ফটাঢোল

কেৰপাই এ চি এচ -হেমন্ত কুমাৰ কাকতি

:ছাৰ, অভিজিত কলিতাৰ ট্ৰান্সফাৰৰ কেচটো চেটল হৈ গ’ল৷ ফাইলটো কমিছনাৰলৈ পঠাই দিছিলোঁ, আপোনাৰ কথাটো কৈ দিলোঁ।

তেওঁ একো নমতাকৈ চহী কৰি দি পঠিয়াইছে৷ কলিতা মানুহজন অলপ জেং আছে, সেইকাৰণে বেছি খোজা নাই ছাৰ, তিনি চাৰি কিবা এটা দিব কৈছোঁ, কালি লৈ আহিব৷ আজি “ফিফটি” এটা এডভান্স দি গৈছে৷ অৰ্ডাৰটো দি পঠিয়াম বাকী বস্তুটো পালে৷ ৰাখোঁ ছাৰ, গুড নাইট!

এই মিনিষ্টাৰবোৰৰপৰা উপায় নাই বুজিছে, একো কাম নাই খালি ফোন কৰি কৰি মাথাটো বেয়া কৰি দিয়ে৷

অ’ ধেত তেৰি! শুনক, আজি মনটো বৰ ভাল লাগি আছে, সেয়ে নিজৰ বিষয়ে দুআষাৰ কওঁ৷ এক মিনিট ৰ’ব হা, পেগ এটা বনাই লওঁ৷ ভাল চিংগ’ল মল্ট হুইস্কি দুটামান ৰাখি থোৱা আছে৷ এইবোৰ মানুহবোৰে দি যায় আকৌ। সদায় নাখাওঁ বুজিছে, কিন্তু নাখাওঁ নাখাওঁ বুলিও পাৰ্টিবোৰত ডেইলী হৈয়েই আছে৷ ভিভাণ্টা, ৰেডীছন ব্লু এইবোৰত যিমানবাৰ মিটিং হয় ডিনাৰ পাৰ্টীবোৰ থাকেই নহয়! কাকো না কৰিবও নোৱাৰোঁ, সেয়ে অলপ ‘ধৰা’ হয়েই৷

বাৰু শুনক, মোৰ নামটো শ্ৰীকৃপেশ শঙ্কৰ অৰ্জুন, এ চি এচ৷

আজিকালি এই এ চি এচটো লিখিলে কোনো কোনোৱে অলপ সন্দেহৰ চকুৰে চাই যদিও মই বিশেষ খাতিৰ নকৰোঁ৷ মোৰ ভিজিটিং কাৰ্ড, অফিচৰ ৰুমৰ দৰ্জা সকলোতে এইটো লগাই থওঁ৷ পিচত কিছুমান চকুচৰহাই বদনাম গালেও সন্মুখত কিবা ক’বলৈ সকলোৰে ভয় এটা আছে দিয়কচোন ৷ গতিকে মই ‘বিন্দাচ’ থাকোঁ৷ মোৰ পূৰ্বৰ নামটো দেউতাই দিয়া আছিল যদিও কেৰপাই দাস নামটো অকনো পচন্দৰ নাছিল। সেয়ে এফিডেফিট এখন কৰি কৃপেশ শঙ্কৰ অৰ্জুন কৰি ল’লো৷

এ চি এচ বুলি কওঁতে মনত পৰিল, কমখন খৰছ কৰিবলগীয়া হৈছিলনে সেই তেতিয়াৰ দিনতে৷ বি এটো কোনোমতে পাছ কৰি অনাই বনাই ঘূৰা দিনবোৰ মনত পৰিলে আজিও কিবা বুকুখন বিষাই যায়৷ ধদুৱামী কৰা দিনবোৰে বহুত কিবাকিবি স্মৃতি ‘তাজা’ কৰি দিয়ে৷ ছাত্ৰ ৰাজনীতি, সংগঠন, বিহু কমিতি আদি কৰি কিছু জ্ঞান অৰ্জন কৰিছিলোঁ৷ কিন্তু জ্ঞান হ’লে কিটো হ’ব? পকেট খৰচো নোলাইছিল সেইবোৰত, সংগঠন কৰি মোটা মাল আহিলেও ধন দাদাহঁতৰ দৰে দাদাবোৰৰ পকেটতে বেছিভাগ সোমাইছিল৷ পিচে কয় নহয় বোলে সুবিধা ওলালে সময়মতে বিছাৰি থাপ মাৰি ধৰি লব পাৰিব লাগে।

