ফটাঢোল

কাউ ৰাইডিং – অৰবিন্দ গোস্বামী

সুন্দৰ-সুঠাম ভাস্কৰ বৰডেকাই তেতিয়া কলেজীয়া জীৱন শেষ কৰিছে। ফাইনেল পৰীক্ষাৰ ৰিজাল্টো দিয়া নাই। কলেজলৈ যোৱা সময়কণত সেয়েহে ঘৰত মন নবহে। নিবিড় বন্ধু সৌৰভ শৰ্মাৰ লগত কলেজ চাৰিআলিলৈ এনেই ওলাই যায়। দুই এগৰাকী সুন্দৰীৰ ৰূপসুধা পান কৰি নয়ন সাৰ্থক কৰে। কলেজীয়া প্ৰেমৰ কেৰিয়াৰ দুয়োৰে একে নহয়। সৌৰভৰ প্ৰেয়সী তেতিয়াও কলেজীয়া ছাত্ৰী। কিন্তু ভাস্কৰ প্ৰেম নামৰ কিতাপখনৰ সূচীপত্ৰতে থাকিল। গতিকে কলেজ ৰ’ডলৈ ওলাই গ’লে সৌৰভৰ লাভ বেছি হয়। অকণমান সময় হ’লেও প্ৰেয়সীৰ সৈতে কথা পাতি মন জুৰায়। ভাস্কৰে আগৰ দৰেই চালে-বেৰে কোবাই থাকে। হঠাৎ এদিন ভাস্কৰে দেখিলে কলেজত এজনী অতিকৈ ৰূপৱতী ছোৱালী। তাৰ এনে ভাৱ হয় যেন ছোৱালীজনীয়েও তাৰ ফালে এক অৰ্থপূৰ্ণ দৃষ্টি দি যায়। অৱশ্যে এই কথা সঠিককৈও ক’ব নোৱাৰে। বৰডেকাই নিজৰ মনৰ কথা সৌৰভক ক’লে – “ভাই সৌৰভ, তোৰ অভিজ্ঞতা বহুত। তই কিবা এটা কৰ। তোৰজনীক কৈ কমচেকম ফোন নম্বৰটো হ’লেও আনি দে।”
সৌৰভেও ভাবিলে কথাটো হয়। বেচেৰা বন্ধুক অলপ সহায় কৰিব লাগে। এনেয়ো তাৰ প্ৰেমতো বৰডেকাই বহুত সহায় কৰি আহিছে। সেয়ে সৌৰভে নিজৰ প্ৰেয়সীক সকলো বুজাই ক’লে। সৌৰভৰ প্ৰেয়সীয়ে কিবা কায়দা কৰি ছোৱালীজনীৰ ফোন নম্বৰটো আনি সৌৰভৰ হাতত দিলে। সি আনন্দ মনেৰে আহি ভাস্কৰক ফোন নম্বৰটো দিলেহি।
“ঐ পাৰ্টনাৰ, ল ভাই তোৰ আইটেমৰ ফোন নাম্বাৰ। লগা এতিয়া।”
– সৌৰভে ক’লে।
“তয়ে লগানা। মোৰ ভয় লাগে।”
“ওপৰ কে নাৰিয়ল মে পানী নেহী হে ক্যা! প্ৰেম তই কৰিবি আৰু প্ৰ’পজ মই কৰিম! লগা, নিজে ফোন লগা।”
এইবাৰ বৰডেকাই ভয়ে ভয়ে ফোন লগালে। সিফালৰপৰা ছোৱালীজনীৰ মাত শুনা গ’ল –
“হেল্ল’।”
“হেল্ল’, মই ভাস্কৰ বৰডেকা। তুমি যে হৰিদাৰ দোকানৰ সন্মুখত সদায় কলেজ যাওঁতে দেখা, ময়ে ভা ভা ভাচ্…..”
“মইতো আপোনাক চিনি নাপাওঁ! বাৰু কওকচোন কিয় ফোন কৰিলে?”
“আই..মানে …মই….মই…মানে…আই..
