ফটাঢোল

কি নাম দি মাতিম – পার্থ পি. বৰা

বাৰিষা বাটৰ কাষৰ খাল বিলত মাছুৱৈৰ জালত পুঠি, গৰৈ জাতীয় মাছ উঠাতো তেনেই সাধাৰণ আৰু গতানুগতিক কথা। ‘পুঠি মাছে হে..’, ‘গৰৈ চেঙেলী.. আজি ভাল মাছ নাই’…বুলি কৈ সকলোৱে বিশেষ উৎসাহ নেদেখুৱাই মাছবোৰ সাধাৰণ ভাৱেই আঁতৰাই থয়। একেদৰেই কিজানি ভার্গৱ, সৌৰভ, প্ৰাঞ্জল প্ৰতিম, পৰিস্মিতা, পম্পী জাতীয় নামৰ আশী, নব্বৈ দশকত জন্মলাভ কৰা সকলৰ জন্মৰ সময়ত সকলোৰে মনত বিশেষ কোনো উৎসাহ নাছিল আৰু তেওঁলোকৰ নামাকৰণ খুব গতানুগতিক ভাৱেই কৰিছিল। মাছুৱৈৰ জালত ৰৌ, চিতল উঠিলে চাবলৈ আৰু খাবলৈ হেঁপাহ কৰা লোক স্বাভাৱিকতেই বৃদ্ধি পায়। এয়া যেন কোনো মাছৰ নাম নহয় এটা ব্ৰেণ্ডহে, ৱাহ সিহঁতক লৈ সকলোৰে কি যে উৎসাহ..! বহু সময় ধৰি সেই মাছকেইটাৰ বিষয়ে আৰু মাছকেইটা কাৰ ঘৰৰ পাকঘৰ পালেগৈ সেয়াও আলোচনা চলে। পৰশ, নিয়ৰ, বাসৱ, অনুভূতি, লুপামুদ্ৰা এইধৰণৰ নামৰ লোকসকলৰ জন্মকালচোৱাও চাগে বিশেষভাৱে উৎসাহজনক আছিল। তেওঁলোকক ইমান সুন্দৰ, অর্থপূর্ণ নামেৰে বিশেষভাৱে নামাকৰণ কৰা হৈছিল।

“তোমাৰ নামটো কি..?”

“প্ৰাঞ্জল”

“প্ৰাঞ্জল প্ৰতিম নেকি..?”

“হয়”

“হয় নেকি..!মোৰ ভাগিন(ভতিজা/বন্ধু/দাদা/ভাইটি….)এটাৰ নামো প্ৰাঞ্জল। তোমালোকক সখি পাতি দিম ৰ’বা।”

শৈশৱ, কৈশোৰ আৰু যৌৱনত এইষাৰ কথা শুনি শুনিয়ে প্ৰাঞ্জলে জীৱন আগুৱাইছে। সখি পতাত তাৰ কোনো সমস্যা নাই। সমস্যা আহে তেতিয়া যেতিয়া এজন প‌্ৰাঞ্জলে ছ’ছিয়েল মিডিয়াত কৰা কোনো সন্ত্ৰাসৰ বাবে আন এজন নিৰ্দোষী প্ৰাঞ্জললৈ ভাবুকি আহে। সমস্যা তেতিয়া আহে যেতিয়া কলেজৰ এটা শ্ৰেণীতে দুজন ভার্গৱ থাকে আৰু দুয়োজনকে নির্দিষ্টকৈ বুজাবলৈ শ্ৰেণীবন্ধুয়ে ‘কটিয়া ভার্গৱ’, ‘পেটুৱা ভার্গৱ’ ধৰণৰ বিশেষণ কিছুমানেৰে বিভূষিত কৰে। কোনো প্ৰতিবাদ কৰিবলৈ সুযোগ নোপোৱালৈ চিৰদিনৰ বাবে ‘ভার্গৱ বৰুৱা’ হৈ পৰে ‘কটিয়া ভার্গৱ’। কথাবোৰ কিশোৰ, দেৱজিৎ, বর্ষা, পম্পী নামৰ লোক সকলৰ ক্ষেত্ৰটো সচৰাচৰ ঘটা ঘটনা। এই ধৰক, ফে’ছবুকৰ মাধ্যমেৰে খুব জনপ্ৰিয় হোৱা ‘কলেজৰ কনফেশ্বন গোট’ত বিবেকে ‘এ’ ছেকশ্বনৰ পম্পীৰ প্ৰতি থকা তাৰ বহুদিনীয়া দুর্বলতাৰ কথা লিখাত ‘চি’ ছেকশ্বনৰ পম্পীৰ গাল লাজত ৰঙা পৰে। স্কুলীয়া দিনত কাৰোবাৰ ভনীয়েকক স্কুলৰ পৰা ঘৰলৈ উভতাৰ বাটত এজন সৌৰভে জোকাই পিছদিনা ককায়েকৰ ঘোচা কিল খাই অন্য এজন সৌৰভে।

