ফটাঢোল

গোলাপী জেঠাইৰ জীয়েকহঁতৰ দৰা চোৱাৰ পৰ্ব — পৰিস্মিতা বৰদলৈ

আমাৰ গোলাপী জেঠাইৰ জীয়েকক আজি এঘৰে চাবলৈ আহিব, সেয়ে জেঠাইৰ গা সাতখন আঠখন একেবাৰে৷ হওঁতে গোলাপী জেঠাইৰ তিনিজনীকৈ লাখৰবাখৰ ছোৱালী, পাছে জেঠাইৰ মনত এটাই দুখ৷ দৰাঘৰে আহি এপেটমান খাই বৈ উগাৰি মেলি থৈ ছোৱালী চোৱাৰ নামত ভেকোভাওনা এখন ৰচি পাছত খবৰ দিয়ে “বিয়া নকৰাই” বুলি৷ গোলাপী জেঠায়ে আওভাও একো বুজি নাপায়৷ কিয়নো চ’ৰাঘৰত বহাৰেপৰা যাবৰ পৰলৈকে তেওঁলোকে ছোৱালী দেখি ইমানেই মোহিত হয় যে পাৰিলে লগতে লৈয়ে যাব যেন কইনা সজাই৷ পাছে ঘৰলৈ গৈহে কিনো জানো দেওভূত লম্ভে গাত, চিধাই নাকচ কৰে৷ জেঠাই হৈছে সৰলচিতীয়া মনৰ মানুহ৷ সংসাৰৰ আওভাও ধৰিব পাৰিলেও পাকলগা কথাবোৰৰ আঁত গুচাব নোৱাৰি পিৰালিতে বহি তামোল এখনকে পকটিয়াই থাকে তিনিওজনী উঠি অহা গাভৰু জীয়েকৰ কথা চিন্তি৷ পাছে জীয়েক কেইজনী একা? সিহঁতৰ মনতনো কি বা-মাৰলি বলে আহক তাৰে উমান ল’বলৈ আমি জেঠাইৰ ঘৰৰপৰা পাক এটা মাৰি আহোঁগৈ৷

বৰঘৰৰ ভিতৰত :
“অ’ ডাঙৰ বাই, এইবাৰ দেখিছোঁ বৌতিয়ে আমাৰ যিকোনো এজনীক গটাইহে এৰিব দেও এজনক৷”
“এৰা অ’ এই কথাটোকে ময়ো নভবা নহয়৷ পাছে একপ্ৰকাৰে বৌতিৰ কথাও জানো একেবাৰে পেলাই দিব পাৰি কচোন৷ তিনিওজনীকৈ ছোৱালী আমি৷ তাতে পিতায়ো নাই৷ বৌতিৰ চিন্তাতো হ’বই৷”
“হেই এইজনী, হ’ল আৰু তোৰ দৰ্শনসোপা গাবৰ৷ হেৰৌ বৌটিৰ কথানো কোনে নুবুজাকৈ আছো৷ মাথো বৌতিয়েহে কথাবোৰ বুজিব পৰা নাই৷”

ইমানপৰে বায়েক দুজনীৰ কথা তাপ মাৰি শুনি থকা নুমলীয়াজনীয়ে এইবাৰ টেপেককৈ মাতে,
“ৰহ অ’ বাই৷ তহঁত দুইজনীয়ে যে কৈ আছ যে বৌতিয়ে আমাৰ কথাবোৰ নুবুজে৷ বৌতি কি সৰবজান নে বৌতিক সপোনত দেখুৱাব কোনোবাই আমি কি বিচাৰিছোঁনো আচলতে৷”
“এৰা অ’ মাজু, তাই নুমলীয়ে কোৱা কথাটোওচোন ঠিক৷ বেচেৰী বৌতিয়ে আমাৰ তিনিওজনীকে সুপাত্ৰত গটাই আমাৰ অময়া সুখৰ সংসাৰৰ সপোন দেখিছে ৰাতিয়ে দিনে৷ তাতনো বৌতিৰ কি দোষ? বৌতিয়েনো জানিব কেনেকৈ আমাৰ সুখ ক’ত৷”

