ফটাঢোল

ইংৰাজী নৱবৰ্ষৰ ইতিবৃত্ত – সঞ্জীৱ মজুমদাৰ।

সকলোকে নৱবর্ষ-২০১৯ ৰ শুভেচ্ছা জনালোঁ। সময়ৰ হিচাপ অনুসৰি আৰু এটা বছৰ মানুহৰ জীৱনৰ পৰা শেষ হৈ নতুন বছৰৰ আৰম্ভ হৈছে। প্ৰত্যেক বছৰেই এই বিশ্বৰ বিভিন্ন প্ৰান্তত ইংৰাজী নৱবর্ষক আদৰিবলৈ নানাধৰণৰ আড়ম্বৰপূৰ্ণ প্ৰস্তুতি চলে।

মানৱ সভ্যতাৰ ক’ত, কেতিয়া নৱবৰ্ষৰ উদযাপন আৰম্ভ হৈছিল সঠিককৈ কোৱা সম্ভৱ নহয়। অজ্ঞাত অতীতত মানুহে প্রকৃতিৰ ৰূপৰ ভিন্নতা দেখি, সময়ক ভাগ কৰিছিল ঋতুৰ ৰূপত। কালক্ৰমত এইধৰণৰ ভিন্নতাৰ চক্রকাৰ গতিও তেওঁলোকে হয়তো লক্ষ্য কৰিছিল। এইদৰে এই ঋতুৰ গণনাচক্রক তেওঁলোকে ধৰি ল’লে বছৰ হিচাপে। এটা বছৰ কালৰ অতল গৰ্ভত হেৰাই যোৱা নোযোৱাৰ মাজতেই মানুহৰ জীৱন সমক্ষত আৱির্ভূত হয় নতুন আন এটা বছৰ। নতুনক লৈ মানুহে দেখুৱাই অহা আগ্ৰহ আৰু আন্তৰিকতাৰ ফলস্বৰূপে আৰম্ভণিৰ উৎসৱত মতলীয়া হৈ পৰে। মানুহৰ এই অদ্ভূত, চমৎকাৰ ইচ্ছাৰ ৰূপায়ণৰ ফলত নৱবর্ষ উৎসৱৰ আৰম্ভণি হয়। বছৰৰ নতুন এই দিনটোক সাদৰ অভ্যর্থনা জনোৱাৰ আয়োজন অকল সুপ্রাচীনেই নহয় বৰং সম্ভৱত ই পৃথিৱীৰ ইতিহাসত মানৱ সমাজে পালন কৰা আটাইতকৈ পুৰণি উৎসৱ।
তেতিয়াহলে আহক আমি জানিবলৈ চেষ্টা কৰোঁ বর্ণিল উৎসাহেৰে পালন কৰিব বিচৰা ইংৰাজী নৱবর্ষৰ ইতিহাস।

বহু যুগলৈ মানুহৰ মনত সময় সম্পৰ্কে কোনো ধাৰণাই নাছিল। বহু যুগ বাগৰাৰ পিছত আধুনিক মানৱৰ সময় সম্পৰ্কে ধাৰণা আহে চন্দ্ৰকলাৰ হিচাপৰ পৰা। মানুহে প্ৰথমতে চন্দ্ৰক চাই সময়ৰ হিচাপ কৰিবলৈ শিকিছিল অর্থাৎ চন্দ্ৰৰ কাঁচি জোনৰ পৰা পূৰ্ণিমালৈ হোৱা পৰিৱৰ্তনৰ লগতে চন্দ্ৰোদয় আৰু অস্ত যোৱাৰ হিচাপ কৰি প্ৰথমতে মাহ আৰু পিছলৈ বছৰৰ হিচাপ কৰিছিল। তথ্য অনুসৰি সৰ্ব্ব প্রথম মিছৰীয়বাসীয়েহে সূর্যক চাই বছৰৰ হিচাপ কৰিবলৈ শিকিছিল আৰু এই বছৰক সৌৰবর্ষ নাম দিছিল। কিন্তু সমস্যা হ’ল সূর্য্য আৰু চন্দ্রক চাই কৰা হিচাপৰ বহু তাৰতম্য পৰিলক্ষিত হৈছিল। পিছলৈ বছৰ গণি কি হ’ব যদি হিচাপ ৰখা নহয় বুলি চুমেৰীয় সকলে বর্ষপঞ্জিকা আৱিষ্কাৰ কৰিছিল যাক “ক্যালেণ্ডাৰ” বুলি কোৱা হয়।

