ফটাঢোল

গল্পৰ দৰেই– অভিজিৎ মেধি

(১)

টিউচনৰ পৰা

অৱশেষত বৰুৱাহঁতৰ ঘৰলৈ দ্বিতীয়খন স্কুটী আহিল। আগতে এখন স্কুটী থকা সময়ত বৰুৱাই সেইখন লৈ অফিচলৈ যায়, তাৰ পৰা সন্ধিয়া লৰা-ঢপৰাকৈ আহি উশাহ নসলোৱাকৈয়ে জীয়েক সুজাতাক টিউচনলৈ অনা-নিয়া কামবিধ কৰে। ইপিনে দিনটোত ইফালে-সিফালে পটকৈ ওলাই যাবলগীয়া হ’লে ঘৰৰ বাকী মানুহবোৰে ৰিক্সা বা অটোৰ ভৰসাত থাকে। কিন্তু এতিয়া দ্বিতীয়খন স্কুটী কিনাৰে পৰা আৰু হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা পুতেক কৌশিকে সেইখন চলাবলৈ শিকি লোৱাৰে পৰা বহুত সুবিধা হৈছে। নতুন স্কুটীখন অহাৰ পিছত সন্ধিয়া ভনীয়েক সুজাতাক টিউচনৰ পৰা অনা-নিয়াৰ দায়িত্বটোও কৌশিকৰ ওপৰতে দিয়া হ’ল। সুজাতাই মেট্ৰিক দিব এইবাৰ, ছোৱালীজনী পঢ়া-শুনাত চোকা, সকলোৱে ভাল ফলাফলৰ আশা কৰি আছে।

কৌশিকে নতুন দায়িত্বটো উপভোগ কৰিছিল প্ৰথমতে। সিহঁতৰ ঘৰৰ পৰা টিউচন মাষ্টৰৰ ঘৰটো খুউব বেছি দুই কিলোমিটাৰ হ’ব, একমাত্ৰ নতুন গাড়ীখন চলোৱাৰ হেঁপাহতে সি আধাঘণ্টা আগতেই পিন্ধি-উৰি সাজু হৈ থাকে। পিছে
দুদিনমানৰ পৰা সি অসহজ অনুভৱ কৰা হৈছে। আজি দুদিনমানৰ পৰা ওভতনি বাটত, ঠিক বজাৰখন পাৰ হোৱাৰ পিছত, এন্ধাৰৰ সুযোগ লৈ দুই এটা সুহুৰি ভাঁহি অহা হৈছে, তাৰ লগে লগে কেতিয়াবা ভায়েক-ভনীয়েকহালক প্ৰেমিক-প্ৰেমিকা বুলি ভাবি কৰা অশ্লীল মন্তব্যও।

তাৰ কৈশোৰ মনটো খঙত জ্বলি উঠি শেষত অসহায় অনুভৱত ভাঙি পৰে। ঘৰ পাই উঠি ধেমেলিয়া ল’ৰাটোৱে ভনীয়েকৰ মুখলৈ চাবলৈ লাজ কৰা হ’ল আজিকালি।

আজি তাৰ অলপো মন যোৱা নাই ভনীয়েকক টিউচনৰ পৰা আনিবলৈ যাবলৈ। আধাবাটৰ পৰা ভনীয়েকক অটো ভাড়া কৰি আহিবলৈ মেছেজ কৰি সি স্কুটীখন বন্ধুৰ ঘৰলৈ পোনালে। টিউচন শেষ হোৱাৰ পাছত মেছেজটো পঢ়ি সুজাতাই ককায়েকৰ অন্তৰ্দণ্ড বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিলে। পিছে তাইৰ লগত এক পইচাও নাই আজি….দেউতাকক ফোন কৰি দিগদাৰী দিবলৈও বেয়া লাগিল। অফিচৰ পৰা আহি পাইছেহি কিজানি। তাতে ভায়েকৰ কাণ্ডটো গম পালে খঙত টিঙিৰ তুলা হ’ব মানুহজন। অৱশেষত তাই খোজ কাঢ়িয়ে ঘৰলৈ বুলি বাট বুলিলে….

