ফটাঢোল

ঘৰৰ ওপৰত ঘৰ-আঁঠুৱা তৰি মৰ – জিমি শইকীয়া

মাহঁতক বুজাই আছোঁ বোলো তোমালোকৰ এই মাইনাছ জিৰ’ ফিগাৰৰ ছোৱালীজনীৰ তেজ খাই মহে চুইচাইড কৰিবলৈ নাহে। হেৰৌ মহে মোৰ তেজ খাবলৈ আহি তাইৰ/তাৰ শুং মোৰ গাত লগোৱাৰ লগে লগে ডাইৰেক্ট হাৰ্ডিত পৰি শুং ভাঙি যাব। হাত চাপৰি নমৰাকৈয়ে মোৰ দৰে কায়াৰ অৱতাৰবোৰে মহ বধ কৰিব পাৰোঁ।

‌পৃথিৱীৰ ভিতৰত টান পোৱা কাম এটা আছে যদি এই আঠুৱা তৰা কামটোৱেই টান। অ’ৰ পৰা তলৈ ত’ৰ পৰা তলৈ কৰি দীঘ-প্ৰস্থ বিচাৰ কৰি তুলিত খুচি খাছী লোৱাটো মস্ত জেংকাৰ কাম। যিয়ে এই কামটো সুচাৰুৰূপে কৰিব পাৰে মোৰ ভাষাত তেওঁ ধৈৰ্য্যশীল আৰু কলাসুলভ গুণৰ অধিকাৰী।

আগৰ দিনতেই ভাল আছিল। আঠুৱা তৰিবলৈ বিচনাৰ চাৰি ঠেঙত চাৰিডাল ষ্টেণ্ড সঁচাকৈয়ে ষ্টেণ্ডআপ হৈ আছিল। তাতেই আঠুৱা নামে জালখন সামৰি থৈছিল আৰু মন গ’লেই তৰি ল’ব পাৰিছিল। তাৰ পিছত আঠুৱাই লাহে লাহে দুডাল ষ্টেণ্ডত দিনটো কটাব লগাত পৰিল। বৰ্তমান দিনৰ ভাগত আঠুৱা অদৃশ্য হৈ পৰিল। গুডনাইট, কালাহীট, কচুৱাৰ আৰ্বিভাৱে আঠুৱাৰ অস্তিত্ব সংকতত পেলালে। নতুন চামে আঠুৱাক টা টা বাই বাই দিছে যদিও সম্পুৰ্ণৰূপে নোহোৱা হৈ যোৱা নাই। আমাৰ মা-দেউতাৰ দৰে পৰম্পৰা ৰক্ষাকাৰীৰ পৰা উপায় নাই। আঠুৱা নোহোৱাকৈ শুলে আধা ৰাতিলৈকে ডি.জে. বজাদি ফুল ভলিউমত বাজিয়েই থাকে-হেৰৌ আঠুৱাখন তৰিবলৈ কিহৰ ইমান এলাহ হাঁ! তেজৰ নামত গাত আছে কেইটোপাল তাকো মহক খুৱাই আদায় কৰি ল! এইসৱৰ সেইকাৰণেই চেহেৰা ফাটি গৈছেগৈ।

ম‌ই বোলো- “য’তে ত’তে চেহেৰাডালক লৈ ইনচাল্ট কৰি নাথাকিবা দেই। ৰক্তদান এক মহান দান। মোৰ ৰক্ত খাই যদি মহৰ পেট ভৰে সেয়া ধৰ্মহে হ’ব। এনেইটো ডাক্তৰে মোৰ কায়া দেখিয়েই ভুলতো মোৰ তেজ নলয়।এনেকৈয়ে যদি কিঞ্চিত ধৰ্ম হয় হ‌ওক।” মায়ে বোলে-“মুখখনহে হ’ল আৰু! এইসৱ ভু-ভাং কথা কৈ নাথাক আৰু ভালে ভালে আঠুৱা তৰি ল! “

ম‌ই বোলো-“মহে কামুৰিলে মূৰে-গায়ে ব্লেংকেট, বেডচিট মেৰাই ল’ম। কিন্তু আঠুৱা হ’লে নতৰিম।”

মাও নহয় কম। কয়- “এইসৱে আঠুৱা এখন তৰিব নাজানে ঘৰ চলাই খাব পাৰিব। এইবোৰক বিয়া দিলেও ঘৰত ঘূৰাই দিবহি কামৰ ভমক দেখি।”

মোৰো টেমাত লাগি যায়।বোলো- “আঠুৱা তৰিব জানিলেই যদি সৱ হয়। তোমাক বিয়া পাতিবলৈ যাওঁতে দেউতাৰ ঘৰৰ মানুহে কি আঠুৱা তৰাৰ চাৰ্টিফিকেট বিচাৰিছিল নেকি?”

