ফটাঢোল

গোপন সূত্ৰ – ঈশান জ্যোতি বৰা

“ভেজাল সুৰাৰ বিতৰ্কিত ব্যৱসায়ীকো লাগে বিধানসভাৰ টিকট ৷”

অসমৰ সংবাদ, ২১ মাৰ্চ,বিহঢলাঃ এক গোপন সূত্ৰৰ তথ্য মতে,কেইবাটাও কেলেংকাৰিত জড়িত বিহঢলা অঞ্চলৰ সদাবিৰ্তকিত সুৰা-সম্ৰাট শ্ৰীযুত কালীৰাম কলিতাই এইবেলি জনপ্ৰতিনিধি হোৱাৰ মন মেলিছে ৷ বিধানসভাৰ টিকট বিচাৰি শ্ৰীযুত কলিতাই সঘনাই ৰাজধানীলৈ অহা-যোৱা কৰি থকাটো আমাৰ দৃষ্টিগোচৰ হৈছে ৷ কোৱা বাহুল্য যে এইজন কালীৰাম কলিতাৰ শিক্ষাগত অৰ্হতা মেট্ৰিক ফেইল৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত এবাৰ নকল প্ৰশ্নকাকতৰ যোগান ধৰি শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ লপা-থপা খোৱা শ্ৰীযুত কলিতাৰ গৰু চুৰিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখনতো বিশেষ খ্যাতি আছে৷  উল্লেখ্য যে, বনকৰা ছোৱালীৰ ওপৰত মানসিক আৰু শাৰিৰীক নিৰ্যাতন চলোৱাৰ অপৰাধতো শ্ৰীযুত কলিতা অভিযুক্ত ৷ ইয়াৰ উপৰিও,কেইবাখনো স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকক চলে-বলে-কৌশলে হাত কৰি লোৱা এইজন স্বয়ম্ভু জনপ্ৰতিনিধিৰ নাম সাঙুৰ খাই আছে মধ্যাহ্ন ভোজনৰ চাউল কেলেংকাৰিতো ৷ অপ্ৰিয় হ’লেও সত্য যে , এতিয়ালৈকে পাঁচবাৰ বিবাহপাশত…”

“বন্ধ কৰ ৷ বন্ধ কৰ ! কোন অসভ্যই মোৰ বিষয়ে এইবোৰ লিখিছে ! ধৰি আন তাক, এইমুহূৰ্ততে যদি তাৰ ডিঙিটোত টেপা মাৰি ধৰিব নোৱাৰোঁ, মোৰ নাম কালীৰাম কলিতা নহয়..৷ মই কোন,মই কোন সি..সি দগাবাজে চিনি পোৱা নাই নেকি ? শুদাই নেৰোঁ তাক৷”

এইজন কালীৰাম কলিতা ৷ দুপৰবেলা গাটো ধুই,পত্নীয়ে নিজ হাতে যতনাই দিয়া মধ্যাহ্ন আহাৰখিনি উদৰস্থ কৰিবলৈ চকীত আহি বহিছিলহি শ্ৰীযুত কলিতা৷ ইণ্টাৰনেটৰ এটা জনপ্ৰিয় ৱেবছাইটৰ পৰা শিক্ষাগ্ৰহণ কৰি পত্নীয়ে গাজৰৰ সৈতে ৰন্ধা লোকেল মুৰ্গীৰ সোৱাদকণ লৈ শ্ৰীযুত কালীৰাম কলিতাৰ আঙুলি দুটা ভজা ৰৌ মাছৰ টুকুৰাটোৰ দিশে অগ্ৰসৰ হৈছিল ৷ মাছটোৰ ছিঙি অনা অংশটোৰ পৰা সাৱধানেৰে কাঁইট দুডাল আঁতৰাই মঙহখিনি মুখলৈ নিবলৈ তৎপৰ হৈছিলহে কলিতা, তেনেহেন মধুৰ ক্ষণতেই হাতত দৈনিক কাকতখন লৈ কোঠাত প্ৰৱেশ কৰিলেহি কলিতাৰ দীৰ্ঘদিনৰ বিশ্বস্ত সহযোগী শ্ৰী বিপ্লৱ কাকতী ৷ আৰু প্ৰৱেশ কৰিয়েই কাকতীয়ে সংঘটিত কৰি পেলালে এটা মহাবিস্ফোৰণ -যি বিস্ফোৰণে কালীৰাম কলিতাৰ স্বপ্ন-প্ৰদেশৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিলে ৷

