ফটাঢোল

কৌতুক – মন্দিৰা শৰ্মা

পৰীক্ষা দি আহি ছোৱালীয়ে মাকক দুটামান প্ৰশ্নৰ উত্তৰ হৈছে নে নাই সুধিলে। প্ৰশ্ন কেইটা সুধি,

ছোৱালী: মা, এইটোৰ উত্তৰ ivory হ’বনে silver হ’ব?

মা: তুমিনো কি লিখিলা বাৰু?

ছোৱালী: মোৰ অলপ কনফিউজন আছিল৷ সেইকাৰণে মাজত শ্লেছ দি দুইটায়ে লিখিলোঁ ivory/ silver। আৰু এটা উত্তৰ চিয়’ৰ নাছিলোঁ। সেইটোও তেনেকৈ লিখি আহিলোঁ। জীৱ/জন্তু।

মা: ধেই উত্তৰত তেনেকৈ অপচন দি নিলিখে নহয়। একজেক্ট উত্তৰটো হে লিখে। মেদামে কেনেকৈ নম্বৰ দিব তাত।

ছোৱালী: এ হ’ব দিয়া আৰু। মই দুটা অপচন হে দিছোঁ। মেদামৰ যিটো পচন্দ হয় বাছি ল’ব। মাৰ্ক্স পালে পালোঁ, নাপালে নাই। কিন্তু আমাৰ অৱস্থা ভাবাচোন।

মা: তোমালোকৰ আকৌ কি অৱস্থা?

ছোৱালী: কিয় ?? মই মাত্ৰ দুটা অপচন হে দিছোঁ। কিন্তু আমাক যে পৰীক্ষাত এটা প্ৰশ্নৰ বাবে চাৰিটা চাৰিটা অপচন দিয়ে। আমাৰ কিমান কনফিউজন হয় আমিহে জানো।

মা: কি !

☆★☆★☆

2 Comments

  • হয়টো,সৰুবোৰকে চাৰিটা অপচন দিয়ে, ছোৱালী জনীয়ে দুটা হে দিছে। ভাল লাগিল।

    Reply
  • Papu Hazarika

    হা হা হা,,, ভাল লাগিল দেই

    Reply

Leave a Reply

Your email address will not be published.