ফটাঢোল

কৌতুক – মন্দিৰা শৰ্মা

ছোৱালী জনীৰ হাফ ইয়েৰলি পৰীক্ষা চলি আছে।
গণিতৰ পৰীক্ষা দি আহি..

তাই: মা, আজি পৰীক্ষা বিৰাট ভাল হৈছে। ফুল মাৰ্ক্স পাব লাগে।

মা: বৰ ভাল কথা। সব শুদ্ধ হৈছেনে??

তাই: অ, মা। আধা ঘন্টা সময় থাকোতেই শেষ হ’ল।মই ৰিভাইজ কৰিও চালোঁ। এতিয়া তুমি এবাৰ চাই দিয়াচোন, মই উত্তৰ বোৰ কাষতে লিখি আনিছোঁ।

এফালৰ পৰা প্ৰশ্ন কাকতখন চাই যাওঁতে মাকৰ বেছ ভাল লাগিল। শুদ্ধই কৰিছে। কিন্তু একেবাৰে শেষৰ আগৰ অংকটোৰ উত্তৰটো অলপ ভুল যেন লাগিল।মাকে নিজে কৰি চাই দেখিলে, হয় ভুল হৈছে। তাইক ক’লে সেইটো ভুল হোৱা বুলি।

তাই : ইছ ৰাম এইটোনো কেনেকৈ ভুল কৰিলোঁ বাৰু। ধেৎতেৰি মোৰ 4 নম্বৰ যাবগৈ এতিয়া।

মা: সেইকাৰণে সাৱধানে কৰিব লাগে আক’।

তাই: অ, সেইটো বাৰু মোৰ ভুল হ’ল মানিছোঁ।মই আৰু অলপ মন দি কৰিব লাগিছিল। কিন্তু মিছৰ ও ভুল এটা নথকা নহয়। অকণমানতো মোৰ নিচিনা বোৰৰ কথা ভাবিব লাগে। হয় নাই বাৰু কোৱাচোন?

মা: নিজে হে ভুল কৰিছ। মিছৰ আক’ ইয়াত কি ভুল হ’ল। আৰু তোৰ নিচিনা বোৰ মানে?

তাই: য়ে মোৰ নিচিনা মানে silly mistake কৰাবোৰ আক’। ইমান সৰু ভুল এটাৰ কাৰণে 4 নম্বৰ যাব এতিয়া । চোৱাচোন, মিছে বাৰু ইমান বেছিকে নম্বৰ দিব লাগে নে এটা অংকত? 2 নম্বৰ মান দিয়া হ’লে মোৰ অলপ কম নম্বৰ কটা গ’লহেঁতেন। সেইটো মিছৰ ভুল নহয় জানো??

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.