ফটাঢোল

এপিয়লা চাহ – অনুবাদ:নীলাক্ষী কাকতি (মূল:কেথেৰিন মেঞ্চফিল্ড)

ৰ’জমেৰী ফেলক একে আষাৰতে ধুনীয়া বুলি ক’ব নোৱাৰি৷ যদি তেওঁৰ মুখমণ্ডলক ভাগ ভাগ কৰা হয় তেতিয়া তেওঁক মৰমলগা বুলি ক’ব পাৰি—-কিন্তু কোনে এই সাহ কৰিব? তেওঁ গাভৰু, বুদ্ধিমতী, আধুনিকা, দামী পোচাক পৰিহিতা। তেওঁ চহৰৰ এখন সম্ভ্ৰান্ত ঘৰৰ মহিলা৷ ফিলিপৰ সৈতে বিবাহৰ চিন স্বৰূপে তেওঁলোকৰ এটা পুত্ৰ সন্তান আছে৷

ৰ’জমেৰীৰ ঘৰৰ পাৰ্টিসমূহত চহৰৰ নামী-দামী অভিজাত লোকসকল আৰু তেওঁৰে আৱিষ্কাৰ কিছু ‘আচহুৱা’ জ্ঞানী ব্যক্তিয়ে ভীৰ কৰে৷ চহৰৰ দামী দামী দোকানবোৰ ৰ’জমেৰীৰৰ আগমনত প্ৰাণ পায় উঠে৷ প্ৰশংসাৰ তৈলমৰ্দনে তেওঁৰ মন প্ৰাণ চুই যায়৷

শীতকালৰ এটি সন্ধিয়াত ৰ’জমেৰী কাৰ্জন ষ্ট্ৰিটৰ এখনি পুৰণি আপুৰূগীয়া সম্পদ বিক্ৰী কৰা দোকানৰ পৰা ওলাই আহিছিল৷ বতাহৰ লগত অহা কিনকিনিয়া বৰষুণজাকে সন্ধিয়াটো অধিক কষ্টকৰ কৰি তুলিছিল৷ ছাতি আৰু গৰম কাপোৰৰ ভৰত যেন ৰাষ্টাৰ মানুহবোৰ লুকাই পৰিছিল৷ সন্ধিয়াটোৱে ৰ’জমেৰীকো বৰ অশান্তি দিছিল৷ দোকানখনৰ পৰা ওলায়ে তেওঁ গাড়ীখনৰ ফালে অগ্ৰসৰ হ’ল৷ পদপথটো পাৰ হোৱাৰ সময়ত ৰ’জমেৰীক একাপ স্পেচিয়েল চাহে বৰকৈ আমনি কৰিছিল৷ সেই সময়তে এটি উচুপনিৰ সৈতে দূৰ্বল কণ্ঠ এটিয়ে তেওঁৰ কাণ স্পৰ্শ কৰিলে৷ পিছমূহুৰ্ততে তেওঁ এজনী শীৰ্ণকায় গাভৰুক দেখিলে যিয়ে কৈছে, “মেডাম, আপুনি মোক এপিয়লা চাহৰ মূল্য দিব নেকি?”

এপিয়লা চাহৰ বাবে মূল্য! কি আচৰিত, এপিয়লা চাহৰ বাবেও মানুহৰ ধন নাথাকে নেকি! তেওঁ মনতে ভোৰভোৰালে৷ কিছু সময় পিছতে এটি আচৰিত অনুভৱে তেওঁৰ মগজু চুই গ’ল৷ ঠিক দস্তভয়স্কিৰ উপন্যাসৰ এটি কাহিনী যেন অনুভৱ হ’ল তেওঁৰ৷ এই ছোৱালীজনীকলৈ চোন তেওঁ কিতাপৰ কাহিনী নাইবা মঞ্চত দেখা নাটকৰ ৰূপ দিব পাৰিব৷ বন্ধুমহলৰ মাজতো তেওঁ চৰ্চা আৰু হিংসাৰ বিষয় বস্তু হৈ পৰিব৷

“ব’লা, তুমি মোৰ ঘৰত, তাত তুমি মোৰ সৈতে চাহ খাবা।” মৰমসনা মাতেৰে ৰ’জমেৰীয়ে গাভৰুজনীক ক’লে৷ ঠাণ্ডাত অৰ্ধমৃতপ্ৰায় ছোৱালীজনীয়ে অৱিশ্বাসৰ দৃষ্টিৰে তেওঁৰ ফালে চাই ক’লে-“আপুনি মোক পুলিচ থানালৈ নিব নেকি?”

