ফটাঢোল

চকা – ড° সমাদৃতা গোস্বামী

দেওবাৰৰ দিনটোত বাপেক পুতেক হালৰে মোবাইল ফোনটোক লৈ টনা আজোৰা লাগে৷ কথাটো মই বুজিব নোৱাৰোঁ৷ কেতিয়াবা দুয়োটাই একেলগে মোবাইল ফোনটোলৈ চাই খুকখুকাই হাঁহে৷ ইমান পঢ়া-শুনা কৰিলোঁ যদিও ফোনটোত হাঁহিবলগীয়া ইমাননো কি ৰসাল কথা থাকে সেয়া মই আজিও নুবুজিলোঁ৷ মই গ’লে পৰিৱেশটো এনে কৰে যেন ৰকেট চায়েঞ্চৰ কথাহে দুয়োটাই মোবাইলত পঢ়ি আছে! সিহঁতে কি চায় জনাৰ ইমান উপায় নাই৷ সুধিলেও ল’ৰাই কয়,

: যোৱা তুমি ভাত ৰান্ধাগৈ৷

: যোৱা তুমি চাহ বনোৱাগৈ৷

: যোৱাচোন যোৱা ফ্ৰেন্স ফ্ৰাই বনাই আনা৷

দেউতাক আৰু এখোপ চৰা৷

: গাখীৰতে চাহপাত দি চাহ একাপ বনাই আনা যোৱা৷

চাহ খোৱাৰ এঘন্টামানৰ পাছতে মোক কয়৷ কেতিয়াবা :চাৰ্ট কেইটা ইষ্ট্ৰি দিলা?: বুলিও মোক খেদে৷ বিয়াৰ আগতে ঘৰত মই হাফপেণ্ট পিন্ধি আছিলোঁ৷ মা আৰু বাইদেৱে পাকঘৰ চম্ভালিছিল৷ মই :মা পানী, মা চাহ, মা পকৰী: এনেকৈয়ে টিভিৰ আগত সময়বোৰ পাৰ কৰিছিলোঁ৷ হোষ্টেলত গৈ মূলা ভাজি খাবলগীয়া হওঁতে চকুপানী ওলাইছিল৷ মায়ে কৈছিল,

: হ’ব দে৷ দুবছৰহে৷

ক’তনো দুবছৰ? স্নাতকোত্তৰ উত্তীৰ্ণ হৈয়ে পি এইচ দিত এদমিশ্যন ল’লোঁ৷ লাহে লাহে হোষ্টেলৰ মূলা ভাজি প্ৰিয় হৈ পৰিল মোৰ৷ আগতে মায়ে বনোৱা মূলা আচাৰ দেখিলেই দূৰতে বিদুৰ হোৱা মই হোষ্টেললৈ মূলা আচাৰ এবটল আনি দীপশিখাহঁতৰ সৈতে নাখালে পেটলৈ ভাতেই নোযোৱা যেন হ’ল৷ পানীত সিজোৱা ঢেকীয়া ভাজিও টকালি পাৰি হোষ্টেলত খোৱা হ’লোঁ৷ মোৰ খোৱা-বোৱাত এনে সাংঘাতিক পৰিৱৰ্তন দেখি মাহঁতে উৎসাহিত হৈ এদিন মোক সৰু মাছ বাচিবলৈ শিকালে৷ বাওঁহাতেৰে মাছটো টানকৈ ধৰি সোঁহাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰ তীব্ৰ চেপাৰে মাছৰ পেটু টানি উলিওৱাৰ চেষ্টাত, গোটেই মাছখিনিৰ স্বাস্থ্য ভঙাৰ অপৰাধত অপৰাধী হ’লোঁ৷

