ফটাঢোল

চ’টি চি লাভ ষ্টৰি – দেৱজিৎ শইকীয়া

বায়ন আৰু পাঠকৰ মাজত কিছুদিনৰ পৰা মাতবোল বন্ধ হৈ আছে৷ পাঠকৰ ঘৰৰ কঠিয়া বায়নৰ দমৰাই গুৰি চপাই খোৱাত খোৱাৰত দিছিল৷ বায়নে নগদ পোন্ধৰশ দিহে গৰু খোৱাৰৰ পৰা মোকলাই নিছিল৷ ঘৰৰ ল’ৰা ছোৱালী দুটায়ো কৈ মেলি দুই বুঢ়াক সৈমান কৰিব নোৱাৰিলে৷

চুৰিয়া কোচাই পাঠক দাইটিয়ে বায়নক ঘৰতে একঠা ভালকৈ শুনাবলৈ গৈছিল বোলে, ঘৰৰ গৰু চম্ভালি ৰাখিব যাতে লোকৰ ঘৰৰ কঠিয়া খাব নোৱাৰে৷ বায়নৰো ঘনাই সৰুপানী চুবলগীয়া হোৱা বেমাৰটোৱে ধৰা দিন ধৰি অলপতে খঙটোৱে টিঙিচকৈ মাৰে৷ পাঠকৰ কথাত কৈ দিলে বোলে দুনাই মোৰ ঘৰৰ দমৰাৰ বদনাম গাবলৈ আহিলে চিধাই পোন খুলি পঠাম৷ বচ, কথা সিমানেই আছিল৷ তাৰ পিছত দুইঘৰৰ জুই পানী বন্ধ৷ দুই গৃহিণী বোলে এই ভাটি বয়সত লাগি মৰক দুই বুঢ়াই, আমিনো কিয় মাতষাৰ নিদিম, তাতে একে গাঁৱৰে পৰা অনা, বাই ভনী নিছিনা, এই বুলি পিছ চোতালেদি ইজনীয়ে সিজনীৰ ঘৰলৈ বাট পোনাই৷

পাঠকৰ সৰুজনী মানে ৰাধা আকৌ বায়নৰ মাজুটো মানে প্ৰাণেশ্বৰতকৈ তিনিবছৰ সৰু৷ মাজে সময়ে প্ৰাণেশ্বৰে ৰাধাক দুই এটা অংক শিকাবলৈ গধূলি খুড়াদেউ ঘৰত আছেনে বুলি পাকটো মাৰিছিল৷ পিচে সিদিনা সন্ধিয়া আবেলি চাইকেলখন পদূলিতে ৰখাই নঙলা খুলিবলৈ লওঁতেই প্ৰাণেশ্বৰক পাঠকে বোলে খবৰদাৰ মোৰ ঘৰত দমৰা আৰু উদঙীয়া ল’ৰাৰ প্ৰৱেশ নিষেধ বুলি যিটো হুংকাৰ দিলে প্ৰাণেশ্বৰ অহা বুলি দৌৰ মাৰি অহা ৰাধায়ো দৰ্জা মুখতে পৰ্দাত ধৰি ব্ৰেক মাৰি ৰখি দিলে৷

ৰাইজৰো চিন্তা হ’ল, গাঁৱৰ দুইজন মূল মানুহ যেতিয়া পিঠিয়া পিঠি হ’ল, ৰাজহুৱা কামবোৰ কি দৰে সিজিব? তাতে আগত ভাওনা আহি আছে৷ এই বুলি দুইজনকে গাঁওবুঢ়াই মাতি নি বোলে তহঁতি এৰা ধৰা কৰ, কালিলৈ ৰাতি মোৰ ঘৰতে নাম এভাগ আগ কৰিছিলোঁ, দুয়োতাই কামভাগ আগুৱাই নিয়াৰ লগতে ইটোৱে সিটোক বান্ধৱ কৃষ্ণৰ নাম লৈ আগৰ দৰে উদ্ধৱ কৃষ্ণৰ দৰে যাতে সখা পাত৷ গাঁওবুঢ়াৰ কথা, পেলাবও নোৱাৰে, তাতে বহুদিন হ’ল ইজনে সিজনৰ পদূলি নগছকা৷ সন্ধিয়া বানবাতিত দিয়া ফিকা চাহকণ দুয়ো বহি পিৰালিত মুঢ়া পাৰি একে লগে নোখোৱা৷ মুখৰে একো নক’লেও দুয়ো বুঢ়াই নিজা ববিয়াকৈ হ’ব বুলি কৈ ঘৰলৈ উভতিল৷