খবৰটো দিছিল আমাৰ গাৱৰে মদনদাই, বোলে এইবোৰ কৰি কৰি কিদাল কৰিবি? কৰ যদি এ চি এচ নহলে হাকিম হ, কিন্তু অলপ খৰচ আছে৷ আঠ দহ লাখ মান পৰিব, মোৰ চেনেল আছে। টকা যোগাৰ কৰ, সকলো হৈ যাব৷ স্কুলৰ সামান্য মাষ্টৰ চাকৰি কৰা দেউতাই কথাটো কওঁতে জাঁপ মাৰি উঠিছিল৷ পিচে মইও নাছোৰবান্দা৷ হাইৱেৰ ওচৰৰ তিনিবিঘা মাটি বেচিছিলোঁ মদনদাইক টকা দিবলৈ৷

তাৰপিছত কেনেকৈ কি হ’ল বেছি নকওঁ, কিন্তু এ চি এচ হলোঁ৷ কি পৰীক্ষা দিলোঁ, কি ইণ্টাৰভিউ দিলোঁ একো মনত নাই কিন্তু সকলোৱে চেলিউট মৰা চাকৰিটো হ’ল৷ সেই সময়তে বহুতৰ টকা মৰাও গৈছিল বোলে৷ আচলতে কিছুমান মানুহ বুৰ্বক থাকে, যাকে তাকে টকা দি দিয়ে, ক’ত পাব? আমাৰ চেনেলটো পাক্কা আছিল৷ পুৰা মিনিষ্টাৰৰ লগত ফিটিং, গতিকে লাইনটো মিলি গ’ল৷

চাকৰিৰ প্ৰথম কেইবছৰমান তলামুধা একো পোৱা নাছিলোঁ৷ তাতে গাৱঁৰ ঠাইত পোষ্টিং হ’ল৷ গতিকে বৰ দুখতে কটালোঁ৷ ভাবিছিলোঁ মদনদাইৰ বুদ্ধিত পৰি টকা কেইটা পানীত পৰিল৷ এনে চাকৰি কৰিবলৈতো ইমানগাল টকা মাটী বেচি ইনভেষ্ট কৰা নাছিলোঁ!

সেই সময়তে ৰসেশ্বৰ বৰা মণ্ডলহঁতৰ দৰে মানুহবোৰে বুদ্ধিটো নিশিকোৱা হ’লে মোৰ ফালে আধ্যা পৰিছিলেই৷ ভগবানে চকু মেলি চোৱা আৰম্ভ কৰিছিল ঠিক তেতিয়াই৷

“কঠিয়াপৰা” ৰাজহ চক্ৰৰ চক্ৰবিষয়া হৈ থাকোঁঁতে ৰসেশ্বৰ মণ্ডলে এদিন চকুটিপ মাৰি ক’লে-

: ছাৰ আপুনি নতুন মানুহ, সকলো ফাইলতে ফটককৈ চহী মাৰি নিদিব৷ দৰখাস্ত লৈ যিয়েই আহক চিধাই মোলৈ ফৰৱাৰ্দ কৰিব, বাকী মই চাই চিটি আপোনাক দিম৷ আজিলৈ মোৰ লগত যি হাকিমেই কাম কৰিছে সকলো খুচ হৈ গৈছে৷ দুদিনমান কাম কৰিলে গম পাই যাব৷ বাকী মোলৈকো চাব, মইওঁ চাম আপোনাক৷ উমেশ মণ্ডল, ফটিক কানানগো’হঁতেও কথাষাৰ আপোনাক কাণচোৱাব দিছে৷ তেওঁলোকে আপোনাক ক’বলৈ টান পাই আছে বাবে মোকেই ক’বলৈ কৈছে৷

