ফটাঢোল

কৌতুক – দিপাংকৰ চৌধুৰী

থুলুকক বিদ্যালয়ত হৈ থকা চতুৰ্থ মূল্যায়নৰ পঞ্চম শ্ৰেণীৰ ছাত্র ছাত্ৰীৰ বহি চাবলৈ লৈ ধাপলাংখাই পৰি যোৱা কাণ্ড এটা সংঘটিত হৈছে বুলি খবৰ আহিছে। আহকচোন ৰাইজ ছাত্ৰ ছাত্ৰীসকলে মূল্যায়ন বহীত কি নো লিখিছিল চাই ল‌ওঁ আমিও-

প্ৰশ্ন ১-কুটীৰ শিল্প দুটাৰ নাম লিখা।

উত্তৰ-এক কোটিৰ শিল্প আৰু দুই কোটিৰ শিল্প।

প্ৰশ্ন২-(বাক্য ৰচনা কৰা)-খুটি পোতা

উত্তৰ-বুঢ়া মানুহজনে খোজ কাঢ়িবলৈ চোতালত খুটি পোতি লৈছিল।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.