ফটাঢোল

কইনা চাবলৈ- দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

-“কথা এটা শুনিলোঁ, ৰক্তৰ বিয়াখন নহ’বগৈ বোলে”

ৰক্তবীজৰ আইতাকে ভৰি মালিচ কৰি থকা বাইগৰাকীক ক’লে।

-“মইতু জানুৱেই, এইবাৰো নহ’বো বুলি। তাৰ মনেই নাই হান পাইছু। পিছে কিয়া নু? আপী পছন নহ’ল না কি দেখাত?”

বাইৰ হাতৰ স্পীড কম হয়। বেছি স্পীডত মালিচ কৰিলে হাতখনৰ লগত গোটেই গাটো লৰে, কাণখনো কঁপে। কাণখন কঁপিলে আইতাকে সেহাই সেহাই কৰা ‘বিয়া কিয়া নু নহ’ল’ বৰ্ণনাৰ দুই-এটা প্ৰয়োজনীয় শব্দ কাণত নোসোমালে শুনাৰ মজাটো নাথাকিব।

-“কিবা বোলে বেনামী চিঠি আহিছে ছোৱালীৰ কথা লগাই”

-“চিঠি দিছি? কুনিনু?”

-“কোনোবা ল’ৰাই বোলে ৰক্তক দিছে”

-“হৈ না? আমাৰ সময়োতো লগেইছিল হে এনকে। কম বিয়া ভাঙছিল না…।”

ওচৰতে ৰক্তৰ ভায়েক মুক্তাবীজ বহি মোবাইলটো পিটিকি আছিল।

-“চিঠি নহয় হে আইতা। আজিকালি ‘বেনামী চিঠি’ৰ দি গ’ল। এতিয়া আহিছে স্ক্ৰীনশ্ব’ট…বুজিছা?”

নাই বুজা দেখুৱাবলৈ আইতাক আৰু বাই-দুয়োৱে মূৰ জোকাৰিলে।

-“আজিকালি মোবাইলত কাৰোবাৰ লগত লিখি লিখি মেছেজ দিলে, কথা পাতিলে, সেইবোৰৰ ফ’টো তুলি ৰাখিব পাৰি। সেই ছোৱালীজনীয়েও আনক লিখা কথা কিছুমানৰ ফ’টো লৈ দাদাক পঠিয়াই দিছে। সেয়েহে বিয়া কেঞ্চেল। অলপ বুজিলা?”

দুয়োৱে একো নুবুজি মুক্তাবীজৰ মুখলৈ চাই ৰ’ল। আনটো ৰুমত বহি ৰক্তবীজৰ মাকে ছোৱালী এঘৰত ফোন কৰিছে,

-“আমি কাইলৈকে যাম বুলি ভাবিছো ছোৱালী চাবলৈ। দেওবাৰ, সকলো ফ্ৰী। তাতে কাইলৈ হেনো দিনটোও ভাল, পূৰ্ণিমা!”

-“আচ্ছা, মানে তুমি এম.এ পাছ কৰিয়েই ওচৰৰ স্কুলখনত সোমাইছিলা ন, তৃষ্ণা?”

টেনিছ বলটোৰ সমান ৰসগোল্লাটোৰ আধা মুখত ভৰাই সুধিলে ৰক্তবীজে।

-“তৃষ্ণা নহয়, নম্ৰতা”

ৰক্তৰ বায়েকে ফুচফুচাই ক’লে তাক। এসপ্তাহ আগতে চোৱাজনীৰ নাম তৃষ্ণা আছিল। ৰক্তৰ অলপ কনফিউজন লাগি গ’ল।

-“অহ্ ছ’ৰি..নম্ৰতা। তুমি এম.এ পাছ কৰিয়েই ওচৰৰ স্কুলখনত সোমাইছিলা ন?”

নম্ৰতাই মূৰ দুপিয়ালে ৰক্তবীজৰ চকুলৈ নোচোৱাকৈয়ে। ইমানপৰ চাদৰৰ আঁচলটো চিকুটি চিকুটি তাইৰ আঙুলিৰ বিষ উঠিছে।

-“আমাৰ ৰক্তৰ কিন্তু মূৰ্গীৰ ঠেং বৰ প্ৰিয় দেই..”