ময়ো এই কথাষাৰলৈহে যেন ৰৈ আছিলোঁ৷ তাৰপিছত মই আৰু ৰ’বলগীয়া নহ’ল৷ সকলো কাম ৰসেশ্বৰ বৰাহঁতৰ দৰে মানুহবোৰে চম্ভালে আৰু মই টকা চম্ভালিবলৈ ল’লোঁ৷ মোৰ যশ গুণ বিয়পিবলৈ বেছি দিন নেলাগিল৷ চকুচৰহা কিছুমানে দুই এবাৰ কমপ্লেইন লৈ ‘ওপৰ’লৈ লিখিলে যদিও ‘শাস্তি’ বুলি বৰ বিশেষ নহ’ল৷ দুবাৰ বৰাক ভেলী, এবাৰ কোকৰাঝাৰ ট্ৰান্সফাৰ হ’ল যদিও মোক যেন গোৰ মাৰি গংগাতহে পেলাইছিল৷ তাতো গৈ ওপৰৱালা মানুহৰ লগত ‘চেটিং’ হ’বলৈ দেৰিয়ে নেলাগিল৷ ক’ব গ’লে সেই দুয়োটা পোষ্টিঙে মোৰ ভগবানৰ বৰদান স্বৰূপ আছিল৷

কোকৰাঝাৰতে হাজৰিকা ঠিকাদাৰৰ জীয়েক পল্লবীৰ লগত বিয়াও হ’ল৷ তাইও মোৰ জীৱনলৈ লক্ষীৰ দৰে এণ্ট্ৰি মাৰিছিল৷ তাৰপিছৰ পৰা কেতিয়াও পিচলৈ ঘূৰি চোৱা নাই৷ ওপৰৱালাৰ লগত মোৰ প্ৰতিপত্তি আৰু উঠাবহা দেখি বহু অফিচাৰে মোক হিংসা কৰা হ’ল৷ পিচে একো এডাল লৰাব নোৱাৰিলে, কাৰণ ৰাজনৈতিক সম্বন্ধবোৰ কটকটীয়াকৈ ধৰি ৰখাত মোৰ দৰে বিচক্ষন কোনো নাছিল৷ খুউব সোনকালে চাহাবৰ গুণবোৰ আয়ত্ব কৰিলোঁ৷ এইটো লাইনত ‘ফিউচাৰ’ যে ইমান ভাল মোতকৈ ভালকৈ কোনে উপলব্ধি কৰিব পাৰিব?

ৰ’ব, আচল সুখৰ বকলা মেলাই নাই৷ বিভিন্ন ঠাইত ঘূৰি ঘূৰি অভিজ্ঞতাও বাঢ়িল৷ মানুহৰ সমস্যাৰ লগতে দুৰ্বলতাবোৰো গম পোৱা হ’লো৷ ৰসেশ্বৰ মণ্ডলে শিকাই যোৱা এষাৰ কথা আজিও নেপাহৰোঁ৷ তেওঁ কৈছিল –

:ছাৰ য’ত উচিত দেখিব বিনা দ্বিধাই চহী মাৰক, নাম কমাব আৰু য’ত দুৰ্বলতা দেখিব তাতো চহী মাৰক পইচা কমাব৷