: তোমাৰ দ্বাৰা নহ’ব৷

মায়ে ক’লে৷ (ঠাট্টা কৰি কথা ক’লে মায়ে তুমি বোলে)
ময়ো ভালেই পালোঁ৷ ঘৰলৈ আহিলে আগৰ সেই টিভিৰ আগত বহি মাক আদেশ দি দি খোৱাৰ যি জীৱনধাৰা আছিল, সেয়া চলি থাকিল৷ বাইদেউৰ বিয়াৰ পিছত লাহে লাহে মোৰ ভাব হ’ল যে মাক অকণমান পাকঘৰত সহায় কৰাটো জৰুৰী আৰু জীয়েক হিচাপে তেনে কৰাটো মোৰ দায়িত্বও৷ এদিন পনিৰৰ তৰকাৰী ৰান্ধিম বুলি মাক কৈ পনিৰ তেলত পকৰি ভজাদি ভাজি নষ্ট কৰিলোঁ৷ এদিন ভাতকে ৰান্ধো কৈ কুকাৰত কমকৈ পানী দি ভাত জ্বলালোঁ৷ এদিন ক’লোঁ যে গাখীৰ গৰম মই কৰিম৷ প্ৰত্যেকদিনাই গেছত গাখীৰৰ চচ তুলি গল্প-উপন্যাস পঢ়ি বহি থকাৰ ফলত চচ জ্বলোৱাৰ দোষত মাৰ বলকনি শুনিব লগীয়া হ’ল৷ মায়ে মোলৈ হাতযোৰ কৰি ক’লে,

: দয়া কৰা গোঁসানী৷ তোমাৰ দ্বাৰা এই জনমত নহ’ব৷

পাকঘৰৰ একো কাম নাজানো দেখি মাৰ চিন্তা হৈছিল৷ এঘৰলৈ উলিয়াই দিয়াৰ পিছত কি হ’ব এই চিন্তাতে মাৰ টোপনি নাছিল৷ পি এইচ দিৰ থেচিচ জমা দি ঘৰত থকাৰ সময়ৰ কথা৷ টিভিৰ আগত মাক আদেশ দি থকাৰ মাজতে মায়ে চাউলৰ পৰা ধান বাচিবলৈ কৈ হাতত চাউলৰ চৰিয়া এটা দি যায়৷ নহ’লে নহৰু দুটামান৷ এঘণ্টামানৰ মুৰতো মোৰ ধান বচা নহয়৷ চাউলখিনি এনেই লৰাই লৰাই টিভিটোলৈ চাই মুখখন মেলি বহি থাকোঁ৷ নহৰুৰ ফোটাবোৰেও ইটোৱে সিটোক সাৱটা সাৱটি কৰিয়েই মুখ মেলি পৰি থাকে৷

: তোৰ কেতিয়া কাণ্ডজ্ঞান হ’ব?

বুলি মায়ে হাতৰ পৰা চৰিয়াটো জোৰেৰে লৈ বকি বকি পাকঘৰলৈ যায়৷ :দিয়া দিয়া:কৈ চিঞৰি গৈ মাৰ পৰা বৰ এটা পাত্তা নাপাই আকৌ লাজ মান সামৰি টিভিলৈ চাই মুখ মেলি বহি থাকোঁ৷

এদিন এনেকৈ হাতত ৰিম’ট লৈ বহি থাকোঁতেই মায়ে চুইচ টিপি টিভি বন্ধ কৰি দিলে৷ মোৰ আত্মসন্মানত লাগিল৷ উচুপি উচুপি নিজৰ কোঠাৰ বিচনাত পৰি গাৰু সাৱটি কান্দি থাকিলোঁ৷ ভাতো নাখালোঁ৷ আবেলি ফোনত বায়ে ক’লে,

: তোলে যে ল’ৰা ওলাইছে খবৰ আছেনে নাই?