এইবাৰ তিনিওজনীয়ে গহীন হৈ পৰে৷ তাৰপাছত নিজৰ মাজতে সিহঁতে গুণাগথা কৰিবলৈ ধৰে যে আঁজলি মাকজনীক কথাবোৰ বুজায় কিদৰে৷ আগৰ কেইবাৰ সিহঁত কেইজনীয়ে কমখন নাটক ৰচিব লগীয়া হৈছিল নে ৷ এবাৰ যে সেই দামুৰীচুকৰপৰা নিমাখিত দৰা এজন আহিছিল মাজুজনীৰ বাবে৷ প্ৰথম বঁটাটোৰপৰা তামোলখন ল’বলৈকো যি লাজ! আইজ্জৌ! পাছত যে হাতখন ধুবলৈ ঘটিটো আগবঢ়াই দিওঁতেও তলমূৰকৈয়ে লৈছিল৷ আনকি মাজুজনীয়ে নিজেই তবধ মানিছিল মানুহটোৰ আচৰণত৷ তাইৰ এবাৰ মাজতে নিজকে দৰা আৰু চাবলৈ অহা সেই নিমাখিত প্ৰাণীটিকহে কইনা কইনা যেন লাগি গৈছিল৷ সেইবাৰ যে কি বুদ্ধি কৰি সেই জনাৰপৰা পৰিত্ৰাণ পোৱাৰ মানে বিয়া বাতিলৰ বাবে নাটক ৰচা হৈছিল সেই কথা আজি মনত পৰিলেই আটাইকেইজনী বাই ভনীৰে গিৰ্জনি মাৰি হাঁহি উঠি আহে৷ ইয়াৰ পাছত যেইবাৰেই ছোৱালী চোৱাৰ নামত দৰা আহিবলৈ লয়, সিহঁতে কোনো এবাৰেই নিজকে সেইজনৰ লগত বিয়াত সুমোৱাৰ বাবে পতিয়ন নিয়াব নোৱাৰে৷ অগত্যা দৰাজনক মাকে নজনাকৈ এনেকুৱা নগুৰনাকতি কৰে যে পাকেপ্ৰকাৰে দৰা বিয়াত মত নিদিবলৈ বাধ্য হৈ য়ায়৷ সিহঁতৰ সেই নাটকৰ অংশীদাৰ হিচাপে সিহঁতে দিয়া ট্ৰেইনিঙত পাকৈত ভটুৱা কুকুৰটোৰপৰা আৰম্ভ কৰি মলুৱাটোলৈকে থাকে৷ পাছে মাকে এই নাটকৰ একো ভূ কে নাপায়৷ সেয়েহে প্ৰতিবাৰেই আলহী সোধাত ব্যস্ত হয়৷ কিন্তু এইবাৰ সিহঁতে এয়া হ’বলৈ নিদিয়ে৷ মানে মাকক আলহী অহাৰ আগেভাগেই সিহঁতৰ মনৰ কথাবোৰ ক’ব৷ এইবুলি সিহঁত মনতে আকৌ পাঙিবলৈ ধৰিলে কি কৰা যায়৷