এইষাৰ কথাকে মূলমন্ত্ৰ হিচাবে লৈ আগবাঢ়ি গৈ আছোঁ, ক’তো উজুতি খাবলগীয়া হোৱা নাই৷ বহু নেতা আহিল, বহু গ’ল কিন্তু এই কৃপেশ শঙ্কৰ অৰ্জুনকহে দল সংগঠন নিৰ্বিশেষে সকলোৱে ভাল পায়৷ মইও ‘লোকসেৱা’ কৰাত অকনো কাৰ্পন্য কৰা নাই৷ মোৰ কামৰ পুৰস্কাৰো মই পাইছোঁ৷ আজি সেয়ে এটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ মই ব্যক্তিগত সচিব৷

মোৰ লাস বিলাস, দামী গাড়ী আৰু বিদেশ ভ্ৰমণৰ কথাবোৰ অহুকাণে পহুকাণে গৈ কিছু হিংসুক সাংবাদিকৰ কাণতো নপৰা নহয়, পিচে মন্ত্ৰী চাৰৰ পৰা বহু কথা মেনেজ কৰিবলৈ শিকি গ’লোঁ৷ বাতৰি কাকত, টিভি চেনেল এইবোৰৰ মানুহ মোৰ ঘৰৰ ওচৰে পাজৰেই নাহে, মাজে মাজে ফোন নকৰা নহয়৷ পিচে মই সিহঁততকৈ আৰু এখোপ চৰা৷ খক নেলাগিলেও উৎসৱে পাৰ্বণে ‘মিঠাই’ মোৰ মানুহে সিহঁতৰ ঘৰতে দি আহেগৈ৷

ঘৰৰ মানুহজনীকো এইবোৰ কিছুমান কামত লগাও অৱশ্যে৷ তেওঁ এইবোৰ কামত আজিকালি মোতকৈও পাকৈত৷ সুন্দৰী মহিলা হিচাবে তেওঁৰ অলপ ‘এডভান্টেজ’ আছে৷ দিল্লী, মুম্বাই, কলিকতা সকলো ফালেই চেনেল লগোৱা আছে৷ ঠিকা ঠুকলিবোৰত অসমীয়া লোকেল মানুহতকৈ বাহিৰৰ মানুহবোৰ বেছি বিশ্বাসী৷ সেয়ে অসমৰ বাহিৰৰ কাম-কাজত মোতকৈ এওঁহে বেছিকৈ চোৱাচিতা কৰে৷ খুলশালী ল’ৰাটোকো কামত লগাইছোঁ৷ টকা পইচাৰ লেনদেনবোৰ সিহঁতেই চম্ভালে৷ পল্লবী এণ্টাৰপ্ৰাইজৰ পৰা ৰাজ উদ্যোগলৈ তিনি চাৰিখন ফাৰ্ম সিহতক ৰেজিষ্টাৰ কৰাই দিছোঁ, গতিকে চৰকাৰী চাপ্লাইৰ নামত অহা ঠিকাবোৰ তাহাঁতকে চম্ভালিব দিওঁ৷ বাকী টেণ্ডাৰবোৰ বেলেগ বেলেগ নামত সিহঁতেই মাৰে৷ লগত মাৰোৱাৰী ফাৰ্মবোৰকো ভাগ দিব লাগে৷ নহ’লে ঝামেলা কৰে৷ বহু সময়ত চিণ্ডিকেট বনাই বেলেগ বেলেগ কামত সিহঁতেও কমখন সহায় কৰি থৈছেনে? ক’লে মহাভাৰত এখন হ’ব৷

যি নহওঁক বৰ্তমান মোৰ জয়জয় ময়ময়৷ কিমান চৰকাৰ আহিল, কিমান গ’ল কিন্তু এই কৃপেশ শঙ্কৰ অৰ্জুন এ চি এচ জিব্ৰালটৰৰ শিলাখণ্ডৰ দৰে অচল অটল হৈ ৰ’লো৷ আজি মোৰ কি নাই? গুৱাহাটী, দিল্লী, হায়দৰাবাদ এই তিনি ঠাইত ফ্লেট, চাকৰি কৰা বিভিন্ন ঠাইত মাটি, শ্বপিং মলৰ বাবে চাইট, তিনিখনকৈ বিলাসী গাড়ী, বেংক বেলেঞ্চ! ল’ৰাটোকো দিল্লীত প্ৰাইভেট ইউনিভাৰচিটি এখনত পঢুৱাই আছোঁ৷ কি লাগে আৰু জীৱনত?