(২)

এন্ধাৰ কেঁকুৰিটো

পঢ়া শেষ হোৱাৰ লগে লগেই অধ্যাপিকাৰ চাকৰিটো পাইছিল সুৰভিয়ে। নতুন চহৰখনত কলেজৰ পৰা অলপ দূৰত প্ৰাইভেট হোষ্টেল এখনত থাকি অহা-যোৱা কৰাৰ তেতিয়া প্ৰায় এমাহ হৈছিল তাইৰ। শিক্ষক দিৱসৰ অনুষ্ঠান শেষ হোৱাৰ পাছত সিদিনা তাই কলেজৰ পৰা উভতি আহোঁতে সন্ধিয়া প্ৰায় ন বাজে। ভাগৰুৱা সুৰভিয়ে ফোনত বান্ধৱী এজনীৰ লগত কথা পাতি পাতি লাহে লাহে হোষ্টেললৈ বুলি খোজ লৈছিল। তাইৰ হোষ্টেলটো পোৱাৰ ঠিক আগে আগে, এন্ধাৰ কেঁকুৰিটোত তেনেই কাষত গাড়ী ব্ৰেক মাৰাৰ শব্দ হোৱাত চক খাই উঠিল তাই, ঘূৰি চোৱাৰ আগতেই হাত এখনে তাইৰ ব্লাউজটোৰ পিঠি ফালি পেলালে, আন এখন হাতে তাইক চাৰি চকীয়া এখনৰ ভিতৰলৈ টানি নিব খুজিছিল। তাইৰ কঁপাল ভাল সিদিনা…এন্ধাৰত সৰু পানী চুব অহা কাষৰ এটিএম-টোৰ চকীদাৰজনে হৈ-হাল্লা লগাই দিয়াত গাড়ীখনে তাইক তাতে এৰি তীব্ৰবেগে তাৰপৰা উধাও হ’ল। গাড়ীখনৰ নাম্বাৰটো তাই নোট কৰিব পাহৰা নাছিল।

ৰাতি মাক-দেউতাকৰ লগত ফোনত গোটেই ঘটনাটো আলোচনা কৰি অৱশেষত আৰক্ষী থানালৈ নোযোৱাটোৱেই খাটাং হ’ল। বিয়াৰ বয়স তাইৰ…! বাতৰি কাকতত এইবোৰ ঘটনাকলৈ নাম আহি গ’লে মাকে আত্মহত্যা কৰিব। তাই হোষ্টেল এৰি কলেজৰ লগালগিকৈ থকা ঘৰ এটা ভাড়াত ল’লে। ঘটনাটোৰ আজি এবছৰ হ’ল কিন্তু মনত পৰিলে তাইৰ বুকুখন এতিয়াও চিৰিংকৈ কঁপি উঠে।

এবছৰৰ পাছত….

এসময়ৰ জুনিয়ৰ মৃন্ময়ীয়ে আজি সুৰভিৰ কলেজখনত অধ্যাপিকা পদত যোগদান কৰিছে। আজিও শিক্ষক দিৱসৰ মিটিংখন বেলি ডুবাৰ দুঘণ্টা পাছতহে খতম হ’ল। মৃন্ময়ীক মাত লগাই সুৰভি দৌৰাদৌৰিকৈ তাইৰ ভাড়াঘৰৰ চৌহদত সোমাল। সুৰভি যোৱাৰ পাছত মৃন্ময়ীয়ে ফোনত কথা পাতি পাতি নাতিদূৰৈত থকা প্ৰাইভেট হোষ্টেলটোৰ পিনে খোজ ল’লে। বাটত এটিএম-ৰ পৰা পইচা উলিয়াব বুলি ভাবিছিল যদিও দূৰৰ পৰাই “আউট অফ্ অৰ্ডাৰ” জাননী ওলমি থকা দেখি তাই ফোনত ব্যস্ত থাকিয়েই আগবাঢ়ি থাকিল, লাহে লাহে….এন্ধাৰ কেঁকুৰিটোৰ দিশত….

 

কাহিনী দুটাত পৰিসমাপ্তি লিখাৰ প্ৰয়োজনবোধ নহ’ল।

প্ৰশ্ন উঠে সুজাতাৰ সাম্ভাৱ্য অমংগলৰ বাবে ককায়েক কৌশিকৰ অৱহেলাও এক প্ৰকাৰে দোষী নহ’বনে? লগতে তাইৰ অভিভাৱকদ্বয়? আমাৰ জী জনী আমাৰ চকুত সদায় সৰু ছোৱালী, কিন্তু তাইক কম বয়সৰ পৰাই পৰিস্থিতি তথা সমাজৰ একাংশ কু-মানসিকতা ৰখা মানুহৰ পৰা সতৰ্ক থাকিবলৈ শিকোৱাটো আমাৰ কৰ্তব্য নহয় জানো?

মৃন্ময়ীৰ পৰিণতি আমাৰ অজ্ঞাত। কিন্তু উচ্চ শিক্ষিতা সুৰভি আৰু বদনামৰ ভয়ত চুপ থকাৰ উপদেশ দিয়া আমিবোৰে সঠিকভাৱে দায়িত্ব পালন কৰিলে হয়তো এদিন মৃন্ময়ীহঁতে এন্ধাৰ কেঁকুৰিটো বিনা অসুবিধাত পাৰ হ’ব পাৰিব। অপৰাধমূলক মনোবৃত্তিক আমাৰ মৌনতাই ইন্ধন যোগোৱা নাইনে?

★★★★

Leave a Reply

Your email address will not be published.