ফটাঢোল

কৌতুক – মনালিছা গগৈ

১/
: অ’ মা অ’ মা৷ কোৱানা মই কেনেকৈ জন্ম হ’লোঁ?
: এহহ আহিলা আৰু দেতাই কিনি আনিলে বজাৰৰ পৰা৷
: ইহহ, নকবা সদাই সদাই মিছা কথা৷ সঁচাকে কোৱা মই কেনেকে আহিলোঁ?
: বেটা শুনা৷ আজিয়ে ক’ম মনত ৰাখি থ’বা৷ আকৌ ডাঙৰ হ’লেহে বুজিবা আৰু৷ শুনা৷ এবাৰ এটা বাকচত মিঠাই থ’লোঁ ধুনীয়াকে৷ অলপদিন পাছত সেই মিঠাইখিনিৰ লগতে তোমাক পালোঁ৷

ধুনীয়াকে বুজি পালে টিংকুৱে৷ দেউতাকে খাবলে অনা মিঠাই অলপ ৰাখি থৈ দিলে বক্সত৷ এসপ্তাহ মানৰ পাছত তাৰ হঠাতে মনত পৰিল৷ দৌৰি গৈ খুলি চাই দেখিলে তাত পইতাচোৰা এজনী আছে খটখটাই৷ খং উঠি গ’ল টিংকুৰ…

: হুহ৷ তোক মাৰিয়েই পেলাওঁ যেন লাগিছে আজি৷
এক্কে মায়ে যে মাৰে চেণ্ডেলেৰে গচকি তেনেকে মাৰিলোহেতেঁন আজি তোক৷ কিন্তু অহহ….৷ কি কৰিম, মাৰিব নোৱাৰোঁ তোক৷ সন্তান সন্তানেই অ’ হাজাৰ হ’লেও এতিয়া তই মোৰেই সন্তান…

২/
দুজনী কলেজীয়া আধুনিকাই বিৰাট চিৰিয়াচ হৈ কথা পাতিছে,

প্ৰথমজনী: অই জানানে নাই৷ বিৰাট দেঞ্জাৰ মেটাৰ ইউ ন’? ভাৰতে হিন্দুঃস্থান ওপৰত এটেক কৰি দিছে জান্না?

দ্বিতীয়জনী: অহহ৷ অ’ এম জি৷ কি হ’ব এতিয়া আমাৰ ন? মোৰ যে ৱাৰ বুলি ক’লে বিৰাট ভয় লাগে জান্না নে?

প্ৰথমজনী: অহহ৷ টেনচন নট৷ তাহাঁতৰ ৱাৰ হ’ল্লেও একো নহয় অ’৷ আমিতো ইন্দিয়াতহে থাকোঁ ন ?
একো চিন্তা নাই অ’ জাষ্ট নিউজবিলাক ৰাখিলেই হ’ল আৰু ন।

৩/
গাঁৱৰে দুই আইতা

ভালেমান দিনৰ মুৰত বিয়া এখনত পাই মালতি আইতা আৰু মাকণ আইতাই কথা পাতিছে৷

মালতি আইতা: আই হেৰৌ বুইছ’ মাকণ! আমা কাষঅ ঘঅঅ যে যদু মহাজন মনত আছে? কালি শুনিলোঁ হেঔ বুঢ়াটো কিবা “ক’মাত” গ’লহেনো আআইই৷

আমাৰ মাকণ আইতাই মুখ ভেঙুচাই : উমমম৷ যাব তোন কৌ৷ তেহাতি হ’ল টকা পইচা থকা মানুহ৷
ইমান পইচা থকা মানুহ য’লেকে মন যায় যাব পায়িব হেঔ৷ আমা আউ কিবা বুলেনে হাতীৰ গু দেখি শহাৰ হেয়ি ফাটিলে কি দাল হ’বনো হয় মালতি? যক দে তাৰেই ভাইগ্য আউ বুইছ৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.