“জানো জানো, আই মানে মই, মই মানে আই। পিছৰখিনি কওক।”
“লাভ ইউ।”
এক ছেকেণ্ডতে দুটা শব্দ কৈ ফোন কাটি দিলে বৰডেকাই। তাৰপিছত ফোপাবলৈ ধৰিলে।
“কি হ’ল? এনেকৈ ফোপাইছ কিয়? কি ক’লে?”
– সৌৰভে সুধিলে।
“নাই, কিবা কোৱাৰ আগতে ময়ে কাটি দিলো।”
“উঃ ৰাম, মানে… তোৰ একো নহ’ব। অলপ ভদ্ৰভাৱে কথাও পাতিব নাজান।”
এনেতে বৰডেকাৰ ফোনৰ ঘণ্টি বাজিল। স্ক্ৰিণলৈ চাই সি কঁপিবলৈ ধৰিলে। সৌৰভে লগে লগে বুজি পালে যে ছোৱালীজনীয়ে ফোন কৰিছে।
“আব্বে… উঠা, উঠা।”
– সৌৰভ শৰ্মাই বৰডেকাক জ’ছ দি দিলে। অৱশেষত যেনিবা বৰডেকাই ফোনটো উঠালে। সিফালৰপৰা সুললিত কণ্ঠস্বৰে কৈ উঠিল,
“দাদা, আপুনি যদি মোক সঁচাই ভাল পায়, তেন্তে মোক কৈ লাভ নাই। মোৰ দেউতাক কওক। মোৰ দেউতাই অনুমতি দিলে মই আপোনাক ভালো পাম, আপোনাৰ সৈতে বিয়াও হ’ম। দেউতাৰ নম্বৰ ……… পাৰ্চনেল নম্বৰ দেই। দেউতাৰ নাম এইচ. কাকতি।” টিট্ টিট্ টিট্……
“কি ছোৱালী বে’! ভাল পাবৰ কাৰণে হেনো বাপেকক সুধিব লাগে। চাল্লা এই বাপবোৰ! ঢোৰা সাপবোৰ। ভ’লে বাবাৰ ডিঙিত ওলমাদি ওলমি থাকিব।”
– চৰম বিৰক্তিৰে বৰডেকাই কথাখিনি ক’লে। সৌৰভেও কিছু সময় তলকা মাৰিলে।
“লগা। ফোন লগা। মই কৈছোঁ, ফোন লগা বুঢ়াক। মই সৌৰভ শৰ্মাই কথা পাতিম। আজি তাইৰ অহঙ্কাৰ ফালিম। কোননো মিনিষ্টাৰৰ জীয়েক তাই চাওঁ।”
বৰডেকাৰপৰা সৌৰভ শৰ্মাই একপ্ৰকাৰে ফোনটো কাঢ়ি লোৱাদি ল’লে। নিমিষতে ফোনটোৱে ৰিং কৰিলে।
“এইচ. কাকতি নেকি?”
“হয়, এছ. পি. এইছ কাকতি স্পিকিং। কোনে ক’লে বাৰু? এই ভৰা, ভৰা, তাক লক আপত। চাল্লা….”
“আই ঔ চাৰ… নামাৰিব ঔ… মই নহয় ঔ চাৰ…”
“হেল্ল’, কওকচোন।”
 “মানে… মানে… চাৰ মোৰ ৰ…ৰঙা গ……গৰু এটা হেৰাল…মানে…”
“হেল্ল’…”
টিট্ টিট্ টিট্…
ফোনটো কাটি দি সৌৰভে লগে লগে চুইছ অফ কৰিলে।
“শেষ। সব পণ্ড। ঐ বৰডেকা এতিয়া কি হ’ব? হাঁ! কি হ’ব এতিয়া?”
সৌৰভ শৰ্মা কন্দনামুৱা হ’ল।
“বেটীৰ বাপেক এছ. পি.।”
“কি? এছ. পি.? সব তোৰ কাৰণে হৈছে। একো নজনাকৈ জ’ছ দেখুৱাৱ। এতিয়া মইহে ফচিম, মোৰ ফোনৰপৰা ফোন কৰিলি। কি হ’ব এতিয়া। আই ঐ, ইমান ধুনীয়া ছোৱালীজনীনো ভগৱানে পুলিচৰ ঘৰতহে জন্ম দিব লাগেনে? এতিয়া আমি মৰিলো আৰু।”
বৰডেকাই ইনাই-বিনাই কান্দিবলৈ ধৰিলে। সৌৰভেও সহযোগ কৰিলে।
“নেকান্দিবি দোষ্ট, নেকান্দিবি। অকল তয়ে নফচ,ময়ো ফচিম। কাৰণ তোক ধৰি পুলিছে সৌকাডাল ডঙাৰ লগে লগে তয়ো সাউৎকৈ মোৰ নামটো কোব খোৱাৰ ভয়ত কৈ দিবি নহয়!”