গোলাপী জেঠাইৰ আখলঘৰ :
“বৌতি ঔ, কি কৰিছনো?”
“আই ঔ হতচিৰি যোৱাকেইজনী৷ মই সৌ বেলি ওলোৱাৰেপৰা দিনটো আলহী এযোৰা আহিব বুলি ইটো গোটাইছোঁ, সিটো পিটাইছো৷ তহঁতকেইজনী লগ হৈ হ’বলা মিটিং পাতি ফুৰিছ হাঁ? নেওচাকেওচা দিবলৈ বহি?”
“নহয় অ’ বৌতি তই কথাটো বুজা নাই…”
এইবাৰ নুমলীয়া জীয়েকে অকণমান লেনিয়াই মাতে মাকক৷ তাই জানে মাকে তাইৰ কথাত বাকীকেইজনীতকৈ কমকৈ ধৰে৷ তাৰ সুযোগ সিহঁতে পুৰাদমে লয়৷
“হ’ব এতিয়া মোক তেল মাৰিবলৈ নাহিবি৷ ভাবিছিলো তই মোৰফলীয়া হ’বি৷ পাছে নাই৷ একেই বায়েৰহঁতৰ ফৈদৰে তই।”
“আঃ শুনচোন বৌতি৷ বাহঁতক এনেই দোষ দি নাথাকিবি৷ বাহঁতৰ বাবে যে এই আগৰ দৰাকেইটা আহিছিল, কি এনে গুণটো দেখা পাইছিলি যে সিহঁতে আমাৰ বাহঁতক নি অময়া সুখত ৰাখিব বুলি ভাবি লৈছিলি তই?”
“হুহ্ বায়েৰহঁত এতিয়ানো কি এনে ৰাজসুখত আছে?”
“শুন বৌতি এতিয়া যেনেকৈয়ে আছে চাধীনকৈ (স্বাধীন) নাইনে? পাছে সেই মাইকীমুৱাটো যে অনবৰতে নখে মাটি লেখাৰ দৰে স্বভাৱৰ সেইটোৰ লগত বিয়া হ’লে যে সমস্ত জীৱন কেৱল দুখতেই গ’লহেঁতেন৷”
“তই কি সৰবজান যে সকলো কথা আগেভাগেই গম পাই যাৱ৷ হাঁ?”
“নহয় বৌতি সৰবজান গৰবজান একো নহয় মই৷ কিন্তু আমি সংসাৰৰ তলানলা বুজা হৈছোঁ অ’ বৌতি৷ তইযে দুচেনীমান(দুশ্ৰেণীমান) পঢ়ালি আমাক৷ তাৰে আলমত আমি জানো কিছুমান সিদ্ধান্ত ল’ব নোৱাৰোঁ? আমি বিয়া হ’ম৷ লাগিলে তোৰ পচন্দমতেই হ’ম৷ কিন্তু জীৱনটো জীয়াই থাকিবলৈ আমাৰোতো অলপ পচন্দ লাগিব লাগিব সিহঁতক, নহয় জানো?”
“এৰা হওঁতে ঠিকেই কৈছ বাৰু তই৷”
“কথাটো সেইটোৱেই বৌতি৷ এতিয়া তোৰ কোনো প্ৰয়োজন নাই গাঁৱৰ আন দহজনী গাভৰুৰ দৰা আৰু বিয়াৰ সৈতে ফেৰমৰা বিয়া পাতিবলৈ আমাৰ৷ চকুৰ আগতে কিমানখন ধুমধামেৰে পতা বিয়া ভাগি থানবান হোৱা নিজ চকুৰ আগতে দেখা নাই?”
“হয় দে নুমলী৷ তই ঠিকেই কৈছ৷ ছোৱালী উলিয়াই দিবলৈ মইহে বৰ খৰখেদা লগাইছিলো৷ আজিৰপৰা আৰু নকৰো দে।”
বেৰখনৰ ইটো পাৰে চোপ লৈ শুনি থকা বাকী দুজনীয়ে হাততালি দিয়ে পৰস্পৰক৷ তাৰপাছত মাকৰ গালি শুনাৰ ভয়ত ঠাইতে তাপ মাৰে৷
ইফালে গোলাপী জেঠায়ে আনটো কোঠালিৰপৰা কয়,
“হ’ব দে কথাবোৰ বুজিলো৷ এইবাৰ ল’ৰাটো তহঁতৰ পচন্দ হ’লেহে কথা আগবঢ়োৱাৰ কথা ভাবিম দে আইহঁত৷”
“পাছে বৌতি মই আন এটা কথাহে ভাবিছোঁ৷”
– মাজুজনীয়ে এইবাৰ মাতটো মাতিলে৷
“কি ভাবিছ অ’৷ হয়নে?”
মাকৰ আসৈ পাই এইবাৰ মাজুজনীয়ে পুনৰ মাত লগালে,
“নহয় মানে বৌতি আজি অহা দৰাজনক যদি আমাৰ তিনিওজনীৰে পচন্দ হয় তেতিয়া?”
প্ৰশ্নটো শুনাৰ পাছৰেপৰা গোলাপী জেঠায়ে বহি বহি ভাবিবলৈ ধৰিছে, এই বিহগুটিকেইজনীক কি খাই জন্ম দিছিলনো বাৰু তেওঁ!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.