ফটাঢোল

ঐশ্বৰিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: আপুনি ঈশ্বৰ বিশ্বাস কৰে, নহয় জানো?

: হয় কৰোঁ, কিয় সুধিলে?

: নহয় মানে, পাৰ হৈ অহা বাছ আস্থানটোত থকা ডাঙৰ আঁহত গছডাল দেখি আপুনি মূৰ দোঁৱাওঁতেই মোৰ সন্দেহ হৈছিল, এইমাত্ৰ মন্দিৰটো পাৰ হওঁতে আপুনি পুনৰবাৰ মূৰ দোঁৱালে গতিকে মই নিশ্চিত হ’লোঁ যে আপুনি এজন ঈশ্বৰ বিশ্বাসী লোক।

: এইবোৰ কি বকিব ধৰিছেহে ডাঙৰীয়া, মই নিজেই ক’লোঁ যে মই এজন ঈশ্বৰ বিশ্বাসী লোক, তাৰপিছত আপুনি নিশ্চিত হোৱা নোহোৱাৰ প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই। আপুনি এশ শতাংশ নিশ্চিত থাকক যে মই এজন ঈশ্বৰ বিশ্বাসী ধাৰ্মিক লোক।

বাছখনত ৰাতুলৰ সন্মুখৰ দুজনীয়া ছিটটোত বহি যোৱা মানুহ দুজনৰ কথোপকথন শুনি গৈ আছে সি, তাৰ কৰ্মস্থলীলৈ। সদায় ৰাতিপুৱা মাছখোৱাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত চলাচল কৰা বাছখনৰ সি এজন নিয়মীয়া যাত্ৰী। অকল সি বুলিয়েই নহয় বেছিভাগ যাত্ৰীয়েই তাৰ দৰে নিয়মীয়া। সন্মুখৰ আসনখনত ঈশ্বৰবিশ্বাস সম্পৰ্কে কথা পাতি যোৱা মানুহ দুজনৰ এজন সদায় তাৰদৰে সেইখন বাছতেই অহা যোৱা কৰা ব্যক্তি। খিৰিকীখনৰ কাষৰ ছিটটোত বহা সেইজন ভদ্ৰলোকৰ নাম মিষ্টাৰ পাটোৱাৰী, তেখেত এজন প্ৰশাসনিক বিষয়া, অতিশয় সৎ বিষয়া বুলি সুনাম আছে। মিষ্টাৰ পাটোৱাৰীয়েও ৰাতুলে চাকৰি কৰা চহৰখনতে চাকৰি কৰে।

অন্যজন মানুহক ৰাতুলে আজি প্ৰথমবাৰ দেখিছে, মানুহজনৰ অনুমানিক বয়স পঞ্চাশ বছৰৰ ওচৰা ওচৰি। যথেষ্ট সপ্ৰতিভ মানুহজন, কথা বতৰাবোৰো মাৰ্জিত যেন অনুমান হৈছে ৰাতুলৰ।

: নাই নাই ডাঙৰীয়া, আপুনি ভুল বুজিছে। আপোনাৰ ঈশ্বৰ বিশ্বাসৰ কোনো প্ৰমাণ মই বিচৰা নাই। আপোনাক দেখিলেই যিকোনো মানুহে সহজতে অনুমান কৰিব পাৰিব যে আপুনি এজন ধাৰ্মিক আৰু সৎ লোক, মই আচলতে আপোনাৰ সৈতে কথাৰ পাতনি মেলিবলৈকেহে ঈশ্বৰ বিশ্বাসৰ কথাটো উলিয়াইছিলোঁ। বাছত ডেৰ ঘণ্টা মনে মনে বহি যোৱাটো মোৰ কাৰণে বৰ বিৰক্তিকৰ কাম, তাতে আজি বহুদিনৰ পিছত বাছত উঠিলোঁ মই। বাৰু, চিনাকিটো দিওঁ মোৰ। মই দিপুল কাশ্যপ, এডভান্স চি এম এচ কোম্পানীৰ গুৱাহাটীৰ ব্ৰান্স মেনেজাৰ। আজি বহুদিন ধৰি ৰঙিয়াৰ এ.টি.এম.বোৰত আমাৰ কোম্পানীয়েই নগদ ধন ভৰাই আহিছোঁ, দুদিনমানৰ পৰা এটা বিশেষ এ.টি.এম দৈনিক দুই তিনিবাৰ মানকৈ বেয়া হৈ থকাৰ অভিযোগ আহি আছে, তাকেই নিজে গৈ এবাৰ চাই অহাৰ উদ্দেশ্যে মোৰ আজি এই বাছ যাত্ৰা।