– সৌৰভে কান্দি কান্দি ক’লে।
এই ঘটনাৰ পিছত দুদিন ধৰি ভাস্কৰ বৰডেকা আৰু সৌৰভ শৰ্মাৰ মোবাইল অফ। ঘৰৰপৰাও ওলোৱা নাই। কোনেও কাকো দেখা নাই। তৃতীয় দিনা সৌৰভ ভয়ে ভয়ে বৰডেকাৰ ঘৰ ওলালহি।
“ভাই ভাস্কৰ, এনেদৰে আৰু কিমানদিন আত্মগোপন কৰি থাকিবা। ব’লা, আজি অলপ এইবোৰৰপৰা মুক্ত হৈ ক’ৰবাত ধাবাত বহোঁগৈ। লালপানী নধৰিলে মনৰ টেনচন দূৰ নহ’ব।”
এনেদৰে কথা পাতি দুয়ো এখন ধাবাত বহিলগৈ। সৌৰভে এইখন ধাবাত বহি বেয়া পায়। কাৰণ আধা কিলোমিটাৰমান দূৰত তাৰ প্ৰেয়সীৰ ঘৰ। অৱশ্যে ৰাতি প্ৰেয়সী বাহিৰলৈ নোলায়। তথাপি দিন বেয়া থাকিলে একো ক’ব নোৱাৰি। ভাস্কৰৰ আকৌ এইখন ধাবাহে প্ৰিয়। টেনচন আঁতৰাবলৈ একেবাৰে টেটুৰ গুৰিলৈকে গিলিলে। নিচাৰ প্ৰকোপত দুয়োৰে জিভা পাক খাবলৈ ধৰিলে। যেনে-তেনে বৰডেকাই লৈ অহা বাইকখন ষ্টাৰ্ট কৰি দুয়ো বাইকত বহি পৰিল।
“আৰে উঠা বন্ধু, যি হ’ল, হৈ গ’ল আৰু। এতিয়া গ’ বেক কৰোঁ।
– বৰডেকাই ক’লে।
“না না ৱেইট।”
– এইবুলি কৈ সৌৰভে পকেটৰপৰা এযোৰ নহয় দুযোৰকৈ চানগ্লাছ উলিয়াই ক’লে, “তুমি এযোৰ পিন্ধা আৰু এযোৰ মই পিন্ধো।”
“বন্ধু তুমি ফিটিং হৈ গ’লা। ৰাতি চানগ্লাছ পিন্ধে নেকি বাৰু?”
– বৰডেকাই হাঁহি হাঁহি ক’লে।
“না বন্ধু, নিচা মোৰ হোৱাই নাই। তোমাৰ কিন্তু নিচা হ’ল। এইটো ৰাস্তাতে মোৰ প্ৰেয়সীৰ ঘৰ। ইফালে পুলিছৰো ভয়। গতিকে দুয়োটাই দুযোৰ চানগ্লাছ পিন্ধি ল’লে আমাক কোনেও চিনি নাপাব। হিঃ হিঃ হিঃ। এতিয়া কোৱা কোন বেছি টেঙৰ, তুমি নে মই?”
