দিয়ে৷ সৃষ্টিশীল সাহিত্য ৰচনাতো গুৰুত্ব আৰোপ কৰা ‘পূবালী’ত মহিলাৰ লগে লগে শিশুৰ বিভিন্ন দিশৰ আলোচনা, সাক্ষাৎকাৰ ছবিজগতৰ খবৰ, কাৰ্টুন আদি বিভিন্ন শিতান/বিষয়ৰ লেখা প্ৰকাশ হৈছিল৷ ‘পূবালী’য়ে বহু সংখ্যক মহিলা সাহিত্যিকক আত্মপ্ৰকাশৰ সুযোগ দিয়ে৷

কিশোৰ :
১৯৯১ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা হোমেন বৰগোহাঞিৰ সম্পাদনাত কিশোৰ পাঠকৰ বাবে ‘কিশোৰ’ নামৰ এখন মাহেকীয়া আলোচনীয়ে আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰিছিল যদিও এবছৰৰো কম সময়ৰ ভিতৰতে আলোচনীখনৰ অকাল স্মৰণ হয় (১৯৯২)৷ ‘কিশোৰ’ত প্ৰীতি বৰুৱা, অৰূপা পটংগীয়া কলিতা, গীতাৰ্থ পাঠক, বিপুলজ্যোতি শইকীয়া আদিৰ কিশোৰ উপযোগী ভালেমান মননশীল লেখা প্ৰকাশ পাইছিল৷

গৰীয়সী :
১৯৯৩ চনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পায় সাহিত্যালোচনী ‘গৰীয়সী’৷ এইখন আলোচনীয়ে অসমীয়া সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷ অসমীয়া ভাষাৰ পূৰ্ণাংগ সাহিত্য পত্ৰিকা বুলিলে ‘গৰীয়সী’ৰ কথাকে উল্লেখ কৰিব পাৰি৷ গৱেষণাকেন্দ্ৰিক সাহিত্য বিষয়ক ভালেমান প্ৰবন্ধ প্ৰকাশ কৰাৰ উপৰিও আলোচনীখনত বিশ্বসাহিত্যৰ শেহতীয়া গতিবিধি সম্পৰ্কে ছেগাচোৰোকাকৈ হ’লেও আলোচনা কৰা পৰিলক্ষিত হয়৷ পূৰবী বৰমুদৈ, কুল শইকীয়া, ৰবীন শৰ্মা, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী দৰে প্ৰতিষ্ঠিত ভালেমান লেখকে এই আলোচনীৰ যোগেদি অৱদান আগবঢ়াই আছে৷ এইখন আলোচনীয়ে ইতিমধ্যে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ লাভ কৰিছে যদিও ‘গৰীয়সী’ৰ পূৰ্বৰ গৰিমা এতিয়া ভালেখিনি মোলান পৰিছে৷ ‘গৰীয়সী’ৰ পাততে প্ৰকাশ হয় লক্ষ্মীনন্দন বৰাৰ যাকেৰি নাহিকে উপাম, ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ কালান্তৰৰ গদ্য, মামণি ৰয়ছম গোস্বামীৰ ছিন্নমস্তাৰ মানুহটো, মেদিনী চৌধুৰীৰ ফাগুনত আজাৰৰ ফুল, পূৰৱী বৰমুদৈৰ এটা আলিবাটৰ ইতিকথাৰ দৰে উল্লেখযোগ্য উপন্যাস৷

অকণিৰ অগ্ৰদূত :
১৯৯৫ চনত ৰমেন শইকীয়াৰ সম্পাদনাত অগ্ৰদূত গোষ্ঠীৰ পৰা প্ৰকাশ হয় ‘অকণিৰ অগ্ৰদূত’ শীৰ্ষক এখন শিশু আলোচনী৷ আলোচনীখনত গল্প, কবিতাৰ উপৰি জীৱনীমূলক ৰচনা আৰু সাক্ষাৎকাৰ প্ৰকাশতো গুৰুত্ব দিয়া হৈছিল৷

জিজ্ঞাস :
১৯৯১ চনত প্ৰকাশ পোৱা ‘জিজ্ঞাস’ বাৰ্তালোচনীখনে পাঠভিত্তিক জ্ঞান দিয়াৰ লগতে পাঠ্যপুথি সম্পৰ্কীয় প্ৰবন্ধপাতি যুগুতাই উলিওৱাৰ বাবে শিশু কিশোৰৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়৷

মায়া :
১৯৯৯ চনৰ পৰা প্ৰকাশ পাই অহা ’অসমীয়া মায়া’ এখন বিনোদনধৰ্মী আলোচনী৷ সম্প্ৰতি ১৮ বছৰত ভৰি দিয়া ’মায়া’ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক পবিত্ৰ মাৰ্ঘেৰিটা৷ বৰ্তমান ৰবচন বৰুৱা আৰু বিতোপন বৰাৰ সম্পাদনাত প্ৰকাশ পাই থকা আলোচনীখনৰ প্ৰকাশিকা চিম্পী শইকীয়া৷ জ্ঞান আৰু মনোৰঞ্জনৰ সমাহাৰেৰে ’অসমীয়া মায়া’ই ২০১৭ চনৰ ছেপ্টেম্বৰৰ পৰা অনলাইন সংস্কৰণো প্ৰকাশ কৰিছে৷ অসমৰ বহু লেখক-লেখিকা আৰু বিশেষকৈ সাংস্কৃতিক দিশৰ বহু শিল্পীৰ আত্মপ্ৰকাশৰ এক মঞ্চ হিচাপে আলোচনীখনৰ গুৰুত্ব আছে৷

প্ৰিয় সখী :
২০০০ চনৰ পহিলা জানুৱাৰীত বিস্ময় গোষ্ঠীৰ পৰা শশী ফুকনক মুখ্য সম্পাদক আৰু জীমণি চৌধুৰীক সম্পাদক ৰূপে লৈ আত্মপ্ৰকাশ কৰে ‘প্ৰিয় সখী’ নামৰ মহিলা আলোচনীখনে৷ শিশুৰ বুনিয়াদ গঠনত এগৰাকী নাৰী, অৰ্থাৎ মাতৃৰ কৰণীয়, নাৰী সম্পৰ্কীয় আলোচনা, মতামত, বিবাহ বিচ্ছেদ তথা বিচ্ছেদৰ কুফল আৰু নবীন-প্ৰবীণ লেখক-লেখিকাৰ সৃষ্টিশীল সাহিত্যৰাজিও ইয়াত প্ৰকাশ পাই আহিছে৷ ‘সখীৰ পদূলী’ৰ পৰা আৰম্ভ কৰি ‘সখীৰ আখল’, ‘সখীৰ পৰিভ্ৰমণ’, ‘সখীৰ বিনোদন’, ‘কিনো লয়লাসে’, ‘সখীৰ ৰাশিফল’, ‘বলিউদৰ বতৰা’ আদি শিতানে পাঠকক সহজে আকৰ্ষণ কৰে৷ বৰ্তমান আলোচনীখনৰ সম্পাদক শশী ফুকন৷

নন্দিনী :
‘প্ৰিয় সখী’ৰ সমসাময়িকভৱে ২০০০ চনত মাইনী মহন্তৰ সম্পাদনাত সাদিন গোষ্ঠীৰ পৰা প্ৰকাশ হয় মহিলা আলোচনী ‘নন্দিনী’৷ বিভিন্ন নিয়মীয়া শিতানৰ উপৰি ‘নন্দিনী’য়ে সৃষ্টিশীল সাহিত্য, শিশুৰ স্বাস্থ্য, বিবাহ বিচ্ছেদৰ কাৰণ, শিশুৰ বৌদ্ধিক বিকাশ, বৃত্তি অনুযায়ী মহিলাৰ আলোচনা, সঞ্চয় আৰু বিনিয়োগ আদিৰ আলোচনা, লোক-সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিদেশী সভ্যতা সংস্কৃতিৰ বিৱৰণ, অসমৰ কুটীৰ শিল্প, উদ্যোগী মহিলাৰ সাক্ষাৎকাৰ ভিত্তিক ৰচনা আদি প্ৰকাশ কৰি আহিছে৷ পৰিয়ালৰ সকলোৰে উপযোগী কৰি ‘নন্দিনী’য়ে আগবঢ়ায় সাহিত্য, সমাজ, শিল্প সামৰি বিভিন্ন শিতান৷ পৰিয়ালৰ স্বাস্থ্য, শিশুৰ যতন, কিশোৰৰ সমস্যা, যৌৱনৰ আৱেগিক দোমোজা, সাংসাৰিক বেমেজালিৰ আউল ভাঙিবলৈ দিয়ে বিভিন্ন দিহা৷
‘নন্দিনী’ৰ পাছতে প্ৰকাশ পাই থকা মহিলা বিষয়ক কেইখনমান আলোচনী হৈছে ‘আধুনিক মন্দাকিনী’, ‘গৃহলক্ষ্মী’, ‘বিচ্ছুৰিত বৰ্ণালী’ আদি৷

