ফটাঢোল

এই যে আপগ্ৰেড নোহোৱা সাধুবোৰ– বাসৱদত্ত দাস

প্ৰায়ে মই ভাবোঁ, এই যে সৰুতে শুনা সাধুবোৰ; তাৰ কাহিনীবোৰৰ বহুকেইটা যে মোৰ মনঃপুত নহ’ল – তাক বাৰু সলনি কৰিব পৰা নাযায় নে! এই ধৰক তেজীমলাৰে সাধুটো। তেজীমলাই নমৰাকৈয়ে জানো মাহীমাকৰ অত্যাচাৰৰ কথা পিতাকক ক’ব নোৱাৰিলেহেঁতেন? আকৌ, সেই পাৰকেইটাৰ একতাৰ কাহিনীটো। জালখনৰ সৈতে উৰি যোৱাৰ পিছত সিহঁতৰ কি হ’ল? জালখনৰ পৰা মুকলি হ’ব নোৱাৰিয়ে তেনেকুৱাকৈ উৰিবলৈ বাধ্য হৈছিল সিহঁত; পিছত সিহঁতে জালখনৰপৰা নিজকে এৰুৱালে কেনেকৈ? নে সিহঁতে আন এডাল গছত আশ্ৰয় ল’বলৈ জালেৰে সৈতে নামোঁতে ডালে-পাতে জোঁট-পোট লাগি তাতে ফচি সোপাই মৰি থাকিল! চিকাৰীৰ জালৰপৰা উদ্ধাৰ পোৱাৰ বেলেগ উপায় নাছিল নে কি সিহঁতৰ? আকৌ, শহা আৰু কাছৰ সেই বিখ্যাত দৌৰ প্ৰতিযোগিতাখন। কাছই নিশ্চয় বাটত শুই থকা শহাক লগ পাইছিল। খেলুৱৈসুলভ মানসিকতা থকা হ’লে সি শহাক জগাই দিব পাৰিলেহেঁতেন। এখন সাধাৰণ দৌৰ প্ৰতিযোগিতাত অনৈতিকভাৱে জয়ী হোৱাৰ লালসাত কিন্তু কাছটোৱে সেইকণ সততাও প্ৰদৰ্শন নকৰিলে। বোধহয় যিসকলৰ এনে লেহেমীয়া স্বভাৱ, তেওঁলোকে এনেধৰণৰ অসৎ উপায় অৱলম্বন কৰিয়েই জয়ী হ’বৰ বাবে ছল কৰে।
বগলী আৰু শিয়ালৰ কাহিনী এটা আছিল যে। এই যে দুয়ো দুয়োকে নিজ নিজ ঘৰলৈ ‘ভাতৰ নিমন্ত্ৰণ’ দিয়ে। শিয়াল বোপাই যে মাংসৰ চুৰুহাকণ থালত সাজি খাবলৈ দি বগলীটোক অপ্ৰস্তুত কৰে। পিছত বগলীটোৱেও এসেকা দিবৰ নিমিত্তে শিয়ালটোক ঘৰলৈ মাতি নি দীঘল মুখৰ চুঙা এটাত চুৰুহা খাবলৈ দিছিল নহয়! বেচেৰা শিয়ালেও খাব নোৱাৰি ওঁঠ-মুখ চেলেকিছিল। শিয়ালটো বুধিয়ক নাছিল নেকি! চুৰুহাখিনিতো বুধি খটুৱাই ‘মিতাকে নাখালে বেয়া পাব’ গতিকে ‘ঘৰত বাৰু চাকি চাম’ বুলি অজুহাত দেখুৱাই লগত লৈ আনিব পাৰিলে হয়! ঘৰত সেইখিনি থাল এখনতে বাকি লৈ আৰামত চেলেকি চেলেকি, বাচনখন ধুব লগা নোহোৱা কৰি টকালি পাৰি পাৰি খাব নোৱাৰিলেহেঁতেন জানো! বান্দৰটোৰ আগত হ’লে ইমান চালাক হৈ দেখুৱাই, অথচ সিংহৰ ডিঙিত ফচা হাড় গুছাবলৈও মৰসাহ কৰিবলৈ যোৱা গজমূৰ্খ বগলী এটিৰ আগত তুলাৰ বস্তা পিঠিত লৈ পানীত জাঁপ দি মৰিব খোজা গাধটোতকৈয়ো নিৰ্বোধ হৈ ওলায়।
সৰুতে স্কুলৰ পাঠ্যপুথিত এটা কাহিনী পঢ়িছিলোঁ: ‘গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা মানুহ’! এনেকুৱা এজাত মানুহ যে বিচাৰি-খুঁচৰি মৰি ভাগৰি-জামৰি লেবেজান হোৱাৰ কোনো যুক্তিয়েই তেতিয়া মই দেখা নাছিলোঁ। আৰে, ছাতি লৈ ঘূৰি ফুৰা মানুহ এজনকে ধৰি আনিলেইতো হয় ভাই! বেচেৰা ৰ’দে পোৰা দেহাৰে, শাওণমহীয়া দবা-পিটা বৰষুণৰ টোপাল গাত লৈয়ো একমাত্ৰ পেটৰ তাড়নাতেই খেতিপথাৰত একান্তমনে কাম কৰি থকা দুৰ্ভগীয়া খেতিয়কজনক ইমান ‘ইনছাল্ট’ কৰিব লাগিছে কিয়! গাত ৰ’দ নপৰাকৈ ৰ’দে পোৰে নেকি? আৰু বৰষুণৰ বতৰতো বাধ্যত পৰি মুকলি পথাৰত কাম কৰি থাকোঁতেই কত যে খেতিয়কৰ বজ্ৰপাতত মৃত্যুৱেই নঘটিছে!