সৌৰভ শৰ্মাৰ কথা শুনি বৰডেকাই কিছুপৰ তলকা মাৰি কৈ উঠিল –
“এক্সেলাণ্ট, বাঃ ক্যা ডিমাগ পায়া হে। মান গয়া দোষ্ট। দিয়া পৰিধান কৰি লওঁ।”
এইবুলি কৈ বৰডেকাই বাইকৰ ওপৰতে সৌৰভে দিয়া গ্লাছযোৰ পিন্ধিলে। সৌৰভেও গ্লাছ লগাই ল’লে। তাৰ পিছত দুয়ো হৈ পৰিল “শ্ব’লে”ৰ  জয় আৰু বীৰু। লালপানী খোৱাৰ দিনা দুয়োৰে সদায় একে চিষ্টেম। যাওঁতে সেই বিখ্যাত “য়ে দ’ষ্টী, হাম নেহী ত’ৰেঙ্গে…”  গাবই। আজি মাত্ৰ এটাই পাৰ্থক্য যে এই ৰাতিখন দুয়োটাই চানগ্লাছ পিন্ধি আছে। ভাস্কৰ বৰডেকাই বাইক চলাব আৰু সৌৰভ শৰ্মা পিছফালে বহিব, মুখত দুয়োৰে সমবেত সঙ্গীতৰ কলি। গতিকে সেইদিনাও একেটা কায়দাতে গমন কৰিলে। মাজে মাজে সৌৰভে বাইকৰ পিছফালে থিয় হৈ বৰডেকাক দৰকাৰী জ’চ দি দিয়ে। মাজে মাজে দুয়োৰে মুখত মনৰ আনন্দতে অশ্লীল দুই-এফাঁকিও ওলায়। ফূৰ্তিপানী ধৰাৰ দিনা দুয়ো অলপ দেৰিকৈয়ে যায়। সিদিনা অলপ বেছিয়েই দেৰি হৈ গ’ল। ১১ মানেই বাজিল। দুয়োৱে সময়, দুদিন আগৰ পুলিচৰ ঝামালা আদি পৃথিৱীৰ সকলো চিন্তা পৰিহাৰ কৰি নিচাকণৰ মজা লৈ গৈ আছে। এনেতে সৌৰভে “বন্ধু ব্ৰেক, প্লিজ ব্ৰেক মাৰা” বুলি চিঞৰি উঠিল। সৌৰভৰ শ্ৰীমতীৰ ঘৰৰ অলপ আগত গৈ বাইক ৰ’ল। সৌৰভ নামি গ’ল। বাইকৰপৰা নামি প্ৰেয়সীৰ ঘৰৰফালে চাই বৰডেকাক মুখত আঙুলি থৈ ক’লে, “ওচ্ চ..চ। সিদিনা যে তোমাৰ আইটেমৰ দেউতাকক ৰঙা গৰু এজনী হেৰোৱা বুলি কৈছিলো, কথাটো একেবাৰে মিছাও নাছিল। মোৰ শ্ৰীমতীৰ ঘৰৰ ৰঙা গাই এজনী হেৰাইছিল। মোৰ সেই কথাটো মনত পৰাত খপজপকৈ মই সেইটোকে কৈ দিছিলো। গাইজনী এতিয়া সিহঁতৰ ঘৰৰ সন্মুখতে দেখিছোঁ। ব’লা অলপ মোৰ বাবে কষ্ট কৰা বন্ধু। তুমি মোক সহায় কৰিবা, মই মোৰ শ্ৰীমতীৰ প্ৰিয় গাইজনী যেনে তেনে সিহঁতৰ ঘৰৰ ভিতৰত সুমুৱাই থৈ আহোঁ। বেচেৰীয়ে আজি দুদিন ধৰি গাইজনীৰ দুখত ভাতেই খোৱা নাই।”
সৌৰভে গ্লাছযোৰ খুলি পকেটত ভৰালে। বৰডেকাৰ গ্লাছ চকুতেই থাকিল। ওচৰলৈ গৈ সৌৰভে কয়, “এইজনীয়েই ৰঙা গৰুজনী।” ভাস্কৰ বৰডেকাই কয়, “তুমি নিচাত ক’লাক ৰঙা দেখিছা।” ইয়াকে লৈ দুয়োৰে মাজত কিছুপৰ তৰ্কাতৰ্কি চলিল। শেষত সৌৰভ শৰ্মাই অলপ চেণ্টি ফালি ক’লে – “হ’ব, মই অকলেই তাইক ঘৰৰ ভিতৰত থৈ আহিম। তুমি মোক সহায় নকৰিলেও হ’ব।”
বৰডেকাৰ অলপ বেয়া লাগিল। ভাবিলে গৰু ৰঙাই হওক বা ক’লাই হওক, মোৰ কি আহে যায়। বন্ধুক সহায় কৰাতো মোৰ দায়িত্ব। তাতে সৌৰভৰ যে নিচা অলপ বেছি হৈছে, সেয়া বৰডেকাই বুজিছে। এনেয়ো নিজে নিচাত থাকিলে আনক বেছি নিচাত থকা দেখা যায় আৰু নিজকে সম্পূৰ্ণ সুস্থ দেখুওৱাৰ প্ৰয়াস কৰা হয়। বৰডেকাৰো সেয়াই হ’ল। তেওঁ ক’লে,