অসমীয়া সা-ৰে-গা-মা :
আৰম্ভণিতে (২০০৪) পৱিত্ৰ মাৰ্ঘেৰিটাৰ সম্পাদনাত প্ৰকাশিত ‘অসমীয়া সা-ৰে-গা-মা’ মূলতঃ সাংস্কৃতিক আলোচনী৷ এই আলোচনীখনে অসমীয়া সাংস্কৃতিক জগতখনৰ সকলো খবৰেই পাঠকৰ মাজলৈ কঢ়িয়াই আছে৷

কথা :
ৰঞ্জিত কুমাৰ দেৱ গোস্বামীক মুখ্য সম্পাদক আৰু শোণিত বিজয় দাসক সম্পাদকৰূপে লৈ প্ৰকাশিত ‘কথা’ (১৯৯৩) আলোচনীখনক সম্ভ্ৰান্ত আলোচনী হিচাপে বৌদ্ধিক মহলে স্বীকৃতি প্ৰদান কৰি আহিছে৷ যথেষ্ট চিন্তা-চৰ্চাৰে পাঠক সমাজক কিছু নতুন দিশৰ সম্ভেদ দিবলৈ সক্ষম হোৱা আলোচনীখন ২০০৪ চনৰ পৰা ‘কথা গুৱাহাটী’ নামেৰে প্ৰকাশ পাই আছে৷ এইখন আলোচনীয়ে নিয়মীয়াকৈ একোটা একোটা বিষয়ত ভিন্ন দৃষ্টিকোণেৰে আলোকপাত কৰি প্ৰকাশৰ দিহা কৰি আহিছে৷ একেদৰে একো একোজন বিশ্ববিশ্ৰুত সাহিত্যিকৰ ৰচনাৰ অনুবাদ তথা আলোচনা প্ৰকাশ কৰাটোও ‘কথা গুৱাহাটী’ৰ এটা উল্লেখযোগ্য দিশ৷

জীৱন :
বিষয়বস্তুৰ বৈচিত্ৰ্যতাৰ এক অভিন্ন শৈলীৰে পাঠকক আকৰ্ষিত কৰিব পৰা এখন আলোচনী ‘জীৱন’৷ আলোচনীখনৰ নাম ‘জীৱন’ হ’লেও সম্পাদক সুৰেশ ৰঞ্জন গদুকাই সুকীয়া দৃষ্টিভংগীৰে সকলো দিশকে সামৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে৷ বৰ্তমান জীৱন এখন অনলাইন বা ই-আলোচনীৰূপে প্ৰকাশ হৈ আছে৷

সাতসৰী :
প্ৰথম পৰ্যায়ত হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত ‘সাতসৰী’ আলোচনীয়ে নবীন-প্ৰবীণ লেখক-লেখিকাক সমানে গুৰুত্ব দিয়া দেখা যায়৷ আলোচনীখনে অসমীয়া ভাষাৰ বিভিন্ন বিভিন্ন বিষয়ক সামৰি লোৱাৰ উপৰি অনুবাদৰ যোগেদি বিশ্ব সাহিত্যৰ লগত সেতু বন্ধনৰ এক যোগসূত্ৰ হিচাপে কাম কৰি আহিছে৷ এই আলোচনীতে ধাৰাবাহিকভাৱে প্ৰকাশ হয় প্ৰাণজিৎ বৰাৰ কথা মানিৱীৰ ৰূপ কথা, দিলীপ চন্দনৰ চিৰিয়াখানাৰ বেহেলা, অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেং আদি৷ যথেষ্ট সংখ্যক নবীন লেখকক সাহিত্য পথাৰখনলৈ উলিয়াই আনিব পৰাটো আলোচনীখনৰ গুৰুত্বপূৰ্ণ দিশ৷ ২০০৫ চনৰ আগষ্ট মাহৰ পৰা আলোচনীখন প্ৰকাশ হৈছে৷ ‘সাতসৰী’ৰ বৰ্তমান সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য৷

এই সময়ছোৱাত প্ৰকাশিত অন্যান্য কেইখনমান আলোচনী হ’ল অৱনী বৰুৱাৰ ‘অংগনা’, ভাস্কৰজ্যোতি কলিতাৰ ‘ৰেঙণি’, খনীন্দ্ৰ কুমাৰ মেধিৰ ‘আৰোহণ’, হৃদয়ানন্দ গগৈৰ ‘স্বৰ্ণলিপি’ আদি৷

প্ৰকাশ :
সত্তৰৰ দশকতে প্ৰকাশিত আৰু আশীৰ দশকত উজ্জ্বল ৰূপত আত্মপ্ৰকাশ কৰা ‘প্ৰকাশ’ৰ প্ৰকাশ অসমীয়া আলোচনীৰ ইতিহাসত এক তাৎপৰ্যপূৰ্ণ সংঘটন৷ আলোচনীখনৰ প্ৰথম সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়া৷ অধুনিক অসমীয়া সাহিত্যৰ বিকাশত সত্তৰ আৰু আশীৰ দশকটোত বিশিষ্ট ভূমিকা গ্ৰহণ কৰা এই সাহিত্যালোচনীখন প্ৰথমে তিনিমহীয়া ৰূপত প্ৰকাশ হৈছিল যদিও কেইটামান সংখ্যাৰ পাছতে তাক মাহেকীয়ালৈ ৰূপান্তৰিত কৰা হয়৷ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত ‘প্ৰকাশ’ৰ প্ৰতিটো সংখ্যা অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমালোচনা বিষয়ক আলোচনাৰে সমৃদ্ধ হৈছিল৷ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বহু মূল্যৱান প্ৰবন্ধ, উপন্যাস, সাহিত্য-সমালোচনাই প্ৰথমে ‘প্ৰকাশ’ৰ প্ৰকাশৰ পাততে ভূমুকি মাৰিছিল৷ ইয়াৰ ভিতৰত ৰংবং তেৰাঙৰ ৰংমিলিৰ হাঁহি, দেবেন্দ্ৰ নাথ আচাৰ্যৰ জংগম, নৱকান্ত বৰুৱাৰ গৰমা কুঁৱৰী, মামণি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, বিনন্দ চন্দ্ৰ বৰুৱাৰ আত্মজীৱনীমূলক ৰচনা অতীতৰ ৰং, মহেন্দ্ৰ বৰাই কৰা মদ্ভাগৱত গীতাৰ ভাঙনি আদি উল্লেখযোগ্য৷ মাজতে বহুত দিন ‘প্ৰকাশ’ বন্ধ হৈ থাকি ২০০০ চনত পুনৰ প্ৰকাশ হৈছিল যদিও এই প্ৰচেষ্টা স্থায়ী নহ’ল৷ ২০১২ চনৰ পৰা ‘প্ৰকাশ’ পুনৰ প্ৰকাশ হৈছে৷

বিস্ময় :
’৭০ৰ দশকতে প্ৰকাশিত আৰু বৰ্তমানেও প্ৰকাশ হৈ থকা অসমৰ এখন উল্লেখযোগ্য আলোচনী হ’ল ‘বিস্ময়’৷ আৰম্ভণিৰে পৰা পাঠকক আলোচনীখনে এটা ভিন্ন স্বাদ দিবলৈ চেষ্টা কৰি আহিছে৷ ১৯৬৯ চনৰ জানুৱাৰী মাহত শশী ফুকনৰ সম্পাদনাত জন্ম লাভ কৰা ‘বিস্ময়’-এ অসমীয়া সংবাদ-সাহিত্যত ৰহস্যমূলক, ৰোমাঞ্চকৰ, সত্য কাহিনী আদি প্ৰকাশৰ এটা নতুন দিশ মুকলি কৰে আৰু পৰৱৰ্তী কালত ইয়াৰ আৰ্হিতে কেইবাখনো এনে ধৰণৰ আলোচনীৰ জন্ম হয়৷ মানুহৰ মনোৰঞ্জন আৰু কৌতূহলৰ স্পৃহাকে মূলধন হিচাপে লৈ ‘বিস্ময়’-এ প্ৰকৃতাৰ্থত অসমৰ ৰহস্য আলোচনীৰ এটা যুগৰেই সৃষ্টি কৰিলে৷ ‘বিস্ময়’-এ যেনেদৰে বিভিন্ন পাঠক গোষ্ঠী সৃষ্টি কৰিলে, ঠিক তেনেকৈ জন্ম দিলে এক বিচিত্ৰ লেখক গোষ্ঠীৰো৷ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো শ্ৰেণী পাঠকৰ মাজত জনপ্ৰিয় এই আলোচনীয়ে ইতিমধ্যে ইয়াৰ প্ৰকাশৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াটো তাৎপৰ্যপূৰ্ণ কথা৷ ২০০১ চনৰ ‘বিস্ময়’ৰ এটা ইণ্টাৰনেট সংস্কৰণো প্ৰকাশ হৈছে৷ ইণ্টাৰনেট সংস্কৰণ প্ৰকাশ পোৱা এইখনেই অসমৰ প্ৰথম আলোচনী৷

