ফটাঢোল

এখনি ফটা ৰচনা : গা – খগেশ সেন ডেকা

ঘপহকৈ ‘গা’ বুলি নোকোৱাই ভাল৷ ক’লে সাংঘাটিক সমস্যা হোৱাৰ প্ৰৱল সম্ভাৱনা৷ গান গাওঁ গাওঁ কৰি উচপিচাই থকা কোনোবাই ‘গা’ বুলি কোৱাৰ লগে লগে একোকে নাচাই কাণৰ পৰ্দা ফাটি যোৱাকৈ কণ্ঠত গৰ্দভ ৰাগ তুলিব পাৰে৷ তেতিয়া কিন্তু হাই বিপি বা হৃদৰোগীয়ে নিজক চম্ভালা টান হৈ পৰিব৷ গতিকে ’গা’ হৈছে আগ-পিছ চাই বুজি উচ্চাৰণ কৰিবলগীয়া অসমীয়া ভাষাৰ এটা বিশেষ শব্দ৷

সকলো কথাৰে দুটা দিশ থাকে৷ আমাৰ ঢোলটো ফটা হ’লেও তাৰো নিঃসন্দেহে দুটা দিশ আছে৷ এফালত মাৰিৰ কোব আৰু আনফালত আঙুলিৰ বুলন৷ তালৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য৷ মানুহে দেখোন কথাই কথাই কয়েই — এপাট তাল অকলে নাবাজে বুলি৷ তেনেদৰে ’গা’ ৰূপটোও দুটা অৰ্থেৰে মহীয়ান৷ এটাৰ আভাস ওপৰত দিলোঁৱেই৷ ওপৰত উল্লেখ কৰাটো এটা ধাতু শব্দ৷ তাৰ পৰা গা, গাওঁ,  গাইছোঁ, গাইছিল, গালে, গাব আদি কাল অনুসাৰে হৰেক কিচিমৰ ক্ৰিয়াপদ গঠন কৰি ল’ব পাৰি৷ তাহানিৰ ‘বৰুৱাৰ সংসাৰ’ নামৰ বোলছবিখনত দেখোন এটা গীতেই আছে —

“গা গা আজি গাই যা গা

এই গীতকে গা৷” ইত্যাদি ইত্যাদি ৷

মাঘ নপৰোঁতেই টি ভিৰ পৰ্দা ৰজনজনাই যোৱাকৈ বিহুগীত গোৱাৰ কথা, নাইবা গাই বাই চোৱাৰ কথা নক’লোৱেই যেনিবা৷ ‘গা’-ৰপৰা আকৌ সামান্য ভিন্ন অৰ্থযুক্ত বিশেষ্য আৰু বিশেষণ শব্দও গঠন কৰিব পাৰি ৷ ‘গায়ন’ বোলা এটা দেখোন উপাধিয়ে আছে৷ তাৰ বাহিৰেও ‘গাৱন’, ‘গায়ন শৈলী’ আদিও আমাৰ ভাষাত তাহানিৰেপৰা চলি আহিছে৷

আনটো অৰ্থ কিন্তু সাংঘাটিক৷ ‘গা’ মানে শৰীৰ৷ পিছে এই ’গা’ প্ৰকৃতিৰ বুকুত প্ৰৱৰ্তি থকা গছ-বিৰিখকে ধৰি জীৱ মাত্ৰৰে ঘাই সম্পদ৷ আনকি গছৰো ’গা’ গছ থাকে,  লতাৰো গুৰি মানে ’গা’ থাকে৷ ’গা’ নাথাকিলে জীৱৰ অস্তিত্বই বা ক’ত! সকলো মানুহেই নিজৰ গাটোক লৈ কম-বেছি পৰিমাণে ব্যস্ত৷ গাটো চিকুণকৈ ৰাখিবলৈ বিবিধ সামগ্ৰীৰে বজাৰ ভৰি আছে৷ অৰিফ্লেমকে ধৰি কত কোম্পানীয়ে গাটোক ভিত্তি কৰিয়েই ৰমৰমীয়া ব্যৱসায় কৰি আছে৷ পুৰুষ পাৰ্টিতকৈ মহিলা পাৰ্টিক এই কোম্পানীবোৰে সহজে আকৰ্ষণ কৰালৈ লক্ষ্য কৰি দুই নম্বৰ পাৰ্টি সমুচিতভাৱেই ’গা’ সম্পৰ্কে অধিক সচেতন যেন লাগে৷ তেওঁলোকৰ যহতে দেশীয় আৰু বহুজাতিক উভয় প্ৰকাৰৰ বেপাৰী গা কৰি উঠিব পাৰিছে৷ নহ’লে সিবিধ ব্যৱসায় আছিল নেচেল৷