কাউৰীৰ সাধুটিলৈ এইবাৰ আহিছোঁ – যিটো সাধুত শিয়ালটোৱে কাউৰীজনীৰ ‘শুৱলা মাত’ৰ তাৰিফ কৰি মাংসৰ টুকুৰাটো সৰকাইছিল। বিশ্বস্ত সূত্ৰে জানিব পাৰিছোঁ, শিয়ালটো হেনো চুৰুহা খাবলৈ নোপোৱা বগলীটোৰ সেই মিতাকজনেই। আকৌ, এই কাউৰীজনী আমাৰ কলহত শিলৰ টুকুৰা পেলাই পানী খাই পিয়াহ গুছোৱাজনী। ইমান বুধিয়ক কাউৰীজনীয়ে একমাত্ৰ প্ৰশংসাৰ লালসাতে মুখত মঙহ লৈ গান গোৱাৰ লেখীয়া মূৰ্খামি এটা কৰি পেলালে। আৰু খকুৱা শিয়ালটোলৈ চোৱা! কেতিয়াবা কেতিয়াবা সঠিক সময়ত সুযোগ আহি হাতত পৰিলে বৰষুণ যোৱাৰ পিছতো মূৰত জাপি লগাই সুফল পোৱা যায়। চুৰুহা খাবলৈ নোপোৱা শিয়ালটোৱে সেইকাৰণেই মাংসৰ টুকুৰা এটাকে আদায় কৰি খাবলৈ পালে। আৰু শিলৰ টুকুৰা কলহত ভৰাই ভৰাই পানী দুটোপালমানেৰে কঠুৱা কণ্ঠ ভিজায়ে নিজকে বুধিয়ক বীৰবল বুলি ভাবি অহংকাৰী হৈ উঠা কাউৰীজনীয়ে শেষত ভোকতে তত্ হেৰুৱাই আপোন সখীয়েকজনীকো (টিপচী) খাবলৈ উদ্যত হৈ নিজৰ জীৱনটোকেই হেৰুৱাব লগা হ’ল!
বেচেৰা গীটাৰ বজাই গান গাই ফুৰা ‘যাযাবৰ’ ফৰিংটোলৈ মোৰ বেয়াই লাগে। ভোকত কলমলাই পৰুৱা ভনীজনীৰ গাঁতৰ মুখলৈ আহি অকণমান খোৱাবস্তুহে বিচাৰিছিল, কিন্তু অকল কামেই কৰি কৰি পৰুৱাজনীৰ মানসিকতা এনে হৈ পৰিল যে তাই হৃদয়ৰ সমস্ত আৱেগ অনুভূতিমূলক গুণবোৰ হেৰুৱাই পেলাল! ভোকাতুৰ প্ৰাণী এটাক বাহিৰৰ হাড় কঁপোৱা জাৰত মৰিবলৈ এৰি দি নিজে কোন সতেনো ডিনাৰ কৰিবলৈ পাৰিলে বাৰু! কামৰ সময়ত কাম, স্ফুৰ্তিৰ সময়ত স্ফুৰ্তি- নিজৰ পোৱালীকেইটাক বাৰু এই কথাটো তাই শিকাই দিলে, কিন্তু দয়া-মৰম, সহানুভূতি আদি নৈতিক গুণবোৰ তাই জানো সিহঁতক শিকাব পাৰিলে? ফৰিংটোৱেও বেজাৰত নমৰি মৌ-মাখিৰ পৰিয়ালটোৰ তালৈকেতো আলহী খাব উৰি যাব পাৰিলেহেঁতেন। কিন্তু নহয়, তাক বেজাৰতে মৰিবলৈহে লাগে!
এনেকুৱা সাধুবোৰ, মই বুজি নাপাওঁ কিয় নো এইবিলাকৰ কাহিনীবোৰ যেনে আছিল তেনেকুৱা হৈয়ে থাকি গ’ল! কাহিনীবোৰ আপডেট হৈ থাকিব লাগে, সময়ৰ লগত নিজকে খাপ খুৱাই; ঠিক স্মাৰ্টফোনৰ এপবিলাকৰ দৰে। তেজীমলাজনীয়ে ইমান গাধী হৈ থাকি মাহীমাকক লাই দিব নালাগিছিল। আজিৰ যুগতনো আৰু কোনজনী ছোৱালীয়ে নিজৰ মাহীমাকক ইমান খাটিৰ কৰি থাকিব! নিজৰ মাকজনীকেই কৰিব নোখোজে। ইমান দিনৰ অত্যাচাৰ আজিৰ তেজীমলাই সহিয়েই নাথাকিলে হয়। ষোল্লৰ দেওনা পাৰ নৌহওঁতেই নিজৰ বয়ফ্ৰেণ্ডৰ লগত পলাই গুছি গ’ল হয়। মইতো কওঁ, পানীত ডুবি মৰা বুলি জনৰৱ এটা উলিয়াই প্ৰমাণস্বৰূপে নদীৰ পাৰত নিজৰ চেন্দেলযোৰকে এখন ছুইচাইড নোটৰ সৈতে এৰি থৈ তাত সমস্ত দায়-দোষ মাহীমাকৰ ওপৰতে দি তেওঁক শলঠেকত পেলাই থৈ যোৱাৰ সুৱৰ্ণ সুযোগ এটা লৈ ল’ব পাৰিলেহেঁতেন। পিছত দেউতাক উভতি অহাৰ বাটতে তেওঁক লগ ধৰি মাহীমাকৰ সমস্ত কুকৰ্ম অৱগত কৰি তেওঁক এটা ভাল শিক্ষা দিয়াৰ ব্যৱস্থা কৰাব পাৰিলেহেঁতেন। প্ৰথমতে হয়তো দেউতাকে তেওঁৰ অজ্ঞাতে পলাই বিয়া পতা কাৰণত তেজীমলাক ভৰ্ৎসনা কৰিব, কিন্তু জীয়েকক নিজৰ কলিজাৰ মান ভাল পোৱাৰ গুণে তাইক ক্ষমাও কৰি দিলেহেঁতেন আৰু ঘৰলৈ গৈ মাহীমাকৰ অপকৰ্মৰ উচিত বিচাৰো ল’লেহেঁতেন। তেনেকুৱা যদি হ’লহেঁতেন নহয়, সাপো মৰিলে হয় লাঠীও নেভাগিলে হয়; আৰু আমাৰো কাপোৰ কানি ক’লা নহৈ টাইডৰ পানীত তিওৱা কাপোৰৰ দৰে চিকচিকীয়া বগা হৈ উজলি উঠিলেহেঁতেন।