মাহেকীয়া কেৰিয়াৰ গাইড :
২০০৪ চনৰ প্ৰকাশ হয় সম্পূৰ্ণ কেৰিয়াৰ বিষয়ক আলোচনী ‘মাহেকীয়া কেৰিয়াৰ গাইড’৷ প্ৰীতিমা কৌশিক বৰুৱাৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত এই আলোচনীখনে বিগত প্ৰায় ১৫ বছৰে অসমৰ ছাত্ৰ-ছাত্ৰীক বিদ্যায়তনিক সহচৰৰূপে সহায় কৰি আহিছে৷ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন তথ্যসমৃদ্ধ লেখাৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশ, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সবিশেষ, ইংৰাজী শিক্ষা, কুইজ, সাম্প্ৰতিক ঘটনাৱলী, স্মৰণীয় ব্যক্তিৰ অনুপ্ৰেৰণামূলক জীৱন কাহিনী আদিও আলোচনীখনে নিয়মীয়াকৈ প্ৰকাশ কৰে৷ উল্লেখযোগ্য, ‘মাহেকীয়া কেৰিয়াৰ গাইড’ সম্পূৰ্ণ কেৰিয়াৰ বিষয়ক একমাত্ৰ অসমীয়া আলোচনী৷

এইখিনিৰ উপৰি অসমৰ বিভিন্ন দৈনিক/সাদিনীয়া বাতৰিকাকতে ৰঙালী বিহু আৰু দুৰ্গা পূজা উপলক্ষে বৰ্ধিত কলেৱৰৰ সাময়িক আলোচনী প্ৰকাশ কৰে৷ এনে আলোচনীৰ ভিতৰত ‘অসম বাণী’, ‘জনমভূমি’, ‘সাদিন’, ‘আজিৰ অসম’ আদি কাকতৰ বিহু সংখ্যা; ‘দৈনিক অসম’, ‘অসমীয়া প্ৰতিদিন’, ‘দৈনিক জনমভূমি’, আদি কাকতৰ পূজা সংখ্যা উল্লেখযোগ্য৷ একেদৰে অসমৰ প্ৰায় কেউখন দৈনিক বাতৰি কাকতে তেওঁলোকৰ দেওবৰীয়া সংখ্যাটোৰ লগত আগবঢ়াই একোখন আলোচনী বা পৰিপূৰিকা প্ৰকাশ কৰে৷ তেনে কেইখনমান আলোচনী হ’ল: পূৰ্বাচল (আমাৰ অসম), বসুন্ধৰা (দৈনিক জনমভূমি), সম্ভাৰ (অসমীয়া প্ৰতিদিন), ইত্যাদি (জনসাধাৰণ), বাঁহী (নিয়মীয়া বাৰ্তা), দেওবৰীয়া খবৰ (অসমীয়া খবৰ), দেওবাৰ (এদিনৰ সংবাদ) আদি৷ বৰ্তমান অসমত প্ৰকাশ হৈ থকা কেইখনমান আলোচনী হ’ল : ৰহস্য, বাৰ-ওঠৰ, চিত্ৰবন, মুকুতা, স্বৰ্ণলিপি, স্বাস্থ্য আদি৷ এই সকলোৱে অসমৰ আলোচনীৰ ধাৰাটোক সমৃদ্ধ কৰাত প্ৰভূত বৰঙনি যোগাইছে৷

যোৱা তিনিটা দশকৰ অসমীয়া আলোচনীৰ সংগ্ৰাম আৰু উত্তৰণৰ লেখ চালে দেখা যায় যে, অসমত আলোচনী যিমান প্ৰকাশ হৈছে মৃত্যুৰ হাৰ তাতকৈ বেছি৷ দৰাচলতে আলোচনী এখনৰ প্ৰসাৰৰ বাবে কলা, সাহিত্য, সংবাদ, সংস্কৃতি আদি বিভিন্ন বিষয়ৰ বলিষ্ঠ জ্ঞান থকাৰ উপৰি ব্যৱসায়িক প্ৰৱণতা থকাটো নিতান্তই প্ৰয়োজন৷ সংখ্যাত নিচেই কম হ’লেও সম্প্ৰতি দুখনমান অসমীয়া আলোচনীয়ে এই দিশত মনোযোগ দিয়াটো শুভ লক্ষণ৷ অৱশ্যে এইটোও ঠিক যে কেৱল ব্যৱসায়িক দৃষ্টিকোণেৰে আলোচনীৰ প্ৰসাৰ বঢ়াব নোৱাৰি৷ আলোচনী এখন প্ৰকাশৰ ক্ষেত্ৰত ব্যৱসায়িক দিশটো প্ৰধান কথা হ’লেও একমাত্ৰ কথা নহয়৷ আলোচনী এখনক একমাত্ৰ ধন ঘটাৰ আহিলা হিচাপে ল’লে আলোচনীখনৰ গুণগত মান লাঘৱ হোৱাৰ সুৰুঙাই সৰহ৷ ‘চমকপ্ৰদ উদঘাটন’ৰ (Scoop) মুখৰোচক প্ৰতিবেদন-প্ৰবন্ধৰে চাঞ্চল্যৰ সৃষ্টি কৰা স্বভাৱটোৱে এইবোৰ আলোচনীৰ ‘বাহিৰে ৰংচং’ চৰিত্ৰটো উদঙাই দেখুৱাই সুদূৰপ্ৰসাৰী ক্ষতি কৰিব পাৰে৷ এইদৰে প্ৰকাশিত কেতবোৰ আলোচনীৰ আৰম্ভণিৰ সংখ্যাবোৰ ‘গৰম কেক’ৰ (Hot Cake) দৰে তপতে তপতে বিক্ৰী হোৱা আৰু পাছলৈ এই ৰংচঙীয়া আলোচনীবোৰৰ ৰং গৈ বিক্ৰী আৰু জনপ্ৰিয়তা অভাৱনীয়ভাৱে কমি যোৱাৰ সম্ভাৱনা আৰু দৃষ্টান্ত ইতিমধ্যে পৰিলক্ষিত হৈছে৷

সামাজিক দায়বদ্ধতাক আওকাণ কৰি ৰাজনৈতিক স্বাৰ্থ, ক্ষমতাৰ প্ৰতি লোভ, সামাজিক, প্ৰতিষ্ঠা লাভৰ প্ৰতি হাবিয়াসৰ দৰে স্বাৰ্থক অগ্ৰাধিকাৰ দিলে আলোচনীৰ স্থায়িত্ব ক্ষীণ হৈ পৰিব৷ ৰাইজৰ আস্থাভাজন হৈ দীৰ্ঘায়ু বা অমৰ হ’বলৈ হ’লে এইবোৰৰ পৰা আঁতৰি থকাই শ্ৰেয় আৰু বাঞ্ছনীয়৷ তদুপৰি গুণগত মান উন্নত কৰাৰ বাবে এক সুস্থ প্ৰতিযোগিতাত নামি এক নিজস্ব দৰ্শনক আৰ্হি হিচাপে লৈ আলোচনী প্ৰকাশ কৰাৰ কথা প্ৰকাশকসকলে চিন্তা কৰিব পাৰে৷ সেইদৰে, আলোচনীবোৰক সাধাৰণীকৰণ নকৰি বা কেৱল ৰাজনৈতিক সংবাদধৰ্মী নকৰি ক্ৰীড়া, শিশু, উদ্যোগ-অৰ্থনীতি, সমাজ, শিক্ষা, সাহিত্য, মহিলা আদি সুকীয়া আৰু সম্পূৰ্ণাংগ আলোচনী প্ৰকাশ কৰাৰ কথাও সংশ্লিষ্ট প্ৰকাশকসকলে গুৰুত্ব সহকাৰে চিন্তা কৰিবৰ হ’ল৷
যি কি নহওক, শেষত ইয়াকে ক’ব পাৰি যে অসমীয়া আলোচনীৰ প্ৰসাৰ তথা পৰিবৰ্ধনৰ বাবে বৰ্তমানে প্ৰয়োজন এক বৃহৎ পাঠক সমাজৰ আৰু সেইদৰে প্ৰয়োজন আলোচনীৰ উন্নত বিষয়বস্তু তথা আংগিকৰ প্ৰমূল্যবোধ৷ লগতে অৱশ্যে এইটো কথাও ঠিক যে আলোচনীসমূহ সঁচা অৰ্থত ভাল হ’বলৈ হ’লে সেইবোৰৰ গুণগত মানে উৎকৃষ্টতাৰ এক ন্যূনতম সীমা স্পৰ্শ কৰিব পাৰিব লাগিব৷ ইয়াৰ অন্যথা নাই৷ কিয়নো অসমীয়া আলোচনী হ’ল বুলিয়েই হাতত তুলি লোৱাৰ সহায়-সমৰ্থন জনোৱাৰ, পৃষ্ঠপোষকতা কৰাৰ দিন আৰু এতিয়া নাই৷ নতুন কিবা ক’ব লগা থাকিলেহে পাঠকে আলোচনীখন গ্ৰহণ কৰিব৷ কথাষাৰ শ্ৰুতিকটু যদিও ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰাৰ মানসিকতা, দক্ষতা আৰু সাহস, সদ্য প্ৰকাশিত বা প্ৰকাশৰ বাবে সাজু হোৱা আলোচনীবোৰৰ আছে বুলিয়েই আমি বিশ্বাস কৰিছোঁ৷
#######################