অসমীয়াত আকৌ গা ধো, গা কৰ, গা ধৰ, গা উঠ, গা দঙা,  গা টঙা, গা ঘেলা, গা গধুৰ, গা ভাৰী, গা বচাই চল, গাত ল, গা পাতি ল, গা ৰাই জাই কৰ, গা বেজবেজায় আদি অসংখ্য অৰ্থৱহ ৰূপ এই গাটোক লৈয়ে সৃষ্টি হৈছে৷

ভবা হৈছিল মানুহ, কুকুৰ,  মেকুৰী আদিৰ দৰে ’গা’ যিহেতু জীৱৰ লগত জড়িত, এতেকে উল্লিখিত লিংগ নিৰপেক্ষ ৰূপবোৰৰ দৰে গাৰো লিংগ থাকিব; যেনে —মতা গা—মাইকী গা,

গাটো—গাজনী৷ পিছে নহ’ব হেনো৷ গা গা হৈয়ে থাকিব,  তাৰ কোনো লিংগ থাকিব নোৱাৰে৷ অৱশ্যে বচন সলনি হোৱাত বাধা নাই৷ একবচনত গাটো হয়৷ বিৰক্তি লাগিলে গাডালো হ’ব পাৰে৷ আনহাতে বহুবচনত গাবোৰ বুলি কোৱা হয়৷

গা দুই ধৰণৰ হ’ব পাৰে৷ এবিধ নিৰোগী আৰু আনবিধ ৰোগী৷ নিৰোগীসকলৰ কথা নোকোৱাই ভাল৷ তেওঁলোকৰ কোনো প্ৰব্লেম নাই৷ বিন্দাছ চলি আছে৷ অৱশ্যে আজিকালি ৰাষ্টাই ঘাটে দুচকীয়া আৰু চাৰিচকীয়াৰ যি অতপালি গা বচাই চলা টান৷ যি নহওক, দুৰ্ঘটনাৰ বাহিৰে নিৰোগী গাই বৰ এটা ভাবিবলগীয়া নাই৷ পিছে এই ৰোগী গাৰ বাহকসকলৰহে যত চব অথন্তৰ৷ ইয়াৰো আকৌ দুটা ভাগ : এবিধ টেম্প’ৰেৰী আৰু আনবিধ চিৰকলীয়া৷ মানে মৰাৰ পৰলৈকে বেমাৰী৷ টেম্প’ৰেৰী বিধৰো বিশেষ চিন্তা কৰিবলগীয়া নাই৷ ডাক্তৰ, ঔষধ, হস্পিতেল আজিকালি য’তে ত’তে ভৰ্তি হৈ আছে৷ গাঁথিত শকত ধনৰ টোপোলা এটা থাকিলেই হ’ল৷ সেইবোৰৰ ক’ৰবাত গাটো ভৰাই, লগাই নলগাই ডাক্তৰে দিয়া বিধান মতে পৰীক্ষা-নিৰীক্ষা কৰাই, ঔষধবোৰ গোগ্ৰাসে গিলি টেম্প’ৰেৰী ৰোগে পোৱা গাটো সহজে টঙাব পাৰি৷ কিন্তু চিৰ বিশেষণটো যদি আগত লাগিল তেন্তে হ’ল আৰু! মানে হাই বিপি, ডায়েবেটিছ,  হাৰ্ট, কিডনী ফেইলৰ ইত্যাদি ৰোগৰ কথা কৈছোঁ৷ তাতো আকৌ দুটা কথা৷ গাটো লেলাই ধেন্দাই কলঢোপ কলঢোপকৈ জীয়াই থাকিবও পাৰে, নহ’লে ঘপকৈ পৰি টপকৈ মৰিবও পাৰে৷ মৰিলেতো ভালেই৷ পিছে তাতো দুটা কথা হ’ব পাৰে৷ কোনোবাই কোৱাৰ দৰে গাটোৰ ভিতৰৰ বস্তুটো স্বৰ্গগামী হ’বও পাৰে, নহ’লে নৰকলৈ যাবও পাৰে৷ সেয়া নিৰ্ভৰ কৰিব গাটোৱে জীৱদ্দশাত কৰা কাম-কাজৰ ওপৰত৷ স্বৰ্গলৈ গ’ল যদি ভালেই৷ সি সদা সুখৰ ঠাই৷ ৰাজধানী অমৰাৱতীৰ নন্দন কাননত গা ঘেলাই থাকিব পাৰিব৷ নৰকলৈ গ’লেও একো অসুবিধা নহয়৷ কাৰণ নৰকত ইমানেই সংগী পোৱা যাব গাটোৰ চিন্তা কৰিবলৈ আহৰিয়ে নাথাকিব৷