তেতিয়ালৈ মই মনে মনে বিপ্লৱ দাক ভালপাই আছিলোঁ৷ কিন্তু শুনামতে বিপ্লৱ দাৰ মাক বৰ একাচেকা৷ বিধ বিধ খাদ্য ৰান্ধিব জানে৷ তাতকৈ ডাঙৰ কথা বিপ্লৱ দাৰ নবৌৱেক জনী হেনো আৰু এখোপ চৰা৷ চিলাই কৰাৰ পৰা বজাৰ সমাৰ কৰালৈকে সকলোতে ওষ্টাড৷ এইবোৰ শুনি-মেলি ময়ো ভয়তে বিপ্লৱ দাক একো কোৱা নাছিলোঁ৷ সি অৱশ্যে মোলৈ পিৰিক-পাৰাক নোচোৱা নহয়৷ তথাপি বোৱাৰী হোৱাৰ যোগ্যতা নাই ভাবি মই তাক বৰ এটা পাত্তা নিদিয়াকৈ আছিলোঁ৷ এদিন সাহ কৰি বাক ফোনতে কথাটো ক’লোঁ৷

: বাঃ৷ তইতো সাত ঘাটৰ চেঙেলী৷

বায়ে ক’লে৷

জীৱনত প্ৰথমবাৰলৈ মোৰ লাজ লাগিল৷ আমাৰ বা আকৌ অল ইণ্ডিয়া ৰেডিঅ’৷ কথাটো গোটেই পৰিয়ালতে জনাজনি হৈ গ’ল৷ ভাত ৰান্ধিবলৈ শিকোৱাৰ দায়িত্ব মাহীহঁতে ল’লে৷

: দুই এদিনতে ডক্টৰেট হ’বি৷ ভাত ৰান্ধিবলৈ ভয় কৰিলে কেনেকৈ হ’ব? মই শিকাম৷

বুলি মাহী এজনীয়ে ঘৰত থকাকৈ মাতিলে৷ বিপ্লৱ দাই প’ষ্ট দক কৰা আৰম্ভ কৰিছিলহে৷ ৰন্ধা-বঢ়া শিকাৰ আগতে বিপ্লৱ দাৰ মনটো লোৱা জৰুৰী আছিল৷ থেচিচৰ কাম আছে যেন দেখুৱাই মই গুৱাহাটী বিশ্ববিদ্যালয় পালোঁগৈ৷ ডিপাৰ্টমেণ্টলৈ গৈ

: অ’ আপুনিও ইয়াতে আছে ন?

ধৰণৰ কথাৰে বিপ্লৱ দাৰ লগত কথা পাতিলোঁ৷ কেৱল ৰিচাৰ্চ ৰিচাৰ্চ ৰিচাৰ্চতে মূৰ গুঁজি থকা বিপ্লৱ দাৰ যে গাৰ্লফ্ৰেণ্ড নাই বুজিবলৈ মোৰ বাকী নাথাকিল৷ পিৰিক পাৰাক চাৱনি মোলৈ তেতিয়াও অব্যাহত থকা দেখি মই নিশ্চিত হ’লোঁ যে সত্যবানৰ চিৰকালৰ গুপুত প্ৰেমাস্পদ ময়েই৷ গতিকে নিশ্চিত হৈ সাহ কৰি ক’লোঁ,

: ফোন নংটো দিয়কচোন৷ আপুনি ইয়াতেই আছে যেতিয়া, মোৰো সুবিধা হ’ব৷

তাৰপিছতে নিজৰ পি এইচ দিক লৈ এটা ফটা লেকচাৰ দি বিদায় ল’লোঁ৷ ঘৰলৈ অহাৰ পিছত বায়ে আকৌ ক’লে,

: তই সঁচাকৈয়ে সাত ঘাটৰ চেঙেলী৷

: মই আগভাগ নল’লে সেইফেৰা নিমাতী কন্যাৰ মুখৰ মাত নোলায়৷ মই চেঙেলী নহয়, চেঙা মাছ৷