অসমৰ পৰা প্ৰকাশিত আলোচনীৰ তালিকা

৮০-ৰ পৰৱৰ্তী সময়ছোৱাত ডাৱৰৰ ফাকে ফাকে বেলিৰ কিৰণে ভুমুকি মৰাৰ দৰে বহু সংখ্যক আলোচনীয়ে ভুমুকি মাৰিলে আৰু অস্ত গ’ল৷ ইয়াৰে অধিকাংশ আলোচনীৰেই আয়ুস নিচেই চমু যদিও এইবোৰে সময়ৰ এটা যুগক প্ৰতিনিধিত্ব কৰে; সময়ত হয়তো এইবোৰ বুৰঞ্জীৰো আহিলা হ’বগৈ৷
যোৱা তিনিটা দশকত অসমৰ পৰা প্ৰকাশিত সকলো আলোচনীৰ নাম একে ঠাইতে পোৱাৰ কোনো উপায় নাই৷ তদুপৰি বিভিন্ন সময়ত প্ৰকাশিত বিভিন্নজনৰ সংশ্লিষ্ট ৰচনাতো একেখন আলোচনীৰ প্ৰকাশৰ চন আৰু সম্পাদকৰ নামৰ ক্ষেত্ৰত বিভিন্নতা দেখা যায়৷ এনে অৱস্থাত মূল আলোচনীখনৰ অবিহনে সেইখন প্ৰকাশৰ সঠিক চন আৰু সম্পাদকৰ নাম নিৰূপণ কৰা কঠিন হৈ পৰে৷ কিন্তু অসমৰ পৰা বিভিন্ন সময়ত প্ৰকাশিত আলোচনীসমূহ প্ৰথমৰে পৰা ধাৰাবাহিকভাৱে নিয়াৰিকৈ ক’তো পাবলৈ নাই৷ সেয়ে, আলোচনীসমূহৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত আমি ইতিমধ্যে এই বিষয়ৰ প্ৰকাশিত ৰচনা আৰু আলোচনীৰ পুৰণা সংখ্যাৰ (যিকেইটা পোৱা গৈছে বা আমি সংগ্ৰহ কৰিব পাৰিছোঁ) ওপৰত নিৰ্ভৰ কৰি সেই অনুসৰি আলোচনী একোখনৰ প্ৰকাশৰ চন আৰু সম্পাদকৰ নাম নিৰূপণ কৰিবলীয়া হৈছে৷ আলোচনীসমূহৰ আটাইবোৰ সংখ্যা চাবলৈ নোপোৱা হেতু বিভিন্ন উৎসৰ পৰা আলোচনীসমূহৰ নাম সংগ্ৰহ কৰা হৈছে৷ কিন্তু কেৱল নামটোৰ পৰা সেইখন আলোচনী নে বাতৰি কাকত সেইটো ঠাৱৰ কৰা টান৷ এনে বিসংগতিও তালিকাত থাকিব পাৰে৷
বেলেগ বেলেগ বছৰত প্ৰকাশিত অথচ একে নামৰ (বহু ক্ষেত্ৰত একে সম্পাদকৰ) একাধিক আলোচনীৰ নামো আমি পাইছোঁ৷ এনে অৱস্থাতো প্ৰথম সংখ্যাটো অবিহনে নিৰ্দিষ্ট আলোচনীখন প্ৰকাশৰ সঠিক চনটো নিৰ্ণয় কৰিব নোৱাৰি৷
কেইটামান সংখ্যাৰ পাছতে প্ৰকাশ বন্ধ হোৱা আৰু কেইবা বছৰৰ পাছত পুনৰ প্ৰকাশ হোৱা আলোচনীৰ ক্ষেত্ৰতো প্ৰকাশৰ সঠিক চনটো নিৰূপণ কৰাত বিসংগতিয়ে দেখা দিয়ে৷ তেনে আলোচনীৰ নাম এই তালিকাৰ একাধিক স্থানত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়৷
তদুপৰি অসমৰ আলোচনীৰ কোনো সম্পূৰ্ণ তথা শুদ্ধ তালিকাও আমি আৰ্হি হিচাপে ল’বলৈ পোৱা নাই৷ সময়ে সময়ে বিভিন্নজনে নিজ নিজ ৰচনাত বিভিন্ন সময়ৰ আলোচনীৰ নাম আদি উল্লেখ কৰিছে যদিও সেয়া সম্পূৰ্ণ আৰু পৰ্যাপ্ত নহয়৷
এনেবোৰ কাৰণতে (অসুবিধাতে নহয়) এই তালিকা সম্পূৰ্ণ আৰু শুদ্ধ বুলি ক’বলৈ সাহ হোৱা নাই৷ বিদ্যা-বুদ্ধিৰ সীমাবদ্ধতাৰ বাবে ক’ৰবাত কেনেবাকৈ কোনোবাখন আলোচনী নাম-তথ্য থাকি যোৱা বা কোনোবাখনৰ কিবা তথ্য ভুলকৈ প্ৰকাশ পোৱা অস্বাভাৱিক নহয়৷ দৰাচলতে এইখন তালিকাক অসমৰ আলোচনীৰ প্ৰাৰম্ভিক খচৰা-তালিকা ৰূপেহে বিবেচনা কৰিবলৈ সহৃদয় পঠকসকলক অনুৰোধ জনালোঁ৷ তদুপৰি সুহৃদ পাঠকলৈ আমাৰ এটাই মাত্ৰ বিনম্ৰ অনুৰোধ, তালিকাখনিত পোৱা যিকোনো বিসংগতি, ত্ৰুটি-বিচ্যুতি বা পৰামৰ্শ এটি ফোন কল বা এখন পোষ্টকাৰ্ডৰ মাধ্যমেৰে (C-15 অমৃতকুঞ্জ এপাৰ্টমেণ্ট (চতুৰ্থ মহলা), লখিমীনগৰ (পঞ্জাৱ নেশ্যনেল বেংকৰ ওচৰত), গণেশগুৰি, গুৱাহাটী ৭৮১০০৫৷ ফোন: ৯৪৩৫০-৮৯৩৭৫, ৯৭০৭৩-২১৭১৮) আমাক জনাওক, যাতে তালিকাখন সম্পূৰ্ণ আৰু শুদ্ধ কৰি তুলিব পাৰোঁ৷
উল্লেখযোগ্য (১) এই তালিকাখনত ১৯৮১ চনৰ পৰা বৰ্তমানলৈকে অসমৰ পৰা প্ৰকাশিত আলোচনীসমূহৰ নাম সন্নিবিষ্ট কৰা হৈছে৷ (২) আলোচনীসমূহৰ নামৰ লগতে নিৰ্দিষ্ট আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদকৰ নামো দিয়া হৈছে৷ অৱশ্যে কোনো কোনো আলোচনীৰ প্ৰথম সংখ্যাটো সংগ্ৰহ কৰিব নোৱাৰাত পাছৰ সংখ্যা বা আনৰ তথ্যৰ ওপৰত (ইতিমধ্যে প্ৰকাশিত) নিৰ্ভৰ কৰি সম্পাদকৰ নাম দিবলগীয়া হৈছে৷ (৩) আলোচনীসমূহৰ প্ৰকাশৰ চনবোৰৰ ক্ষেত্ৰতো অনুৰূপ শৃংখলা অনুসৰণ কৰা হৈছে৷