“ঘৰ ক’ত এই সাংবাদিকটোৰ ? নাম কি তাৰ, বিভূতি ….কি!” ভাতৰ মেজখনত প্ৰচণ্ড বাঘঢকা এটা সোধাই কলিতাই বিপ্লৱলৈ চালে ৷ কলিতাৰ এই বজ্ৰসদৃশ প্ৰহাৰত মেজৰ ওপৰত থকা কাঁহী-বাতি উফৰি মজিয়াত পৰিলগৈ ৷ পানীৰ বটলটো ওপৰলৈ উৰি গ’ল,শূন্যতে বটলটোৱে দুপাকমান বিহু নাচিলে ৷ শেষত মধ্যাকৰ্ষণৰ বশ্যতা স্বীকাৰ কৰি ডাইনিং টেবুলখনৰ ওপৰতে পুনৰ বটলটো শুই থাকিলহি ৷

“বিভূতি ভূষণ মজুমদাৰ ৷ ছাৰ..”- বিপ্লৱ কাকতীয়ে আৰু দুটামান কথা ক’ব খুজিছিল ৷ মেলা মুখ মেলাতে থাকিল ৷ বিপ্লৱ কাকতীক কথা শেষ কৰাৰ সুযোগ নিদি কলিতাই আন এটা ঘোচা মাৰিলে মেজখনত ৷ এইবাৰ ৰহৰ দালিৰে পূৰ্ণ বাটিটো ওপৰলৈ উৰি গ’ল৷ উৰি গৈ কোঠাটোৰ এটা চুক দখল কৰিলে ৷

“নামৰ ষ্টাইল চোৱা ধুৰন্ধৰটোৰ!” তীব্ৰ ক্ৰোধ আৰু আক্ৰোশত ছটফটাইছে কালীৰাম কলিতাই ৷

“ছাৰ, ৰ’বচোন৷ আপুনি ইমান অধৈৰ্য হৈছে কিয় ! মোক কথা ক’বলৈ সুযোগ এটাতো দিয়ক৷”

“ক’৷”-মেজত পৰি থকা বটলটোৰ পৰা পানী এঢোক গিলি ক’লে কলিতাই৷

“আপুনি চিন্তা কৰিব নালাগে৷ মই সকলো কথা পাতি থৈছোঁ৷ মাত্ৰ আপুনি দুটকামান খৰছ কৰিব লাগিব৷”

“যি কৰ সোনকালে কৰ৷ কাইলৈৰ এইখন পেপাৰতে মোক স্পষ্টীকৰণ এটা লাগে৷ ই বেটাই মোৰ ইমান ভিতৰুৱা খবৰ পালে কেনেকৈ ?”

“ছাৰ,সেইবোৰ ভাবি আপুনি মিছামিছি টেনছন খাই নাথাকিব৷ আপুনি ইলেকছনৰ কামত ধৰক৷ কেৱল..”-কাকতী ৰৈ গ’ল ৷

“কেৱল কি !”-কলিতাৰ সপ্ৰশ্ন চাৱনি ৷

“কেৱল তাৰ মুখ বন্ধ কৰিবলৈ এটা এল.চি.ডি,দুটা ছেমছাঙৰ ফোন লাগিব ৷ আৰু ‘দুই’ এটা লাগিব ৷ মুঠতে তিনি লাখ ৷ ” –কলিতাই হিচাপ দিলে৷

“ঠিক আছে ৷  উৰ্মি,উৰ্মি..”-কালিৰাম কলিতাই পত্নী ‘উৰ্মিলা’ক বিচাৰে ৷ আলমাৰীৰ চাবিবোৰ পত্নীৰ হাততহে থাকে৷