☆★☆★☆

9 Comments

  • বঢ়িয়া ব্যংগ ।💚💚

    Reply
  • Rintumoni Dutta

    উন্নত মানদণ্ডৰ ব্যংগ, খুব ভাল লাগিল পঢ়ি।

    ভবিষ্যতেও এই ই-আলোচনীত আপোনাৰ লিখা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
    • বাসৱদত্ত দাস

      সদাশয় পাঠকসকলে বিচাৰিলে নিশ্চয় ভৱিষ্যতেও অনুৰূপ লেখাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিম । লেখাটো আদৰি লোৱাসকলৰ আটাইলৈকে অশেষ ধন্যবাদ । ৰিণ্টুমণি দত্ত দা (দাদা বুলিয়ে সম্বোধন কৰিলোঁ, যদিহে আপত্তি নোতোলে), আপোনালৈ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

      Reply
  • মজ্জা লিখিলে।

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল৷

    Reply
  • নিভা

    বহুত বেছি ভাল লাগিল।ভাষা নাই

    Reply
  • অনুৰূপ

    সুন্দৰ হৈছে।

    Reply
  • বাসৱদত্ত দাস

    মোৰ লেখাটো আদৰি লোৱাসকলৰ আটাইলৈকে অশেষ ধন্যবাদ । ৰিণ্টুমণি দত্ত দা (দাদা বুলিয়ে সম্বোধন কৰিলোঁ, যদিহে আপত্তি নোতোলে, আপোনালৈ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

    Reply
  • জয়ন্ত দাস

    ব্যতিক্ৰমী৷ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.