ৰক্তবীজৰ মাকে কথাষাৰ কৈ হো-হোৱাই হাঁহিলে। নম্ৰতাৰ মাকে দূৰৈৰ পৰা ইংগিত দিলে। নম্ৰতাই ৰক্তৰ প্লেটখনত দুই টুকুৰা মূৰ্গীৰ ঠেং আৰু তিনিখন ফুলা লুচী ৰাখিলে সযত্নে। এইবোৰ সময়ত ক’ৰবাত অসাৱধান হৈ কিবা ভুল কৰি পেলালেই যেন বিয়াখন ভাগি থাকিব, এনে লাগে তাইৰ। আধাখোৱা ৰসগোল্লাটো একাষত থৈ ৰক্তই এইবাৰ লুচী আৰু মাংসত হাত দিলে। দ্ৰয়িং ৰুমটো ভৰি আছিল। তিনিখন গাড়ীৰে প্ৰায় পোন্ধৰজন মান ইষ্ট-কুটুম্ব লৈ ৰক্তবীজহঁত আহিছিল নম্ৰতাক চাবলৈ। যোগাযোগৰ মাজৰ মানুহ টংকে খুৰাৰ আহৰি নাই। দুয়োফালে নজৰ দিব লগা হৈছে।
খোৱা-বোৱা হৈ যোৱাৰ পাছত ৰক্ত আৰু নম্ৰতাক আছুটীয়া কোঠা এটালৈ লৈ গ’ল নম্ৰতাৰ বৌৱেকে।

-“অলপ মুকলিকৈ কথা-বতৰা পাতি লোৱা। কিবা সুধিব লগা আছে যদি ইজনে-সিজনক”

বৌৱেকে কৈ গ’ল। ৰক্তৰ বন্ধু পৰিমল দৌৰি আহি নম্ৰতালৈ চাই শুনা-নুশুনাকৈ ক’লে,

-“সকলো কথা ফ্ৰী হৈ ডিছকাছ কৰি ল দেই। লাজ কৰিলে নহ’ব, দুদিন পাছত ‘লাভ’ খেলিব লাগিব!”

নম্ৰতা ৰঙা-ছিঙা পৰিল। মানুহবোৰ যোৱাৰ পিছত ঘৰখন নিজম পৰিল। ‘দুই-এদিনতে খবৰ দিম’ বুলি টংকে খুৰাক কৈ ৰক্তহঁত গ’লগৈ। নম্ৰতাই উশাহ ল’লে দীঘলীয়াকৈ। মেখেলা-চাদৰযোৰ সলাবলৈ তাই নিজৰ কোঠালৈ গ’ল। বাহিৰত মাক-দেউতাকে বহি আলোচনা কৰিছে দিনটোৰ ঘটনাক্ৰম।

-“এইবাৰ হ’লেই হ’ল আৰু…”

সেয়া তাইৰ দেউতাক।

-“হয়…শুনকচোন, মাকক দিয়া পাটৰ চাদৰখন বাকীকৈ আনিছো। টকা দুহেজাৰ দিব কাইলৈ।”

-“এই দুদিনত বহুত খৰচ হ’ল ঔ…দৰমহা পালে দিম বুলি ক’বা বৈশ্য দোকানীক।”

নম্ৰতাই ৰক্তবীজৰ মুখখন মনত পেলাবলৈ চেষ্টা কৰিছে। এতিয়াহে অনুভৱ হ’ল, তাৰ মুখখন ভালকৈ চোৱাই নহ’ল। এমাহ আগতে চাবলৈ অহা গুৱাহাটীৰ প্ৰ’ফেছৰজনক তাইৰ ভালেই লাগিছিল। তাইৰ ভুল অথবা খুঁটটো ক’ত, তাই বুজিবলৈ চেষ্টা কৰে। সকলোৱে শেষত খবৰ দিয়ে ‘ছোৱালীজনীক কিবা ঠিক নালাগিল…বিয়াখন নহ’বগৈ’। এই ‘কিবা’টো কি, যিটোৰ কাৰণে বিয়াখন নহয়, তাই গমকে নাপায়। গম পালে কিজানি ঠিক কৰিব পাৰিলেইহেঁতেন। ভুল নজনাকে শুধৰণি কৰেই বা কেনেকৈ!

