ফটাঢোল

গাধ কেতিয়াও বিতৰ্কত নপৰে (মূলঃ গুৰমিত বেদী) – অনুবাদঃ ৰিণ্টুমনি দত্ত

প্ৰায়েই মোৰ তথাকথিত মানুহবোৰৰ ওপৰত খঙ উঠে। যেতিয়াই তেওঁলোকৰ কাৰোবাৰ লগত কাজিয়া লাগে বা শৰীৰৰ ওপৰৰ অংশই কাম নকৰা হয়, তেতিয়াই তেওঁলোকে যাকে-তাকে গাধ বুলি অভিহিত কৰে। যেন গাধ “গাধ” নহৈ পৃথিৱীৰ আটাইতকৈ মুৰ্খ প্ৰাণীবিধ হে! আৰে ভাইসকল, গাধৰো এটা নিজস্ব ইমেজ থাকে, এটা বংশ-পৰিক্ৰমা থাকে, “ইম’চনচ” থাকে। হ’ব পাৰে, গাধই কাৰো আগত নাহাঁহে বা নাকান্দে আৰু কাকো হিংসা বা ঈৰ্ষা নকৰে, কিয়নো সিহঁ‌তে নিজৰ “ইম’চন”ৰ ওপৰত কাবু ৰাখিব জানে। সেইবুলিয়েই পৃথিৱীৰ যিকোনো নদাই-ভদাইক গাধৰ লগত তুলনা কৰিব, এইটো কিধৰণৰ কথা হ’ল। এইয়া গাধ জাতিটোৰ প্ৰতি কৰা অন্যায় নহয় জানো?
এইটো কথাৰ বাবে মোক আপোনালোকে বেয়া পাব পাৰে, তথাপি ক’ম,- গাধৰ প্ৰতি কিন্তু মোৰ অন্তৰত এটা চফ্ট কৰ্ণাৰ আছে। মই তেওঁলোকক সন্মান কৰোঁ, কিয়নো মই তেওঁলোকক বহুত ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছো। গাধ এবিধ এনেকুৱা প্ৰাণী, যাক আমাৰ সমাজে অনুকৰণ কৰিব লাগে,  তেওঁলোকৰ পদচিহ্নত চলিব লাগে। কেইটামান উদাহৰণ দিছোঁ,- গাধই কেতিয়াও নিজৰ কথা বদলি নকৰে, নিজৰ স্থিতিত সদায় অটল থাকে। তেওঁলোকৰ আস্থা আৰু বিশ্বাসো ঘনে ঘনে বদলি নহয়- যাৰ লগত থাকে, সদায় তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখে আৰু তেওঁ‌লোকৰ বাবে “জান” দিবলৈও প্ৰস্তুত থাকে। গাধই কেতিয়াও ভুৱা প্ৰতিশ্ৰুতি নিদিয়ে বা ক’ৰবাত শ্লো’গান দিবলৈও নাযায়। গাধৰ পিঠিত উঠি আপুনি যিমানেই চিয়ঁ‌ৰ-বাখৰ নকৰক, গাধৰ ওপৰত তাৰ কোনো প্ৰতিক্ৰিয়া নহয়। গাধৰ সহনশীলতা অসীম, গাধৰ সহ্যশক্তিৰ লগত আমাৰ সহ্যশক্তিৰ আকাশ-পাতাল প্ৰভেদ।
আপুনি গাধৰ ওপৰত যিকোনো সিদ্ধান্ত লৈ লওক, গাধই তাত কোনো আপত্তি নকৰে। গাধৰ ওপৰত কিবা বিৰূপ মন্তব্য দিলেও সিহঁ‌তে গ্ৰেগ চেপেলে কলকাতাৰ ইডেন ষ্টেডিয়ামত দেখুওৱাৰ দৰে কোনো যা-তা ইংগিতো কৰি নেদেখায়। সিহঁ‌তে চুপচাপ “খঙ” নামৰ সকলো গৰল পী খাব, কিন্তু তথাপিও কোনো বিবাদৰ সূত্ৰপাত নকৰে। বিবাদৰ সুত্ৰপাত কৰি চৰ্চাৰ বিষয়বস্তু হৈ থকাটো গাধৰ আদৰ্শৰ পৰিপন্থী। নিৰ্বাচনৰ আগত এমাহৰ ভিতৰত দেশ বিদেশী মুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত বিদেশীক ৰঙা-দলিচা পাৰি আদৰণি জনোৱাৰ প্ৰস্তুতি কৰাৰ দৰে দুতলীয়া কামো গাধই নকৰে,  সেইয়ে গাধ কেতিয়াও চৰ্চাৰ বিষয়বস্তু নহয়, লাইম-লাইটত নাথাকে।
গাধই কেতিয়াও কোনো কথাকে নিজৰ ষ্টেটাচ চিম্বল নবনায়। গাধক আপুনি যি দিশৰ ফালে মুখ কৰি দিয়ে, সিহঁ‌ত সেইফালেই চলি যোৱা আৰম্ভ কৰি দিব। সিহঁ‌তে কেতিয়াও নকয় যে সিহঁ‌তক বাওঁ‌ দিশলৈ নপঠিয়াব, সিহঁ‌ত বাওঁ‌দিশৰ বিচাৰধাৰাৰ পৰিপন্থী। গাধৰ ওপৰত আপুনি যিকোনো “ইজম”ৰ বেনাৰ জাপি দিয়ক, সিহঁ‌তে অকণো বেয়া নাপায়। গাধৰ ওপৰত আপোনালোকে যিকোনো “ইজম”ৰ সমৰ্থক বা প্ৰচাৰকৰ্তাক বহাই দিয়ক, সিহঁত অকণো অপ্ৰস্তুত নহয় বা হীনমন্যতাত নুভুগে। গাধই সেই “ৰাজকীয়” ভংগীতে খোজ কাঢ়ি যাব, যি ভংগিমাত সিহঁ‌তৰ উপৰিপুৰুষ খোজ কাঢ়ি গৈছিল।