পিচে এইবোৰে আমুৱাইছে লাহে লাহে৷ বৰ কথা শুনিব লাগেহে মানুহৰ৷ ‘পাব্লিক’ আৰু নেতাৰ লগত একেলগে কাম কৰাটো বৰ তিক্ততাপূৰ্ণ হ’ব ধৰিছে৷ পইচা আহিলেও শান্তি নাই৷ সেয়ে এইবাৰ ‘লোকসেৱা’ এৰি জনসাধাৰণৰ সেৱাত মানে ইলেকচনত নামিম ভাবি থৈছোঁ৷ বহুকেইটা পাৰ্টিয়ে মাতি আছে, পিচে কোনটোত জইন কৰিম ‘ডিচাইড’ কৰিব পৰা নাই৷ মই কামৰ মানুহ বুলি জনাবোৰেই জানেই, গতিকে এইবাৰ এইটো লাইনত খেলিম৷ আপোনালোকৰ মৰম চেনেহ পাম বুলি ধৰি লৈছোঁ৷ ভোটতো দিব আৰু নিজৰ বুলি৷ বহুত মিনিষ্টাৰ এম এল এ দেখিলোঁ বুজিছে, কাম কৰিম বুলি ঠগায়, মই কিন্তু তেনে নহওঁ৷ সৰু সুৰা কামত পইচা নাখাওঁ৷ বহুত স্কীম আছে পইচা খাবলৈ, এই এক লাখ চেংচন কৰি দহ বিশ হাজাৰ খোৱা মানুহেই নহয় মই৷ বহু গৰীব মানুহ ইলেকচনত জিকি প্ৰথম কেইবছৰমান পইচাই ‘কমায়’, কাম কৰাৰ কথা পাহৰি যায়৷ মোৰ সেয়ে চিন্তা বেলেগ ধৰণৰ৷ জীৱনত টকা বহুত গোটালোঁ, এতিয়া ৰাজনৈতিক জীৱনৰ আৰম্ভণিত ৰাইজৰ কাম কিছু কৰিমেই৷ ‘কেৰিয়াৰ’টো এবাৰ বনাই ল’লে পিচলৈ দিন আছেই নহয়৷ মোৰ ফালে চালে ময়ো আপোনাক চাম৷ পইচা নাখাওঁ বুলি ডাঠি নকওঁ কিন্তু কাম পাক্কা কৰিম৷

এক মিনিট ৰ’ব দেই৷ ফোনটো বৰ ডিচটাৰ্ব কৰা হৈছে যে৷ শান্তিত ফুৰ্তিপানীকণো ল’ব নেপাওঁ৷

:হেলো’ হয়, মই কৃপেশ শঙ্কৰ অৰ্জুনে কৈছোঁ৷ কি ক’লে চি বি আই এনকুৱেৰি?? কি ক’লে আই এম আণ্ডাৰ চাচপেণ্ডচন উয়িথ ইম্মিদিয়েট ইফেক্ট! পুলিচ আহিব মোক এৰেষ্ট কৰিবলৈ? অভিজিত কলিতা চি বি আইৰ লগত? কিন্তু ছাৰ…!!

শুনক, কৈছোঁ নহয় মানুহক বিশ্বাস কৰিব নোৱাৰি! এই অভিজিত কলিতা বোলাজনেই মোৰ শত্ৰু ওলাল৷ বৰ বিপদ মোৰ৷ পিচত কথা পাতিম৷ মই পলাব লাগিব৷ পুলিচ আহি দুৱাৰমুখ পাওঁ পাওঁ৷ কিন্তু মনত ৰাখিব, ইলেকচন এদিন পাক্কা খেলিম! পইচা খালেও কাম কিন্তু পাক্কা কৰিম৷

☆★☆★☆

22 Comments

  • Anonymous

    সাংঘাতিক !!