পণ্ডিতসকলৰ ধাৰণা, যীশুখ্রীষ্টৰ জন্মৰ প্রায় চাৰি হাজাৰ বছৰ আগেয়ে প্রাচীন বেবিলনত মার্চ মাহত বসন্ত ঋতুৰ আবির্ভাৱ আৰু নতুন শস্য ৰোপণৰ সময় চোৱাকেই নৱবর্ষ হিচাপে গণ্য কৰা হৈছিল। বেবিলনত বসন্তকাল আছিল গছত কুঁহিপাত তথা অঙ্কুৰোদ্গমৰ আৰু শস্য উৎপাদনৰ উপযুক্ত সময়। ইতিহাস অনুযায়ী, খ্রীষ্টপূর্ব ২০০০ বছৰ আগতে চান্দ্রমাহ অনুসৰি বসন্ত ঋতুৰ প্রথম দিনটোত নৱবর্ষ উৎসৱ পালিত হৈছিল। নৱবর্ষ উদযাপনৰ ক্ষেত্ৰত দেশ, কাল, জাতিভেদে ভিন্নতা থাকিলেও মূল মনস্তত্ব কিন্তু অভিন্ন। অর্থাৎ অতীতক এৰি থৈ সম্ভাৱনাময়, সমৃদ্ধ আৰু আলোকিত ভৱিষ্যতৰ প্রত্যাশা। ৰোমানসকলেও বসন্ত ঋতুৰ আগমনৰ সতে সঙ্গতি ৰাখি মার্চ মাহৰ প্রথম দিনটোক নতুন বছৰ আৰু লগতে নতুন ফচল ৰোপনৰ সময় হিচাপে উৎসৱৰ আয়োজন কৰিছিল।

প্রাচীন মিছৰীয়সকলে নীল নদীৰ বুকুৱেদি বাগৰা বৰষাৰ সময়কে নৱবর্ষ উদযাপনৰ সময় হিচাপে গণ্য কৰিছিল। কাৰণ এই সময়ছোৱাত বেছিভাগ শ্রমজীৱী মানুহ কর্মৰ পৰা জিৰণি পাইছিল আৰু উৎসৱ উদযাপনৰ আনন্দত মতলীয়া হৈ উঠাৰ বাবে অফুৰন্ত সময় পাইছিল।

চীনা সভ্যতাত সৌৰবৰ্ষৰ সলনি চান্দ্রবর্ষ প্রচলিত আছিল। চান্দ্রবর্ষ অনুসৰি নৱবর্ষ পালিত হৈছিল ১৭ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীৰ মাজৰ পূর্ণিমাৰ দিনটোত আৰু এতিয়াও এই নিয়ম প্রচলিত।

প্রাচীন পাৰস্য বা ইৰাণত নৱবর্ষ উদযাপিত হৈছিল বসন্তকালৰ প্রথম দিৱসত। আজিৰ তাৰিখতো সেই প্রথাই বিদ্যমান। ইৰাণীসকলে পালন কৰা নৱবৰ্ষৰ এই উৎসৱ ‘নৱৰোজ’ নামেৰে সুবিখ্যাত। নতুন বছৰৰ প্রথম মাহ হৈছে ফাৰৱৰ্দিন। ফাৰৱৰ্দিনৰ প্রথম দিনটোই হৈছে ‘নৱৰোজ’। নৱৰোজ মানে নতুন দিন।

মেছোপটেমিয়াতো চুমেৰীয়সকলে নৱবর্ষ উদযাপিত কৰিছিল বসন্তকালতেই। মেছোপটেমিয়াত এই উৎসৱ পালিত হৈছিল ‘আকিটো’ নামেৰে।