“পুলিচ থানালৈ নিবলৈ মই ইমান নিষ্ঠুৰ নেকি? আহা মোৰ গাড়ীত উঠা আৰু মোৰ ঘৰলৈ ব’লা৷”

ভোকাতুৰ মানুহে সহজতে সেওঁ মানে৷ গোটেই বাটটো কেৱল গাড়ীৰ হৰ্ণ আৰু ৰ’জমেৰীৰ অনৰ্গল কথাই ভিৰ কৰিলে৷ কিছুসময়ৰ বাবে তেওঁ নিজকে সপোন দেশৰ ‘ভগৱানৰ মাতৃ’ যেন অনুভৱ হৈছিল৷ কিছুসময় পিছতে তেওঁ প্ৰমাণ কৰি দিব পাৰিব যে ধনী মানুহৰো অন্তৰ আছে আৰু মহিলায়ো মহিলাৰ বন্ধু হ’ব পাৰে৷ ভাবত বিভোৰ হৈ গৈ থাকোঁ‌তে কেতিয়া যে তেওঁ তেওঁৰ বিশাল অট্টালিকাটো গৈ পালে তেওঁ গমেই নাপালে৷ গাড়ীৰ হৰ্ণৰ শব্দত তেওঁ সম্ভিত ঘূৰাই পালে৷ এটি আটক ধুনীয়া ড্ৰয়িংৰুমে তেওঁলোকক অপেক্ষা কৰি আছিল৷ কিছুসময়ৰ বাবে ছোৱালীজনীয়ে নিজকে ধনী যেন অনুভৱ কৰিলে৷ এটি মিঠা সুগন্ধই গোটেই কোঠাটো প্ৰাণৱন্ত কৰি তুলিছিল৷

“আহা,ওপৰলৈ উঠি আহা৷” ৰ’জমেৰীয়ে তাইক মাতিলে৷ আজি তেওঁ আয়াজনীকো আদেশ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই৷

“মই নাযাওঁ নেকি!” অপ্ৰস্তুত ভাৱেৰে তাই ক’লে৷

“তুমি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই৷ তুমি ইয়াত আৰামেৰে ব’হা৷” তেওঁৰ অনৰ্গল কথাই আৰু উদাসীনতাই তাইক আৰু অধিক দূৰ্বল কৰি তুলিলে৷

“মেডাম মোক এপিয়লা চাহ দিয়ক৷”

“অহ! মই পাহৰিয়ে গৈছিলো৷ ৰ’বা মই অৰ্ডাৰ দিওঁ৷”

“উফ্‌! মই আৰু ভোক সহ্য কৰিব নোৱৰা হৈছোঁ‌।” আয়াজনীয়ে দুপিয়লা চাহ বাকিবলৈ আৰম্ভ কৰিলে৷

“তুমি একো চিন্তা নকৰিবা ৷ইয়াত আৰামত থাকা৷ বাৰু তুমি শেষ আহাৰ কেতিয়া গ্ৰহণ কৰিছিলা?” ৰ’জমেৰীয়ে একেলেথাৰিয়ে কথা কৈ গ’ল৷

সেইসময়তে কোঠাৰ দৰ্জাখন খোল খালে আৰু আধাখোলা দৰ্জাখনৰ ওচৰৰ পৰা ফিলিপে মাত লগালে-“সোমাব পাৰোনে?”

“আহা৷” ছোৱালীজনীৰ ফালে চাই তেওঁ ক’লে-“অহ! মই তোমালোকক বাঘ্যাত জন্মালোঁ৷”

“হ’ব দিয়া৷ একো নহয়৷ এওঁ মিচ–৷”

“মিচ স্মিথ৷”

“মোৰ তোমাৰ লগত অলপ কথা আছে৷” তাৰপিছত ফিলিপে মিচ স্মিথৰ ফালে চাই ক’লে “মিচ স্মিথ, অকণমান আমাক সময় দিবানে?”

“নিশ্চয়৷” তাই কিবা কোৱাৰ আগতে ৰ’জমেৰীয়ে ক’লে৷ দুয়ো তাৰপিছত লাইব্ৰেৰীৰ ফালে গ’ল৷

“ছোৱালীজনী কোন?”

