ফটাঢোল

কোৱাভাতুৰী – জ্যোতিৰূপম দত্ত

– ল’ৰাজনে কি কৰে ?

এইটোহে মিলিয়ন ডলাৰৰ প্ৰশ্ন ! আজিকালি এইটো প্ৰশ্ন অনবৰতে মোৰ মুখতে লাগি থাকে৷ হাটে-বজাৰে, বিয়া-সবাহে, ৰেলে-বাছে চিনাকী মানুহ লগ পালেই আষাৰচেৰেক কথা হোৱাৰ পাছতেই মানুহে মোক সোধে –

– ছোৱালীলৈ ল’ৰা চাইছে নেকি ? মোৰ চিনাকী ল’ৰা এজন আছে৷ বৰ ভাল৷ মিলিব দুয়োটা৷

ছোৱালীজনীক ভালকৈ পঢ়ালো, সমাজৰ ৰীতি-নীতিৰ জ্ঞান দিলো, লেখত লবলগীয়া হোৱাকৈ, গুণী-জ্ঞানী কৰিবলৈ, স্বাৱলম্বী হোৱাকৈ তাইক গঢ় দিলো৷ বৰ্তমান তাই এগৰাকী শিক্ষিত, স্বাৱলম্বী ছোৱালী৷ স্বভাৱ-চৰিত্ৰও ভালেই৷ এতিয়া তাইৰ বিয়াখনলৈ মন মেলিছো৷

অৱশ্যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছৰে পৰাই তাইৰ বাবে দৰা বিচাৰি ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজনে হাবাথুৰি খাইছিল৷ মাক-বাপেকহালে হেনো ছোৱালীজনীৰ ভবিষ্যতৰ বাবে একো চিন্তা নকৰে, ছোৱালীজনীক ঘৰবুঢ়ী কৰিবলৈ মন, বেছিকৈ পঢ়া-শুনা কৰাই কি লাভ হ’ব, অমুকৰ ল’ৰাই ৰাণীৰ দৰে ৰাখিলেহেঁতেন ইত্যাদি নানান কথা৷ সকলোৱে নিজৰ ঘৰৰ সমস্যালৈ মন কাণ নিদি মোৰ ছোৱালীজনীক লৈহে ব্যস্ত হৈছিল৷ বিয়া দি মোক কন্যাদায়গ্ৰস্থতাৰ পৰা উদ্ধাৰ কৰিবলৈ সকলোৱে উঠিপৰি লাগিছিল৷ পিছে আমি সেইবোৰলৈ মন কাণ নিদি তাইৰ পঢ়া শুনাখিনিলৈ চকু দিলো৷ সেইবোৰ বহু কথা৷ এতিয়াহে তাইৰ মতামত লৈ বিয়া বাৰুৰ দিশলৈ আগবাঢ়িছো৷ কথাটো জনাজনি হোৱাৰে পৰা চৌদিশৰ পৰা ল’ৰাৰ খবৰ অহা আৰম্ভ হৈ গ’ল৷

▲▲

সিদিনা এজনে ল’ৰা এজনৰ খবৰ আনিলে৷ বৰ ভাল ল’ৰা হেনো৷ ময়ো প্ৰশ্নবান নিক্ষেপ কৰা আৰম্ভ কৰি দিলো৷

– ল’ৰাজনে কি কৰে ?

– যন্ত্ৰ বনায়৷

– যন্ত্ৰ ? মানে বৈজ্ঞানিক নেকি?

– তেনে বুলিয়েই ধৰক৷ মানে, আগতে দিল্লী-মুম্বাই-কলকাতাৰ পৰা যন্ত্ৰ অনাইছিল৷ পিছে এতিয়া ঘৰতেই বনায় আৰু বিক্ৰীও কৰে৷

বাঃ ! এইহেন অসম মুলুকত অসমীয়া ডেকা এজনে বহিৰাগত বণিয়াক ভৰষা নকৰি  নিজেই যন্ত্ৰপাতিৰ উদ্যোগ গঢ়ি তুলিছে৷ বৰ ভাল কথা৷ মই খোকোজা মাৰিবলৈ সুধিলো –

– কিহৰ যন্ত্ৰ বাৰু ?

– শনি যন্ত্ৰ !

▲▲

আন এদিনৰ কথা৷ একেই প্ৰশ্ন৷

– ল’ৰাজনে কি কৰে ?

