ফটাঢোল

চাওঁ হাঁহি এটা দিয়কচোন – মৃদুল কুমাৰ শৰ্মা

সৰুতে ক’ৰবাত পঢ়িছিলো, বোধহয় ড° মহেন্দ্ৰ বৰাৰ আত্মজীৱনী ‘উপলা নদীৰ দৰে’খনত ৷ এইখন এখন সকলোৱে পঢ়িবলগীয়া কিতাপ ৷ সৰুতে খুব কিতাপ পঢ়িছিলো আৰু মন চুই যোৱা কথা কিছুমান সৰু বহী এটাত টুকি থৈছিলো ৷ এনেদৰে টুকি থোৱা কথাবোৰ ছমাহে বছৰেকে পঢ়ি প্ৰতিবাৰতে নতুন নতুন ধৰণেৰে চিন্তা কৰিছিলো ৷

বৰষুণৰ বতৰত সাধাৰণতে বেছিকৈ পঢ়া হৈছিল ৷ বাচি বাচি কিতাপ কেইখনমান উলিয়াই লওঁ আৰু কোনখন প্ৰথমে পঢ়িম আৰু তাৰপিছত কোনখন পঢ়িম, সেইখন পঢ়া শেষ হ’লে কোনখন পঢ়িম এনেকৈ এঘণ্টামান চিন্তা কৰি লৈ পঢ়িবলৈ আৰম্ভ কৰো ৷ আৰু পঢ়ি থাকো ৷ পঢ়ি থাকো, পঢ়িয়েই থাকো যেতিয়ালৈকে পেট টানি ধৰি সৰুপানী চুব যাবলগীয়া নহয় ৷ এনেদৰে চিন্তা কৰি কৰি সৰুপানী চুবলৈ যাওতে বৰষুণত পিছল চোতালত দুই এবাৰ ধুম পৰাও নিদিয়া নহয় ৷
পঢ়াৰ ক্ষেত্ৰত মই আকৌ বিশেষ বাচ-বিচাৰ, ধুতি-নীতি মানি নচলিছিলো ৷ যি পাওঁ তাকেই পঢ়িছিলো ৷ এনেদৰে এদিন দুবিধ ৰত্ন আৱিষ্কাৰ কৰিলো হঠাতে ৷ ৰঞ্জু হাজৰিকা আৰু বিস্ময় ৷ যেন চাধা আৰু বিড়িহে ৷ দুয়োবিধেই নিষিদ্ধ কিন্তু স্বাদ লবলৈ কৈশোৰসত্বা ব্যগ্ৰ ৷ প্ৰথমদিনা বিস্ময়খন পঢ়ি গৈ গৈ শেষ পৃষ্ঠাটো চাই ধাচ্‌কে লুটি খাই পৰিলো ৷ ইচ্‌ ৰাম! বাইদেউজনীৰনো ফ্ৰক এটাও নাই নে? চেমিজ এটাকেতো পিন্ধিব পাৰে ৷ কিমান নিষ্কলুষ আছিলো তেতিয়া ৷

সেই তেতিয়াৰ পৰাই বিস্ময়খন সদায় শেষপৃষ্ঠাৰ পৰাই পঢ়া আৰম্ভ কৰিলো ৷ আকৌ লুটি খাই পৰি যোৱাৰ ৰিস্ক লবলৈ নাই ৷

কাঁহ উঠিছে? বান্দৰ বিড়ি খাইছে নেকি? নেহাঁহিব ৷

এনেদৰে পঢ়ি পঢ়ি মই এসময়ত মহাজ্ঞানী হৈ পৰিলো ৷ জ্ঞানৰ ভৰত মূৰটো এনেদৰে দোঁ খাই পৰিল যে কাৰোবাৰ ফালে যে মূৰ তুলি চাম সেইটোও নোহোৱা হ’ল ৷ তথাপি মোৰ কিন্তু অহংকাৰ নহ’ল ৷ জ্ঞান লভাৰ দুৰন্ত ইচ্ছাই মোক তপস্যাত ব্ৰতী হ’বলৈ বাধ্য কৰালে ৷ বহুতেই মোৰ তপস্যা ভাঙিবলৈ চেষ্টা চলাইছিল যদিও বিফল মনোৰথ হৈ উভতিব লগাত পৰিল ৷

বাৰু মই কি কৈ আছিলো? আপোনালোকো যে চুপচাপ শুনি আছে একেবাৰে ৷ আচ্ছা মই ক’বলৈ গৈ আছিলো যে ‘উপলা নদীৰ দৰে’ কিতাপখনতে পঢ়িবলৈ পালো যে হাস্যৰসৰ তিনিটা ভাগ আছে ৷

Wit, Humour আৰু Satire.