“মই তাইক কাৰ্জন ষ্ট্ৰিটৰ পৰা উঠাই আনিছোঁ‌৷ এপিয়লা চাহৰ বাবে৷”

“তুমি তাইৰ বিষয়ে কি ভাবিছা? কি কৰিবা এতিয়া?”

“মই নাজানো৷ পিছত চিন্তা কৰিম৷”

“ইমান মৰমলগা, চকুত লগা ছোৱালীজনীক তুমি কি কৰিবা, তুমি নাজানা! যি নহওঁক মিচ স্মিথে আজি আমাৰ ঘৰত আয়োজন কৰা পাৰ্টিত উপস্হিত থাকিবনে?”

কিবা চিন্তা কৰি ৰ’জমেৰী শুৱনিকোঠালৈ ওলাই গ’ল৷

‘চকুতলগা’, ‘মৰমলগা’-এই শব্দকেইটাই তেওঁৰ মূৰত পাকঘূৰণি খাব ধৰিলে৷ চেক্‌বুকখন লৈও তেওঁ পুনৰ থৈ দিলে৷ তাৰপিছত তেওঁ পুনৰ পাঁ‌চ পাউণ্ডলৈ তাৰ পৰা দুই পাউণ্ড থৈ দিলে আৰু সেইখিনি মিচ স্মিথক দি বিদায় দিলে৷

ৰ’জমেৰী পুনৰ লাইব্ৰেৰীলৈ সোমাই আহিল৷

“আজি আমাৰ পাৰ্টিত মিচ স্মিথ উপস্হিত নাথাকে৷”

“কিয়? কিবা আগতীয়া পৰিকল্পনা আছিল নেকি?”

“তাই যাব বিচাৰিছিল৷ মইনো কেনেকৈ বাধা দিওঁ?গতিকে অলপ টকা দি বিদায় দিলোঁ‌৷” ৰ’জমেৰীয়ে মিঠাকৈ ক’লে৷

তাৰপিছত ৰ’জমেৰীয়ে ফিলিপৰ কোলাত বহিল৷ নিজৰ চুলিখিনি ঠিক কৰি ল’লে আৰু চকু দুটা বহলকৈ মেলি ফিলিপৰ গালখনত মৰমেৰে হাতফুৰাই খুব মিঠা মাতেৰে আৱেগ ঢালি তেওঁ সুধিলে “তুমি মোক ভাল পোৱানে?”

“মই তোমাক সাংঘাটিক ভাল পাওঁ৷”

“মোক এটা চুমা খোৱা৷”

অলপ সময়ৰ বাবে কোঠাতো নিস্তব্ধতাই বিৰাজ কৰিলে৷

“মই আজি এটা পুতলা দেখিছিলোঁ‌৷ বৰ সুন্দৰ৷ পুতলাটোৰ মূল্য আঠাইছ গিনিজ৷ মই সেইটো কিনিব পাৰোনে?” খুব ভাৱ বিভোৰ হৈ ৰ’জমেৰীয়ে সুধিলে৷

তেওঁৰ কথাত জাঁ‌প মাৰি ফিলিপে ক’লে “তোমাৰ লোকচান নহ’বনে?”

দৰাচলতে ৰ’জমেৰীয়ে এই প্ৰশ্নটো সুধিব বিচৰা নাছিল৷ ৰ’জমেৰীয়ে অকণমান আগুৱাই আহি ফিলিপৰ বুকুত মূৰটো গুজি আৱেগসনা মাতেৰে সুধিলে-

“মই দেখিবলৈ ধুনীয়ানে?”

☆★☆★☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল পঢ়ি। প্ৰিয়জনৰ অন্যৰ প্ৰতি সহানুভূতিও কেতিয়াবা কেতিয়াবা হিংসাৰ কাৰণ হৈ উঠে।

    Reply
  • হেমন্ত কাকতি৷

    সাংঘাটিক গল্প নীলাক্ষী৷ নাৰীৰ মনৰ খবৰ স্বয়ং দেবতাইও নেজানে বুলি কয়৷ এইটো গল্পত প্ৰেম আকলুৱা আৰু অলপ jelous এগৰাকী নাৰীৰ ছবি ষ্পষ্টভাবে দেখা পালো৷ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.