প্রাচীন গ্রীচত ৬০০ খ্রীষ্টপূর্বাব্দ লৈকে সুৰাৰ দেৱতা ‘ডিউনিচাছ’ৰ সম্মানাৰ্থে নৱবর্ষৰ দিনাখন মদ্যপান প্রথা প্রচলিত আছিল । এই উৎসৱ উপলক্ষে এটা সুন্দৰ সুসজ্জিত শিশুক বাস্কেটত বহুৱাই শোভাযাত্রা বাহিৰ কৰা হৈছিল। পিছলৈ গ্রীকসকলৰ পৰা ৰোমান সকলে বর্ষপঞ্জিকা পাইছিল। খ্ৰীষ্টপূৰ্ব্ব ৭০০ শতিকাত কিম্বদন্তী পুৰুষ প্ৰথম ৰোমান সম্ৰাট ৰোমূলাছে এই বৰ্ষপঞ্জিকা প্ৰচলন কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু তেতিয়া বছৰটোত এতিয়াৰ দৰে ১২ টা মাহ নাছিল। ৰোমান সকলৰ এটা বছৰত আছিল ১০ মাহ আৰু বছৰৰ দিন আছিল ৩০৪ দিন।

দহটা মাহৰ নাম আছিল মাৰ্টিয়াছ্ (Martius), এপ্ৰিলিছ্ (Aprilis), মেইয়াছ্ (Maius), জুনিয়াছ্ (Junius), কুইণ্টিলিছ্‌ (Quintilis), চেক্সটিলিছ্ (Sextilis), চেপ্তেম্বৰ (September), অক্টোবৰ (October), নৱেম্বৰ (November), আৰু ডিচেম্বৰ (December). মাৰ্টিয়াছ্ৰ পৰা জুনিয়াছলৈ নামবোৰ গ্ৰীক তথা ৰোমান দেৱতাৰ নামত আনহাতে কুইণ্টিলিছ্‌ৰ পৰা ডিচেম্বৰলৈ ক্ৰমে পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম তথা দশম সংখ্যাৰ পৰা গ্ৰহণ কৰিছিল। পিছলৈ খ্ৰীষ্টপূৰ্ব্ব ৮ শতিকাত ৰোমান সকলে জুলিয়াছ চীজাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি চীজাৰৰ জন্ম মাহ কুইণ্টিলিছক (Quintilis) জুলাই মাহ হিচাপে আৰু আন এগৰাকী ৰোমান সম্ৰাট অগষ্টাছৰ নামত চেক্সটিলিছ্ (Sextilis) মাহক আগষ্ট মাহ হিচাপে নামাঙ্কিত কৰে।

পৰৱর্তীকালত চান্দ্ৰবৰ্ষ আৰু সৌৰবৰ্ষৰ মাজত সমন্বয় কৰি খ্রীষ্টপূর্ব ৭০০ শতিকাত নুমা পম্পিলিয়াছ নামৰ ৰোমান সম্রাট এগৰাকীয়ে জানুৱাৰী আৰু ফেব্রুৱাৰী মাহ দুটা বর্ষপঞ্জিকাত অন্তর্ভূক্ত কৰে। ইয়াৰ আগলৈকে ৰোমান বৰ্ষ পঞ্জিকা আছিল চান্দ্র মাহৰ ভিত্তিত আৰু মাহ আছিল দহটা। এই বৰ্ষ পঞ্জিকা অনুযায়ী বছৰৰ প্রথম মাহ আছিল মার্চ। সেইবাবে তেতিয়া মার্চৰ ১ তাৰিখক বছৰৰ প্ৰথম দিন হিচাপে উদযাপন কৰা হৈছিল। তাৰপিছত ৰোমান কনছুলৰ ইচ্ছানুযায়ী বছৰৰ প্রথম মাহ মার্চৰ ঠাইত জানুৱাৰীলৈ পৰিৱর্তন কৰা হয়।