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

কালীৰাম কলিতা মানুহজন ইমান ভয়াতুৰ নহয় ৷  কিমান বিপদজনক কাম তেওঁ হাঁহি হাঁহি কৰি পেলাইছে ! দুশ্চিন্তাই মানুহজনক কোনোদিনেই বশ কৰা নাই ৷ কালীৰাম কলিতাৰ কোনো ভাগৰ নাই,নাই কোনো ক্লান্তি৷ যোৱাটো ব’হাগত কালিৰাম কলিতাৰ বয়সে হাফ্ চেন্সুৰী কোবালেও মানুহজনৰ অভিব্যক্তি-আচৰণত ওঠৰ বছৰীয়া কিশোৰৰ প্ৰাণ-চাঞ্চল্য তথা উদ্যম এতিয়াও বিৰাজমান ৷ কালীৰাম কলিতাই নতুনকৈ যিটো কামত হাত দিছে,সেই কামটোতো এশ শতাংশই সফলতা পাব বুলি তেওঁ নিশ্চিত হৈ আছিল । বিধানসভাৰ টিকটটো আজি আহোঁ,কাইলৈ আহোঁকৈ আছে ৷ মনটোও আনন্দতে সেইকাৰণে হালি-জালি আছে ৷ পিছে গছত কঁঠাল ওঁঠত তেল,নৌখাওঁতেই ছেল-বেল ৷ আজি পেপাৰত প্ৰকাশিত বাতৰিটোৱে কলিতাৰ সমস্ত সুখত চেঁচাপানী ঢালি দিলে, মনৰ সমস্ত শান্তি বিঘ্নিত কৰিলে৷ সমস্যাটোৰ পৰা এতিয়া যিমান সোনকালে পাৰি,সিমান সোনকালে পৰিত্ৰাণ বিচাৰিছে কলিতাই ৷ সেই উদ্দেশ্যেই হাতত তিনি লাখ খমখমীয়া টকা লৈ বিপ্লৱ কাকতী কলিতাৰ ঘৰৰ পৰা অলপ আগতে ওলাই গৈছে ৷ কালীৰাম কলিতাই জানে-এইবাৰো কাকতীয়ে তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰিব৷

“এহ্!” কাকতীৰ কৰ্ম-নৈপুণ্যতাৰ কথা মনলৈ আনি কালীৰাম কলিতাৰ চিন্তাবোৰ পাতলাবলৈ মন গ’ল ৷ সেয়েহে আশ্বাসৰ সুৰত কলিতাই নিজকে নিজে ক’লে-“পাৰিব৷ পাৰিব৷ কাকতীয়ে পাৰিব৷”

“উৰ্মি,একাপ চাহ দিবাচোন৷”-দুশ্চিন্তাৰ চিন-মোকাম একেবাৰে নাইকিয়া কৰি দিবলৈ চাহতকৈ উত্তম বস্তু আৰু কি হ’ব পাৰে! তাকে ভাবি কলিতাই একাপ চাহ বিচাৰিলে ৷

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

সেইসন্ধ্যাই ৷ বিহঢলাত ৷ প্ৰথমটো ফোন ৷

“হেল্লৌ,হেল্লৌ…ছাৰ,কামটো হৈ গ’ল৷ কাইলৈ পেপাৰত স্পষ্টীকৰণ দি দিব সাংবাদিকে ৷ঠিকছে টকা খোৱাই দিছোঁ তাক। “

“অ’হ থেংক ইউ কাকতী৷ আহিবা কাইলৈ ৷ উৰ্মিয়ে চিকেনৰ নতুন ডিছ এটা শিকিছে ৷”

সেইসন্ধ্যাই ৷ বিহঢলাত ৷ দ্বিতীয়টো ফোন ৷

“ওৱান টু থ্ৰি ফৌৰ,গেট অন দা দেন্স ফ্ল’ৰ..”

ম’বাইলৰ ৰিংট’নৰ শব্দ শুনি টিভিটোৰ সমুখৰ পৰা উঠি আহে নন্দিনী কাকতী৷

“টিভিটো ঠিকে আছেনে?”

“একদম বঢ়িয়া ৷”

“ম’বাইল কিনি আছোঁ ৰ’বা৷ টকাখিনি ভালকে থৈছাতো !”

“থৈছোঁ,থৈছোঁ মোৰ বিভূতি ভূষণ মজুমদাৰ । হেহেহেঃ।”

“হেহেহেঃ”

“শুনানা, কাইলৈ দুপৰীয়া চিনেমা চাবলৈ যাম দেই৷”

“কাইলৈ নহ’ব বুজিছা৷ কাইলৈ বুঢ়াৰ ঘৰত দুপৰীয়া ভাত খাবলৈ মাতিছে ৷”-ফোনৰ সিফালৰ পৰা বিপ্লৱ কাকতীয়ে বৰ দুখমনেৰে ক’লে ৷

☆★☆★☆

10 Comments

Leave a Reply

Your email address will not be published.