বাসৱ, নিয়ৰ, মুগ্ধা নামবোৰ শুনিলেই কিবা এটা ভাল লাগে। মানুহৰ নাম নহয় যেন কিবা এক নতুন দামী ম’বাইলৰ মডেলহে বজাৰত মুকলি হৈছে। বাসৱ নামৰ ল’ৰাজনে যেন সুন্দৰ কবিতা লিখিব নহ’লে বাঁহী বজাব। মুগ্ধা নামৰ ৰূপহীজনীয়ে খুব ভাল নাটক কৰাৰ লগতে শ্ৰেণীত সদায় প্ৰথম হ’ব। তেওঁলোকৰ নামবোৰো ৰাইজে নিজৰ ফ’নৰ সম্পর্ক সূচীত সম্পাদনা বিহীনকৈ সন্মান সহকাৰে ছেভ কৰে। আনফালে, নিজৰ চিনাকি কিশোৰ বা দেৱজিৎ কেইজনক পৃথক কৰিবলৈ ৰাইজে ‘কিশোৰ কলেজ’, ‘কিশোৰ অফিছ’, ‘দেৱজিৎ গুৱাহাটী’, ‘দেৱজিৎ যোৰহাট’ ইত্যাদি ধৰণেৰে ইচ্ছা মতে উপাধি যোগ দি ৰাইজে ম’বাইলত ছেভ কৰে।

“বর্ষা বৰা। তোমাৰেই নাম নেকি?”

“হয়..”

“তোমাৰ কবিতা খুব ভালপাওঁ”।

কোনো দিন কবিতা লিখি নোপোৱা বর্ষাক বাছৰ সহযাত্ৰীজনে এনেকৈ ক’লে তাইৰ গাটো বিছাই ডকা দি ডাকে। তাই কবিতা লিখাটো দূৰৰে কথা তাই সাধাৰণতে কবিতা আৰু কবিৰ পৰা সদায় নিৰাপদ দূৰত্বত অৱস্থান কৰিয়েই চলে। খং উঠিলেও তাই বুজি পায় সমগ্ৰ খেলিমেলিৰ মূল কাৰণটো। এনে খেলিমেলিত ভাস্কৰৰ ওচৰত পৰিস্মিতাই মুখ ওফণ্ডাই অভিমান কৰে। যেতিয়া ভাস্কৰে তাইলৈ লিখা মৰমসনা মেছেজবোৰ পৰিস্মিতা নামৰ তাৰ জেঠায়েকৰ জীয়েকলৈ ভুলতে প্ৰেৰণ কৰে। ভনীয়েক পৰিস্মিতাই তাক জোকাই মাৰে আৰু প্ৰেয়সী পৰিস্মিতাই অভিমান কৰে। শেষত ভাস্কৰে চিৰদিনলৈ খেলিমেলিবোৰ সমাধা কৰিবলৈ ম’বাইলত ছেভ কৰে তাৰ সপোন কুঁৱৰীৰ নাম.. ‘পৰী’..!

পূর্বতে নামাকৰণৰ ব্যৱস্থাটো সুন্দৰ আছিল। ঘৰৰ কনিষ্ঠ সন্তানৰ নাম দিয়া হৈছিল ‘নোমল’, বগা ছালৰজন ‘বগীৰাম’ বা ‘বগাই’ , ক’লা ছালৰজনক ‘কলীয়া’। নামবোৰত আংশিকভাৱে বর্ণ বৈষম্যৰ চেকা আছিল যদিও সেই নাম মানে একেবাৰে নথি পত্ৰত ব্যৱহাৰ কৰা প্ৰকৃত নামেই আছিল। এনে নামবোৰত নামৰ গৰাকীৰ নিজা নিজা শাৰীৰিক বৈশিষ্ট্যৰ প্ৰতিফলিন সুন্দৰভাৱে ঘটিছিল। বর্তমানেও বৈশিষ্ট্য অনুসৰি নামাকৰণ কৰা প্ৰথা কিছু প্ৰচলিত হৈ নথকা নহয়। স্কুলৰ সকলোতকৈ কাঢ়া বেতেৰে কোবাই কলাফুল ৰঙা কৰা অংকৰ শিক্ষকজনক নাম দিয়া হয় ‘টাইগাৰ’, গান গাই ফুৰা ডেকাজনক মতা হয় ‘জুবিন’। আমাৰে কলেজীয়া জীৱনৰ সহপাঠী এজনে বেছিকৈ সমাজৰ কাৰণে কিবা কৰাৰ হেঁপাহ কৰি নাম পাইছিল ‘আন্না হাজাৰে’। এজনী সহপাঠীৰ চখ (আৰু দক্ষতা) আছিল হিচাপবিদ্যাৰ (Accountancy)। অংকবোৰ শিক্ষকে শ্ৰেণীত সুধিলে ক্ষিপ্ৰ্তাৰে উত্তৰ দিয়ে, এদিন তাই শিক্ষকজনৰ অংকটো শুনিয়েই মুখতে গণনা কৰি কেইছেকেণ্ডমানৰ ভিতৰতে সকলোকে অবাক কৰি শুদ্ধ উত্তৰটো দিলে.. ‘৮৯’..! শিক্ষকজনৰ পৰা অভিনন্দন পোৱা সেইগৰাকী বিশিষ্ট নাৰীয়ে সেইদিনা আমাৰ পৰা ‘এইটি নাইন’ নামটোও নিজৰ কৃতিত্বৰ বলত লাভ কৰিছিল। সমাজৰ কাম কৰিব খোজা বন্ধুজন, মেধাৱী ছাত্ৰীগৰাকীৰ কোনো ভুল নাছিল, ভুল নাছিল আমাৰো। সেয়া আছিল সময় আৰু বয়স, উৎসাহ, আৱেগ বা অপৰিপক্কতা….!