আলোচনীৰ নাম চন সম্পাদক
সাতসৰী ১৯৮১ খগেন্দ্ৰনাথ ভূঞা
বৰ্ণালী ১৯৮১ পুণ্যৰাম নেওগ
উদগীৰণ ১৯৮১ জ্ঞানশংকৰ খাকলাৰী
এন ই প্লেনটেশ্বন নিউজ ১৯৮১-১৯৮২ জগদীশ ফুকন
প্ৰান্তিক ১৯৮১ প্ৰদীপ বৰুৱা
কিশলয় ১৯৮১ ফুল বৰা
নৱ দিগন্ত ১৯৮১ ঈশ্বৰপ্ৰসাদ চৌধুৰী
লোকায়ত ১৯৮১ হোমেন বৰগোহাঞি
কাঁচিয়লি ১৯৮১ লীলাধৰ হাজৰিকা
খ্ৰীষ্টজ্যোতি ১৯৮১ টংকেশ্বৰ বৰুৱা
জোনাক ১৯৮১ নিবেদিতা হাজৰিকা
জিনু গোস্বামী
ঋতায়ণ ১৯৮১ সত্যপ্ৰসাদ কলিতা
আশীৰ্বাদ ১৯৮১ লক্ষ্মীনাৰায়ন বৰ্মন
নৱ-অৰুণোদয় ১৯৮১ দীপক কাকতি
অস্তিত্বৰ চেতনা ১৯৮১ নৱজ্যোতি নাথ
কণ্ঠস্বৰ ১৯৮১ নৃপেন শইকীয়া
অধিকাৰ ১৯৮১ –
পাণ্ডুলিপি ১৯৮১ –
ব্যতিক্ৰম ১৯৮১ নলীন কোঁৱৰ
ৰংঘৰ ১৯৮১ শশী ফুকন
বৰ্তমান গণ-আন্দোলন আৰু ছাত্ৰ আন্দোলন ১৯৮১ প্ৰবীণ লহকৰ
জনবাণী ১৯৮১ প্ৰমোদ বৰ্মন
কামৰূপা ১৯৮১ সুৰেশ গোস্বামী
নতুন বাঁহী ১৯৮১ জয়ন্ত ৰংপী
জুনুকা ১৯৮১ নৰেন্দ্ৰ কুমাৰ দাস
ৰ’দালি ১৯৮২ পদুমী গগৈ
সঁফুৰা ১৯৮২-৯৬ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া
জাগৰণ ১৯৮২ যুগল কুমাৰ শইকীয়া
সংবাদ-বিচিত্ৰা ১৯৮২ ৰূপহ চলিহা
প্ৰতিধ্বনি ১৯৮২ মৃদুল বৰুৱা
কনষ্ট্ৰাকছন ট্ৰিবিউন ১৯৮২ ডঃ হেমকান্ত বৰুৱা
অভিযান ১৯৮২ বীৰেণ চন্দ্ৰ দাস
সংগম ১৯৮২ শৈলেন দাস, জবিউল আলি
আহ্বান ১৯৮২ মহম্মদ গিয়াছুদ্দিন
প্ৰকাশন ১৯৮২ কুমুদ গোস্বামী
অসম কণ্ঠ ১৯৮২ ডাঃ নেছাৰ আহমেদ
কৰ্ম যুগ ১৯৮২ খগেন বায়ন
দোকমোকালি ১৯৮২ দেৱব্ৰত শৰ্মা
শ্ৰমজীৱী ১৯৮২ অচ্যুত কুমাৰ শৰ্মা
যুগ ১৯৮৩ ডঃ নৱ হাজৰিকা
সেউজী তল ১৯৮৩ আনন্দ শৰ্মা
অৰিন্দম ১৯৮৩ দিলীপ চন্দন শৰ্মা, ভৃংগেশ্বৰ শৰ্মা, প্ৰদীপ শৰ্মা
কালান্তৰ ১৯৮৩ উৎপল ভূঞা
আজিৰ কবিতা ১৯৮৩ মদন শৰ্মা
অধিকাৰ ১৯৮৩ অনুপ ফুকন
অসমী ১৯৮৩ পৰম শংকৰ দত্ত
অংকুৰ ১৯৮৩ কামেশ্বৰ বৰ্মন
টি ছেট ১৯৮৩ অৰূপ কুমাৰ দত্ত
জনসংস্কৃতি ১৯৮৩ ডঃ জয়ন্ত ৰংপী
আইদেউৰ জোনাকী বাট ১৯৮৩ ৰাজু বৰুৱা, অৰ্পণা মহন্ত
অনাৰু ১৯৮৩ মানৱ কুমাৰ ৰামচিয়াৰী
ভূমিকা ১৯৮৩ শান্তনু তামোলী
খেল-ধেমালী ১৯৮৩ ফণী শৰ্মা
সংযোগ ১৯৮৩ অৰুপ কুমাৰ দত্ত
অভিযাত্ৰী ১৯৮৩ উদ্ভৱ পাঠক
কৃষক বন্ধু ১৯৮৩ প্ৰসন্ন দত্ত
তদন্ত ১৯৮৩ ঘন হাজৰিকা
চিত্ৰজ্যোতি ১৯৮৩ অপূৰ্ব শৰ্মা
প্ৰতীতি ১৯৮৩ নবীন বৰুৱা, প্ৰদীপজ্যোতি মহন্ত
জনশিখা ১৯৮৩ পুতুল কলিতা
মেজাংকৰি ১৯৮৩ শংকৰ কাকতি, অক্ষয় নাথ
জনবিজ্ঞান ১৯৮৩ ডঃ পৰমানন্দ মহন্ত
এনাজৰী ১৯৮৪ ঊষা শইকীয়া
কণ্ঠস্বৰ ১৯৮৪ এম আব্দুল মজিদ খান
দধিচী ১৯৮৪ সুৰজিত গোস্বামী
প্ৰতিধ্বনি ১৯৮৪ ডঃ ভূপেন হাজৰিকা
সীৰলু ১৯৮৪ নৱকান্ত বৰুৱা
সীমান্ত ১৯৮৪ বিশ্বেশ্বৰ হাজৰিকা
জনজাতি ১৯৮৪ লক্ষ্মীনাথ পাংগিং
সমদল ১৯৮৪ মনোৰঞ্জন শৰ্মা
অভিযান ১৯৮৪ জ্ঞানেন চৌধুৰী
ত্ৰিশংকু ১৯৮৪ চৈয়দ আব্দুল মালিক
দূত ১৯৮৪ মতিউৰ ৰহমান
চিত্ৰদূত ১৯৮৪ দিব্যজ্যোতি লহকৰ
মৌচাক ১৯৮৪ শান্তনু তামুলী
শিক্ষা বিকাশ ১৯৮৪ মহিৰুদ্দিন মজুমদাৰ
মণিহাৰ ১৯৮৪ নানু দত্ত
সংঘ বাৰ্তা ১৯৮৪ অসম মহিলা সংঘৰ মুখপত্ৰ
জ্ঞানপীঠ ১৯৮৪ বসন্ত দাস
নিজৰা ১৯৮৪ বিদ্যুত কুমাৰ শৰ্মা
ককাদেউতা ১৯৮৪ দুলাল চন্দ্ৰ বৰঠাকুৰ
পথিক ১৯৮৪ পথিক গোষ্ঠী
প্ৰতিকল্প ১৯৮৪ নন্দলাল সেনগুপ্ত
অনন্য ১৯৮৪ হেমচন্দ্ৰ বৰা
গমুগ ১৯৮৪ খগেন পেগু
লুইতৰ পৰা মিচিচিপি ১৯৮৪ সঞ্জীৱ বৰুৱা
আমি সাতভনী ১৯৮৪ শ্যাম বৰা
ডনগমুছা ১৯৮৪ পি মাৰউইন
অনুপম ১৯৮৪ অনিল কুমাৰ ডেকা
সমলয় ১৯৮৫ জনাৰ্দন মহন্ত, আনন্দ দত্ত
জনজ্যোতি ১৯৮৫ –
দৃষ্টি ১৯৮৫ ডঃ দীনেশচন্দ্ৰ গোস্বামী
শতৰূপ ১৯৮৫ আভা বৰা
আৱাহন (পুনৰ প্ৰকাশ) ১৯৮৫ দিলীপ কুমাৰ শৰ্মা
প্ৰতিধ্বনি ১৯৮৫ ডঃ ভূপেন হাজৰিকা
অভিমত ১৯৮৫ –
প্ৰহৰী ১৯৮৫ কমল গগৈ
অপৰূপা ১৯৮৫ ব্ৰজেন বৰুৱা
উত্তৰণ ১৯৮৫ –
আজিৰ সময় ১৯৮৫ ধ্ৰুৱজ্যোতি বৰা
ফ্ৰণ্টিয়াৰ ছান ১৯৮৫ ৰনবীৰ ৰয়
নৱদূত ১৯৮৫ উমাকান্ত শৰ্মা
সাময়িকী ১৯৮৫ বিধান চন্দ্ৰ দেৱ
ৰসৰাজ ১৯৮৫ মদন চন্দ্ৰ মেধি
ফুল ১৯৮৬ নলিনীপ্ৰভা ডেকা