– চিকিৎসা কৰে৷

– মানে ডাক্টৰ?

– হয় তেনেকুৱাই৷ মানৱ সেৱাৰ কথা৷ দৰব জাতি দিয়ে৷ ফোনতেই বেমাৰীৰ কথা শুনি বেমাৰ ভাল কৰি দিয়ে৷ মাজে মাজে টিভিটো ওলায়৷ টিভিৰ যোগেৰেই মুৰৰ বিষৰ পৰা কেঞ্চাৰলৈ সকলো বেমাৰ ভাল কৰিব পাৰে হেনো৷ কেতিয়াবা ডাঙৰ মিটিং এখনত একেলগে বহু মানুহ গোট খুৱাই একেলগে  মঞ্চৰ পৰাই সকলোৰে বেমাৰ ভাল কৰি দিয়ে!

▲▲

আন এজনৰ কথা৷

– ল’ৰাই কি কৰে ?

– শিক্ষক৷

– বৰ ভাল৷ কি বিষয় পঢ়ায় ?

– হিচাপ নিকাচ৷

– মানে অংক ?

– তেনেকুৱাই বুলি ধৰক৷ খৰি, ৰান্ধনি, দাইল, চাউল, শাক-পাচলি, মচলা, কেৰাহী, হেতা, বাল্টি এইবোৰৰ হিচাপ ৰাখে৷ আনকি ইয়াৰ উপৰিও গাওঁবুঢ়া, স্কুল কমিটিৰ সভাপতি, সম্পাদকৰ পৰা শিক্ষা বিষয়ালৈ সকলোৰে ভাগৰ পাওনাখিনিৰো হিচাপ ৰাখিব লগা হয়৷ সকলোৰে অংক মিলাই থাকে!

▲▲

এনে খবৰবোৰ আহিয়েই থাকে৷ আন এদিন –

– ল’ৰাই কি কৰে ?

– মাৰ্কেটিং ডিভিজন চম্ভালে৷

– বৰ ভাল৷ কষ্টকৰ কাম৷ কিন্তু ভাল ইনকাম, ষ্টেটাচ থকা কাম৷ পিছে কি কোম্পেনী ?

– অনলাইন মাৰ্কেটিং ৷

– অ’ ৷ সেইটোৱো ভাল৷ আজিকালি সকলোতে প্ৰযুক্তিৰ কাম৷ অনলাইন মাৰ্কেটিঙৰ ভবিষ্যত আছে৷ পিছে কি বিক্ৰী কৰে ? বস্তু নে কিবা সেৱা ?

– এই ধৰক, মেচেজ পঠিয়ায়৷ দিনৰ দিনটো ফেচবুক, হোৱাটছএপত এহেজাৰ টকাত আই-ফোন পোৱা টাইপ মেচেজ, অমুক কোম্পেনীৰ ফ্ৰি টি-ছাৰ্ট বিতৰণ কৰা মেচেজ, ‘জল্ডি ফৰৱাৰ্ড কৰো’ টাইপ, চেম্পকেশ্ব টাইপ মেচেজ কৰি থাকে!

▲▲

দুদিন আগতে আন এজন ভাল ল’ৰাৰ খবৰ আহিল৷ ময়ো আৰম্ভ কৰি দিলো–

– ল’ৰাই কি কৰে ?

– ব্যৱস্থাপনা বিষয়ক কাম কৰে৷ দিনে-ৰাতিয়ে কামত ব্যস্ত৷ অসমৰ কথা বাদেই দিলো, দেশৰ বাহিৰৰো বহু ক্লায়েণ্টৰ কাম কৰিব লগা হয়৷

– হয়, এডমিনিষ্ট্ৰেশ্যন চম্ভালা মুখৰ কথা নহয়৷

– তাকেই, বৰ ব্যস্ত৷ ল’ৰাজন দহ-বাৰটাকৈ ফেচবুক আৰু হোৱাটছএপ গ্ৰুপৰ এডমিন!

▲▲

এদিন এজনে দুৰৈৰ পৰা খবৰ আনিলে৷

– ল’ৰাই কি কৰে ?

– মানে খেলা-ধুলা কৰে৷ একেবাৰে এক্সপাৰ্ট !!

– ক্ৰীড়াবিদ ?

– তেনেকুৱাই বুলি ধৰক৷ আগতে কেণ্ডী-ক্ৰাছ খেলিছিল, আজিকালি তিনপাত্তি খেলে!