আগৰ নামবোৰত যেন কিবা এটা অতিৰিক্ত আৱেগৰ অভাৱ ৰৈ গৈছিল। আজিকালিৰ সেয়ে দিন সলনি হোৱাৰ আৰু সমান্তৰালকৈ সলনি হৈছে নামাকৰণৰ ধৰণ। ‘স্নিগ্ধ জোনাক’, ‘নিয়ৰকণা’, ‘ৰ’দালি সপোন’ ইত্যাদি ইত্যাদি নামবোৰ যেন নাম নহয় কোনো বিখ্যাত কবিতাৰ ভগ্নাংশহে…! নামৰ সৈতে উপাধি নাথাকিলেও থাকে অতিৰিক্ত কিবা এটা আৱেগ।

‘বীৰেন বৰা’ৰ নামৰ চিঠি, ফ’নৰ বিল ইত্যাদি অন্য এজন চুবুৰীয়া ‘বীৰেন বৰা’ৰ ঘৰত ডাকোৱালে দি যোৱাতো কোনো নতুন কথা নহয়। সেই ভুল ঠিকনাৰ চিঠি পত্ৰ শুদ্ধ ঠিকনালৈ শৈশৱ কালৰে পৰা আদান প্ৰদান কৰি কৰি প্ৰথমজন বীৰেন বৰাৰ পুত্ৰৰ দ্বিতীয়জন বীৰেন বৰাৰ জীয়াৰীৰ সৈতে হিয়াৰ আদান প্ৰদানৰ সম্পর্ক গঢ় লৈ উঠা আৰু দুখন বীৰেন বৰাৰ ঘৰ এখন হোৱাতো ডাঙৰ কথা। বাল্যকালতে মৌচাকৰ পাতত প্ৰকাশ হোৱা নামৰ ভিত্তিত চিঠিৰ জৰিয়তে বন্ধুত্ব গঢ়া যোৰহাটৰ সৌৰভে তিনি দশকৰ পাছতো নিজৰ বন্ধুত্ব বাহাল ৰাখি গোৱালপাৰাৰ সৌৰভৰ বিয়াত ছাতি ধৰাটো ডাঙৰ কথা।

প্ৰকৃততে পৃথিৱীৰ পোহৰ দেখিবলৈ পোৱাটোৱেই সকলোৰে বাবে উৎসাহৰ কথা। নামাকৰণ পর্ব অন্য লোকে আমাৰ জীৱনক লৈ কৰা কাল্পনিক উদযাপন মাত্ৰ, সেই পর্বৰ কেন্দ্ৰবিন্দু আমি হ’লেও তাত আমাৰ ভূমিকা ৰিক্ত। আমাৰ জীৱনৰ প্ৰকৃত উদযাপন হৈছে আমাৰ বাস্তৱিক কাম আৰু চিন্তাসমূহ। শচীন তেণ্ডুকাৰ, এ. আৰ. ৰেহমান, কালাম চাৰ বা আমাৰ হিমা দাসৰ কাম আৰু সফলতাৰ যোগেৰে নিজৰ নাম ইতিহাসত লিখাইছে। তেওঁলোকৰ নামাকৰণ কৰাসকল বা নামবোৰ সেই কৃতিত্বৰ অংশীদাৰ তিলমাত্ৰও নহয়। কথাতে কয় নামে কি কৰে, কামে হে জগত জিনে..!সেয়েহে এই কথা সিমান গুৰুত্বপূর্ণ নহয় যে ‘আমি কোনে কাক কি নাম দি মাতিম..!’

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.