আকৌ পৰিয়ালত কথাটো জনাজনি হ’ল৷

: এই পাৰিব ভাত ৰান্ধিব৷ ইমান সাহসী ছোৱালী৷

মাহীয়ে মাক উৎসাহ দিলে৷ বিপ্লৱ দাৰ লগত লাহে লাহে কথা পাতিবলৈ ল’লোঁ৷ এদিন কথাই কথাই ক’লোঁ যে মোলৈ দৰা চাইছে৷

: ভাল ভাল৷

কৈ বিপ্লৱ দা মনে মনে থাকিল৷

: আহিব৷ তাৰিখ ঠিক হ’লে ক’ম৷

মই ক’লোঁ৷

: ক’তনো আৰু মোৰ যোৱা হ’ব৷ মই জাপানলৈ যাম নহয়৷

নিৰুদ্বেগ চিত্তে বিপ্লৱ দাই কোৱা দেখি মোৰ সন্দেহ হ’ল এইটোৱে মোক ভাল নাপায়ে চাগে৷

: মই এতিয়ালৈকে বিশটা প্ৰপ’জেল পাইছোঁ৷ মইহে মত দিয়া নাই৷

বিপ্লৱ দাই ক’লে৷ বিশটা প্ৰপজেল? মোৰ বুকুত বিষ এটা উজাৰি অহা গম পালোঁ৷ তাৰমানে মোলৈ চোৱাদি পিৰিক পাৰাক এইজনে সৱলৈকে চায়৷

: সৱকে বিয়া পাতি থওক৷

কৈ মই ফোনটো কাটি দিলোঁ৷বালৈ মেচেজ কৰিলোঁ,

: বা মই ভুল বুজিলোঁ৷ বিপ্লৱ দাই মোক ভালেই নাপায়৷

বিপ্লৱ দাই অহৰহ ফোন কৰি থকা দেখি কন্দনামুৱা মাতেৰেই ফোন ধৰিলোঁ৷

: তোমালৈ বোলে দৰা ওলাইছে?

মই মনে মনে থকা দেখি বিপ্লৱ দাই আকৌ ক’লে

: মেচেজ চোৱা।

: মেচেজ কিয়?

: নহয়, চোৱাচোন৷

একো নুবুজি ফোন কাটি মেচেজ বক্সত গ’লোঁ৷ মেচেজ খুলি মই সেই স্কুলীয়া দিনতে বাক্যৰচনা কৰিবলৈ দিয়া সেই শব্দটো যে কিংকৰ্তব্যবিমূঢ় নে কি তাৰ ব্যৱহাৰিক অৰ্থ বুজি উঠিলোঁ৷ মেচেজ বালৈ নহয়, ভুলতে বিপ্লৱ দালৈ গ’ল৷

: কোনে ক’লে ভাল নাপাওঁ বুলি?

এইটো বিপ্লৱ দাৰ মেচেজ৷ হাঁহিম নে কান্দিম? মুখখন ঢাকি লাজতে বহি থাকিলোঁ৷ আকৌ বিপ্লৱ দাৰ ফোন৷
ফোন ধৰি মই একো নামাতিলোঁ৷ সেইফালেও দেখোন মাত নাই৷

: অঁ কওক৷

: কথাৰ গুৰি ক’ৰবাত৷

: নহয় মানে কথাটো মানে

: কি নহয় মানে কথাটো মানে, ইমানদিনে কোৱা নাছিলা কিয়?

: ক’লেহে বুজেনে?

: অঁ৷ আগতে জানো কথা পাতিছিলা?

: হ’লেও আপোনাক যে ইমানসোপা ছোৱালীয়ে প্ৰপ’জ কৰিছে…৷

: ক’তনো ছোৱালীয়ে প্ৰপ’জ কৰিছে অ’, ঘৰত নকল হে পাইছে৷
আচল কথাটো মই তেতিয়াহে বুজিলোঁ৷

: বাক কথাটো কওঁনে?

: কি কথা?