পিছদিনা দুই বুঢ়াৰ দিনৰে পৰা ফূৰ্তি কি চাবা? দুপৰীয়াই গাটো তিয়াই এজনে তালজোৰৰ নতুন গুনা লগালে আনজনে আকৌ নতুন নাম এফাঁকি দিম বুলি কাগজত বৰ বৰ আখৰৰে বহি এখনত লিখি থ’লে৷ বিতচকু লগোৱাৰে পৰা কীৰ্তনভাগৰ সৰু আখৰবোৰ চাকিৰ পোহৰত ভালকৈ নমনা হ’ল৷ সন্ধিয়া লাগিলত প্ৰসাদৰ ঘৰমুৰি পাত আনিবলৈ আহল বহল ৰূমালখন আৰু মোনাটোত তালজোৰ ভৰাই বায়ন ওলাল৷ পাঠকেও ৰাধাৰ বহীৰ মাজত দিনতে লিখি থোৱা নামফাঁকিৰ পাতটো ফালি পা়ঞ্জাৱীৰ পকেটত লৈ গাঁওবুঢ়াৰ ঘৰ পালেগৈ৷

তেতিয়ালৈকে দুই বুঢ়াৰ মাতবোল হোৱা নাই৷ ৰাইজে বোলে পাঠক আজি ভাল নাম এফাঁকি ধৰা৷ বায়নেও আঙুলিত তালৰ ৰচী মেৰিয়াই ল’লে৷ পুথিৰ মাজত কাগজখিলা ভৰাই পাঠকেও পাঠ কৰিবলৈ আৰম্ভ কৰিলে৷

মৰমৰ সোণ
তুমি মোৰ পুৰ্নিমাৰ জোন,
পাণ খাবা চূণ খাবা আৰু খাবা লোন
ৰাধাক যেনে তেনে লগ ধৰিবা সোন৷৷

পাঠকে মনতে বোলে দিনত লিখাফাঁকিৰ লগত নিমিলেচোন৷ তথাপি পাঠক যেতিয়া সুৰ দি টানি পদফাঁকি আগুৱাই লৈ গ’ল৷ কাষতে পদ ভাঙনি কৰিবলৈ বহি থকা থোলোক বৰ্তাই বোলে ৰাইজ সুন্দৰ, সুন্দৰ৷ ৰাসৰ পুৰ্ণিমাৰ জোন আকাশত, সোন হেন মুখনীৰ কৃষ্ণক ৰাধাই কৈছে যে পাণ খাবা, চূণ খাবা, আৰু খাবা লোন৷

এজনে বোলে ৰাসৰ দিনা কৃষ্ণকনো ৰাধাই কিয় পাণ খাবলৈ দিলে?

থোলোক বৰ্তাই বোলে হেৰৌ তইনো সন্ধিয়া সন্ধিয়া হৰেণৰ দোকানত বাংলাপত্তি এশ বিশ খননো কিয় খাৱ?

আন এজনে বোলে সজ সজ৷ তামোল হ’ল স্বৰ্গৰ ফল৷ নাৰদে সেইভাগ হেৰিয়াত ভৰাই আমাৰ মৰ্তলৈ আনিলে বুলিহে৷ বৰ সুন্দৰ বৰ সুন্দৰ আগবাঢ়ক ৷

এনেতে ডিম্বেশ্বৰ কলাৰ ঘৈণিয়েকে বোলে কৃষ্ণক লোন খাবলৈ কিয় ক’লে৷

থোলোক বৰ্তাই বোলে হেৰৌ মৰতি, মাজত কিয় মাত? শাস্ত্ৰত কৈছে বোলে শাকত নাখাই লোন পিতিকাত যায় তিনিগুণ৷ কিবা খালে লোন দি খাবলৈ কৈছে, নহ’লে সেৰসেৰিয়া হ’ব৷