“বন্ধু, তুমি ৰ’বা। মই থাকোতে তুমি কিয় ইমান কষ্ট কৰিবা? মই কৰিম যি কৰিব লাগে।”
– এইবুলি কৈ বৰডেকা আগবাঢ়ি গ’ল। গৰুটো (আচলতে সেইটো ৰঙা ষাড় গৰু আছিল। নিচাত ৰঙৰ লগতে ইমান তৰ্কাতৰ্কি! দমৰা নে চেউৰী কোনে চায়?) অলপ ঠেলা হেঁচা কৰি বৰডেকাই ভালদৰে লৰাবও নোৱাৰিলে। এইবাৰ সি গৰুটোৰ পিঠিৰ ওপৰেদি এটা ভৰি পাৰ কৰি দুয়োফালে দুটা ভৰি থৈ চেষ্টা কৰিলে। নাই লৰচৰো নহয়। আৰামত বহি দিনত ভৰোৱাখিনি পাগুলি আছে। বৰডেকা ঘামি গৈছে। চকুৰ চানগ্লাছ চকুতেই আছে। এনেতে সৌৰভ শৰ্মাৰ উঠিল খংটো। নিমিষৰে গৈ ষাড়টোৰ নেজত ধৰি দিলে পকাই। ষাড়টো উঠি মাৰিলে দৌৰ। এজনেও একো পাত্তাই নাপালে।
বৰডেকাৰ ভৰি দুটা ষাড়টোৰ পিঠিৰ দুয়োফালে থকা বাবে সি উঠাৰ লগে লগে বৰডেকা গৰুটোৰ পিঠিত বহি পৰিল। কি কৰোঁ কি নকৰোঁকৈ পৰি যোৱাৰ ভয়ত ধৰিলে গৰুটোৰ কাণ দুখনতে থাপ মাৰি। বচ। চুৰু হ’ল ভাস্কৰ বৰডেকাৰ ‘কাউ ৰাইডিং’। পিছে পিছে চিঞৰি চিঞৰি সৌৰভ। সৌৰভে গৰুটো যিমান খেদে সি সিমান দৌৰে। গৰুটো যিমান দৌৰে, বৰডেকাই তাৰ কাণ দুখনত সিমান জোৰেৰে খামুচি ধৰে। এনেতে পেট্ৰ’লিঙত থকা পুলিছৰ জিপচী এখন সেইখিনিত ৰ’লহি। সেই ৰাতি চানগ্লাছ পিন্ধি ‘কাউ ৰাইদিং’ কৰা অভূতপূৰ্ব দৃশ্য দেখি পুলিছে আটাইকেইটাকে ঘেৰাও কৰি ধৰিলেহি। ষাড়টোৱে হয়তো ভাবিছিল, আজি এইটো কি বস্তুৰ পাল্লাত পৰিলো! এতিয়া বৰডেকাক পুলিছে আৰু সৌৰভ শৰ্মাই যিমানেই গৰুৰ পিঠিৰপৰা নামিবলৈ কয়, তেওঁ সিমান জোৰেৰে গৰুৰ কাণ দুখন খামোচ মাৰি ধৰে। ইয়াৰ দুটা কাৰণ আছিল, এটা হ’ল গৰুৰ পিঠিৰপৰা পৰি যোৱাৰ ভয়, আনটো হ’ল গৰুটোৱে যদি পুলিছৰ হাতৰপৰা আঁতৰাই নিৰাপদ দূৰত্বলৈ লৈ যায়, লৈ যাওক।
দুদিন আগৰ ঘটনাটোও হঠাৎ মনলৈ আহিল। অৱশ্যে বহুত সময় যুঁজি পুলিছে বৰডেকাক উদ্ধাৰ কৰিলে। শেষত দুয়োকে বাইকৰ সৈতে পুলিছ বাহিনীয়ে থানা পোৱালেহি।
থানা পোৱাৰ পাছত দুয়োকে বেঞ্চ এখনত বহিবলৈ দিয়া হ’ল। ওচৰতে চোৰ এটাক লপা-থপা দি আছে। শেষত ভাস্কৰ বৰডেকা আৰু সৌৰভ শৰ্মাক হাজিৰ কৰা হ’ল অ’.চি.ৰ ওচৰত। বিশাল মোছ থকা অ’.চি.ক দেখিয়েই দুয়োৰে চুলিৰ আগেৰে জীউ গ’ল। হাবিলদাৰ এজন কাষতে থিয় হৈ আছিল।
হাবিলদাৰ : চাৰ,এই দুটাই আকৌ মাজৰাতি ‘কাউ ৰাইডিং’ কৰিছে। তাকো চানগ্লাছো পিন্ধি লৈছে। নিচাত ফিটিং দুয়োটা।
অ’.চি. : কাউ ৰাইডিং! মানে?