কিন্তু তাৰ পিছতো জানুৱাৰীৰ ১ তাৰিখক নৱবর্ষ হিচাবে প্ৰতিষ্ঠা কৰোঁতে বহুত বেছি সময় লাগে। ৰোম সাম্ৰাজ্যত পুনৰ বলবৎ হয় ১৫৩ খ্রীষ্ট পূর্বাব্দত । তাৰ পিছতো এই পৰিৱৰ্তন অনিয়মিতভাবে পালিত হৈছিল কাৰণ তেতিয়াও সাধাৰণ জনগণে বিভিন্ন স্থানৰ জনগণে মার্চৰ ১ তাৰিখকে নতুন বছৰ প্রথম দিন হিচাবে ব্যৱহাৰ কৰিবলৈ এৰা নাছিল। পিছলৈ ৪৬ খ্রীষ্ট পূর্বাব্দত ৰোমান সম্রাট জুলিয়াছ চিজাৰে নতুন বৰ্ষপঞ্জিকা প্রৱর্তন কৰি নৱবর্ষ পালনৰ দিন ধার্য কৰিলে প্রথম জানুৱাৰী। ৰোমানসকলে প্রৱর্তন কৰা ইংৰাজী মাহ জানুৱাৰীৰ এক চমকপ্রদ জন্মকাহিনী আছে।

ৰোমান সকলৰ প্ৰাচীন ধৰ্মগ্ৰন্থ অনুযায়ী গ্রীকো-ৰোমান দেৱতা ‘জানুছ্’ৰ (আকাশ আৰু পাতালৰ দ্বাৰ ৰক্ষাকাৰী দেৱতা) দুখন মুখ আছিল। এখন মুখ সম্মুখভাগত, আনখন পশ্চাদভাগত। জানুছৰ দুখন মুখৰ সন্মুখভাগৰ মুখখন হৈছে নবীন তথা লাৱণ্যময় আৰু পিছফালৰ মুখখন হৈছে জৰাজীর্ণ প্রাচীন প্ৰকৃতিৰ। জুলিয়াছ চীজাৰে সম্মুখভাগৰ মুখখনক নতুন বছৰৰ ‘দৰ্জা’ আৰু পশ্চাদভাগৰ মুখখনক বিদায়ী বছৰৰ প্রতীক বুলি গণ্য কৰিছিল। জানুছক স্বর্গৰ প্রহৰী বুলিও কোৱা হয়। পুৰণিক বিদায় দি নতুনক আদৰাৰ উদ্দেশ্যে মাহ হিচাপে জানুছৰ পৰা উদ্ভৱ হোৱা জানুৱাৰীক গ্রহণ কৰা হয়।

ৰোমানসকলৰ পুৰণি বর্ষপঞ্জিকা আছিল চান্দ্রবর্ষৰ, সম্রাট জুলিয়াছ চীজাৰে প্ৰৱৰ্তন কৰা বৰ্ষ পঞ্জিকাখন হৈছে সৌৰবৰ্ষীয়। ৪৬ খ্রীষ্ট পূর্বাব্দত ৰোমান সম্রাট জুলিয়াচ চীজাৰে সৌৰমাহ কেন্দ্রিক “জুলিয়ান ক্যালেণ্ডাৰ” খন বলৱৎ কৰে আৰু লগতে আনুষ্ঠানিকভাৱে জানুৱাৰীৰ ১ তাৰিখকেই নৱবর্ষৰ প্রথম দিন হিচাৱে ঘোষণা কৰে।
মূলতঃ তেতিয়াৰ পৰাই ১ জানুৱাৰীত নৱবৰ্ষ উদযাপনৰ ৰীতি জনপ্ৰিয় হৈ পৰে।

পিছলৈ মধ্যযুগীয় ইউৰোপৰ ৰক্ষণশীল চার্চ কর্তৃপক্ষ‌ই জানুৱাৰীৰ ১ তাৰিখক কেন্দ্ৰ কৰি হৈ চৈ আৰম্ভ কৰে। চাৰ্চ কৰ্তৃপক্ষ‌ই এই সিদ্ধান্তক পাগানী (pagan) তথা খ্রীষ্টানবিৰোধী কৃষ্টি বুলি প্ৰতিবাদ কৰে আৰু এই প্ৰতিবাদৰ ফলস্বৰূপে “কাউঞ্চিল অব্ ট্যুৰছ্” কর্তৃক ৫৬৭ খ্রীষ্টাব্দত ১ জানুৱাৰীক নৱবর্ষৰ প্রথম দিন হিচাপে বর্জন কৰা হয় আৰু খ্রীষ্ট ধর্ম‌ই বিস্তাৰ লাভ কৰাৰ সমান্তৰালভাবে ২৫ ডিচেম্বৰ, যীশুখ্রীষ্টৰ জন্মদিনকেই বছৰৰ প্রাৰম্ভৰ দিন বুলি গণ্য কৰিবলৈ লয়। এইদৰেই বহুদিনলৈ ইউৰোপৰ বিভিন্ন স্থানত বিভিন্ন সময়ত যীশুখ্রীষ্টৰ জন্মদিনৰ (২৫ ডিচেম্বৰ) অথবা পুৰণি ১ অথবা ২৫ মার্চক (২৫ মাৰ্চৰ দিনটোত স্বর্গদূত গেব্রিয়েলে কুমাৰী মেৰীক দর্শন দি কৈছিল তেওঁৰ গৰ্ভত ঈশ্বৰপুত্র যীশুৰ জন্ম হ’ব) অথবা ইষ্টাৰ চানডেৰ দিনটোক বছৰৰ প্ৰথম দিন হিচাপে বাছি লোৱা হৈছিল। ইউৰোপৰ এই কাহিনীৰ পিছতো চেগাচোৰোকাকৈ কিছু স্থানত পহিলা জানুৱাৰীত নৱবর্ষ উদযাপিত হৈ আছিল।