অনুভূতি ১৯৮৬ আৰতি হাজৰিকা
নিৰিবিলি ১৯৮৬ অমিয় কুমাৰ ভাণ্ডাৰ কায়স্থ
একলব্য ১৯৮৬ অমৰজ্যোতি গগৈ, দেৱব্ৰত শৰ্মা
নতুন প্ৰকাশ ১৯৮৬ কেশৱ হাজৰিকা
প্ৰাংগন ১৯৮৬ –
আমাৰ এ পি এল ১৯৮৬ ভবেশ বৰুৱা
কণ কণ ১৯৮৬ ৰঞ্জু হাজৰিকা
নদী ১৯৮৬ পুতুল হাজৰিকা
প্ৰতিশ্ৰুতি ১৯৮৬ গুণমনি বৰা
জন অনুভূতি ১৯৮৬ প্ৰবীণ বৰ্মন (মুখ্য সম্পাদক)
আমাৰ প্ৰতিশ্ৰুতি ১৯৮৬ পৱিত্ৰ কুমাৰ নাথ
সঁজাল ১৯৮৬ হিতেন্দ্ৰ কুমাৰ গগৈ, দীপক গগৈ
অনিৰুদ্ধ ১৯৮৬ মুনীন শৰ্মা
ৰূপান্তৰ ১৯৮৬ মুক্তি গগৈ, কন্দৰ্প কুমাৰ বৰবৰুৱা
অভিষেক ১৯৮৬ সুব্ৰত দাস, সুবীৰৰঞ্জন দাস
ঐক্যন ১৯৮৭ শান্তনু কৌশিক বৰুৱা
ছাত্ৰ প্ৰতিনিধি ১৯৮৭ গোবিন্দমোহন গোস্বামী
জ্ঞানদীপ ১৯৮৭ ছবিৰ হুছেইন
নতুন সীৰলু ১৯৮৭ নৱকান্ত বৰুৱা (মুখ্য সম্পাদক)
ফিৰিঙতি ১৯৮৭ প্ৰভাত চন্দ্ৰ শৰ্মা, মনোৰঞ্জন শৰ্মা
বিজ্ঞান সঁফুৰা ১৯৮৭ কুলৰঞ্জন ডেকা
মইনা ১৯৮৭ ভাগ্যলক্ষ্মী মহন্ত
মুকুতা ১৯৮৭ কুমুদ গোস্বামী
ঋতু ১৯৮৭ ভুৱনেশ্বৰ শৰ্মা
সাতসৰী ১৯৮৭ কমলকুমাৰী বৰুৱা
অনুভূতি ১৯৮৭ নীলিমা শৰ্মা
প্ৰেৰণা ১৯৮৭ নিৰদ দাস, হৰমোহন চহৰীয়া, গোপাল শৰ্মা
জনকল্লোল ১৯৮৭ শুক্লেশ্বৰ মেধি
নাট্যান্দোলন ১৯৮৭ আলি হাইদৰ
ইস্পাতৰ ফুল ১৯৮৭ সবিতা লহকৰ
শ্ৰীময়ী ১৯৮৭ বেণী মাধৱ
প্ৰত্যুষ ১৯৮৭ কেশৱ গগৈ
সময়ৰ কবিতা ১৯৮৭ ৰমেন শইকীয়া
মানস ১৯৮৭ সঞ্জীৱ কুমাৰ বৰকাকতি
সংস্কৃতি পল্লৱ ১৯৮৭ জনাৰ্দন ভূঞা, জগত বৰা
গিৰিজনি ১৯৮৭ ৰমাকান্ত বৰবৰুৱা
সমকাল ১৯৮৭ হোমেন বৰগোহাঞি
নৱপ্ৰভাত ১৯৮৭ বেণুধৰ কলিতা
আটলাণ্টা ১৯৮৭ আজিম হাজৰিকা
সচেতনা ১৯৮৭ গায়ত্ৰী হাজৰিকা
সময় সংহিতা ১৯৮৭ ধ্ৰুৱজ্যোতি বৰা
বলয় ১৯৮৭ ৰিজু হাজৰিকা
বৰপীঠ ১৯৮৭ গণেশ দাস
ইস্তাহাৰ ১৯৮৭ সোণেশ্বৰ পাটোৱাৰী
লুইত ১৯৮৭ অৱনী চক্ৰৱৰ্তী
জিলমিল ১৯৮৭ কুমাৰ দীপক
ধৰিত্ৰী ১৯৮৮ ৰঞ্জুমণি গগৈ
গণকণ্ঠ ১৯৮৮ অশোক দাস
বৰ’নি ৰাফৌদায় ১৯৮৮ সুবুংসা মৌসাহাৰী
নতুন আৱিষ্কাৰ ১৯৮৮ শান্তনু তামূলী
নতুন কবিতা ১৯৮৮ ৰাম গগৈ
মান্দুলী ১৯৮৮ সাৱিত্ৰী গগৈ
খাসিনি ১৯৮৮ গুনেশ্বৰ মৌসাহাৰি
ৰংবিৰং ১৯৮৮ লাৱণ্য গোস্বামী
ৰূপান্তৰ ১৯৮৮ কণক কলিতা
মণিহাৰ ১৯৮৮ –
জীৱন জেউতি ১৯৮৮ জবিউল জাহাদ্দিৰ
কল্পদ্ৰুম ১৯৮৮ কুমাৰ অনুকূল দাস
দিকপাল ১৯৮৮ এম আব্দুল মজিদ (মু. সা.)
স্বাস্থ্য চিন্তা ১৯৮৮ ডাঃ নগেন দত্ত, শান্তনু তামূলী
অনন্যা ১৯৮৮ মুনীন্দ্ৰ মহন্ত
ঋত্বিক ১৯৮৮ শ্যামাপ্ৰসাদ শৰ্মা
কলম ১৯৮৮ এ আৰ বৰা
ৰিগি-ৰিগাং ১৯৮৮ অমৰেন্দ্ৰ স্বৰ্গীয়াৰী
আকাল ১৯৮৮ ধীৰাজ কুমাৰ ডেকা
সাৰথি ১৯৮৮ জীৱেশ্বৰ দাস
কলিয়া ভোমোৰা ১৯৮৮ উপেন্দ্ৰ বৰকটকী
আজিৰ শিক্ষা সংবাদ ১৯৮৮ –
অধিনায়ক ১৯৮৯ যোগেশ দাস
মনোহৰা ১৯৮৯ নীলিমা গোস্বামী
প্ৰাচ্য ভাৰতী ১৯৮৯ নগেন গোস্বামী
অৱতাৰ ১৯৮৯ সুমন্ত চলিহা
জনগণ ১৯৮৯ –
আংতং ১৯৮৯ কুমুদ চন্দ্ৰ ডেকা
সুবাস ১৯৮৯ ববিতা কোঁৱৰ, প্ৰদীপ কুমাৰ মৰাণ
চন্দ্ৰমা ১৯৮৯ উষা ডেকা
চিলাৰায় ১৯৮৯ নিত্যা দত্ত
জ্ঞানকোষ ১৯৮৯ কুমাৰ নিৰঞ্জন
ডেকা অসম ১৯৮৯ ক্ষিতিশ চন্দ্ৰ ফুকন
ত্ৰিনয়ন ১৯৮৯ ৰমেন শইকীয়া
গুণগুণনি ১৯৮৯ আফাতাবুল হুছেইন
অন্তৰংগ ১৯৮৯ সপ্তৰ্ষি
সূৰুজ ১৯৮৯ অশ্বিনী কুমাৰ শৰ্মা (মুঃ সঃ)
জৱাহৰ জেউতি ১৯৮৯ অন্নপূৰ্ণা বৰুৱা
অসম ১৯৮৯ মহেশ্বৰ চুতীয়া
স্বাধীনতা ১৯৮৯ সিদ্ধাৰ্থ ফুকন
গণ কবিতা ১৯৮৯ ধ্ৰুৱ কুমাৰ তালুকদাৰ
মণি-কাঞ্চন ১৯৮৯ সঞ্জীৱ কুমাৰ তালুকদাৰ
সূত্ৰধাৰ ১৯৮৯ হোমেন বৰগোহাঞি
নীলকণ্ঠ ১৯৮৯ ৰাণা আহমেদ বৰা
সংযোগ ১৯৮৯ নিত্যানন্দ বৰা
অন্বেষণ ১৮৯০ বিবেকা হাজৰিকা
আজোকবাৰ্তা ১৮৯০ নৰেন্দ্ৰ দেৱ শাস্ত্ৰী
আধাৰ ১৮৯০ গীতা হাতীকাকতি
সহযাত্ৰী ১৮৯০ জ্যোতিৰেখা হাজৰিকা
গুঞ্জন ১৮৯০ প্ৰেম গগৈ
শাশ্বত ১৮৯০ ৰমেন মেধি
জ্ঞান-বিজ্ঞান ১৮৯০ জ্যোতি ফুকন
জন সৈনিক ১৮৯০ ৰাজকমল
ডেউকা ১৮৯০ দুদুল মণি শৰ্মা
অন্বেষা ১৮৯০ প্ৰশান্ত কুমাৰ চুতিয়া
গুমুৰ ১৮৯০ অখ্ৰাং দৈমাৰী
দখিনপাৰ ১৮৯০ সৰ্বেশ্বৰ মজুমদাৰ
নতুন যুগৰ অগ্নিবান ১৮৯০ সুশীল ৰাজখোৱা