হাবিলদাৰজনে সমস্ত ঘটনা বুজাই ক’লে। অ’চিয়ে মোছৰ তলেদি অলপ মিচিকিয়া হাঁহি এটা মাৰিলে।
অ’চি : কোনটো ব্ৰেণ্ডৰ গেলা খাইছিলি?
ভাস্কৰ বৰডেকা (অলপ উৎসাহেৰে) : আমি গেলা নাখাওঁ চাৰ। ব্ৰেণ্ডেড লালহে খাওঁ।”
অ’.চি. : চুপ। লক-আপত ভৰাই নিচা ফালিম তহঁতৰ আজি। ৰাতি মদ খাই গৰুৰ পিঠিত উঠ। কিমান পঢ়িলি? আৰু কিমান বয়স হৈছে তোৰ?
বৰডেকা : চাৰ, কাগজ-কলম দিব নেকি? বয়সটো হিচাপ কৰিহে ক’ব পাৰিম।
অ’চি : (আঙুলিকেইটাৰে কপালখন অলপ মোহাৰি মোহাৰি) : এই বৰুৱা, ইহঁত কোনোবা পগলা ফাটেকৰপৰা পলাই অহা নাইতো?
অ’চিৰ কথা শুনি আটায়ে গিৰ্জনি মাৰি হাঁহিলে। তেওঁলোকৰ এজনে ক’লে –
“হ’বও পাৰে চাৰ। বাইক ষ্টাণ্ট দিয়া বহুত ধৰি আনি পিটি পিটি চিধা কৰি দিছোঁ। কিন্তু মোৰ পুলিছৰ কেৰিয়াৰত ষাড় গৰু ষ্টাণ্ট দিয়া এইটোৱেই প্ৰথম কেচ। নাজানো ওপৰৱালাই এই নমুনাবোৰ কি ভাবি পৃথিৱীলৈ পঠিয়ায়।”
অ’চি : চেলফোন দুটা দে তহঁতৰ।
দুয়োৱে চেলফোন দুটা ভয়ে ভয়ে টেবুলত থলে। বৰডেকাই গম পালে, এতিয়া আৰু সব খতম। আইটেমৰ ফোন নম্বৰ, এছ.পি.লৈ ফোন কৰা, সব ধৰা পৰিব এতিয়া। সৌৰভ শৰ্মায়ো একেটা কথাতে ভয় খাইছে। কিন্তু মুখ খুলি একো ক’ব নোৱাৰে। সৌৰভ শৰ্মাই অলপ সাহস কৰি ক’লে –
“চাৰ কথা এটা ক’ব লগা আছিল?”
