ফটাঢোল

ওৱাক – ৰাজীব শৰ্মা

আজিকালি কথা বুলিলেই বতাহ। তাতে যদি কথা মালতীবাইৰ কাণত পৰিল হ’লেই আৰু! ভূমিকম্পৰ বেগত কথা মুহূৰ্ততে কোনোবা ধুবুৰী পাবগৈ। আপোনাৰ ঘৰতে ঘটা ঘটনা এটা আপুনিয়েই ভালদৰে নাজানিব অথচ ঘৰৰ ওচৰ পাজৰৰ সকলোৱে গম পাব আপোনাৰ কেনেকুৱা লাগিব বাৰু তেতিয়া! হয়তো জনাজনক অন্তৰ্যামী যেনেই লাগিব। ৰ’ব, ইমানখিনি
কথাৰ বকলা মেলাৰো এটা কাৰণ আছে।

গাৰ পৰা মাহ-হালধিৰ গোন্ধ নোযোৱা দিনৰে কথা এইটো। যতদূৰ মনত পৰে মোৰ বিয়াৰ চাৰি নে পাঁচ নম্বৰ দিনৰ কথা। ঘৰ আলহী-অতিথিৰে ভৰি আছিলেই। বিয়াৰ এসপ্তাহ মান আগৰে পৰা পাকঘৰৰ ইটো-সিটো কাম কৰিবলৈ ঠিক কৰিছিলোঁ মালতী বাইক। তায়ো বাহি বিয়াৰ পাছদিনালৈকে আমাৰ ঘৰত কাম কৰাৰ কথা আছিল। যদিও টুটকীয়া তথাপিও কামত মানুহজনী ভাল, বিশ্বাসীও। আপুনি নিচিন্তে মালতীৰ হাতত ঘৰৰ চাবি গটাই দিব পাৰে। দৰকাৰত তাই আপোনাক ৰান্ধি-বাঢ়িও খুৱাব।

এই মালতী বাইকে মই দায়িত্ব দিছিলোঁ মোলৈ শুকান মাছৰ জোল বনোৱাৰ। তাৰো এটা কাৰণ নথকা নহয়।বিয়াৰ ঠিক আগে আগে মোৰ মেলেৰীয়া হৈছিল। লগৰ এটাই ক’লে বোলে তই কেইদিনমান শুকান মাছ খা৷ মেলেৰীয়া লৰ মাৰিব তোৰ গাৰ পৰা। পিচে খাওঁ কেনেকৈ! ৰান্ধি-বাঢ়ি দিব কোনে? ঘৰত এইবিধ মাছ সোমোৱাত বাধা। সেয়ে মালতীবাইৰ শৰণাপন্ন হ’লোঁ।পাছচোতালতে অস্থায়ী ব্যৱস্থা কৰা হ’ল। ঘৰৰ বাকী কাম কৰি অটাই; যোৱাৰ আগে আগে মালতীবাইয়ে মোলৈ মাছৰ জোলখন সাঁজু কৰি থৈ যাব। মই চোতালতে বহি ভাত খাওঁতে লৈ ল’লেই হ’ল। এনেদৰেই তিনি চাৰি দিন গ’ল। তাৰ পাছতে বিয়াৰ বাবে কেইদিনমান বাদ পৰিল। তাতে কালিলৈৰ পৰা মালতীবাইৰো আমাৰ ঘৰত কাম শেষ। গতিকে বাকী থকা মাছকেইটাৰ গতি লগাবলৈ তাইক মনে মনে ক’লোঁ।

পিচে জ্বৰে এৰিলেও কৰপতিয়ে নেৰে বুলি কথা এষাৰ আছেই নহয়। ন-ছোৱালী পাকঘৰতে আছিল ইটো-সিটো কৰি। ময়ো মোৰ বেমাৰ আৰু পথ্যৰ কথা কোৱা নাছিলোঁ। যেতিয়াই মালতীবাইয়ে কেৰাহীত মাছ দিলে এওঁ গোন্ধত ৰ’ব নোৱাৰা হ’ল। এটা সময়ত এওঁ সঁচাই বমিয়েই কৰি দিলে।

ইমানখিনিলৈকে সকলো ঠিকেই আছিল। গণ্ডগোলটো হ’ল তাৰ পাছতহে। মালতীবাইয়ে আমাৰ ঘৰৰ বাদে গোটেই গাঁৱতে প্ৰচাৰ কৰি দিলে বোলে ন-কইনাৰ ভাল খবৰ আছে। এইটোও একো ভাবিব লগীয়া কথা নাছিল। কিন্তু বিয়াৰ চাৰি দিনৰ পাছতে ন-কইনাৰ ভাল খবৰ আছে-এই বাতৰিটোৱে মানুহৰ মাজত উৎসুকতাৰ লগতে হাঁহিৰ খোৰাক যোগালে। মোক দেখিলেই খেনোৱে ফিচিঙা-ফিচিঙি কৰিবলৈ ল’লে।আৰে, কি কথা কি বতৰা! মই দস্তুৰমত অবাক।পৰিস্থিতি এনে পালেগৈ যে মই বাহিৰলৈ ওলাব নোৱাৰা হ’লোঁ। যেতিয়া গাঁৱৰ জীয়াৰী-বোৱাৰীয়েও মোক দেখিলেই মুখটিপি হাঁহিবলৈ ল’লে মই বোলো এই কথাই কথা নহয়। জৰুৰ দাল মে কুচ কালা হে!

কথাটোৰ পৰ্দাফাচ হ’বলৈ বেছিদিন ৰ’ব লগা নহ’ল।আঁঠমঙলাৰ পৰা ঘূৰি আহিয়েই ইয়াৰ ওঁহ বিচাৰি পালোঁ। মানে আমি আঁঠমঙলালৈ বুলি ওলোৱাৰ অলপ সময়ৰ পাছতে মালতীবাইৰ খবৰৰ ওপৰত ভিত্তি কৰি দুগৰাকীমান মহিলা মাৰ ওচৰ পালেহি। ন-কইনা মাকৰ ঘৰলৈ যাওঁতেই বোলে কথাটো সঁচানে মিছা, যদি সঁচা কিমান দিনৰ খবৰ শুনি যায়। বিয়াৰ চাৰি দিনৰ পাছতে বমি কৰা মানে কিবা গণ্ডগোলতো থাকিবই লাগিব। গতিকে মোক দেখিলে মানুহে ফিচিঙা-ফিচিঙি কৰিবই দিয়কচোন।

আঁঠমঙলাৰ পৰা ঘূৰি আহি সন্ধ্যা ঘৰ পোৱাৰ পাছত যেতিয়া এই কথাটো আমি দুয়ো গম পালোঁ, তেতিয়া হাঁহিম নে কান্দিম লাগি গৈছিল। এওঁতো মোৰ আজি একেবাৰে ভোক নাই বুলি যি কোঠাত সোমাল লাজতে নোলালেই। মইহে….

পিচে এই লটিঘটিখনৰ যেনিবা সিমানতে ওৰ পৰিল।খবৰ ল’বলৈ অহা মানুহ দুগৰাকীৰ সহায়তে যেনিবা গাঁওখনে ন-কইনাৰ বমিৰ ৰহস্য জানি মোক জোকাবলৈ বাদ দিলে।

☆★☆★☆

3 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ মজা লাগিল ৰাজীৱ৷ ইমানো টুটুকীয়া হলেচোন কথা বিষম হব৷ হাঁহি মৰিছো৷

    Reply
  • জয়ন্ত দাস

    মজা৷ ভাল লাগিল৷

    Reply
  • Dolly Talukdar

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.