প্ৰথমবিধ হ’ল বুদ্ধিমত্তা সংপৃক্ত হাস্যৰস ৷ এনেকুৱা ৰসত ৰোমাণ্টিকতাও থাকিব পাৰে ৷ সাধাৰণতে চিনেমাবোৰত নায়কে নায়িকাৰ লগত এনেকুৱা ৰস সৃষ্টি কৰা দেখা পোৱা যায় ৷ পুৰণি হিন্দী চিনেমাবোৰত আৰু হলিউডৰ জেমচ বণ্ডৰ চিনেমাবোৰত এনে তীক্ষ্ণ হাস্যৰস দেখা যায় ৷ এখন চিনেমাত ৰাজকাপুৰে নাৰ্গিছক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ গ’ল ৷ নায়িকাৰ সন্মুখত কেনেদৰে কথাটো উপস্থাপন কৰিব তাকে লৈ বিব্ৰতবোধ কৰি আছিল ৷ অৱশেষত নায়িকাক কৈ দিলে, ‘তুমি মোৰ কেঁচুৱাৰ মাক হ’বলৈ ৰাজী হ’বানে?’ নায়িকাই লাজত ৰঙাচিঙা পৰি হাঁহি হাঁহি তলমূৰ কৰিলে ৷

দ্বিতীয়বিধ হ’ল স্থূল হাস্যৰস ৷ স্থূল মাত-কথা, বেশ-ভূষা আদিৰে হাঁহি উঠাবৰ চেষ্টা কৰা হয় এনেধৰণৰ হাস্যৰসত ৷ উদাহৰণস্বৰূপে, ভিখাৰীৰ বেশ-ভূষাৰে শক্তি কাপুৰে খোনাই খোনাই কাদেৰ খানৰ লগত কৰা বাৰ্তালাপবোৰ ৷

তৃতীয়বিধ হ’ল শ্লেষপূৰ্ণ হাস্যৰস ৷ লেখকে যেতিয়া বিভিন্ন সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক বিষয়ত শ্লেষ মিহলি কৰি হাস্যৰসত অৱতাৰণা কৰে তেতিয়া সি পাঠকক হাঁহি আৰু বেদনাৰ সোৱাদ দিয়ে একেসময়তে ৷ বাৰ্ণাৰ্ড শ্ব, জি কে চেষ্টাৰটন আদি লেখকৰ লেখা পঢ়িলে শ্লেষ কি বুজিব পাৰি ৷ গালিভাৰ্চ ট্ৰেভেলাৰ্চ, গাধৰ আত্মজীৱনী এই দুখন মই পঢ়া অন্যতম ছেটায়াৰ ৷ যাক উদ্দেশ্যি শ্লেষ নিক্ষেপ কৰা হয় তেওঁ নিৰৱে হজম কৰিবলগীয়া হয় খোঁচবোৰ ৷

গানৰ ক্ষেত্ৰত সাধাৰণতে কোৱা হয় যে ট্ৰেজিক গানবোৰ অমৰ ৷ সেয়ে কাৰণ কিজানি কিশোৰদাৰ কমেডি গানবোৰতকৈ ট্ৰেজিক গানবোৰ অধিক জনপ্ৰিয় হোৱাৰ ৷ কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে কমেডি সৃষ্টি কৰিব পৰাটো সহজ নহয় ৷ তুলনামূলকভাৱে ট্ৰেজেদিৰ সৃষ্টি সহজে কৰিব পাৰি ৷ কাৰণ ট্ৰেজেদি সহজলভ্য ৷ দুখ বিচাৰিব নালাগে ৷ নিজেই আহে ৷ কিন্তু সুখ, হাঁহি মৰগীয়া ৷

কাৰোবাক কন্দুৱাবলৈ হয়তো দুটা শব্দই যথেষ্ট ৷ কিন্তু হঁহুৱাবলৈ কষ্ট বেছি ৷ জীৱনৰ ডাঙৰ সাঁথৰ এইটোৱে যেতিয়া আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা নিজৰ অন্তৰৰ বেদনা লুকুৱাই আনক হঁহুৱাবলৈ যত্ন কৰো আৰু তাতেই সন্তুষ্টি লভো ৷

সেইকাৰণেই কয় “Comedy wins over Tragedy”।

■■

10 Comments

  • ৰিণ্টু

    সহমত মৃদুল। কন্দুৱাবলৈ মাত্ৰ এটা শব্দৰ প্ৰয়োজন, কিন্তু কাৰোবাক হহুঁ‌ওৱাটো খুবেই কঠিন কাম।

    ভাল লাগিল পঢ়ি

    Reply
  • ৰাজজ্যোতি

    একেবাৰে সঠিক কথা ক’লে, commedy wins over tragedy

    সুন্দৰ লেখা

    Reply
  • গীতালি

    ট্ৰেজেদী সহজলভ্য, কিন্তু সুখ-হাঁ‌হি আপুৰুগীয়া, সঁ‌চাকৈ।

    ভাল লাগিল পঢ়ি

    Reply
  • কৌশিক বৰ্মন

    ভাল লাগিল পঢ়ি।।

    Reply
  • Manisha Kakati

    আপুনি সফল হৈছে.. হঁহুওৱাত।

    Reply
  • শান্তনু চৌধুৰী

    পঢ়িলোঁ। ভাল লাগিল।

    Reply
  • আগতেও পঢ়িছিলো গোটত, আজি আকৌ এবাৰ পঢ়িলো ৷ এজ ইউজুয়েল ভাল লাগিবই ৷ তোমাৰ লিখাৰ এটা স্বকীয়তা আছে ৷
    লিখাটোত এটা ষ্পষ্ট বাৰ্তা দিছা ৷ ভাল লাগিল ৷ ফটাঢোলৰ সহযাত্ৰী হিচাবে তোমাক পাই আমি গৌৰৱান্বিত!

    Reply
  • আকৌ পঢ়িলোঁ। আনক হঁহুৱাবলৈ সঁচাই কষ্টকৰ–‘ কিন্তু তোমাৰ লিখনি সেইটোত সফল হৈছে। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.