: নহয়, মেচেজৰ কথা।

: নেলাগে৷ কালিলৈ মই তোমাক লগ কৰিবলৈ তোমালোকৰ ঘৰলৈ গৈ আছোঁ।

বিপ্লৱ দা আমাৰ ঘৰলৈ অহাৰ পাছতে মাহঁতে মোৰ নকল বিপ্লৱ দাৰ ঘৰত দিয়োৱাৰ ব্যৱস্থা কৰিলে৷ নকল মিলিল৷ একেবাৰে ৰাজ যোৰা আমাৰ৷ বিপ্লৱ দা গুছি বিপ্লৱ হ’ল৷ আপুনি গুছি সম্বোধন তুমি হ’ল৷ ছমাহৰ মুৰত বিয়া৷ সেই ছমাহত ভাত ৰন্ধাৰ অভ্যাস পূৰ্ণগতিত চলিল৷ মাৰ সকলো আশাত চেঁচা পানী ঢালি মই সৱ পৰীক্ষাতে ব্যৰ্থ হ’লোঁ৷ আচলতে থেচিচ জমা দিয়াৰ পিছতো পেপাৰ পাব্লিকেশ্যন, চেমিনাৰত ঘূৰি ফুৰাৰ কাৰণে মোৰ মনটোৱে ৰসায়নৰ পৰা ৰন্ধন-প্ৰকৰণলৈ যাত্ৰা কৰিব নোৱাৰিলে৷ ব’মটো ফুটিল খোবাখুবীৰ পিছদিনা৷ ৰাতিপুৱা বিপ্লৱৰ মাকে যেতিয়া

: ৰাতিপুৱাৰ চাহ ৰঞ্জিতাৰ হাতে খাম।

বুলি ক’লে মোৰ বুকুখন চিৰিংকৈ গ’ল৷ বিপ্লৱ ৰাতিপুৱাই পেন্দেল দিয়া ল’ৰাটোক বিচাৰি গাঁৱলৈ গৈছিল৷ চচটোত পানী উতলাই মই মনে মনে ৰসায়ন বিজ্ঞানৰ জ্ঞানেৰে ভাবিলোঁ যে গুৰি গাখীৰ উতলা পানীত ভালকৈ দ্ৰৱীভুত হ’ব৷ গতিকে দহজন মানুহৰ হিচাপত এচচ উতলা পানীত পাঁচচামুচ গুৰি গাখীৰ ঢালি দিলোঁ৷ গাখীৰ খিনি দ্ৰৱীভূত নহৈ গোটা বান্ধিল৷ মূৰে কপালে হাত দি কি কৰোঁ নকৰোঁ ভাবোঁতেই সোপাই গেছ স্তভ তিয়াই বৈ গ’ল৷ তেনেকুৱাতে বিপ্লৱ অহাতহে মই ৰক্ষা পৰিলোঁ৷ দুপৰীয়ালৈ নৱৌ আৰু শাহু আয়ে ভাত পানী ৰন্ধা দেখি মনে মনে ৰাণীৰ দৰে অনুভৱ এটি আহিছিল যদিও কণা গোঁসাইৰ মোৰ আৰাম সহ্য নহ’ল৷

: মূৰিঘণ্ট তুমি বনোৱা

কৈ বিপ্লৱৰ মাকে নিজৰ কোঠালৈ গতি কৰিলে৷ মই অঁ অঁ কৈ খৰখেদাকৈ নিজৰ কোঠাৰ পৰা মালৈ ফোন লগালোঁ৷

: মা মূৰিঘণ্ট কেনেকৈ বনাই?