    Reply
  • অভিজিত কলিতা

    অতি সুন্দৰ! চিবি আই আহিব বুলি গম।পোৱাৰ পাছতো অৰ্জুনৰ আত্মবিশ্বাস হীণ দেৰি হোৱা নাই। ইলেকচন খেলিবই তেও।

    সেয়াই আজিৰ দিনৰ চৰম সত্য।

    Reply
    • হেমন্ত কাকতি

      থেংক ইউ অভিজিত

      Reply
  • সাংঘাটিক ব্যংগ । চুই গল ।

    Reply
  • এই কেৰপাই কম নহয় দেই৷ হ’বই লাগে এনে অৱস্থা এনে মানুহৰ৷

    Reply
  • কাবেৰী মহন্ত

    এইবোৰেই চলি আছে আজিকালি..সুন্দৰকৈ উদঙাই দেখুৱালে system টো

    Reply
  • Mitali Saharia

    ভাল লাগিল ।

    Reply
  • এনেকুৱা ধেৰ কেৰপাই আজি দেশ শাসন কৰি ৰাইজৰ বা:বা: লৈ আছে।বুৰ্বক হৈ থাকি গৈছোঁ আমিবোৰ।ভাল লাগিল দাদা।

    Reply
  • ৰাস্না বৰা

    আজিৰ সমাজত চিৰাচৰিত ঘটনা ।ভাল লাগিল আপোনাৰ প্ৰকাশ ভঙ্গী।

    Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰ৷ হাস্যৰসৰ মাজেৰে বাস্তৱ সত্য এটা ফুটাই তুলিলে৷

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ লিখনি, বহুত ভাল লাগিল ।

    Reply
  • Anonymous

    সমসাময়ীকি চলি থকা ৰাজ্যখনৰ হুবহু কায্য ক্ৰমনিকা কাকতি দেৱৰ লিখনিত ফুটাই তুলিছে । বৰ সুন্দৰ বৰ্ণনা । বহুত ভাল লাগিল কাকতি ! আপোনাৰ অনুভৱৰ ঢাৰ মানিব লগীয়া । ধন্যবাদ থাকিল ।

    মিনতি মহন্ত ,

    Reply
  • দাদা,আধুনিক নেতাৰ স্বৰূপ উদঙাই সুন্দৰ ব্যঙ্গ লিখিলে।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অতি সুন্দৰ লাগিল দাদা ।

    Reply
  • কমলা দাস

    নাওঁ বুৰিলেও টিঙৰ পৰা নানামে

    Reply
  • হেমন্ত কাকতি

    পঢি চোৱা সকলোকে ধন্যবাদ জনালোঁ৷

    Reply
  • কমল তালুকদাৰ

    এখন বাস্তৱ চবি । ঘুনে ধৰা ACS । সুন্দৰ লিখিলে দাদা ।

    Reply
  • ৰিণ্টু

    প্ৰথম কথা, এইবাৰ পুৰণি পিঠাৰে বিহু নাপাতিলে। তাৰ বাবে অশেষ ধন্যবাদ।

    বাকী আপোনাৰ লিখা সমালোচনা কৰাৰ ধৃষ্টতা নকৰোঁ‌। সদায় ফেন আপোনাৰ ব্যংগৰ

    Reply
  • Sankar Jyoti Bora

    টুপী খুলি দিছো দাদা৷

    Reply
  • Anonymous

    এনেকুৱা লাগিছে চিনেমা এখনহে চাই আছো |বঢ়িয়া

    Reply
  • hkkakati

    পঢ়ি চাই মন্তব্য দিয়া সকলোকে ধন্যবাদ জনালোঁ।

    Reply

Leave a Reply

Your email address will not be published.