লেলাই ধেন্দাই থকাবোৰো আগৰবোৰৰ দৰেই দুই প্ৰকাৰৰ হ’ব পাৰে : সাধাৰণ গা আৰু বিখ্যাত গা৷ সাধাৰণ গা হ’লে নিয়ম মাফিক ক্ৰিয়া-কৰ্ম কৰিলেই লেঠা শেষ৷ পৰিয়ালৰ মানুহখিনিৰ হয়তো কেইদিনমান কষ্ট হ’ব৷ তাৰ পাছত প্ৰকৃতিৰ নিয়ম অনুসাৰে এদিন পাহৰি যাব৷ কবিৰ ভাষাত –

“কোন কাৰ মৰমৰ…চকুৰ চিনাকি মাথোঁ দুদিনৰ”৷

সময়ত সকলো পাহৰি যাব৷ দ্বিতীয়টো মানে বিখ্যাত গা হ’লে আকৌ চৌদিশ ৰজনজনাই যাব৷ টিভি, বাতৰি কাকত, ফেচবুক আদি গণ-মাধ্যমত বহু দিনলৈ চৰ্চা চলিব৷ শোক সভা পাতিব৷ শ্ৰাদ্ধাদিত লোকে লোকাৰণ্য হ’ব৷ তাৰ পাছত আলোচনা চলিব মানুহজন অমুক, তমুক, ভচুক গুণৰ অধিকাৰী আছিল৷ তেওঁ সমাজলৈ এনে তেনে বৰঙণি আগবঢ়াই গৈছে ইত্যাদি ইত্যাদি ইত্যাদি৷

পৰিশেষত গাটো আবদ্ধ হ’ব ধুনীয়া ফটোফ্ৰেমৰ মাজত৷ মাজে মাজে তাত হয়তো ধূপ-ধূনাৰ গোন্ধ বিয়পিব৷ বাংলা কবি প্ৰমোদ বসুৱে “জীৱন” নামৰ কবিতাটোত উল্লেখ কৰাৰ দৰে গাটোৱে তেতিয়া অকলশৰে কি ভাবি থাকিব কোনেও নাজানিব৷

☆★☆★☆

4 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি চাৰ। এই সংখ্যাত প্ৰকাশিত আপোনাৰ দুইটা লেখাই আমাৰ ই-আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে

    Reply
  • ভাল লাগিল ছাৰ ।

    Reply
  • বৰ ভাল লাগিল। আপোনাৰ লেখাটিয়ে ফটাঢোলক নতুন মাত্ৰা দিলে। আগলৈও আপোনাৰ লেখা আলোচনীত পঢ়িবলৈ আশা থাকিল।
    ইহ সংসাৰত “গা-বচাই” ফুৰিবলৈহে শিকিব লাগিব।

    Reply
  • মাধৱ দত্ত ৷

    ভাল লাগিল ছাৰ ৷ আপোনাৰ লেখাই এফালে ৰস দিছে, আনফালে অসমীয়া ভাষাৰ ব্যাকৰণৰ পাঠৰো আভাস দিছে ৷ এক গুলি, দুই চিকাৰ ৷

    Reply

Leave a Reply

Your email address will not be published.