যীশুখ্রীষ্টৰ জন্ম বছৰৰ পৰা গণনা কৰি ডাইওনিচিয়াম এক্সিগুৱাছ নামৰ এগৰাকী খ্রীষ্টান পাদ্রীয়ে ৫৩২ অব্দৰ পৰা খ্রীষ্টাব্দৰ সূচনা কৰে। ১৫৮২ চনত ত্রয়োদশ পোপ গ্রেগৰীয়ে জ্যোতির্বিদসকলৰ সতে পৰামর্শ কৰি, এই বৈষম্য দূৰ কৰি ‘জুলিয়ান ক্যালেণ্ডাৰ’খনৰ কিছু সংশোধন কৰে আৰু জানুৱাৰীৰ ১ তাৰিখক আকৌ এবাৰ বছৰৰ প্রথমদিন হিচাবে প্রতিষ্ঠা কৰে। এই সংশোধিত বৰ্ষ পঞ্জিকাখনেই গ্রেগৰিয়ান বৰ্ষ পঞ্জিকা হিচাপে পৰিচিতি লাভ কৰে। যীশুখ্রীষ্টৰ জন্মৰ আঠদিনৰ দিনা অৰ্থাৎ এক জানুৱাৰীৰ দিনাখন যীশুৰ চুন্নত (circumsison) আৰু নামাকৰণ অনুষ্ঠান সম্পন্ন হৈছিল। সেয়ে ৰক্ষণশীল চাৰ্চ কৰ্ত্তৃপক্ষ‌ই ২৫ ডিচেম্বৰৰ সলনি ১ জানুৱাৰীক নৱবৰ্ষ হিচাপে মানি লোৱাৰ এক বৈধ কাৰণ বিচাৰি পালে আৰু এইবাৰ সহমত পোষণ কৰিলে। এইবাবেই খ্রীষ্টীয় নৱবর্ষৰ সতে এক ধর্মীয় ভাৱ জড়িত থাকে। খ্রীষ্ট ধর্মাৱলম্বীসকলে এইদিনটোত প্রার্থনা সভা আদিত যোগদান কৰে। চাৰ্চ কৰ্ত্তৃপক্ষ‌ই এই বৈধতা স্বীকাৰ কৰাৰ পিছত সকলো বিতৰ্কৰ অন্ত পৰিছিল। ফলত অধিকাংশ ক্যাথলিক দেশসমূহে গ্রেগৰিয়ান বৰ্ষ পঞ্জিকাক চিভিল ক্যালেণ্ডাৰ হিচাপে গ্রহণ কৰে। পিছলৈ প্রট্যাষ্টান্ট দেশবোৰেও এই বৰ্ষ পঞ্জিকাখনক আঁকোৱালি লোৱাৰ পিছত এক বিশ্বজনীন স্বীকৃতি লাভ কৰে। বৰ্তমান আমি সকলোৱে ব্যৱহাৰ কৰি থকা বৰ্ষপঞ্জিকাখনক গ্রেগৰীয়ান ক্যালেণ্ডাৰ হিচাবে জনা যায়। এই বৰ্ষপঞ্জিকা বিশ্বব্যাপী স্বীকৃত তথা আন্তর্জাতিক বর্ষপঞ্জী হিচাপে গৃহীত।

