ফটাঢোল

এক্সট্ৰা ক্লাচৰ আঁৰে আঁৰে – শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত

অৱচেতনভাবে কল্পনা বিলাসী মন এটা গঢ় লৈ উঠাৰ বাবেই নেকি, ষষ্ঠ শ্ৰেণীৰ পৰাই উপন্যাস পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ ভালকৈ একো বুজি পোৱা নাছিলোঁ যদিও, পঢ়ি কিবা এটা ভাল লাগিছিল৷ বিশেষকৈ নায়ক-নায়িকাৰ মাজৰ সেই বিশেষ কথোপকথন তথা বৰ্ণনাবোৰে মোক বেলেগ এটা সোৱাদ দিছিল৷ এই যে দুডলীয়া বেণী গুঠি নায়িকা স্কুলৰ পৰা আহি থাকে, পিন্ধনত চাদৰ-মেখেলা৷ আদ-বাটতে চাইকেলত আহি থকা নায়কৰ সৈতে ভেটা-ভেটি৷ তাৰ পাছত দুয়ো ওচৰা-ওচৰিকৈ খোজ কাঢ়ি গৈ থাকে৷ নায়কে এহাতে চাইকেল ঠেলে, আনটো হাতেৰে চোলাটো এনেই ঠিক কৰি লয়৷ ইফালে লাজত ৰঙা পৰা দুগালৰ সৈতে বতাহে নচুৱাই থকা চুলিখিনি হাতেৰে সামৰি সামৰি গৈ থাকে নায়িকা! হঠাৎ যদি কোনোবা চিনাকি সন্মুখত ওলাইহি, দুয়োৱে ইজন-সিজনক চিনি নোপোৱাৰ ভাও দিয়া ইত্যাদি ইত্যাদি…

কি নাথাকে সেই কথাখিনিত! দুয়ো-দুয়োৰে চিনাকি হৈয়ো অচিনাকি, কিছু লাজ, কিছু ভয়৷ বুকু ভৰি থকা মৰম৷ প্ৰেমৰ ওপৰত এনেকুৱা ধাৰণা এটাকে লৈ বহু দিন জীয়ালোঁ৷ আলেঙে-আলেঙে সপোনো দেখিলোঁ৷ সেই কাহিনীৰ নায়কৰ দৰে ময়ো কাৰোবাৰ কাষে কাষে খোজ দিছোঁ, দেউতা অফিচলৈ যায় বাবে আমাক তেনেকৈ দেখাৰ কোনো উপায় নাই৷ খেলি-মেলি লাগে সৰু মামাকলৈহে! “কি কৰিম মই তেতিয়া?”, “ঘৰলৈ আহি কি উত্তৰ দিম?” জাতীয় প্ৰশ্নবোৰে বিজুলী সঞ্চাৰ গতিৰে মোৰ মনত ঢৌ খেলিবলৈ লয়৷ “নাই নাই দেই! ইমান ‘ৰিস্ক’ লৈ প্ৰেম কৰিব নোৱাৰি পাই৷ ভাৰ মে’ যায়ে উপন্যাসৰ সেই প্ৰেমময় শব্দবোৰ…!”

দিনবোৰ তেনেকৈয়ে গৈয়ে থাকিল৷ লগৰ বহুতকে প্ৰেমৰ অথাই সাগৰত কক-বকাই থকাও তেনেই ওচৰৰ পৰা দেখিলোঁ৷ দেখিলোঁ ছোৱালীৰ ঘৰৰ পৰা ‘কমপ্লেইন’ অহাৰ পাছত স্কুলত কেনেকুৱা গণ প্ৰহাৰ হয়! সাতে-সোতৰে আঙুৰ টেঙাৰ দৰে প্ৰেমক মোৰ দৰে কেইবাটায়ো ‘গলগ্ৰহ’ বুলি কৈ সান্ত্বনা লভিলোঁ৷ উপায়ো নাছিল বাৰু৷ স্কুলীয়া জীৱনৰ তেনেকৈয়ে সমাপ্তি ঘটিল৷ হায়াৰ ছেকেণ্ডাৰীও ঘৰৰ ওচৰৰ কলেজতে পঢ়িলোঁ বাবে পটৰ বৰ বিশেষ পৰিৱৰ্তন নহ’ল৷

