ফটাঢোল

কণমইনা – মাধৱ লহকৰ

ঠাচ্ ঠাচ্! শ্ৰেণী কোঠাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে শব্দৰ উৎস বিছাৰি মূৰ দাঙি চালোঁ। দেখিলোঁ, দিবাকৰৰ গালত পৰীৰ দুটা পূৰ্ণহতীয়া চৰ। ৰ’ব এনেকৈ ক’লে একো বুজি নাপাব।প্ৰথমৰ পৰা কওঁ শুনক-
তেতিয়া মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। পৰী মোৰ সহপাঠী আছিল। আমাৰ দুয়োজনৰ আগতে চিনাকি নাছিল। কাৰণ আমাৰ প্ৰাথমিক বিদ্যালয় বেলেগ আছিল আৰু আৰু পৰীৰ ঘৰ মোৰ ঘৰৰ পৰা দুই কি: মি: মান আঁতৰত আছিল। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে মই ইংৰাজীৰ টিউচন ল’লোঁ আৰু মই টিউচন লোৱা ছাৰজনৰ ওচৰতে পৰীয়েও টিউচন লৈছিল। আৰু তেতিয়াই আমাৰ দুয়োজনৰ চিনাকি হৈছিল। সময় বাগৰিল আমি ভাল বন্ধু-বান্ধৱী হৈ পৰিলোঁ আৰু চাওঁতে চাওঁতে ষষ্ঠ শ্ৰেণীৰ ডেওনা পাৰ হৈ সপ্তম শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ।

এই যে পৰীক্ষাৰ পিছৰ এক মাহ পাৰ কৰিলোঁ, সেইয়া আগৰ বন্ধবোৰৰ দৰে নালাগিল চোন! কিবা এটা অসম্পূৰ্ণ যেন লাগিল। বুজি নাপালোঁ ক’ত কি হ’ল! তেনেকৈয়ে পাৰ কৰিলো মাহটো। আকৌ স্কুল আৰম্ভ হ’ল। একেজন চাৰৰ ওচৰতে ইংৰাজীৰ টিউচনো আৰম্ভ হ’ল, লগত পৰী। আকৌচোন দিনবোৰ আগৰ দৰেই ভাল লগা হ’ল। তেতিয়াহে ওলাল ওৰহি গছৰ ওৰ। এই যে বন্ধত কিবা মিছ কৰি আছিলো সেই বস্তু ভাগ মানে পৰীহে আছিল। তেতিয়া মনতে ভাবিলোঁ, ইয়াকে ছাগে ভাল পোৱা বুলি কয়। পৰীৰ কথাৰ পৰা অনুমান কৰিলোঁ তেওঁৰো একে অৱস্থা হৈছিল।

যা হওক আকৌ দিনবোৰ আগৰ দৰে হৈ পৰিল। সপ্তম শ্ৰেণীত এদিন পৰী ছোৱালীৰ শাৰীত তিনি নম্বৰ বেঞ্চত বহিল আৰু আৰু মই বহিলোঁ ল’ৰাৰ শাৰীত তিনি নম্বৰ বেঞ্চত। সেয়েহে দুয়োজনে ইজনে সিজনলৈ মাজে মাজে লাইন দিবলৈ বৰ সুবিধা হৈছিল। কিন্তু চাৰি নম্বৰ বেঞ্চত বহা দিবাকৰে আমাৰ কাণ্ড কাৰখানাবোৰ লক্ষ্য কৰি আছিল।

অ’ আপোনালোকক আৰু এটা কথা কোৱা নাই নহয়। কাহিনীটোৰ অন্যতম হিৰ’ আছিল পুলক। পুলক হেনো পৰীৰ গোপন প্ৰেমিক আছিল। সেইকথাটো আকৌ মই নাজানো। ক্লাছ শেষ হোৱাৰ লগে লগে দিবাকৰে কথাটো ল’ৰাবোৰৰ মাজত প্ৰচাৰ কৰি দিলে যে মাধৱে পুলকৰ ভাগ মাৰিলে। মাধৱে পৰীক লাইন মাৰে। কথাটো পুলক আৰু মই গম পালো যদিও পৰীয়ে গম নাপালে। যা হওক কাহিনীত ‘টুইষ্ট’ আহি গ’ল। “এক ফুল দো মালী “, দুই হিৰ’ৰ মাজত এতিয়া যুদ্ধ হ’ব নেকি ? নে কোনোবা এজনে হিৰ’ইনৰ শান্তিৰ বাবে নিজৰ প্ৰেম চেক্ৰিফাইজ কৰিব? কিন্তু পুলক আৰু মোৰ মাজত কিবা কথা হোৱাৰ আগতে ক্লাছত অংকৰ বাইদেউ সোমাল আৰু বাইদেউক দেখা মাত্ৰকে পুলকে কান্দি কান্দি ক’লে যে, “বাইদেউ দিবাকৰে মোক আৰু মাধৱক পৰীৰ লগত যোৰা দিছে।”

বাইদেউয়ে মোক সুধিলে হয় নে মাধৱ ? কি বুলি যোৰা দিলে দুজন লৰাক এজনী ছোৱালীৰ লগত ?

মইঃ “বাইদেউ, দিবাকৰে কৈছে যে ” মাধৱে পুলকৰ ভাগ মাৰিলে, সি পৰীক লাইন মাৰে”।

বাইদেউয়ে পুলক আৰু মোক বহিবলৈ দি দিবাকৰক দিলে পাঁচ চাট মান চেকনিৰে লগায়। ক্লাছৰ বেল পৰাৰ পাছত বাইদেউ পাঠদান শেষ কৰি গৈ অফিচ ৰূম পালে কি নাই আমাৰ সকলোৰে কিতাপ বহীবোৰ সামৰি হোৱাই নাই, ঠাচ্ ঠাচ্ দুটা শব্দত সকলোৱে মূৰ দাঙি চালোঁ । কাণ্ড দেখি সকলোৰে চকু কপালত, পৰীয়ে দিবাকৰক দিলে দুখন গালত দুটা চৰ লগাই আৰু ক’লে, “আজিৰ পৰা এনে কথা নক’বি। আজি তোক একোৱে নকৰিলোঁ আৰু যদি কৱ নহয় তোক চাই ল’ম সেইদিনা, চিনি পোৱা নাই মানুহ”, এই বুলি কৈ পৰী আহি নিজৰ বেঞ্চত বহিল।

দিবাকৰে একো তলকিবই নোৱাৰিলে। ভেবা লাগি চাই থাকিল। পৰীৰ ৰূদ্ৰমূৰ্তি ৰূপ দেখি মোৰো নতুনকৈ হোৱা প্ৰেমৰ গছজোপা শিপাই চিপাই উঘালি পৰিল। মই বোলো, “কৃষ্ণ কৃষ্ণ হ’ল আৰু দিয়া প্ৰভু, নালাগে আৰু বহুত হ’ল। এইজনীয়ে চোন এতিয়াই কালী ৰূপ ধাৰণ কৰিলেই! পিছলৈতো খাটাং পুতনাৰ ৰূপ ধৰিবই”। মই সেইদিনাৰ পৰা সেই আশা বাদ দিলোঁ। পাছলৈ যেনিবা পৰী সলনি হ’ল আৰু আমি ভাল বন্ধু বান্ধৱী হৈ থাকিলোঁ।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.