বিভিন্ন সূত্রমতে, আধুনিক বিশ্বত ১ জানুৱাৰীক নৱবর্ষ হিচাপে প্রচলিত কৰাৰ ক্ষেত্ৰত “ৰিপাবলিক অফ ভেনিচ” (দেশখন ১৭৯৭ চনত ধ্বংসপ্রাপ্ত হয়) নামৰ দেশখনে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। কাৰণ ১৫২২ চনৰ পৰাই এই দিনটোক বছৰৰ প্রথম দিন হিচাপে গণনা কৰিবলৈ আৰম্ভ কৰিছিল। পিছলৈ ১৫৫৬ চনত স্পেইন, পর্তুগাল; ১৫৫৯ পৰা প্রুছিয়া, চুইডেন; ১৫৬৪ ত ফ্রান্স; ১৭০০ চনৰ পৰা ৰাছিয়াই এই ৰীতি অনুসৰণ কৰিছিল।

সকলো ক্ষেত্ৰত থকাৰ দৰেই নৱবৰ্ষৰ ক্ষেত্ৰতো ব্যতিক্রম আছে। যেনে ইজৰাইল, ইজৰাইলে গ্রেগৰিয়ান ক্যালেণ্ডাৰ অনুসৰণ কৰে যদিও ইংৰাজী নৱবর্ষ পালন নকৰে। ইহুদীসকলৰ বিভিন্ন ধর্মীয় গোষ্ঠীয়ে অ-ইহুদী (non jewish) উৎসৰ পৰা উদ্ভৱ হোৱা ৰীতি-নীতি পালনৰ বিৰোধিতা কৰে। আকৌ কিছু দেশে আজিও গ্রেগৰীয়ান বৰ্ষপঞ্জিকাক গ্রহণ কৰা নাই। যেনে চৌদি আৰৱ, নেপাল, ইৰাণ, ইথিওপিয়া ও আফগানিস্তান। এইবোৰ দেশে ইংৰাজী নৱবর্ষ পালন নকৰে।

আনহাতে চেক্ গণৰাজ্য, ইউনাইটেড কিংডম, স্পেইন, ইটালী ইত্যাদি দেশে ১ জানুৱাৰীক জাতীয় বন্ধৰ দিন হিচাৱে পালন কৰে।

প্রাচীন ভাৰতত চলি অহা যিকেইটা অব্দ প্রচলিত আছিল সেইয়া হৈছে বিক্রমাব্দ, শতাব্দ, বঙ্গাব্দ আৰু গুপ্তাব্দ। এই সকলোবোৰ অব্দ সৌৰ বছৰভিত্তিক। অসমীয়া, বঙালী, গুজৰাটী তথা হিন্দীভাষী লোকসকলে ব্যৱহাৰ কৰা বৰ্ষ পঞ্জিকাত নৱবৰ্ষৰ ভিন্নতা থাকিলেও এই বৰ্ষ পঞ্জিকাৰ মাহবোৰ হৈছে চান্দ্রমাহ (তিথি ভিত্তিক) আৰু বছৰ হৈছে সৌৰবৰ্ষ। হিন্দুসকলৰ ধর্মীয় অনুষ্ঠান সমূহ ঋতুভিত্তিক তথা তিথিকেন্দ্রিক। যেনে দুর্গা পূজা হয় শৰৎ ঋতুৰ লগতে শুক্লপক্ষৰ সপ্তমী তিথিৰ পৰা। পৃথিৱী ৩৬৫ দিনত সূর্যক প্রদক্ষিণ কৰে। এই প্রদক্ষিণকালক একক হিচাবে ধৰি লৈ এটা বর্ষ হিচাবে চিহ্নিত কৰা হয়। প্রাচীনকালৰ পৰাই সময় নিৰ্দ্ধাৰণৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তত বর্ষ গণনাৰ বাবে প্ৰচেষ্টা চলি আহিছে। বর্ষ গণনাৰ প্রধানতঃ তিনিটা পদ্ধতি অনুসৰণ কৰা হয় ১/ সৌৰবর্ষ ২/ চান্দ্রবর্ষ ৩/ নাক্ষত্রবর্ষ। সৌৰবর্ষ নির্ণিত হয় সূর্যৰ বার্ষিক গতি অনুসৰি। ৩৬৫ দিনত এক সৌৰবর্ষ। পৃথিৱীত অধিকাংশ দেশেই সৌৰবর্ষক কাল গণনাৰ এককৰূপে বিবেচনা কৰে। চন্দ্রৰ গতি অনুসৰি চান্দ্রমাহ আৰু বছৰ গণনাৰ ৰীতিও প্রচলিত। চন্দ্রৰ সংক্রমণকালৰ ভিত্তিত ৩৫৪ বা ৩৫৫ দিনত এক চান্দ্রবর্ষ হয়। সাধাৰণতে মুছলিম দেশবোৰত চান্দ্রবর্ষ গণনাৰ ৰীতি প্রচলিত। নক্ষত্রৰ গতিৰ ভিত্তিত নাক্ষত্রবর্ষ গণনা কৰা হয়। ৩৬০ দিনত এক নাক্ষত্রবর্ষ।