‘কচিং’ কৰিবলৈ গুৱাহাটীলৈ যোৱাৰ পাছতহে কথাই বেলেগ ৰূপ ল’লে৷ মানে ঘৰৰ বান্ধোনৰ পৰা একে কোবে এৰাল ছিগা মুকলি গৰুটো হোৱাৰ দৰে হ’লোঁ৷ যি মন যায়, যেনেকৈ মন যায় তেনেকৈয়ে দিনবোৰ চলি যাবলৈ ল’লে৷ আমাৰ ‘বেটচ্’ত মাত্ৰ পাঁচজনী ছোৱালী আৰু ল’ৰা আমি ত্ৰিশজন৷ সময় পাৰ হোৱাৰ লগে লগে প্ৰায় সকলোবোৰ ইজন-সিজনৰ বন্ধু হ’লোঁ৷ ফোন নম্বৰৰ আদান-প্ৰদানো চলিল৷ বয়সৰ দোষ বুলিয়েই হওক বা আন কিবাই হওক, সদাই প্ৰথম বেঞ্চত বহি থকা এজনীৰ প্ৰতি মোৰ দূৰ্বলতা বাঢ়িল৷ দৈনিক পাঁচশ মেচেজ দিব পৰা যুগৰ কথা সেইটো৷ খুউব সম্ভৱ শুকুৰবাৰ আছিল (দুদিন পাছত আমাৰ ‘ক্লাচ টে’ষ্ট’ আছিল)৷ মই বুজি নোপোৱা পদাৰ্থ বিজ্ঞানৰ প্ৰশ্ন এটাৰ উত্তৰ বিচাৰি তাইক মেচেজ কৰিছিলোঁ৷ অত্যন্ত মেধাৱী আৰু ‘চিৰিয়াচ’ বুলি আমাৰ মাজত তাইৰ নাম আছিল৷ আৰু মোৰ বিশ্বাসক ভঙ্গ হ’বলৈ নিদি তাই বৰ সহজকৈ মোক উত্তৰটো মেচেজতে বুজাই দিছিল৷ সেয়াই আৰম্ভণি৷ তাৰ পাছৰ পৰা পঢ়াৰ কথাৰ পৰা আৰম্ভ কৰি কি খাই ভাল পায়লৈকে; ফেভ’ৰেট এক্টৰ, এক্ট্ৰেচৰ পৰা আৰম্ভ কৰি ‘হবি’লৈকে, সকলো কথাই মোৰ ফোনৰ ভিতৰ বাকচত থিতাপি লৈছিলহি৷ ক্ৰমাত আমাৰ মাজৰ দূৰত্ব কমি আহিছিল৷ কেতিয়াবা এনেকুৱাও হৈছিল যে পঢ়া টেবুলত বহি গোটেই সময়খিনি ফোনত মেচেজ-মেচেজ খেলি থাকোঁতেই পাৰ হৈ গৈছে!