গাধৰ অন্যতম এটা ভাল গুণ, সিহঁ‌তে পৃথিৱীৰ কোনো বিবাদত আগ-ভাগ নলয় বা ক’তো নিজৰ মুৰ সোমোৱাব নাযায়। সিহঁ‌তে আমেৰিকাৰ দৰে কাকো দম দি বা কাকো পিঠিত ঠপৰিয়াই কথা নকয়। ভাৰতৰ ক্ৰিকেট টিমত উত্তৰ-পুবৰ কোনোবা খেলুৱৈয়ে স্থান পালে নে নাই আদি বিষয়তো গাধই মুৰ নঘমাই। ভাৰত ক্ৰিকেটত জিকিলেও গাধই আতচবাজী নুফুটাই আৰু হাৰিলেও ষ্টেডিয়ামত জুই লগাবলৈ বা পানীৰ বটল দলিয়াবলৈ নাযায়। আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বাবে দেশ হাৰিলে বুলি গাধই চ’চিয়েল মেডিয়াত হুলস্থুলো নকৰে। আটাইতকৈ ডাঙৰ কথা, গাধই আইপিএলত চেন্নাই জিকিব নে বাংগালোৰ জিকিব, আটাইতকৈ কম বলত গেইলে চেঞ্চুৰী মাৰিব নে সুনীল নাৰায়নে মাৰিব,  সেইবোৰ লৈ কেতিয়াও জুৱা নেখেলে।
গাধ ধৰ্মান্ধও নহয় আৰু সাম্প্ৰদায়িকো নহয়। সিহঁ‌তে কোনো বিশেষ ধৰ্মৰ প্ৰচাৰতো লাগি নুফুৰে, মন্দিৰ-মচজিদ লৈ কেতিয়াও সংঘৰ্ষত লিপ্ত নহয়। সিহঁত জাতীয়তাবাদীও নহয় আৰু ৰাষ্ট্ৰবাদীও নহয়। সিহঁতৰ কাৰণে গোটেই পৃথিৱীৰ ঘাঁ‌হ একেই। গাধৰ উচ্চাকাংক্ষাও নাই,- না সিহঁতক আইফোন লাগে, না বাসত্তৰ ইঞ্চিৰ স্মাৰ্ট টিভি, না মাৰ্চিডিজ বা লেম্বৰঘিনি,  না বন্দুকধাৰী ব্যক্তিগত চিকিউৰিটি, না কোনোবা হাই-ফাই ক্লাবৰ মেম্বাৰশ্বিপ। দিনটোত চাৰিবাৰ ঘাঁ‌হ খাবলৈ পালেই সিহঁত খুশ। ইয়াতকৈ ডাঙৰ গুণ আৰু কি হ’ব পাৰে!
হয়, গাধই কেতিয়াবা দুই এটা লাথ মাৰিব পাৰে, কিন্তু সেইয়া বিধংসী নহয়। সিহঁ‌তে কেতিয়াও কাৰোবালৈ গুলি নামাৰে, বোমা নুফুটাই,  উপঢৌকন নলয় বা নিৰ্বাচনৰ বুথ দখল নকৰে। তথাপি গাধৰ প্ৰতি আমাৰ ইমান হীনভাব কিয়!!!
বিনামুলীয়াকৈ মই গাধৰ ওপৰত ইমান গৱেষণা কৰা নাই। জীবনৰ বহু বছৰ বহুতো “গাধ”ৰ লগত সময় পাৰ কৰাৰ অভিজ্ঞতাৰ পৰা মই এই সিদ্ধান্তত উপনীত হৈছোঁ যে গাধ সঁ‌চাকৈয়ে এবিধ অনুকৰণীয় জীৱ। অকল অনুকৰণীয়ই নহয়, প্ৰাতস্মৰণীয়ও। গাধৰ নিজস্ব আদৰ্শ আছে, নিজস্ব ফিল’চ’ফি আছে, জীৱনৰ নিজস্ব কিছু মানদণ্ড আছে, সিদ্ধান্ত আছে। গাধক সন্মান দি, সিহঁ‌তক অনুসৰণ কৰি বা সিহঁতৰ জীৱনশৈলীৰ পৰা উদাহৰণ লৈ আমি এখন সভ্য সমাজৰ সপোনটো দিঠক কৰিব পাৰো। মই ওপৰত আলোচনা কৰা গাধৰ গুণবোৰ আকৌ এবাৰ পঢ়ি চাওকচোন, সেইবোৰ অনুসৰণ কৰিলে বাৰু সঁ‌চাকৈ আমি এখন সপোনৰ সভ্য সমাজ লাভ নকৰিম নে- য’ত কোনো অশুয়া-অপ্ৰীতি নাথাকিব, হাই-কাজিয়া নাথাকিব, সাম্প্ৰদায়িক সংঘৰ্ষ নাথাকিব,  জাতি-সংঘৰ্ষ নাথাকিব, বোকা ছটিওৱাৰ খেল নাথাকিব।
আটাইতকৈ ডাঙৰ কথা, সিহঁতক আমি অনুসৰণ কৰিলেও সিহঁ‌তে কোনোবাই সিহঁতৰ কাম-কাজ ফ’ল’ কৰিছে বুলি অকণো হুলস্থুল নকৰে।

☆★☆★☆

Leave a Reply

Your email address will not be published.