আজি আমি দেখাৰ দৰে আনুষ্ঠানিকভাবে ইংৰাজী নৱবৰ্ষ পালন আৰম্ভ হয় ১৯ শতিকাৰ পৰা। নতুন বছৰ আগৰ দিনটো অর্থাৎ ৩১ ডিচেম্বৰ হৈছে “নিউ ইয়াৰ ঈভ্”। এইদিনটোত নতুন বছৰৰ আগমনক লৈ সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত বিৰাজ কৰে উৎসৱমুখৰ পৰিবেশ। প্রতিবছৰে ৩১ ডিচেম্বৰৰ ৰাতি ১২ বাজি এক মিনিট যোৱাৰেই পৰা আৰম্ভ হয় নতুন বছৰ উদযাপনৰ উন্মাদনা। আকাশত বিয়পি পৰে আতচ বাজিৰ আলোক সজ্জা। বিশ্বব্যাপী ‘নিউ ইয়াৰ ডে’ সার্ব্বজনীন এক উৎসৱলৈ ৰূপান্তৰিত হৈছে।

সম্প্ৰতি নিউ ইয়াৰ “ৰিজোল্যুশ্বন” বুলি এটা বিষয়ে গা কৰি উঠিছে৷ পাশ্চাত্য বিশ্বত বহুলভাবে প্রচলিত এই প্ৰথাটো পৃথিৱীৰ প্রায় সৰ্বত্ৰ পালন কৰা দেখা যায়। এই প্ৰথা অনুযায়ী ব্যক্তিবিশেষে আত্ম-উন্নয়নৰ বাবে নৱবর্ষৰ দিনাখন বিভিন্ন ধৰণৰ প্রতিজ্ঞা গ্রহণ কৰি নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ যথাসাধ্য চেষ্টা কৰে। কিন্তু নতুন তথা এই শুভ মুহূৰ্তবোৰ আদৰণি জনোৱাৰ নামত অত্যুৎসাহী কিছু লোকে ৰাগীয়াল বস্তু সেৱন কৰি পৰিবেশ বিনষ্ট কৰে আৰু সংযমহীন আচৰণ কৰি নৱবৰ্ষৰ আনন্দ আৰু উৎসৱত বিঘিনি আনে।

ইংৰাজী নৱবৰ্ষক লৈ ভাৰতবৰ্ষতো উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰে। “নিউ ইয়াৰ ঈভ” ত মাজনিশালৈ নগৰ চহৰৰ লোকসকলে আনন্দোল্লাসত মত্ত হৈ পৰে। বহু ভাষাভাষী তথা ভিন্ন সংস্কৃতিৰ দেশ ভাৰতত নানানভাৱে পালিত হয় নৱবর্ষ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন ভাষা ভাষী তথা সম্প্ৰদায়ৰ নিজা নিজা বৰ্ষপঞ্জিকা আছে আৰু প্ৰত্যেকৰ নৱবৰ্ষ অতি আগ্ৰহেৰে পালন কৰা হয় যদিও বর্তমান ইংৰাজী চনৰ প্রথম দিন অৰ্থাৎ এক জানুৱাৰীৰ দিনটো ভাৰতবৰ্ষতো প্রায় সর্বত্র নৱবর্ষ পালিত হয়।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.