কোনোবা এটা ক্লাচ-টেষ্টত মই গণিতত গোটেই শ্ৰেণীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছিলোঁ৷ ফলাফল ঘোষণাৰ পাছত ক্লাচ শেষ কৰি উভতি আহিবলৈ ‘বাচ-ষ্টেণ্ড’ত ৰৈ আছোঁ৷ তেনেতে তাই আহি ক’লেহি, “তোমাৰ ঘৰত যদি বিশেষ কাম নাই, মোৰ লগত এফালে যাবা নেকি?” যিজনী ছোৱালীক শয়নে-সপোনে মই নিজৰ কৰি লোৱাৰ কথা ভাবি আছোঁ, তাইৰ লগত জহন্নামলৈ যাবলৈয়ো সাজু মই৷ গতিকে না কোৱাৰ প্ৰশ্নই নুঠে! লগে লগে খোজবোৰ ঘৰমুখী হোৱাৰ ঠাইত ‘বিগ বজাৰ’মুখী হ’ল৷ কিবা-কিবি বজাৰ কৰি আবেলি দুয়ো ৰেষ্টুৰেণ্টত খালোঁ৷ ঘৰ পাওঁতে প্ৰায় সন্ধ্যা লাগিছিল৷ ঘৰত সোধোঁতে সহজকৈ কৈ দিছিলোঁ, “এক্সট্ৰা ক্লাচ কৰাইছিল৷” সেইদিনাৰ পৰা মাজে মাজে আমাৰ এক্সট্ৰা ক্লাচৰ কোবটো বাঢ়ি গৈছিল৷ কেতিয়াবা যদি সেইটো ক্লাচ শ্ৰদ্ধাঞ্জলি কাননত আছিল, কেতিয়াবা ‘ফান চিনেমাজ’ত; কেতিয়াবা যদি ‘কে’ এফ চি’ত, কেতিয়াবা কলাক্ষেত্ৰত৷ মুঠতে মুখৰে ফুটাই নোকোৱাকৈ আমাৰ প্ৰেম একদম তুংগত৷ মানে মই তেনেকৈয়ে ভাবি লৈছিলোঁ৷

ক্লাচ, পৰীক্ষা, আমাৰ ‘এক্সট্ৰা ক্লাচ’ সকলো ঠিকেই চলি আছিল৷ এদিন কিবা কথা এটা সুধিবলৈ মেচেজ দি থৈছিলোঁ আবেলিতে৷ ৰাতিলৈকে কোনো উত্তৰ নোপোৱাত মোৰ চিন্তা লাগিল৷ সংসাৰৰ বেয়া চিন্তাবোৰে আহি মোক বেৰি পেলালে৷ অধৈৰ্য হৈ ফোন লগালোঁ৷ এনেকুৱা ঈশ্বৰৰ ইচ্ছা ফোন উঠালে তাইৰ ‘হিটলাৰ’ দেউতাকে৷ খপ-জপ লাগি মোৰ মুখেৰে কি ওলাল নাজানো, ফোনটো কাটিহে ৰক্ষা পালোঁ৷ পাছদিনা ক্লাচৰ পৰা ওলাওঁতে তাই কৈছিল, “মোলৈ আৰু ফোন, মেচেজ নকৰিবা৷ ফোনটো দেউতাই লৈ ল’লে৷ এনেকৈয়ে লগ পাই থাকিম দিয়া!” সেইদিনা মোৰ বৰ দুখ লাগিছিল৷ মোৰ বাবেই তাই ফোনটো ব্যৱহাৰ কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগা হ’ল৷

এমাহৰ পাছত ‘কচিং’ সামৰি ঘৰলৈ আহিলোঁ৷ প্ৰৱেশ পৰীক্ষাবোৰৰ ফলাফল ঘোষণা হোৱাৰ পাছত মই গুচি আহিলোঁ যোৰহাটলৈ, লগৰ এটাৰ পৰা পোৱা খবৰ অনুসৰি তাই পঢ়িবলৈ গ’লগৈ খড়গপুৰলৈ৷ কথাবোৰ আজিও আধৰুৱা হৈয়ে ৰ’ল৷ লিখোঁ বুলিও তাইৰ নামত কবিতা এটাও লিখা নহ’ল৷ ‘বেকগ্ৰাউণ্ড’ত “মন যায়, মোৰো মন যায়…” বজাই হাতত হাত ধৰি খোজ দিয়াও নহ’ল…

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.