বিকল্প ১৯৯০ ব্ৰজকিশোৰ শইকীয়া
উদাংস্ৰি ১৯৯০ ৰূপনাথ মৌসাহাৰী
মৌ-কোঁহ ১৯৯০ বেদান্ত কুমাৰ বৰা
ৰ’দালী ১৯৯০ পূৰ্ণিমা কোঁৱৰ
ফুলনি ১৯৯০ বুবুল চন্দ্ৰ ডেকা
সংবাদ আৰু সাংবাদিক ১৯৯০ দিলীপ কুমাৰ বৰুৱা
সমন্বয় সংবাদ ১৯৯০ অৰূপ কুমাৰ শৰ্মা
সালংকৃতা ১৯৯০ হিৰণময়ী দত্ত, মাধুৰী কলিতা চৌধুৰী
জোনাক ১৯৯০ হৰেকৃষ্ণ বৰ্মন
ফুলনি ১৯৯০ প্ৰণৱজ্যোতি নেওগ
পষেক ১৯৯০ নীল গোহাঁই
অংগীকাৰ ১৯৯০ অৰুণ বৰুৱা
গুঞ্জন ১৯৯০ প্ৰেম গগৈ
জ্ঞানোদয় ১৯৯০ শৰৎ ৰাজখোৱা
প্ৰৰণা (নৱ-প্ৰেৰণা) ১৯৯০ ৰূপহ চলিহা
সিংহদ্বাৰ ১৯৯০ প্ৰদীপ গগৈ
পূবালী ১৯৯০ বেণী মাধৱ
সূৰ্যমুখী ১৯৯০ গজেন শইকীয়া
নতুন দিন ১৯৯০ মতিউৰ ৰহমান
সুবাসিত সান্নিধ্য ১৯৯০ বন্তিশিখা পাঠক
হেৰিটেজ ১৯৯০ সুকুমাৰ বাগছী
ঊষা ১৯৯০ ৰুণুমী বৰা
অংকুৰণ ১৯৯০ গোপাল চন্দ্ৰ বেজবৰুৱা
আন্দোলন ১৯৯০ কন্দৰ্প শইকীয়া
সাময়িক ১৯৯০ মলয়া খাউণ্ড
অধিকাৰ ১৯৯১ দীপিকা পৰদেশী
কাব্যপ্ৰৱাহ ১৯৯১ জনাৰ্দন মহন্ত
কিশোৰ ১৯৯১-৯২ হোমেন বৰগোহাঞি
সংগীত ১৯৯১ প্ৰতিম নেওগ
ষ্টেটফেড বাতৰি ১৯৯১ জগদীশ বৰুৱা
বিজ্ঞান প্ৰৱাহ ১৯৯১ ডাঃ এ কে জিয়াউদ্দিন আহমেদ
জোৎস্না ১৯৯১ ঘন কান্ত ডেকা
শলিতা ১৯৯১ চণ্ডিচৰণ দাস
আলোচনা ১৯৯১ –
ন-সতীৰ্থ ১৯৯১ তিলোত্তমা ভূঞা
সমন্বয় বাৰ্তা ১৯৯১ অৰুণ দাস
প্ৰগতি ১৯৯১ –
কবি সন্মিলন ১৯৯১ –
কবচ ১৯৯১ প্ৰদীপ চন্দ্ৰ হাজৰিকা
জিজ্ঞাস ১৯৯১ প্ৰদীপ কুমাৰ মেধি
কাকডোঙা ১৯৯১ ফুলেন কুমাৰ বৰা
বেদৱতী ১৯৯১ প্ৰদীপ কুমাৰ শৰ্মা
ছন্দশিল্প ১৯৯১ প্ৰফুল্লপ্ৰাণ মহন্ত
পষেকীয়া মাজুলী ১৯৯১ ৰঞ্জিত কুমাৰ ভূঞা
কিশলয় ১৯৯১ ৰঘুনাথ কাগয়ুং
জ্ঞানজ্যোতি ১৯৯১ ৰাতুল হাজৰিকা
মহুৰা ১৯৯১ বোকাজান লেখিকা সামাৰোহ সমিতিৰ মুখপত্ৰ
আমি ১৯৯১ মঞ্জুলা হাজৰিকা
ই-পি-চি-বি নিউজ লেটাৰ ১৯৯১ মোহিনী কুমাৰ শৰ্মা
চন্দ্ৰ মল্লিকা ১৯৯১ কমল চন্দ্ৰ তালুকদাৰ
পদধ্বনি ১৯৯১ খগেন মেধি
হেঙুল ১৯৯২ গোবিন্দ্ৰ চন্দ্ৰ নাথ
আংলং ১৯৯২ প্ৰদীপ চন্দ্ৰ হাজৰিকা
পানচৈ ১৯৯২ মহেন্দ্ৰ সোণোৱাল নাৰেংগী আঞ্চলিক
সাহিত্য সভাৰ মুখপত্ৰ ১৯৯২ বসন্ত কলিতা
মাজুলী ১৯৯২ দিলীপ দাস
অনিৰ্বান ১৯৯২ পুতুল হাজৰিকা
হামদেৰ আৱাজ ১৯৯২ অমল কুমাৰ হৰ’
অনুবাদ ১৯৯২ কবিন ফুকন (মু. স.)
অংকুৰণ ১৯৯২ প্ৰতাপজ্যোতি বৰা
পাৰিজাত সংবাদ ১৯৯২ কৃষ্ণ বৰগোহাঞি
ন-পথিকৃৎ ১৯৯২ ত্ৰিৰংকু
আমাৰ লেখা ১৯৯২ নতুন সাহিত্য পৰিষদ
সতীৰ্থ ১৯৯২ উপেন্দ্ৰ নাথ শৰ্মা
উন্মেষ ১৯৯২ গৌতমানন্দ গোস্বামী
প্ৰতীক ১৯৯২ বিপিন চন্দ্ৰ ডেকা
পাটকাই ১৯৯২ থানুৰাম ৰাইডিংগীয়া
পথিকৃত ১৯৯৩ তৰুণ কোঁৱৰ
ৰত্নগৰ্ভা ১৯৯৩ নিবাৰণ বৰা
বহ্নিশিখা ১৯৯৩ জয়জ্যোতি গগৈ
শংখধ্বনি ১৯৯৩ বৰ্ণালী বৰা, ডালিমী নাথ
সঁজাল ১৯৯৩ প্ৰশান্ত কুমাৰ কলিতা, ৰাজীৱ কুমাৰ দত্ত
পুৱতি ১৯৯৩ কমল কছাৰী, হৰেণ চন্দ্ৰ নাথ
কবিতাকাশ ১৯৯৩ আফতাবুল হুছেইন
পখিলা ১৯৯৩ মৃণাল বৰকটকী
চিত্ৰাংগদা ১৯৯৩ গুল পাঠক
গৰীয়সী ১৯৯৩ চন্দ্ৰপ্ৰসাদ শইকীয়া
কথা ১৯৯৩ ৰঞ্জিত কুমাৰ দেৱ গোস্বামী (মুখ্য সম্পাদক), শোণিতবিজয় দাস (সম্পাদক)
পৃথ্বি ১৯৯৩ –
প্ৰাচীৰ ১৯৯৩ মফিজুৰ ৰহমান
সূৰ্য ১৯৯৩ দীপংকৰ দেৱশৰ্মা
আছাম এমপ্লইমেণ্ট ১৯৯৩ ডি-ডি শৰ্মা
সন্ধানী ১৯৯৩ দিগন্ত কুমাৰ বৰা
নতুন আশা ১৯৯৩ জ্যোতিৰ্ময় হাজৰিকা
স্বৰূপা ১৯৯৩ শশীপ্ৰভা দাস
বিদ্যাৰ্থী ১৯৯৩ ত্ৰৈলোক্য মোহন নাথ
গণপত্ৰিকা ১৯৯৩ গকুল বৰা (মু. স.)
নৱ দৃষ্টি ১৯৯৩ স্মৃতি কুমাৰ সিংহ
নতুন প্ৰৱাহ ১৯৯৩ ভাৰত তামোলী ফুকন
সেউজ চিন্তা ১৯৯৩ অৰুণ চাংকাকতি
উত্তৰ-পূৱ ভাৰতৰ নাৰী ১৯৯৩ মিনেশ্বৰী দৈমাৰী পামেগাম
ঋতুৰ ফুল ১৯৯৩ বীৰেণ ফুকন
ন-পথ ১৯৯৩ গুণকান্ত গগৈ
ফেৰংগাদাও ১৯৯৩ বীৰেণ কাথ হাজৰিকা
লাইপুলীয়া ১৯৯৩ বসন্ত মংগল দত্ত, বিপুল শৰ্মা
পাহাৰী সংবাদ ১৯৯৩ মাণিক দেউৰী
উদীয়মান ১৯৯৩ জিতেন দাস, অনন্ত দাস
ন-শক্তি ১৯৯৩ কুমুদ চন্দ্ৰ তালুকদাৰ
বড়োলেণ্ড ৰাদাব ১৯৯৩ স্বামব্লা বসুমতাৰী
সাৰথি ১৯৯৩ তাজুদ্দিন আহমেদ
আসাম সন্ধান ১৯৯৩ ডি ডি শৰ্মা