: ভাল ভাল, বৰ ভাল কাম কৰিছে আপুনি, সদায় তলতীয়া কৰ্মচাৰীবোৰক বিশ্বাস কৰি থকাতকৈ এইবোৰ গুৰুত্বপূৰ্ণ কাম নিজে এবাৰ চাই অহাটো দৰকাৰী। ৱাই দ্যা ৱে, মই মিষ্টাৰ পাটোৱাৰী, আপুনি যাবলৈ ওলোৱা চহৰখনৰে মহকুমা প্ৰশাসনৰ অফিচত মোৰ চাকৰি। যদিহে মোৰ ভুল হোৱা নাই তেনেহ’লে আমাৰ অফিচৰ সন্মুখতে থকা এ.টি.এম.টোৰ কথাই চাগে আপুনি কৈছে, সেইটোও দিনটোৰ অধিক সময়েই আউট অফ চাৰ্ভিছ হৈ থাকে।

: জানো, ঠিকনাটো চাওকচোন বাৰু, ময়ো আজি জীৱনত প্ৰথমবাৰ ৰঙিয়া গৈ আছোঁ, তাতে মোৰ কেচ ভানখনো আজি আহিব নোৱাৰিলে হঠাৎ ড্ৰাইভাৰজন অসুস্থ হোৱা বাবে৷

কথাখিনি কৈ দিপুল কাশ্যপ বোলা মানুহজনে কাগজৰ টুকুৰা এটা আগবঢ়াই দিলে মিষ্টাৰ পাটোৱাৰীৰ ফালে।

: মোৰ অনুমান নিৰ্ভূল মিষ্টাৰ কাশ্যপ, এইটো ঠিকনা আমাৰ অফিচৰ সন্মুখৰ এ.টি.এম.টোৰে হয়। আমাৰ বহুদিনীয়া অসুবিধা এটা দূৰ হ’বলৈ গৈ আছে তাৰমানে আজি, নহয় জানো?

: চেষ্টা কৰি চাম মিষ্টাৰ পাটোৱাৰী নিজৰ সাধ্যৰ ভিতৰত, বাকী সকলো ঈশ্বৰৰ ওপৰত।

: আপুনিও ঈশ্বৰ বিশ্বাস কৰে তাৰমানে?

মিষ্টাৰ কাশ্যপৰ ফালে চাই মিষ্টাৰ পাটোৱাৰীয়ে সুধিলে।

: নিশ্চয় ডাঙৰীয়া, বিশ্বাস নকৰাৰ প্ৰশ্নই নাই। অপাৰ মহিমা, পাৰাপাৰহীন শক্তি, মনৰ প্ৰশান্তি, আত্মবিশ্বাস সকলোবোৰৰ যুগলবন্দীৰ একমাত্ৰ অনুভৱ ঈশ্বৰতেই পাওঁ। আজিৰ কথাকেই ভাৱকচোন, মোৰ কেচ ভানখনৰ ড্ৰাইভাৰ হঠাৎ অসুস্থ হ’ল, বেলেগ এখন গাড়ী ভাড়া কৰিলোঁ সেইখনো ১১ বজাতহে আহিব পাৰিব, এইফালে ৰঙিয়াৰ একো চিনি জানি নাপাওঁ, ইমানবোৰ প্ৰতিকূল পৰিস্থিতি একেসময়তে মোৰ লগত অথচ এই সকলোবোৰৰ সমাধানস্বৰূপেই যেন যাত্ৰাপথত আপোনাক এজন দেৱদূতৰ ৰূপত লগ পালোঁ। ঈশ্বৰৰ মহিমা সদায় অপাৰ। মানুহৰ অন্তৰ পবিত্ৰ হ’লে ঈশ্বৰ সদায় লগত থাকে। জীৱনত কেতিয়াও কাৰো অন্যায় কৰি পোৱা নাই গতিকে ভগৱানেও মোৰ লগত অন্যায় নকৰিব বুলিয়েই সদায় বিশ্বাস কৰোঁ।

