ফটাঢোল

উৎসৱ — ৰাজীৱ হাজৰিকা

আজি তাইৰ বিয়া। দস্তুৰমত এটি সুখৰ দিন, এটি আনন্দৰ দিন। অহাই আহিছে, যোৱাই গৈছে, খোৱাই খাইছে, পেলোৱাই পেলাইছে… উৎসাহমুখৰ এটি পৰিৱেশ। মই যে কিমান সুখী হ’ব লাগিছিল ! তথাপিও নাই, পৰা নাই। অকণো সুখী হ’ব পৰা নাই মই।
মায়ে কৈছিল, “সোণপাহিৰ বিয়া, গম পাইছ নহয়, অলপ চকু ৰাখিবি, যিহে চোৰৰ কোব।”

আহিছো, বহিছো, ৰাখিছো চোৰৰ ওপৰত নজৰ। বহি বহি জঠৰ হ’লে এঙামুৰি এটাও দিছো। একোতে ভাগ ল’বলৈ মন যোৱা নাই যদিও আগফাল-পিছফাল সকলোতে পাক এটা মাৰিছো। উফ্, পিছফালৰ ৰান্ধনী ঘৰৰ পৰা কি সুগন্ধ। দেউতাই যোগাৰ ভালকৈয়ে কৰিছে। কিন্তু নাই, মোৰ পেটত ভোক নাই। সিখন গাঁৱৰ ৰঙাইহঁতকো সাৱধান কৰি দিছো, খা ভাই পেট ভৰাই খা, কিন্তু লাফ্ৰা নকৰিবি, সোণৰ বিয়া।
মই তাইক বহুত ভাল পাওঁ। যিমান ভাল পালেও জানো, মই তাইৰ যোগ্য নহয়, কেঞা আঙুলিৰ কাটি পেলোৱা নখকণৰ সমানো নহয়। কিন্তু ভাল কেনেকৈ নাপাম ! একেলগেই ডাঙৰ হৈছো। এতিয়াও মনত পৰে জন্মদাত্ৰী মায়ে ৰাস্তাৰ সিপাৰৰ মাংসদোকানখনৰ পৰা মাংস অকণ আনিবলৈ যাওতেই ট্ৰাকখনে কেনেকৈ মহতিয়াই নিছিল। নিজক চম্ভালিবলৈ শিকিছিলো সোণৰ মাকৰ মৰমত।

চেৰেলাক এচামুচ সোণক, এচামুচ মোক…মাংস এটুকুৰা তাইক, হাড় হ’লেও এটুকুৰা মোক…প্ৰায় একেখন কাঁহীৰ পৰাই ডাঙৰ হৈছো, কলিজাখন তেতিয়াৰ পৰাই তাইক দিলো।ঠাণ্ডাৰ ৰাতি মায়ে দিয়া কম্বলখন লৈ কুচি-মুচি শুই থাকো।

স্কুললৈ যাওঁতে লগতেই গৈ তাইক লৈহে ওলতো। তাই নহ’লেই কিবা শূন্য শূন্য……পঢ়ি থকা দিনকেইটাত সদায় মোৰ একেটাই ৰুটিন। মই লগত গলে ঘৰৰ মানুহ নিশ্চিন্ত। অ আ ক খ তাই মোকো শিকাইছিলে, ভেজাত নোসোমাল।

কলেজত পঢ়োতেও, মই কোলাত মুৰটো থৈ শুই দিও, তাই আলফুলে মুৰত হাত বুলাই বুলাই পঢ়ি থাকে, উস কি আৰাম!
সেই সোণৰ আজি বিয়া আৰু মই বিবশ হৈ বহি আছো।
অ, কইনা নোৱাবলৈ আনিলেই হবলা…
অথনি ব্ৰজেনহঁতে কলপুলি কেইটা পোতোতেও চাই গৈছো, গৰবৰ হোৱা নাইতো! কোনোবাই যাদু কৰে বুলি মই কলৰ গুৰিৰ পৰা একছুট হিলা নাই, ভোক-পিয়াহ মাৰৌ গুলী।

সেয়া, মায়ে নোৱাইছে, চকুত যেন তৰাৰ চিকিমিকি… জানো মোৰ নিচিনাকৈ টোপ নপৰাকৈ ৰখা ছোৱালীজনী… নোৱাওতে হবই আৰু…
এজন এজন কৈ নোৱাই গৈছে। কলিজাটো মোচৰ খাই গৈছে। আজি পুৱাৰে পৰা তাইৰ কাষ চাপিব পৰা নাই। 

উসৰাম, এই ঠাণ্ডাত পানীসোপা ঢালিছে চাছোন…….অঘাইটংকেইটাৰ ফ্ৰিজৰ পৰা অনা পানীকণ নেদেখা ভাওজুৰি উজুটিয়াই পেলালো বুলিহে !!!

উস কি ধুনীয়া লাগিছে সোণক… কব নোৱাৰাকৈয়ে গৈ তাইক সাৱটি ধৰি চুমাৰে চেলেকি পেলালো…

সব ফালে হুলস্থুল লগাৰ মাজতে কোনোবাই ফলিয়া খৰিৰে কোব সোধালত হে সম্বিত পাই দৌৰি পলালো।

জেঠায়েকজনীৰ টেঙটেঙীয়া মাতটো ভাঁহি আহিছিল,”চাছোন হেৰ, নোৱাই ধুৱাই থোৱা ছোৱালীজনীক কুকুৰটোৱে চেলেকিছেহি কেনেকৈ ! আকৌ ঠাণ্ডাখনত গা ধুৱাব লাগিব।”

☆★☆★☆

Leave a Reply

Your email address will not be published.