মা সেইফালেই তাপ মাৰিলে। বোলে- “যি কৰ কৰি থাক। এইসৱৰ লগত নোৱাৰি।”

আঠুৱা তৰিবলৈ ল’লেই চকুৰে ধোঁৱা দেখোঁ ম‌ই। কোনোদিন একেবাৰতে শুদ্ধ নহয়। এনেও অংকত কেঁচা। তাতে আকৌ কিবা বোলেনে “আঠুৱা চাই ঠেং মেলা”। এতিয়া আকৌ আঠুৱা তৰা মানে সেইখন চাইহে ঠেং মেলিব পাৰি। ৰাতি সেইখন হিচাপ নিকাচ লগাই থাকি টোপনি ক্ষতি কৰেনে বাৰু?

এবাৰ আমাৰ ঘৰৰ ওচৰৰ বৰমা এগৰাকীৰ এই আঠুৱাৰ বাবেই হাৰ্ট এটেক্ হ’লহেঁতেন।বৰমাহঁতৰ ঘৰত সকাম আছিল। আলহী আছিল। গতিকে যিয়ে যেনেকৈ পাৰে দিনটোৰ ভাগৰৰ অন্তত বিছনা দখল কৰিলে। বৰমা আৰু তেওঁৰ ভনীয়েক তলতে শুব লগাত পৰিল। কেৰেলুৱাৰ পৰা কাণ ৰক্ষা কৰিবলৈ আঠুৱা তৰিব‌ই লগাত পৰিল। গতিকে বহুদিন অব্যৱহৃত হৈ থকা আঠুৱাখন আনি ইডালত সিডাল ৰচী যোৰা দি খিৰিকীৰ ৰড, আলনা, বিচনা য’ত যেনেকৈ সম্ভৱ ফিটিং কৰিলে। জোতাৰ ফিটাও সাৰি নগ’ল যোৰা দিয়াত। তিনিমূৰ হৈ গ’ল চাৰি নম্বৰৰ মূৰটো লগাবলৈ ৰচী নাই। ইফালে টোপনিয়ে ভাগৰে হেঁচি ধৰিছে। দৰ্জাত থকা গজালটো পাবলৈ কি জোৰা দিয়া যায়? তেনেতে পুতেকৰ জিনছ পেণ্টটোত পৰিল চকু। আইডিয়া আহি গ’ল। বেল্টডাল খুলি বেল্টৰ ফুটাত যেনে তেনে গজালটো সুমুৱাই দিলে। পিচে আধাৰাতি ভনীয়েকৰ আকৌ বাহিৰলৈ যোৱাৰ অভ্যাস। বায়েকক জগাই দিলে- “অ’ বাইদেউ, বাইদেউ। উঠচোন বাহিৰৰ পৰা আহোঁগৈ। ওচৰতে থকা লেম্পটোৰ ৰিণিকি ৰিণিকি পোহৰত ভনীয়েকৰ চকু পৰিল দৰ্জাৰ মুখতে আঠুৱাৰ এমূৰত লাগি থকা কিচকিচিয়া ক’লা সাপডাললৈ। ইতিমধ্যে বায়েকেও চকু মোহাৰি সেইডালিক দেখি চিঞৰ ল’লে- “ঐ দীঘল পৰুৱাই পালে আমাক(ৰাতি সাপ বুলি নকয়)৷ ঐ উঠ ঐ আজি আমি আঠুৱাৰ ভিতৰতে মৰিম এতিয়া। বচা ঔ।”

দুয়োগৰাকীৰ খচমচনিত আঠুৱাখন কঁপি যায় আৰু আঠুৱাৰ লগে লগে আঠুৱাৰ মূৰত থকা সাপডালেও কেৰমেৰাই উঠে। সকলোৰে তালুৰ আগে জীৱ যাওঁ অৱস্থা। লাইটৰ চুইচ দিবলৈ মাটিত নামি আহে কোন! ডেডাউৰিয়াই থকা বৰমাৰ কোনোবা এপাকত চিগনেল লাগি গ’ল মানে ইয়াড্ডাচ আহি গ’ল। তাৰ পৰা হঠাৎ ঢেকঢেককৈ হাঁহি- “এ মৰতী সেইডাল দেখোন আমাৰ সৰু ল’ৰাৰ পেণ্টৰ বেল্টডাল।”

মুঠতে আঠুৱাই সমস্যা যিমান সমাধান কৰে সমস্যা বঢ়াইয়ো তেনেকৈ। মোৰ কাৰণে আঠুৱা হৈছে এক সমস্যা। ৰাতি যেনিবা তৰিলোঁৱেই পুৱা আকৌ সেইখন জুকিয়াই মৰা। মুঠতে “আঠুৱা হতাই টাইম বচাও” আন্দোলন কৰিব লাগিব।

শেষত বোলো- “পাৰ্বতী মা ঔ! কাম নাপালা আৰু এই তেজপিয়াসোপা স্ৰজিলা। ইমান যদি দৰকাৰেই আছিল অকল মিষ্টাৰ মহবোৰ স্ৰজাহেঁতেনে হয়। মিছেছ মহনীসোপানো কেলৈ স্ৰজিলা? এইবোৰৰ বংশবৃদ্ধি হৈ আঠুৱা তৰাটো সমগ্ৰ পৃথিৱীৰ পৰিয়ালবোৰৰ এক জ্বলন্ত সমস্যা হৈ পৰিল।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.