অ’চি – “কি ক’বলৈ আছে কৈ যা। (দুয়োটা ফোন চেক কৰি) তহঁতৰ ঘৰৰপৰা এতিয়ালৈকে কিমানবাৰ ফোন কৰিছে জাননে? এবাৰো তহঁতে ৰিছিভ কৰা নাই। তোৰ কি ক’বলৈ আছে পিছত ক’বি। মই তহঁতৰ ঘৰত প্ৰথম খবৰ দি লওঁ। এইবুলি কৈ অ’চিয়ে সৌৰভৰ ঘৰলৈ ফোন লগালে। ফোনতেই চিনাকি পৰ্ব শেষ হোৱাৰ পিছত বুজা গ’ল যে সৌৰভ শৰ্মাৰ দেউতাক আৰু অ’চিজন একেলগে কলেজত পঢ়িছিল। দুয়োৱে অলপ হ’লেও সাহস পালে। ভাবিলে, উঃ! ৰক্ষা পৰিলো যেনে তেনে। অলপ সময় কথা পতাৰ পিছত অ’চিয়ে ফোন কাটিলে।
অ’চি : তোৰ দেউতাৰৰ লগত মই একেলগে পঢ়া। হয়তো তহঁত দুয়োটাৰে ঘৰৰ ভাল চিনাকি আছে। সেয়ে তোৰ দেউতাৰে (সৌৰভ শৰ্মালৈ আঙুলিয়াই) তোক আজি লক-আপত ভৰাই গোটেই ৰাতি ধুলাই দিবলৈ কৈছে। (কথাষাৰ শুনি বৰডেকা মূৰ ঘূৰাই পৰিবলৈয়ে ধৰিছিল। হাবিলদাৰ এজনেহে কোনোমতে ধৰি ৰখালে) আজি ৰাতি তহঁত আমাৰ আলহী। এতিয়া কৈ যা তোৰ কি ক’ব লগা আছিল।
সৌৰভ শৰ্মাই ভাবিলে – ধুলাইতো খাটাং পৰিবই। আৰু এতিয়াই ধৰা পৰা নাই যদিও পিছত হ’লেও বৰডেকাৰ কল লিষ্টত এছ.পি. এইছ. কাকতিৰ নম্বৰ ওলাবই। গতিকে সময় থাকোতেই গোটেই কথাখিনি সঁচাকৈ কৈ দিলে হয়তো অলপ হ’লেও শাস্তি কম হ’ব। সেয়ে দুদিন আগৰ সমস্ত ঘটনা বকি দিলে।
অ’চিয়ে ক’লে – “তহঁতলৈ মোৰ দুখেই লাগিছে। মূৰ্খহঁত, সেই ছোৱালীজনীয়ে তহঁতক উল্লু বনালে। এছ.পি. চাৰৰ নাম অশোক হুজুৰী। চাৰ আজি অহা নাই। তাই তাইৰ বন্ধুৰ লগত লগ লাগি তহঁতক ভয় খুৱালে আৰু তহঁতে ভয় খালি। এতিয়া যা ধুলাই খাগৈ। বৰুৱা,ইহঁতক লৈ যাওক। মনত ৰাখিব; অপ্যায়নত কোনো ধৰণৰ কৃপণালি নকৰিব।”
দুয়োকে পেণ্টৰ বেল্ট খুলি জমা দিবলৈ কোৱা হ’ল। শেষত হাবিলদাৰ দুজনে দুয়োকে হাতত ধৰি গন্তব্যস্থানলৈ বাট দেখুওৱাৰ আগে আগে ভাস্কৰ বৰডেকাই কৈ উঠিল তাহানি “দিলৱালে”ৰ সেই বিখ্যাত ডাইলগটি, “হামে ত’ অপন’ নে লুটা, গেইৰ’ মে ক্যা দম থা, মেৰী……” শেষ হ’বলৈ নাপাওঁতেই অ’চিয়ে গৰজি উঠিল, “চুপ থাক ঐ। ইয়াক দৰকাৰ হ’লে থাৰ্ড ডিগ্ৰী দিবি। চাল্লা আচিক হৈ দেখুৱায়। লৈ যা ইহঁতক।”
(শুনামতে ভাস্কৰ বৰডেকাৰ সেইদিনাৰপৰা প্ৰেম,বিবাহ ইত্যাদিলৈ ভয় লগা হ’ল। সিদিনা ৰাতি লক আপত কি কি হ’ল, সেই বিষয়ে সবিশেষ জনা নগ’ল)
☆★☆★☆

2 Comments

  • ডলী তালুকদাৰ

    বঢ়িয়া।

    Reply
  • কমল তালুকদাৰ

    হাঃ হাঃ তামাম !

    ••••কাও ৰাইডিং

    Reply

Leave a Reply

Your email address will not be published.