: প্ৰথমদিনাই মূৰিঘণ্ট? ৰ ৰ৷ মগুদাইল ধুই কুকাৰত লৈ ল’বি৷ তাতে আলু সৰুকৈ কাটি ভজা মাছৰ মুৰ দি দিবি৷ মাংসত দিয়া সৱ মছলা দিবি৷ তিনিটামান হুইচেল দি পিছত তেল মাৰি দিবি৷

মাৰ কথামতেই কৰি সেইদিনালৈ যেন তেন বাচিলোঁ৷ ঘৰত এমাহ থকাৰ প্লেন বিপ্লৱৰ৷ সেইদিনা সন্ধিয়া গোঁসাই থাপনাত বহি মই মনে মনে “উদ্ধাৰ কৰা প্ৰভু” এনেকৈয়ে গাই থাকিলোঁ৷ ড° ৰঞ্জিতাৰ এই দূৰৱস্থাত গোঁসাইৰ মন গলিল৷ পিছদিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰজেক্ট এটাৰ ৱাক এণ্ড ইণ্টাৰভিউৰ বিজ্ঞাপন ওলোৱা দেখি বিপ্লৱে মোকো এপ্লাই কৰিবলৈ ক’লে৷ গতিকে এসপ্তাহলৈ মোৰ ৰান্ধনী ঘৰলৈ যোৱা বন্ধ হৈ পঢ়া-শুনাৰ বাট মুকলি হ’ল৷ শাহু আয়ে হাঁহিমুখে অনুমতি দিলে যদিও পিছদিনাৰ পৰা তেখেতৰ মুখখন ফুলা লুচিৰ দৰে হৈ থকা দেখি মোৰ বুজিবলৈ বাকী নাথাকিল যে এই সুযোগতে নপলালে মোৰ ৰক্ষা নাই৷ এবছৰৰ পাছতে এইখন ঘৰত কোলা শুৱনিৰ অনুৰোধে মোৰ ওপৰত যে অহৰহ ক্ৰিয়া কৰিবলৈ চেষ্টা কৰিব সেয়া ধুৰূপ৷ গতিকে সকলো লাজ মান কাটি কৰি ৰাতিপুৱাই গা পা ধুই মই পঢ়াত বহোঁ৷ সিফালে নৱৌ আৰু শাহু আয়ে চাহ ভাতৰ পৰা সকলো মোক যোগান ধৰে৷ ওচৰ-চুবুৰীয়াৰ বু-বু বা-বা দেখি ময়ো শোৱা সময় ছয় ঘণ্টাৰ পৰা কমাই চাৰি ঘণ্টা কৰি পঢ়িলোঁ৷ চোকা চোকা ল’ৰা-ছোৱালীক নেওচি প্ৰজেক্টটোত ভাল প্ৰদৰ্শন কৰি মই প্ৰজেক্ট ফেল’ হ’লোঁ৷ গতিকে সংসাৰৰ দায়িত্বৰ পৰা মই উদ্ধাৰ পালোঁ৷ কিন্তু সিফালে মোৰ বয়সক লৈ আঙুলি মুৰত হিচাপ চলিল৷ মেট্ৰিক দিওঁতে বোৱাৰীয়েকৰ বয়স ১৬ বুলি ধৰিলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হওঁতে ১৮, স্নাতক হওঁতে ২১, স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পিচত ২৩ বছৰ৷ গতিকে পি এইচ দিত যিহেতু পাঁচবছৰৰ লাগিছে গতিকে বোৱাৰীৰ বয়স ২৮৷ পঢ়া-শুনাৰ মাজত যদি কিবাকৈ বছৰ নষ্ট হৈছিল তেন্তে ২ বছৰ ধৰিলেও, বোৱাৰীৰ বয়স তাৰমানে ত্ৰিশ৷ ত্ৰিশ বছৰ?? এই হিচাপত পৰিয়ালৰ মানুহৰ টেনচন আৰম্ভ হ’ল৷
: ল’ৰা-ছোৱালী এটা লাগেই মুঠতে তৎক্ষণাত কিবাকৈ৷