▲▲

মুঠতে শুভাকাংক্ষী সকলৰ উৎসাহৰ অন্ত নাই৷ আন এটা ভাল ল’ৰাৰ খবৰ আহিল৷ আকৌ একেই কথাবতৰা আৰম্ভ ৷

– ল’ৰাই কি কৰে ?

– আদালত চলায়৷ আদালতৰ মেইন মানুহ৷

– মানে উকিল ? নে জজ ?

– দুয়োটা কামেই কৰে৷ জেৰাও কৰে আৰু নিজেই ৰায় দিয়ে৷ টিভি চেনেলৰ টক শ্ব’ চলোৱা এংকৰ!

▲▲

এদিন এজনে বাটতে মোক বাটতে ৰখাই ল’ৰা এজনৰ খবৰ এটা দিলে৷

– এটা কথা, মানে ল’ৰাজন অলপ বয়সীয়া৷ পিছে টকা-পইছা, ঘৰ-গাড়ী সকলো নিজেই ওৱাদানিকৈ ঘটিলে৷ সাত পুৰুষলৈ চিন্তা নাই৷ ইনকামো ভালেই কৰে৷

ময়ো আৰম্ভ কৰিলো –

– ল’ৰাই কি কৰে ?

– পঢ়ি আছে৷ ছাত্ৰ নেতা!

▲▲

পৰহিৰ কথা৷ ঘৰৰ কাষৰে এজন আহি ড্ৰয়িংৰূমত এঘণ্টা বহি চাহ-তামোল খাই যাবৰ সময়ত আচল কথাটো উলিয়ালে৷

– ল’ৰা এজনৰ খবৰ এটা আছে৷ বৰ ভাল৷ সাত পুৰুষৰ কথা বাদেই দিলো সত্তৰ পুৰুষলৈ বহি বহি খাব পৰা সম্পত্তি গোটাই লৈছে৷

– ল’ৰাই কি কৰে ?

– এনেয়ে সকলো ভালেই, পিছে প্ৰায়েই মিছা কথা কব লাগে৷

– মানে ?

– ৰাজনীতি কৰে !!

▲▲

– হেৰি নহয়, খবৰ এটা আছে!

আজিকালি এইষাৰ কথা শুনাৰ পাছতেই মোৰ জেৰা আৰম্ভ হৈ যায়৷ পিছে বেছিভাগেই বাহিৰে ৰঙচঙীয়া, ভিতৰে কোৱাভাতুৰী !!

■■■

15 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি দাদা। অতিকৈ উন্নত মানদণ্ডৰ ব্যংগ। হেটচ-অফ

    Reply
  • গীতালি

    সুন্দৰ লিখনী, উচ্চখাপৰ ব্যংগ। আপ্লুত হ’লো

    Reply
    • Jyotirupam Dutta

      আন্তৰিক ধন্যবাদ জনালো

      Reply
  • Bijoy Mahanta

    সুন্দৰ

    Reply
  • ৰাজজ্যোতি

    ক্ষুৰধাৰ ব্যংগ, খুব ভাল লাগিল পঢ়ি

    Reply
  • অঞ্জলি

    ঠিক

    Reply
  • প্ৰমথ

    এটা থাকি গল ।
    লৰাই কি কৰে ?
    ছাত্র সন্থা কৰে ।
    তেন্তে ছোৱালী চকু মুদি দিব পাৰি ।
    অতি যোগ্যতম পাত্ৰ । ছোৱালী অতি আৰামত থকাটো খাটাং ।

    Reply
  • বন্দিতা গগৈ বৰা

    বৰ ভাল লাগিল

    Reply
  • হে হে তামাম! মানে গেহেৰা লোকেল ক্ষুৰ!
    বৰ ভাল লাগিল ৷ ফটাঢোলৰ সহযাত্ৰী হিচাবে পাই আমি গৌৰৱান্বিত!

    Reply
  • Sankar Jyoti Bora

    মজ্জা..

    Reply
  • ল’ৰাই কি কৰে ?…….. এৰা ! ল’ৰাই কি কৰে !!
    অতি উচ্চমানৰ লেখা। ভাল পালোঁ।

    Reply
  • সমাজৰ প্ৰতিটো দিশক সাঙুৰি এক উচ্চস্তৰৰ ব্যংগ ৰচনা। সুন্দৰ।

    Reply

Leave a Reply

Your email address will not be published.