বিজয়িনী ১৯৯৩ মঞ্জুৰা বৰবৰা
সমন্বয় ১৯৯৩ বাছা বৰা
সেউজ অনুভূতি ১৯৯৩ প্ৰণামী চুতীয়া
অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী বাৰ্তা ১৯৯৩ প্ৰফুল্ল চন্দ্ৰ বৰুৱা
অসম মাতৃ ১৯৯৩ ৰতিকান্ত বৰা
জনজাগৰণ ১৯৯৩ কমল হায়দৰ
তপোবন ১৯৯৪ ৰাতুল ভাগৱতী
পাঞ্চজন্য ১৯৯৪ ৰমানন্দন বৰা
আগান ১৯৯৪ প্ৰৰাগ কুমাৰ দাস
ফিৰিঙতি ১৯৯৪ অৰুণ মহন্ত
নতুন পৰিচয় ১৯৯৪ যাদৱ বৰা
সংবাদ বিবিধা ১৯৯৪ সুচন্দ্ৰা দাস
লাং চিং ১৯৯৪ ভূপেন দাস
প্ৰতিশ্ৰুতি ১৯৯৪ পংকজ চৌধুৰী
সেউজ সংবাদ ১৯৯৪ আলফ্ৰেড ৰহমান
সোমবাৰ ১৯৯৪ মুকুট শৰ্মা
বিশ্ব ক্ৰীড়াংগন ১৯৯৪ কুমাৰ দাস
জখলা ১৯৯৪ দ্বিজেন দাস
ন-কলাখাৰ ১৯৯৪ বুবুল চন্দ্ৰ ডেকা
কালৰ কথা ১৯৯৪ ভীমসেন সিংহ
আমাৰ খবৰ ১৯৯৪ বিকাশ গোস্বামী
নৰ্থ-ইষ্টাৰ্ণ হুজ হু ১৯৯৪ দীপাংক শইকীয়া
হিদায়েৎ ১৯৯৪ কোৰামত আলী
খোজ ১৯৯৪ যোগেন তামোলী
দি নৰ্থ-ইষ্টাৰ্ণ হুজ হু ১৯৯৪ শচীন ফুকন
সূচনা ১৯৯৪ হাৰনুল ৰছিদ
নতুন ধাৰা ১৯৯৪ কণমানি কাকতি
জাননী ১৯৯৪ অৰ্চনা গগৈ
কিশলয় ১৯৯৪ প্ৰণৱজ্যোতি শইকীয়া, লাচিত বৰা
গণকণ্ঠ ১৯৯৪ জিতেন্দ্ৰ দাস
অধিকাৰ ১৯৯৪ হাফিজ আহমেদ
নৰ্থ-ইষ্ট পিপলছ ১৯৯৪ প্ৰাজনা আনন্দ
ফিৰিঙতি ১৯৯৪ –
অবিকল ১৯৯৫ সতীশ ভট্টাচাৰ্য
প্ৰৱাহ ১৯৯৫ জ্যোতিষ ভট্টচাৰ্য
পাহাৰী দৰ্পন ১৯৯৫ মণিশংকৰ পুৰকায়স্থ
মহানগৰ ১৯৯৫ অৰূপা বৰুৱা
ই মুখ ১৯৯৫ বাহাৰুল ইছলাম
পূৰ্ণিমা ১৯৯৫ ডঃ পি বিৰমানী
বৰ্তমান ১৯৯৫ প্ৰণয় ৰয়
সুৰভি ১৯৯৫ প্ৰতাপজ্যোতি বৰা
প্ৰত্যয় ১৯৯৫ সুৰজিত বৰুৱা
প্ৰাচ্যলিপি ১৯৯৫ দীপাংক দাস
শব্দভেদী ১৯৯৫ আফতাবুল হুছেইন
অকণিৰ অগ্ৰদূত ১৯৯৫ ৰমেন শইকীয়া
মইনা ১৯৯৫ অতুল বৰা
স্বৰাজ ১৯৯৫ দুৰ্লভ চন্দ্ৰ মহন্ত
কবিতা ১৯৯৬ শোণিতবিজয় দাস
সুৰভি ১৯৯৬ প্ৰতাপজ্যোতি বৰা
প্ৰত্যয় ১৯৯৮ মনোৰম গগৈ
নতুন পদাতিক ১৯৯৮ ডঃ হীৰেণ গোহাঁই
মায়া ১৯৯৯ পবিত্ৰ মাৰ্ঘেৰিটা
ৰোমাঞ্চ ১৯৯৯ মুকুল কলিতা
প্ৰিয় সখী ২০০০ শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক)
নন্দিনী ২০০০ মাইনী মহন্ত
জিলিঙনি ২০০০ প্ৰদীপ কুমাৰ মেধি (অবৈ)
স্বাস্থ্য চৰ্চা ২০০০ ডাঃ আশ্বৰাফুল আলম
হিয়া ২০০০ ৰঞ্জু হাজৰিকা
নাইনথ কলম ২০০১ সৌমেন ভৰতীয়, প্ৰুন বৰ্মন, অভিজিত চক্ৰৱৰ্তী
ৰ’দ কাঁচিয়লি ২০০১ জেহিৰুল হুছেইন
জোনাক ২০০১ প্ৰকাশ শৰ্মা
ৰং ২০০১ মাধুৰ্য মণ্ডিত বৰুৱা
প্ৰান্তশ্ৰী ২০০২ কুমুদ গোস্বামী
অনুভৱ ২০০২ দিপাঞ্জলি নাথ
সঁফুৰা (পুনৰ প্ৰকাশ) ২০০২ ভবেন্দ্ৰ নাথ শইকীয়া
ৰংমেলা ২০০২ অৰুণ ভাগৱতী
সুবাস ২০০২ জোনজ্যোতি দত্তবৰা
শিক্ষা ২০০৩ ইউ কে হৰ্ষবৰ্ধন
খোজ ২০০৩ ৰাজীৱ গগৈ
৩০ দিন ২০০৩ পবিত্ৰ কুমাৰ ডেকা
বান্ধৱ ২০০৩ বিনয় মোহন শইকীয়া (অবৈ)
পাৰিজাত ২০০৩ বাহাৰুদ্দিন শইকীয়া
নিবেদন ২০০৩ অৰিন্দম বৰকটকী
কথা গুৱাহাটী ২০০৪ ৰঞ্জিত কুমাৰ দেৱগোস্বামী (মু. স.), শোণিত বিজয় দাস (স.)
দিগ্ দৰ্শন ২০০৩ পংকজ কুমাৰ দাস
মুহূৰ্ত ২০০৪ প্ৰণৱ কুমাৰ বৰ্মন
চিত্ৰালী ২০০৪ ৰেজেক আলি আহমেদ
নতুন ৰাগিনী ২০০৪ অলকা বৰুৱা
পটভূমি ২০০৪ ৰবীন্দ্ৰ বৰা
অসমীয়া সা ৰে গা মা ২০০৪ পবিত্ৰ মাৰ্ঘেৰিটা
জোনাকী বাট ২০০৪ জুনু বৰা
সাধনা ২০০৪ প্ৰণয় বৰদলৈ
সপ্তৰ্ষি ২০০৪ হিৰণ্যময়ী বৰুৱা
অকণিৰ হঁহি ২০০৪ হিৰণ্যময়ী বৰুৱা
প্ৰিয়ামণি ২০০৪ দিলীপ নাথ
হেঁপাহ ২০০৪ ৰাম হাজৰিকা
জোনাক ২০০৪ গগণ চন্দ্ৰ অধিকাৰী
মাহেকীয়া কেৰিয়াৰ গাইড ২০০৪ প্ৰীতিমা কৌশিক বৰুৱা
ৰংমন ২০০৫ প্ৰণয় বৰদলৈ
স্বাস্থ্য আৰু পৰিচৰ্চা ২০০৫ ডাঃ প্ৰদীপ বৰুৱা
সাতসৰী ২০০৫ হোমেন বৰগোহাঞি
অন্তৰা ২০০৫ জ্যোতিৰেখা হাজৰিকা
আৰক্ষীৰ পৃথিৱী ২০০৬ সুদীপ প্ৰকাশ বৰুৱা
সপৰিবাৰ ২০০৮ হেমচন্দ্ৰ দলে
সমীক্ষণ ২০০৮ জোনজ্যোতি দত্তবৰা
বিচ্চুৰিত বৰ্ণালী ২০০৯ –
জাৰ্নেলিষ্ট ২০০৯ –
আধাৰ ২০০৯ ডাঃ বলীন খাৰখৰীয়া (মু. স.) হেমেন শইকীয়া (স.)
পোন্ধৰ ২০১০ অৰুণ দত্ত

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.