বিহু, পূজাত বিপ্লৱৰ ঘৰলৈ গ’লেই “কিবা ভাবিছানে?” শুনিবলৈ ধৰিলোৱেই৷ মোৰ প্ৰজেক্টটো আছিল চাৰিবছৰীয়া৷ ইতিমধ্যে বিপ্লৱে জাপানলৈ যোৱাৰ যা-যোগাৰ চলাইছিলেই৷ গতিকে সাতে পাঁচে মিলি মই প্ৰজেক্টটোৰ কাৰণে অকলে অসমতে থাকিব লগা হ’ল৷ বিপ্লৱ জাপানত থাকোঁতে গৰম বন্ধ, ঠাণ্ডাৰ বন্ধ আদিবোৰত “বয়স ৰৈ নাথাকে” “তোমালোকৰ চিন্তা কৰিবৰ সময় হ’ল” “কিবা ভাবিছানে?” নামৰ শেলে বিপ্লৱৰ ঘৰত অহৰহ মোক হানি কৰাৰ চেষ্টা চলি থাকিল৷ স্নাতক পঢ়ি থাকোঁতেই বিয়াত সোমোৱা বিপ্লৱৰ নৱৌয়েকৰ দুটা ল’ৰা-ছোৱালী৷

: আমাৰ হে ভাল দেও৷ আমি আজৰি৷

ধৰণৰ কথাবোৰ আকাশে বতাহে উফৰি ফুৰা হ’ল৷ সেইবোৰকে বকি বকি ময়ো বিপ্লৱৰ মূৰটো নষ্ট কৰি থাকিলোঁ৷ এদিন খঙতে বিপ্লৱে
: সৱ কাম বন এৰি তেন্তে মই অসমলৈকে যাওঁগৈ৷ কেঁচুৱা উৎপাদনত লাগি যাওঁ, নে কি?

বুলি মোক ধমক মাৰিলে৷ ময়ো বোলো

: যি বুজাবলৈ আছে তোমাৰ মা, নৱৌ, পেহী, খুৰী, জেঠাই সকলক বুজোৱা৷ মইতো প্ৰজেক্টৰ কামত ব্যস্ত ন৷ তোমাৰ ঘৰৰ মানুহেহে মোক কথা শুনাই থাকে৷

অকনো দায়িত্বজ্ঞান নাইকিয়া, বোৱাৰীৰ এটা গুনো নথকাৰ অভিযোগ মূৰ পাতি লৈ মই বিপ্লৱৰ ঘৰলৈ যোৱা বন্ধ কৰি দিলোঁ৷ এই লৈ বিপ্লৱৰ মাকে বিপ্লৱক কথা শুনোৱাত লাগিল৷

: তুমি আচলতে সৰু সৰু কথাতে আমনি পোৱা৷ মাহঁতেটো ক’বই৷ পুৰণি যুগৰ মানুহ৷ তুমিতো আধুনিক৷ সেইকন সহ্যশক্তি গোটোৱা৷ মাইকী মানুহ তুমি৷

বিপ্লৱেও মাৰ ফালে মতা দেখি ময়ো

: তুমিতো ক’বাই৷ সেইগৰাকী মাকৰেহে সন্তান।

বুলি ময়ো পোতকৰ হোৰ তুলিলোঁ৷ গতিকে বিপ্লৱ আৰু মই ইমান দূৰত থকাৰ কাৰণে আমি দুয়োটাই মন মৰা দূৰৰে কথা কাজিয়াৰ কোবত আমি ফোনত কথা পতা কমাই দিলোঁ৷ বিপ্লৱেও বিশটা প্ৰপ’জেলৰ কাহিনীটো সোঁৱৰাই