পাঠক আপুনি আগবাঢ়ক

পাঠকে বোলে কৃষ্ণ, আগবাঢ়িছোঁ

বহাগত ফুলে কপৌফুল
মই তোমালে ব্যাকুল,
নক’বা প্ৰাণেশ্বৰ মোক বাই বাই চি ইউ
বিকজ ৰাধা মিছ ইউ লাভ ইউ৷

থোলোক বৰ্তাই বোলে আহ, আহ ৰাধাকৃষ্ণৰ প্ৰেমৰ লিলা, পৰম সন্তোষে হৰিষে মন, বহাগত কপৌ ফুল, তোমালৈ মোৰ মন বিয়াকুল৷ বাই বাই দি বাকী গোপীৰ ওচৰত নাযাবা বিকজ ৰাধা লাভ ইউ৷

এজনে বোলে থোলোক দাইটি পদফাঁকি ইংৰাজীত ক’লে যে ৰাধাই?

থোলোক বৰ্তাই বোলে হেৰৌ মুৰ্খ, তেওঁলোক সৰ্বজান্তা, কৃষ্ণ কেৱল অসমৰ ভগৱান বা ভাৰতৰ ভগবান নহয় নহয়৷ সমগ্ৰ বিশ্বৰ ঈশ্বৰ, তেওঁ সকলো ভাষা জানে৷ পাঠক আগবাঢ়া…

ঠাণ্ডা দিনত ৰ’দত দিবা তুলি
মনৰ কথা মোক কৈ দিবা খুলা খুলি

কিহ’ল ৰৈ গ’লা যে পাঠক৷ আগবাঢ়া, আজি পাঠভাগহে ভাল লাগিছে৷ আগবাঢ়া আগবাঢ়া

পাঠকে আগলৈ নপঢ়ে৷ এবাৰ বায়নলৈ চাই, এবাৰ থোলোক বৰ্তালৈ চাই বোলে ৰাইজ পাঠ ইয়াতে সামৰোঁ৷ ঔ আ হৰি

ৰাইজে বোলে নহ’ব নহয়৷ আৰম্ভ কৰিলা যেতিয়া অধ্যায়টো শেষ কৰিবই লাগিব৷ পাপে চুব৷ তুমি জনা শুনা মানুহ হৈ ভুল কৰানে?

পাঠকে উপাই নাপাই একে উশাহে গাই গ’ল

বায়ন বৰ্তাক বুজাবা তুমি
নাপালে ৰাধাই তোমাক যাব মৰি৷
পকা অঙঠা যিমান গৰম
তোমালৈ মোৰ সিমান মৰম৷
মৰমৰ প্ৰাণেশ্বৰ মৰম ল’বা৷
ৰাধাৰ পত্ৰৰ উত্তৰ সোনকালে দিবা৷৷

অতপৰে তাল বজাম বজাম কৈ থকা বায়নে বোলে থোলোক, ভাঙনি নিস্প্ৰয়োজন৷ ৰাধা কৃষ্ণৰ ৰাস পিছত হ’ব৷ মোৰ ঘৰৰ দমৰাই পাঠকৰ ঘৰৰ কঠিয়াই নহয় মোৰ ল’ৰাই পাঠকৰ কঠিয়া মানে ৰাধাতো চকু দিলে যেতিয়া খোৱাৰত দিয়াৰ আগতেই সিহঁতৰ বিয়াখন পাতি দি খোৱাৰত ভোজ দি আমি দুয়ো বিয়ৈ হোৱা হে কথা৷ মোৰ দমৰাটোলৈ মানে ল’ৰাটোলৈ পাঠকৰ ছোৱালী দিবনে নাই ইয়াতে ফাইচেলা কৰক৷ পাঠকে আনন্দতে বোলে বিয়ৈ…..৷ ৰাইজে হৰিধ্বনি দিলে …….ঔৱা হৰি ঔৱা ৰাম৷

☆★☆★☆

3 Comments

  • Anonymous

    এ মজ্জা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া।এনেহেন নাম গুণ গাই বিয়ৈ নহৈ পাৰেনে।

    Reply
  • জয়ন্ত দাস

    সুন্দৰ৷ পদকেইফাঁকিৰ অৰ্থ ভাঙনি ধুনীয়া লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.