কিছুদিন পাছত ৰক্তবীজহঁতৰ ঘৰত,

-“হেৰা শুনিছা, যোৱা মাহত যে টংক কেৰাণীয়ে ছোৱালী এজনী দেখুৱাইছিল..তেওঁলোকে হেনো খবৰ লৈ আছে। কি কৰা যায়?”

চাহকাপত শোহা মাৰি ৰক্তবীজৰ মাকে সুধিলে গিৰীয়েকক।

-“বেয়া নাছিল তাই, পিছে অৱস্থা সিমান টনকীয়াল নহয়। পিছত খবৰ দিম বুলি কোৱা হে”

-“ও, এতিয়াই নাকচ কৰিব নালাগে। হাতত থাককচোন। নতুন তিনিগৰাকীৰ খবৰ পাইছোঁ। চাই লওঁ। তাৰ মাজৰপৰা বাচি উলিয়ালে হ’ল। আৰু বেছি ভাল পালে কিবা কাৰণ দেখুৱাই বাকীবোৰক নাকচ কৰি দিলে হ’ল…পিছে তোমাৰ ল’ৰাৰ আকৌ ৰূপৱতী নহ’লে চকুতেই নপৰে নহয়।”

-“এহ, নিজে ধৰ্মেন্দ্ৰ নহ’লেও কইনাজনী কিন্তু সকলোৱে হেমামালিনীৰ দৰেই বিচাৰে যে!”

-“কাইলৈ মৰিগাঁৱৰ ওচৰৰ জনীক চাই আহিম বুলি ভাবিছো। মই ভনীকেইজনীক খবৰ দিওঁ। ছোৱালীজনীৰ নামটো ৰক্তিমা..নামেৰে মিলে কিন্তু ইয়াৰ লগত!…আৰু তুমি কাপোৰ-কানি ৰে’ডী কৰা, নহ’লে যোৱাৰ সময়ত সদায় হাঁহাকাৰ লাগে। সেই যে নলবাৰীৰ ছোৱালীঘৰে দিছিল ছাৰ্টটো, সেইটোকে পিন্ধিবা। ধুনীয়া, দামীও।”

-“আচ্ছা, মানে তুমি বি.এ পাছ কৰিয়েই চাকৰিটোত সোমাইছিলা ন নম্ৰতা?”

বাটিটোৰপৰা পায়স এচামুচ মুখলৈ নি সুধিলে ৰক্তবীজে।

-“নম্ৰতা নহয় ও, ৰক্তিমা তাইৰ নাম। কিমানবাৰ গাড়ীত আহোঁতে কৈ আহিছিলোঁ নামটো। একেবাৰে মনত নাৰাখ”
ৰক্তৰ বায়েকে কাণে কাণে ক’লে তাক।

-“ওহ্ ছ’ৰি…ৰক্তিমা। বাৰু তুমি বি.এ পাছ কৰিয়েই চাকৰিটোত সোমাইছিলা নহয় নে?”

আকৌ সুধিলে ৰক্তবীজে। ৰক্তিমাই মূৰ দুপিয়ালে ৰক্তবীজৰ চকুলৈ নোচোৱাকৈয়ে। ইমানপৰ চাদৰৰ আঁচলটো চিকুটি চিকুটি তাইৰ আঙুলিৰ বিষ উঠিছে।

-“এইবাৰ হ’ব নে বাৰু বিয়াখন ঠিক!”

ভাবিলে ৰক্তিমাই!

“আমাৰ আকৌ ৰক্তৰ মূৰ্গীৰ ডাঙৰ ঠেং কেইখনহে প্ৰিয় দেই”

ৰক্তৰ মাকৰ কথা শুনি মাংস থোৱা বাচনটো আনিবলৈ ৰক্তিমা আগুৱাই গ’ল।।

★★★★

6 Comments

Leave a Reply

Your email address will not be published.