: হয় দিয়ক ডাঙৰীয়া, সজ সজ। মই আছোঁ যেতিয়া ৰঙিয়াত আপোনাৰ একো অসুবিধা নহয়। হাইৱেত নামি আপুনি মোৰ লগতে একেলগে যাব পাৰিব, কাম শেষ কৰি আপোনাৰ গাড়ী নহালৈকে মোৰ অফিচতে থাকিব পাৰিব।

“চেপ্তি চেপ্তি চেপ্তি, গেটলৈ ওলাই আহিব চেপ্তিত নমাসকল।”

হেণ্ডিমেনৰ মাতত খৰধৰকৈ ওলাই আহিল ৰাতুল, ৰঙিয়া পোৱাৰ আগৰ ষ্টপেজটোতেই তাৰ অফিচ।হাইৱেৰ পৰা দহমিনিট খোজ কাঢ়িব লাগে। খোজ কাঢ়ি গৈ থাকোঁতেও সি ভাবি গৈ থাকিল মিষ্টাৰ পাটোৱাৰী আৰু মিষ্টাৰ কাশ্যপৰ কথাবোৰ। দুয়োজন ভদ্ৰলোকৰ কথাবতৰাবোৰে যেন তাক পুনৰবাৰ বুজাই দিলে যে ঈশ্বৰৰ প্ৰাসঙ্গিকতা এতিয়াও এই পৃথিৱীত আছে। বিপদত পৰা এজন মানুহৰ সহায়ৰ বাবে অন্য এজন অচিনাকি মানুহ যেতিয়া স্বইচ্ছাই আগবাঢ়ি আহে তেতিয়াই মনত অনুভৱ হয় যে ভগৱানৰ মহিমা অকল অসীমেই নহয় কেতিয়াবা কেতিয়াবা বুজাটোও কঠিন৷

অৱশ্যে দুজন মানুহৰ বাবে সমানেই দৰকাৰী কাম এটাত ইজনে সিজনক সহায় কৰিছে বুলি ভাৱিব পাৰিলে এইবোৰ ক্ষেত্ৰত একো ঐশ্বৰিক প্ৰভাৱ নাই বুলি একে আষাৰেই মানিব পাৰি। বৰ বেছি ঈশ্বৰৰ পৰা একো আশা নকৰে যদিও একেবাৰে নাস্তিকো নহয় ৰাতুল। “তোমাৰ মন গ’লে দিবা বাৰু ভগৱান যেতিয়াই সময় সুবিধা পোৱা, মই নিজে বিচাৰি বিচাৰি সদায় আমনি নকৰোঁ তোমাক”, ৰাতুলৰ চিন্তাধাৰা এনেকুৱা।

সেইদিনা সোনকালে অফিচ ছুটী হোৱাত আবেলি চাৰিমান বজাতে ৰাতুল আহি ঘৰ সোমাল। কেতিয়াবা আবেলি অলপমান শোৱাৰ সময় পালে সি সেই সময়খিনিৰ সদব্যৱহাৰ কৰে। চিলমিলকৈ টোপনি আহিছিল তাৰ।

“ৰঙিয়াত এ.টি.এম. লুট, পাটোৱাৰী উপাধিৰ মহকুমা প্ৰশাসনৰ বিষয়া এজনলৈ সন্দেহৰ আঙুলি”, একেজাপে বিচনাত উঠি বহিল ৰাতুল। সপোনে দেখিলে নে কি হ’ল একো উৱাদিহ নাপায় চকুদুটাত অলপ পানী ছটিয়াই কাষৰ কোঠাটোত টি.ভি.ত সন্ধিয়াৰ বাতৰি চাই থকা মাকৰ ওচৰত বহিলগৈ।