: তাৰ মাজৰে এজনী অনা হ’লে ভাল আছিল

বুলি কোৱাত এদিন মই খঙতে দলিয়াই স্মাৰ্ট ফোনটো ভাঙি পেলালোঁ৷ মোৰ প্ৰজেক্ট শেষ হোৱালৈ বিপ্লৱো উভতি আহিল৷ কিন্তু তেতিয়ালৈ মোৰ আৰু মাৰ মাজত এনে এখন দেৱাল থিয় হৈ পৰিছিল যে আমি ইজনী সিজনীক দেখিলেও নেদেখা ভাও জুৰি নমতা-নমতিকৈ আছিলোঁ৷ শাহু মাৰ যুক্তি আছিল এটাই মই হেনো তেখেতক সন্মান নকৰোঁ৷ মোৰ যুক্তি আছিল এটাই যে মোক তেখেতে জীয়েকৰ দৰে মৰম নকৰে৷ আমাৰ মাজৰ দেৱালখন গঢ়াত মূখ্য ভূমিকা ল’লে নৱৌৱে৷ মই কিবাকৈ মাক মাতিলেও নৱৌৱে মই পাকঘৰত কৰা কামৰ হাজাৰটা খুট উলিয়াই৷ সেই লৈ মা আৰু নৱৌৰ মাজত বিয়নীৰ মেল চলে৷ গতিকে দিন যোৱাৰ লগে লগে প্ৰাচীৰ ওখ হৈ গৈ থাকিল৷ বিপ্লৱ অহাৰ পিছতহে আমাৰ দুয়োজনীৰ মাজৰ দেৱালখন ভাঙিল৷ কথাই কথাই ধেমেলীয়া সুৰ এটা ধৰি ৰখা বিপ্লৱে আমাৰ দুয়োজনীকে হিন্দুস্তান পাকিস্তান বুলি মতাত আমাৰো আচলতে লাজ লাগিল৷ জাপানতে বিজ্ঞানী হৈ থাকি যোৱাৰ পৰিকল্পনা কৰা বিপ্লৱে মোক জাপানৰ জিফু ফাৰ্মাচিউটিকেল বিশ্ববিদ্যালয়ত প’ষ্ট ডকৰ কাৰণে এপ্লাই কৰিবলৈ কৈছিল৷ প’ষ্ট ডক কৰি থাকোঁতেই প্ৰীতৰ জন্ম হ’ল৷ প্ৰীত হোৱাৰ পিছতহে তাৰ আবদাৰত মই ইটো সিটো ৰান্ধিবলৈ শিকিলোঁ৷ আচলতে ৰান্ধিবলৈ বাধ্য হ’লোঁ৷ ল’ৰাই ভাত খালেই আমাৰো পেট ভৰে৷ ল’ৰাই ভালকৈ খালেহে মোৰ মুখত হাঁহি ওলায়৷ গতিকে ৰন্ধা-বঢ়াত ওষ্টাড হৈ পৰিলোঁ৷ আজিকালি অসমলৈ আহিলে ৰান্ধনীঘৰৰ দায়িত্ব মই নিজেই চম্ভালোঁ৷ এতিয়া অৱশ্যে নৱৌ, শাহু মা আৰু পেহী, খুৰীহঁতে মোক একো কথা নুশুনায়; প্ৰীতকহে এটা কথা কৈ কৈ আমনি কৰে,

: ভাইটি-ভন্টি এটা নালাগে জানো? ক’বা আকৌ মাক৷

☆★☆★☆

3 Comments

  • ৰিণ্টু

    ভাল লাগিল পঢ়ি। এইখন প্লেটফৰ্মত প্ৰথম আপোনাৰ লিখা পঢ়িলো, ফেচবুকত আপোনাৰ লিখাৰ সৈতে আগতেই চিনাকি।

    আশা ৰাখিছো, আগলৈও ফটাঢোল ই-আলোচনীত আপোনাৰ লিখা পঢ়িবলৈ পাম

    Reply
  • হেমন্ত কাকতি

    বৈদ্য ভাল লাগিল৷ বেলেগ কি কম? খানাত পাকৈত বুলি গম পালো বাৰু, লগতে লিখাটোও সাংঘাটিক বুলি গম পালোঁ৷ লিখি থাকিব৷

    Reply
  • Dipanjoli

    বৰ ভাল লিখিছা

    Reply

Leave a Reply

Your email address will not be published.