এতিয়া আহিছোঁ বিতং বাতৰিলৈ। ৰঙিয়া চহৰৰ মাজ মজিয়াৰ পৰা আজি দিন দুপৰতে দুৰ্বিত্বই উঠাই লৈ যায় এটা এ.টি.এম. মেচিন। স্থানীয় ৰাইজ আৰু ওচৰৰ দোকানীসকলৰ সহযোগত মেচিনটো খুলি এখন মাৰুতি ভানত ভৰাই লৈ উধাও হয় দুজনীয়া ডকাইতৰ দলটো। নিজকে বেঙ্ক বিষয়া দিপুল কাশ্যপ বুলি পৰিচয় দিয়া ডকাইতজনে বৰ্তমান চলি থকা মেচিনটো বেয়া হোৱা বুলি কৈ নতুন মেচিন এটা অচিৰেই সেই স্থানত লগোৱা হ’ব আৰু বৰ্তমান চলি থকা মেচিনটো মেৰামতিৰ বাবে খুলি লৈ যাবলগীয়া হ’ব বুলি কোৱাত ওচৰৰ ব্যৱসায়ীসকলে তীব্ৰ আপত্তি কৰিছিল যদিও মহকুমা প্ৰশাসনৰ বিষয়া জনৈক পাটোৱাৰীৰ হস্তক্ষেপত আৰু স্থানীয় ৰাইজৰ সহযোগত মেচিনটো খুলি নিবলৈ সক্ষম হৈছিল। দুঘণ্টাৰ পিছত সাপ্তাহিক ৰুটিন মতে নগদ ধন ভৰাবলৈ অহা কেচভানৰ কৰ্মকতাইহে এ.টি.এম. মেচিন দেখা নাপায় স্থানীয় আৰক্ষীক অৱগত কৰে।

ঘটনা সন্দৰ্ভত ইতিমধ্যেই সোধপোচৰ বাবে পাটোৱাৰী উপাধীৰ বিষয়াজনৰ সৈতে নিজহাতে এ.টি.এম. মেচিন খুলি ডকাইতৰ গাড়ীত উঠাই দিয়া অন্য দুজন দোকানীকো আটক কৰিছে মহকুমা আৰক্ষীয়ে।ঘটনাটোৱে সচেতন মহলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাতৰি যুগুত কৰাৰ পৰলৈকে দিপুল কাশ্যপ নামৰ ভুৱা বেঙ্ক বিষয়াজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰঙিয়া আৰক্ষীয়ে। বিশেষ সূত্ৰৰ পম খেদি পোৱা তথ্যমতে এ.টি.এম.টোত প্ৰায় চল্লিশ লাখ টকা আছিল।

শিল পৰা কপৌৰ দৰে একেঠাইতে বহি থাকিল ৰাতুল, বেচেৰা পাটোৱাৰী। আসুৰিক মন মগজুৰ মিষ্টাৰ কাশ্যপৰ সন্মুখত মিষ্টাৰ পাটোৱাৰীৰ অত্যাধিক ঈশ্বৰ বিশ্বাসেই কাল হ’ল নে সততাই কাল হ’ল সি ভাবি নাপালে কিন্তু সি নিশ্চিত হ’ল যে সমাজত ঈশ্বৰৰ কথা কোৱা চোৰ ডকাইতৰ সংখ্যা আশাতীতভাৱে বৃদ্ধি হৈছে।

☆★☆★☆

5 Comments

  • কমল তালুকদাৰ

    হা হা ! ঈশ্বৰৰ সহায় নহ’লে ইমান সহজতে ডকাইতি হব জানো ?

    খুব সুন্দৰ হৈছে , গল্পটিত এট সুন্দৰ বাৰ্ত্তা আছে ।

    Reply
  • ৰিণ্টু

    সুন্দৰ মেচেজ এটা কঢ়িয়াইছে গল্পটোৱে।

    ভাল লাগিল পঢ়ি সঞ্জীব

    Reply
  • Gyan Bordoloi

    সুন্দৰ বাৰ্তা। অতি ভক্তি চোৰৰ…….

    Reply
  • Sankar Jyoti Bora.

    আকৌ পঢ়িলো৷মজা লাগিল৷8

    Reply

Leave a Reply

Your email address will not be published.